অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ঝিলী

ঝিলী (Cicada) এবিধ হেমিপটেৰা (Hemiptera) বৰ্গৰ আউশনোৰহাইনছা (Auchenorrhyncha) উপবৰ্গৰ পতংগ। ঝিলী ছিকাডোইডিয়া মহাশ্ৰেণীৰ অন্তঃৰ্গত। চকুৰে সহজে দেখা পোৱা সীৰাৰে সৈতে, ইয়াৰ পাখিহাল ভালদৰে বিকশিত। কিছুমান প্ৰজাতিৰ আকৌ পাখিৰ আৱৰণ স্বচ্ছ হোৱাও দেখা যায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৫০ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

ঝিলী (Cicada) এবিধ হেমিপটেৰা (Hemiptera) বৰ্গৰ আউশনোৰহাইনছা (Auchenorrhyncha) উপবৰ্গৰ পতংগ। ঝিলী ছিকাডোইডিয়া মহাশ্ৰেণীৰ অন্তঃৰ্গত। চকুৰে সহজে দেখা পোৱা সীৰাৰে সৈতে, ইয়াৰ পাখিহাল ভালদৰে বিকশিত। কিছুমান প্ৰজাতিৰ আকৌ পাখিৰ আৱৰণ স্বচ্ছ হোৱাও দেখা যায়। জীৱবিজ্ঞানীসকলে প্ৰায় ২,৫০০ বিধ বিভিন্ন প্ৰজাতিৰ ঝিলীৰ বৰ্ণনা কৰি উলিয়াইছে, যদিও আৰু বহুত প্ৰজাতিৰ বৰ্ণনা কৰিবলৈ এতিয়াও বাকী আছে। কোনো কোনোৱে ইংৰাজীত ঝিলীক ভুলকৈ কাকতী ফৰিং (locusts) বুলিও ভুলকৈ কোৱা দেখা যায়। আচলতে এই দুবিধ কীট সম্পূৰ্ণৰূপে ভিন্ন জাতিৰহে।১

সাধাৰণ অবস্থাত ঝিলীয়ে মানুহক নাকামোৰে নাইবা অন্য একো অনিষ্টও নকৰে কিন্তু কেতিয়াবা ইহতে মানুহৰ দেহৰ হাত ভৰি আদি অংগক কোনো গা-গছ বা গছৰ ডাল আদি বুলি ভুল কৰি খাবলৈ বুলি কামোৰ মাৰাও দেখা যায়।১ ঝিলৰ মুখখনত গছৰ ডাল বিন্ধা কৰি ৰস আহৰণ কৰিব পৰাকৈ এডাল দীঘল শুং থাকে। ই ঠিক মহৰ মুখত থকা শুংডালৰ দৰেই কাম কৰে। ঝিলিয়ে কাচিৎহে মানুহক কামোৰে, কিন্তু কেতিয়াবা কামোৰিলে চাল ফাটি যোৱাৰ ফলত অতিপাত বিষ অনুভৱ হব পাৰে।

বহুত ধৰণৰ খেতি-বাতি, গছ-গছনী আৰু গুল্মজাতীয় উদ্ভিদ ঝিলিৰ দ্বাৰা আক্ৰান্ত হব পাৰে। এনে গছৰ চালত বিন্ধা কৰি ৰসপাণ কৰা নাইবা কণী পাৰাৰ ফলত গছজোপাৰ ক্ষতিসাধন হব পাৰে।১২

পৃথিবীৰ বহুঠাইত ঝিলীক মানুহে খাদ্যৰূপে ব্যৱহাৰ কৰে। প্ৰাচীনকালত গ্ৰীছ, আৰু আধুনিক যুগৰ চীনদেশ, মালয়চীয়া, বাৰ্মা, কোংগো অথবা লেটিন আমেৰিকা আদি অঞ্চলত ঝিলীক খাদ্যৰূপে পৰিবেশন কৰা হয় বুলি জনা যায়।৩ মতা ঝিলীতকৈ মাইকী ঝিলীক খাদ্যহিচাপে বেছি গুৰুত্ব দিয়া হয়, কিয়নো মাইকী ঝিলী মতাটোতকৈ শকত হয়।৩ ঝিলীৰ খোলাটোক চীনদেশীয় পাৰম্পৰিক চিকিৎসাৰ কামতো ব্যবহাৰ কৰা হয়।৪

তথ্যসূত্ৰ

  1. ↑ Milne, Lorus; Milne, Margery. (1992). The Audubon Society Field Guide to North American Insects and Spiders. Alfred A Knopf. ISBN 0-394-50763-0
  2. ↑ Milne, Lorus; Milne, Margery. (1992). The Audubon Society Field Guide to North American Insects and Spiders. Alfred A Knopf. ISBN 0-394-50763-0
  3. ↑ Milne, Lorus; Milne, Margery. (1992). The Audubon Society Field Guide to North American Insects and Spiders. Alfred A Knopf. ISBN 0-394-50763-0
  4. ↑ Li Shizhen, Bencao Gangmu, Section of Insect

সম্পৰ্কিত শ্ৰেণী

পতংগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝিলী” প্ৰবন্ধৰ সংশোধন ৬৩২৩৩৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।