অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ছফিয়িভকা উদ্যান

ছফিয়িভকা উদ্যান (Sofiyivka Park; ইউক্ৰেইনীয়: Софіївський парк) বা ছোফিয়িভকাপাৰ্ক (ইউক্ৰেইনীয়: Парк «Софіївка»; পোলিছ: Park Zofiówka) হৈছে এক বৃক্ষ উদ্যান (উদ্ভিদ উদ্যানৰ ধৰণৰ) আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ এক বৈজ্ঞানিক-গৱেষণা প্ৰতিষ্ঠান (NASU-ৰ জীৱবিজ্ঞান বিভাগ)।

হালনাগাদ: ২১ আগষ্ট ২০২৬ ৮৬৯ শব্দ · ৫ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ছফিয়িভকা উদ্যান (Sofiyivka Park; ইউক্ৰেইনীয়: Софіївський парк) বা ছোফিয়িভকাপাৰ্ক (ইউক্ৰেইনীয়: Парк «Софіївка»; পোলিছ: Park Zofiówka) হৈছে এক বৃক্ষ উদ্যান (উদ্ভিদ উদ্যানৰ ধৰণৰ) আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ এক বৈজ্ঞানিক-গৱেষণা প্ৰতিষ্ঠান (NASU-ৰ জীৱবিজ্ঞান বিভাগ)।১ এই উদ্যানখন উমান চহৰৰ উত্তৰ অংশ, চেৰকাচি অব্লাষ্ট (মধ্য ইউক্ৰেইন)ত কামিয়ানকা নদীৰ ওচৰত অৱস্থিত৷ উদ্যানখনৰ কিছু অঞ্চলে ইংৰাজ বাগিচাৰ কথা মনত পেলায়৷ আজি এই উদ্যানখন জনপ্ৰিয় বিনোদনমূলক স্থান আৰু বছৰি ৩ লাখ দৰ্শক ইয়ালৈ‍ আহে। ২০০০ চনৰ পৰা ইয়াক ইউক্ৰেইনৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাব্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।২

ছফিয়িভকা ১৯ শতিকাৰ আৰম্ভণিত বিশ্ব বাগিচা ডিজাইনৰ এক দৰ্শনীয় বা প্ৰাকৃতিক সৌন্দৰ্য্যমণ্ডিত কীৰ্তিচিহ্ন/নিদৰ্শন। উদ্যানখনত ২০০০ৰো অধিক প্ৰকাৰৰ গছ আৰু জোপোহা উদ্ভিদ (স্থানীয় আৰু বিদেশী) আছে যাৰ ভিতৰত টেক্সডিয়াম (মাৰ্ছ চাইপ্ৰেছ), ৱেইমাউথ পাইন, টিউলিপ গছ, প্লেটানাছ, জিংকো আদি উল্লেখযোগ্য৷

একাডেমী অৱ চাইন্সৰ সদস্য-সংবাদদাতা, জীৱ বিজ্ঞানৰ চিকিৎসক ইভান কোচেংকো ১৯৮০ চনৰ পৰা উদ্যানখনৰ পৰিচালক হিচাপে আছে৷ ১৯৮৫ চনত এই উদ্যানৰ নামেৰে #২২৫৯ নামৰ সৰু গ্ৰহটোৰ নাম "ছফিয়িভকা" ৰখা হয়।

ইতিহাস

ষ্টেনিছলাভ শ্বেছনি পট'কি
ষ্টেনিছলাভ শ্বেছনি পট'কিছবি: Alexander Roslin · Public domain

ইংৰাজ নৈসৰ্গিক দৃশ্যৰূপৰ উদ্যানখন ১৭৯৬ চনত কৃষক বিদ্ৰোহৰ পাছত উমানক পুনৰ নিৰ্মাণ কৰা পোলেণ্ডৰ এজন সম্ভ্ৰান্ত কাউণ্ট ষ্টেনিছলাভ শ্বেছনি পট’কিয়ে প্ৰতিষ্ঠা কৰিছিল। সেই সময়ত উমান চহৰ ৰাছিয়া সাম্ৰাজ্যৰ অংশ আছিল। তেওঁৰ গ্ৰীক পত্নী ছফিয়াৰ নামেৰে উদ্যানখনৰ নামকৰণ কৰা হৈছে। এয়া আছিল জন্মদিনত ষ্টেনিছলাভ শ্বেছনি পট’কিয়ে পত্নীক দিয়া উপহাৰ।

