চিংৰা ৰাষ্ট্ৰীয় উদ্যান (Singra National Park; সিংড়া জাতীয় উদ্যান) হৈছে বাংলাদেশৰ উত্তৰ অঞ্চলৰ দিনাজপুৰ জিলাত অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল।১ স্থানীয়ভাৱে ইয়াক চিংৰা শাল বনাঞ্চল নামেৰে জনা যায়। এই উদ্যানখন দিনাজপুৰ চহৰৰপৰা পথেৰে প্ৰায় ৪০ কিলোমিটাৰ উত্তৰে, আৰু বীৰগঞ্জ উপজিলাৰপৰা ১৫ কিলোমিটাৰ দূৰত্বত ভোগনগৰ ইউনিয়নত অৱস্থিত। বনাঞ্চলখনৰ মুঠ আয়তন ৩৫৫ হেক্টৰ আৰু ইয়াৰে ৩০৫.৬৯ হেক্টৰ ভূমি ৰাষ্ট্ৰীয় উদ্যান (সংৰক্ষণৰ বাবে) হিচাপে নিৰ্ধাৰণ কৰা হৈছে। চিংৰা ৰাষ্ট্ৰীয় উদ্যানখন ডালাগ্ৰাম, চাউলিয়া, চিংৰা, আৰু নৰ্তনদী নামৰ চাৰিখন প্ৰশাসনিক গাঁও-জুৰি বিস্তৃত। ২০১০ চনৰ ১০ অক্টোবৰ তাৰিখে বাংলাদেশৰ বন বিভাগে পৰিৱেশ উন্নয়ন, বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰ্যটনৰ প্ৰসাৰৰ বাবে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল।২৩৪
চিংৰা ৰাষ্ট্ৰীয় উদ্যানৰ নৰ্ত নদী মাজেৰে বৈ গৈছে। উদ্যানখনত পৰ্যটকৰ বাবে এটা সৰু অতিথিশালা আৰু দুটা বনভোজস্থলী আছে। শীতকালত দৰ্শনাৰ্থীৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়। চিংৰা শাল বনাঞ্চলৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে এটা সহ-পৰিচালনা সমিতি—স্থানীয় প্ৰতিনিধিৰে গঠিত আৰু আৰ ডি আৰ এছ বাংলাদেশৰদ্বাৰা সমৰ্থিত—ইয়াত সক্ৰিয়ভাৱে কাম কৰি আছে।৫৬৭৮৯১০
ইতিহাস
১৮৮৫ চনত প্ৰথমে চিংৰা বনাঞ্চল চৰকাৰী ভূমি হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। বাংলাদেশৰ স্বাধীনতাৰ পিছত ১৯৭৪ চনত চৰকাৰী গেজেটত বন বিভাগৰ অধীনলৈ অনা হয়। পিছলৈ ২০১০ চনৰ ১০ অক্টোবৰত উত্তৰ বাংলাদেশৰ আন তিনিখন বনাঞ্চলৰ লগতে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। সংৰক্ষিত অঞ্চলটোৰ নাম চিংৰা প্ৰশাসনিক অঞ্চলৰ নামেৰে চিংৰা ৰাষ্ট্ৰীয় উদ্যান ৰখা হয়। স্থানীয়ভাৱে ইয়াক চিংৰা শাল বন বুলিও কোৱা হয়।১১
উদ্ভিদকুল আৰু প্ৰাণীকুল
উদ্ভিদকুল
চিংৰা ৰাষ্ট্ৰীয় উদ্যানত মূলতঃ পৰ্ণপাতী শাল গছৰ প্ৰাধান্য দেখা যায়। শালৰ উপৰি এই উদ্যানখনত এজাৰ, মালতী, শিলকাৰি, শিমলু, মিঞ্জিৰি, চেগুন, গমাৰী, আকাশমনি, ঘোঁৰা নিম, সোণাৰু, গুটিজাম, শিলিখা, ভোমোৰা, আমলখি, আৰু বিভিন্ন নামহীন গছ-গছনি আৰু লতাও আছে।১২১৩
স্তন্যপায়ী প্ৰাণী
এসময়ত এই অৰণ্যত বাঘ, নিলগাই, আৰু অন্যান্য বহুতো বনৰীয়া জন্তুৰ আবাসভূমি আছিল। কিন্তু বনাঞ্চল ধ্বংস আৰু ক্ৰমবৰ্ধমান জনসংখ্যাৰ চাপত এই উদ্যানখনৰ পৰা বহুপ্ৰজাতিৰ বন্যপ্ৰাণী নোহোৱা হৈ গৈছে। বৰ্তমান এই উদ্যানখনত শহাপহু, শিয়াল, সাপ, নেউল আদি প্ৰাণীৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই আৰু পোক-পতংগ দেখা পোৱা যায়।১৪
চৰাই
শগুণ, দেশীয় শুমচা, কাকলোঙা, ব্ৰঞ্জযুক্ত ড্ৰংগো, নীলকণ্ঠী হেঁটুলুকা, গ্ৰেট টিট, লক্ষ্মী ফেঁচা, মাছৰোকা, সেট কপৌ, তিল কপৌ, বাঢ়ৈটোকা, সখিয়তী, বুলবুলি, পাতসিয়া, আৰু ইতা খলি আদি চৰাই এতিয়া ইয়াত দেখা পোৱা যায়।১৫১৬১৭
তথ্যসূত্ৰ
- ↑ Hossain, Syed Zakir. A walk in the Singra National Park. The Business Standard
- ↑ (13 June 2012). bn:উত্তৰাঞ্চলে ৪টি এলাকায় জাতীয় উদ্যান ঘোষণা. Dainik Juger Katha
- ↑ Annual Report 2018-19. Forest Department
- ↑ Annual Report 2017-18. Forest Department
- ↑ Protected Areas of Bangladesh: National Parks. Bangladesh Forest Department. Government of Bangladesh
- ↑ List of National Parks in Bangladesh. Bangladesh Forest Department
- ↑ Singra National Park. Banglapedia
- ↑ (2019-07-16). bn:নাটোৰেৰ সিংড়া জাতীয় উদ্যানেৰ জীববৈচিত্ৰ্য ও সংকট. Jugantor
- ↑ Forest Department. (2023). Biodiversity Conservation in Bangabandhu Natural Park and National Parks. Bangladesh Forest Department
- ↑ IUCN Bangladesh. (2015). Protected Areas of Bangladesh: A Guide to Wildlife Sanctuaries and National Parks. IUCN, International Union for Conservation of Nature
- ↑ List of National Parks, Wildlife Sanctuaries, and Eco-Parks. Ministry of Environment, Forest and Climate Change
- ↑ (2017-07-19). bn:'তৃণমূল নিৰ্বাচনে বিজয়ীৰাই আগামীতে জয়লাভ কৰবেন'. Kaler Kantho
- ↑ Md. Anowar Hossain. (2014). Assessment of Floristic Diversity in Singra National Park, Bangladesh. Bangladesh Journal of Plant Taxonomy. পৃ. 61–70
- ↑ (9 January 2013). bn:পৰ্যটনেৰ অপাৰ সম্ভাৱনা দিনাজপুৰ সিংড়া ফৰেষ্ট. uttorbangla.com
- ↑ "Singra National Park"–A Vibrant Green Invitation. Birganj Upazila Information Portal
- ↑ (2019-04-03). Singra National Park: Wildlife Habitat in Natore Faces Threat. The Daily Star
- ↑ Md. Shafiqul Islam. (2022-11-29). Singra National Park in Natore: Nature Calls for Forest Visit. Prothom Alo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিংৰা ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৫৭২১৪০ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।