মূল উদ্যানখনৰ নিৰ্মাণ খৰচ ১৫ মিলিয়ন ঝল'টি বুলি অনুমান কৰা হৈছে, যিটো সমসাময়িক মানত এক বিশাল বিত্ত। ইয়াৰ মূল ঠিকাদাৰ আছিল লুডৱিক মেটজেল, এজন পোলেণ্ডৰ সামৰিক অভিযন্তা যিয়ে ইউৰোপৰ বিভিন্ন প্ৰান্তৰপৰা উদ্যানখনলৈ‍ বহুতো বিৰল উদ্ভিদ আমদানি কৰিছিল। তেওঁ স্থানীয় দাসসকলক তেওঁৰ মূল শ্ৰমিক শক্তি হিচাপে নিয়োগ কৰিছিল। উদ্যানখনৰ ভূমি অসংখ্য খাদেৰে‍ অতি অবিকশিত আছিল আৰু কামিয়াংকা নদীৰ দ্বাৰা বিভক্ত আছিল। উদ্যানখনৰ মূল গঠন একেখন নদীৰ কাষতে অৱস্থিত আৰু ইয়াত কৃত্ৰিম অৱবাহিকা আৰু পুখুৰী (উচ্চ-৮ হেক্টৰ, নিম্ন-১.৫ হেক্টৰ, আৰু অন্যান্য), জলপ্ৰপাত (সৰ্বোচ্চটো ১৪ মিটাৰ ওখ), টলা (বা তলাচি), ভূগৰ্ভস্থ বা মাটিৰ তলৰ আঁচেৰন নদী (দৈৰ্ঘ্য-২২৪ মিটাৰ), ফোয়াৰা আদি আছে। মুকলি অনুষ্ঠানত ষ্টেনিছলাভ ট্ৰেম্বেকিয়েও উদ্যানখন আৰু ইয়াৰ নামকৰণক প্ৰশংসা কৰি কবিতা লিখিছিল। বহুকেইটা ভাস্কৰ্য্য, ইয়াৰ বেছিভাগেই প্ৰাচীন ভাস্কৰ্য্য আৰু কৃত্ৰিম শিল, গুহা, এক বিশেষ ধৰণৰ চাল থকা সৰু মুকলি ঘৰ বা মণ্ডপেৰে‍ উদ্যানখন সজাই তোলা হৈছে৷ ১৮৩২ চনত পোলেণ্ডৰ নৱেম্বৰ বিদ্ৰোহৰ পাছত ব্যক্তিগত দখলৰ পৰা উদ্যানখন মুক্ত কৰি কিয়ভ অফিচিয়েল চেম্বাৰলৈ হস্তান্তৰ কৰা হয়। সেই বছৰতে প্ৰথম নিকোলাইয়ে তেওঁৰ পত্নী আলেকজেণ্ড্ৰা ফিওড’ৰভ্নাক উদ্যানখন উপহাৰ দিছিল। ১৮৩৬–৫৯ চনত এই উদ্যানখন সামৰিক প্ৰশাসনৰ সম্পত্তি আছিল আৰু ইয়াক বহু পৰিমাণে সলনি কৰা হৈছিল।

ই বিশ্ববিখ্যাত বাগিচা-উদ্যান শিল্পৰ সৃষ্টিসমূহৰ ভিতৰত অন্যতম। উদ্যানখনত জলপ্ৰপাত, ফোয়াৰা, পুখুৰী, শিলৰ বাগিচাকে ধৰি বিভিন্ন দৃশ্যপট আছে৷ ই ১৮ শতিকাৰ শেষৰ ফালৰ বা ১৯ শতিকাৰ আৰম্ভণিৰ ইউৰোপীয় লেণ্ডস্কেপ গাৰ্ডেন ডিজাইনৰ অন্যতম বিখ্যাত উদাহৰণ যিটো বৰ্তমান সময়লৈকে সংৰক্ষিত হৈ আছে।

বিশেষজ্ঞ আৰু ইণ্টাৰনেট সম্প্ৰদায়ৰ ভোটদানৰ ভিত্তিত ২০০৭ চনৰ ২১ আগষ্টত ইউক্ৰেইনৰ সাতটা আশ্চৰ্য্যৰ ভিতৰত ছফিয়িভকা উদ্যানক অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়।

উদ্যানৰ দৰ্শনীয় স্থান

স্থপতিবিদজনৰ মৌলিক ধাৰণা অনুসৰি উদ্যানখনত হোমাৰৰ কবিতা ওডিছী আৰু ইলিয়াডৰ বিভিন্ন অংশৰ চিত্ৰণ কৰা হৈছে‍।

মূল প্ৰৱেশদ্বাৰ
মূল প্ৰৱেশদ্বাৰছবি: Uk-Kamelot · CC BY-SA 3.0

দক্ষিণ অংশ

উদ্যানখন আৰম্ভ হয় ছাডোভা ষ্ট্ৰীটত থকা "মূল প্ৰৱেশদ্বাৰ"ৰ পৰা। মূল প্ৰৱেশদ্বাৰৰ পিছত কেন্দ্ৰীয় আলিবাটটো আৰম্ভ হয়। ১৮৫০–১৮৫২ চনত নিৰ্মিত মূল প্ৰৱেশদ্বাৰৰ টাৱাৰবোৰ এতিয়াও থিয় হৈ আছে। ইয়াৰ ওচৰতে এটা পৰ্যটন সেৱা কেন্দ্ৰ আছে‍, যাক বৰ্তমান "দ্য হাউচ অৱ চাইন্স আৰ্ট" বুলি কোৱা হয়। এই ভৱনটোৰ ওপৰত পৰ্যবেক্ষণ এলেকাৰ সৈতে মৌলিক স্থাপত্য আছে। সংগ্ৰহালয়ৰ উপৰিও এই ভৱনটোত হোটেল, ৰেষ্টুৰেণ্ট, আৰু বাষ্প বা শুষ্ক তাপ স্নানঘৰ (sauna) আছে। বহুদিনৰ পৰাই উদ্যানখনৰ প্ৰৱেশদ্বাৰ ব্লেক পপলাৰ (ত্ৰিভুজ আকৃতিৰ গছ)ৰে সজাই থোৱা আছে। "ছফিয়িভকা" উদ্যানৰ পৰাই এই গছবোৰ ৰাছিয়ান সাম্ৰাজ্যৰ চাৰিওফালে অতি জনপ্ৰিয় হৈ পৰিছিল। ১৯৯৬ চনৰ আগতে প্ৰৱেশদ্বাৰৰ পৰা সোঁফালে সৰু ঐতিহাসিক সংগ্ৰহালয় আছিল। ১৯৫৭ চনত নিৰ্মাণ কৰা এই সংগ্ৰহালয়টো পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। ১৯৮০ চনৰ পাছত ইয়াক সংগ্ৰহালয়লৈ উন্নীত কৰি গাইডক প্ৰশিক্ষণ দিয়া ঠাই কৰা হয়৷ ১৯৯৬ চনত সকলো প্ৰদৰ্শনী প্ৰশাসনিক ভৱনলৈ স্থানান্তৰ কৰা হয়। এতিয়া পূৰ্বৰ সংগ্ৰহালয়ৰ ঠাইৰ পৰা গ্ৰেনাইটৰ শিল আৰু সৰু "জেনেভা হ্ৰদ" দেখা যায় যিটো ১৯৩০ চনত ইয়াত যোগ কৰা হৈছিল৷

জেনেভা হ্ৰদৰ ওপৰৰ মুকলি ঠাইত গাৰ্ডৰ বাবে এখন সৰু মুক্ত চোতালত ছাদযুক্ত সৰু ঘৰ (gazebo) নিৰ্মাণ কৰা হৈছিল। ছাদযুক্ত সৰু ঘৰটোৰ আকৃতি দেখাত কাঠফুলাৰ দৰে আছিল, সেইবাবেই প্ৰৱেশদ্বাৰৰ পৰা সোঁফালে থকা পাহাৰৰ অঞ্চলটোক ‘মাছৰুম’ বুলি কোৱা হয়। ১৯৯৪ চনত এই ছাদযুক্ত সৰু ঘৰটোৰ সংস্কাৰ সাধন কৰা হৈছিল৷

মজলিচ চৌহদ আৰু আয়নিয়ান সাগৰৰ দৃশ্য (দূৰৈত আছে সাপৰ ফোয়াৰা আৰু ফ্ল’ৰা পেভিলিয়ন)
মজলিচ চৌহদ আৰু আয়নিয়ান সাগৰৰ দৃশ্য (দূৰৈত আছে সাপৰ ফোয়াৰা আৰু ফ্ল’ৰা পেভিলিয়ন)ছবি: Anna Picasso · CC BY-SA 4.0

মূল গলিটোৰ সোঁফালে (মূল প্ৰৱেশদ্বাৰ আৰু টেপাৰস্ক ৰকৰ মাজত) চাইপ্ৰেছ আৰু পাইন গছ আছে৷ ১৮৯১ চনত এই গছবোৰৰ পুলি ৰোপণ কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ আগতে এই অঞ্চলটোক "সৰু চুইজাৰলেণ্ড" বুলি কোৱা হৈছিল।

'টেপাৰস্ক ৰক' সৰু চুইজাৰলেণ্ডৰ পিছৰ মূল আলিৰ সোঁফালে অৱস্থিত। এই শিলটোৰ নামকৰণ কৰা হৈছে প্ৰাচীন ৰোমৰ কেপিটেল দুৰ্গৰ দক্ষিণ-পূব দেৱালৰ নামেৰে আৰু ইয়াৰ ওপৰত কাঠৰ গেজেবো (gazebo) আছে। পট’কিৰ শাসনৰ সময়ত এই বিন্দুটোৱেই আছিল উদ্যানখনৰ শেষ ঠাই।

ফ্ল'ৰে পেভিলিয়নৰ আগত, বাওঁফালে, আপুনি এটা পানীৰ উঁহ দেখা পাব, যাক "ৰূপালী উৎস" বুলি জনা যায়৷ প্ৰাচীন শৈলীত সজাই তোলা এই প্ৰাকৃতিক পানীৰ উঁহটো ১৯৭৪ চনত নিৰ্মাণ কৰা হৈছিল।

মূল গলিটো "ফ্ল'ৰা পেভিলিয়ন"ত শেষ হয়। ই বিভিন্ন দিশলৈ‍ আৰম্ভ হোৱা কেইবাটাও পথৰ এক আৰম্ভ চৌহদত অৱস্থিত।

কেন্দ্ৰীয় অংশ

প্ৰাচীন গ্ৰীচ আৰু ৰোমৰ পৌৰাণিক কাহিনীৰ দৃশ্যৰ ওপৰত ভিত্তি কৰি ইউক্ৰেইনৰ ছফিয়িভকাৰ কেন্দ্ৰীয় অঞ্চলৰ ৰচনামূলক সিদ্ধান্ত, আৰু কিছুমান ঠাইত গ্ৰীক দেৱতা, বীৰ, লেখক আৰু দাৰ্শনিকৰ বাসস্থানৰ অনুকৰণ কৰা হৈছে। ইয়াৰ বিপৰীতে থাণ্ডাৰ গ্ৰ’ট’ (কেলিপ্ছ’ৰ গ্ৰ’ট’) হৈছে পানী যোগান ধৰিবলৈ পানীৰ পাইপলাইন। সেই অঞ্চলটো হাৰ্মিছ আৰু শুক্ৰৰ মূৰ্তিৰে সজাই তোলা হৈছে।

বাঁওফালে কিউপিডৰ মূৰ্তিটোৰ পূব দিশত গ্ৰেনাইটৰ খাঁজবোৰ আছে যিবোৰে লোকেটেক আৰু নুটৰ কৃত্ৰিম গুহালৈ লৈ যায়। ইউক্ৰেইনৰ ছফিয়িভকা উদ্যান নিৰ্মাণৰ প্ৰথম সময়ছোৱাত এইবোৰৰ সৃষ্টি কৰা হৈছিল।

সোঁফালে নুট কৃত্ৰিম গুহা অৱস্থিত। তেওঁ উপত্যকাৰ দৈত্যবোৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰে। গ্ৰেনাইটত খোদিত কৰা হৈছে, লাভা নহয় আৰু ইয়াৰ কাষতে তিনিটা পৰ্যায়ৰ জলপ্ৰপাত নিৰ্মাণ কৰা হৈছে।৩

তথ্যসূত্ৰ

  1. ↑ Sofiyivka Park
  2. ↑ Dendrological Park "Sofijivka"
  3. ↑ (2 February 2015). Sofiyivsky Park in Uman: History, architecture, objects | Ineteresting about Ukraine. unknownukraine.com

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইনৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰইউক্ৰেইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছফিয়িভকা উদ্যান” প্ৰবন্ধৰ সংশোধন ৬২৯৬২৫ (২১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।