অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ডানাম উপত্যকা সংৰক্ষিত এলেকা

ডানাম উপত্যকা সংৰক্ষিত এলেকা (Danum Valley Conservation Area) হৈছে মালয়েছিয়াৰ চাবাহ (Sabah)ৰ ৪৩৮ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ থকা এক ডিপ্টেৰ’কাৰ্প (dipterocarp) অৰণ্য। এই সংৰক্ষিত এলেকাত যথেষ্ট সংখ্যক গ্রীষ্মমণ্ডলীয় উদ্ভিদ আৰু প্রাণী দেখিবলৈ পোৱা যায়।

হালনাগাদ: ১৪ ডিচেম্বৰ ২০২৪ ৩৯৩ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ
ডানাম উপত্যকাৰ বৰ্ষাৰণ্য
ডানাম উপত্যকাৰ বৰ্ষাৰণ্যছবি: Rob and Stephanie Levy from Townsville, Australia · CC BY 2.0

ডানাম উপত্যকা সংৰক্ষিত এলেকা (Danum Valley Conservation Area) হৈছে মালয়েছিয়াৰ চাবাহ (Sabah)ৰ ৪৩৮ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ থকা এক ডিপ্টেৰ’কাৰ্প (dipterocarp) অৰণ্য। এই সংৰক্ষিত এলেকাত যথেষ্ট সংখ্যক গ্রীষ্মমণ্ডলীয় উদ্ভিদ আৰু প্রাণী দেখিবলৈ পোৱা যায়। ইয়াৰ ভিতৰত বিৰল বর্নিয়ান ওৰাংওটান (Bornean orangutan), গিবন, মাউছ ডিয়েৰ, ক্লাউডেদ নাহৰফুটুকী (clouded leopard) আৰু ২৭০ টাতকৈও অধিক চৰাইৰ প্ৰজাতি উল্লেখযোগ্য। ১

এই অঞ্চলটোৰ এটা বিশেষ বৈশিষ্ট হৈছে যে সংৰক্ষিত এলেকা মৰ্যদা পোৱাৰ আগলৈকে ইয়াত কোনো মানুহৰ বসতি নাছিল, অৰ্থাৎ চিকাৰ, কাঠ কটা আৰু অন্যান্য মানুহৰ কাৰ্যকলাপৰ অস্তিত্ব নাছিল। সেই কাৰণতে বৰ্তমান এই এলেকাৰ সংৰক্ষণ, গৱেষণা, শিক্ষা, আৰু বাসস্থান পুনৰুদ্ধাৰৰ প্ৰশিক্ষণৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে। এই এলেকাক বিশ্ব ঐতিহ্য স্থান (World Heritage Site) হিচাপে মনোনীত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

ভৌগোলিক বিৱৰণ

ডানাম উপত্যকা সংৰক্ষিত এলেকা নিকটতম চহৰ লাহাড ডাটু (Lahad Datu) প্ৰায় ৮২ কিলোমিটাৰ দূৰত অৱস্থিত। এই এলেকাত থকা ডানাম ভেলী ফিল্ড চেণ্টাৰ হৈছে বিজ্ঞানী আৰু শিক্ষাৰ উদ্দেশ্যে গৱেষণা প্ৰতিষ্ঠান। তাৰ লগতে ইয়াত ডিপ্টেৰ'কাৰ্প গছৰ বংশবৃদ্ধিৰ বাবে এটা প্ৰকাণ্ড নাৰ্চাৰীও আছে। তাৰোপৰি ইয়াত পৰ্যটকৰ বাবে থকাৰ ব্যৱস্থা যেনে বৰ্নিঅ' ৰেইনফৰেষ্ট লজকে ধৰি অন্যান্য লজ কিছুমান আছে। এই এলেকাৰ সাগৰপৃষ্ঠৰ পৰা সৰ্বোচ্চ উচ্চতা ১০৯৩ মিটাৰ।

প্ৰকৃতি

ডানাম উপত্যকাত দেখা পোৱা গুঁইজাতীয় প্ৰাণী এছিয়াৰ ৱাটাৰ মণিটৰ (''Varanus salvator'')
ডানাম উপত্যকাত দেখা পোৱা গুঁইজাতীয় প্ৰাণী এছিয়াৰ ৱাটাৰ মণিটৰ (Varanus salvator)ছবি: Rob and Stephanie Levy from Townsville, Australia · CC BY 2.0

প্ৰাণীজগত

ডানাম উপত্যকা সংৰক্ষিত এলেকাত দেখা পোৱা বৰ্নিঅ' নিম্নভূমি বৰ্ষাৰণ্য (Borneo lowland rain forests) বহুতো আপুৰুগীয়া চৰাই আৰু স্তন্যপায়ী প্ৰাণীৰ বাসস্থান। এই এলেকাতে বিৰল মৌপিয়া চৰাইৰ প্ৰজাতি স্পেক্টেকলড ফ্লাৱাৰপেকাৰ (spectacled flowerpecker) আৱিস্কাৰ হৈছিল। ইয়াত দেখা পোৱা উল্লেখযোগ্য প্ৰাণীসমূহ হৈছে বৰ্নিঅ'ৰ ওৰাংওটান (Bornean orangutan), বৰ্নিঅ'ৰ গিবন (Müller's Bornean gibbon), বিভিন্ন প্ৰকাৰৰ হৰিণ, বনৰীয়া মেকুৰী, ভালুক, বৰ্নিঅ'ৰ গঁড় আৰু বৰ্নিঅ'ৰ পিগমী হাতী (Bornean pygmy elephant)।২

উদ্ভিদজগত

এই এলেকাত দেখা পোৱা উদ্ভিদসমূহ প্ৰধানকৈ বৰ্নিঅ' নিম্নভূমি বৰ্ষাৰণ্যৰ ডিপ্টৰ'কাৰ্প (dipterocarp) জাতীয় গছ। ঠায়ে ঠায়ে এই গছসমূহৰ উচ্চতা ৭০ মিটাৰৰ অধিক হোৱা দেখা যায়।৩ এই এলেকা থকা বৰ্নিঅ' দ্বীপত ডিপ্টেৰ'কাৰ্প উদ্ভিদৰ সৰ্বাধিক বৈচিত্ৰ্য দেখা পোৱা যায়। সমগ্ৰ বিশ্বৰ ভিতৰতে কেৱল এই দ্বীপত দেখা পোৱা এই বিৰল প্ৰজাতিসমূহ (endemic) হৈছে, Dipterocarpus acutangulus, Dipterocarpus applanatus, Dipterocarpus borneensis, Dipterocarpus caudatus, Dipterocarpus caudiferus, Dipterocarpus confertus, Dipterocarpus conformis, Dipterocarpus coriaceus, Dipterocarpus costulatus, Dipterocarpus crinitus, Dipterocarpus elongatus, Dipterocarpus eurynchus, Dipterocarpus fusiformis, Dipterocarpus geniculatus, Dipterocarpus glabrigemmatus, Dipterocarpus globosus, Dipterocarpus gracilis, Dipterocarpus grandiflorus, Dipterocarpus hasseltii, Dipterocarpus humeratus, Dipterocarpus kerrii, Dipterocarpus mundus, Dipterocarpus ochraceus, Dipterocarpus palembanicus, Dipterocarpus sarawakensis, Dipterocarpus tempehes, Dipterocarpus validus আৰু Dipterocarpus verrucosus। তাৰোপৰি ডানাম উপত্যকা সংৰক্ষিত এলেকাত মুঠ ১৫০০০ প্ৰজাতিৰ উদ্ভিদ দেখা যায়। ২০১৯ চনত এই এলেকাতে বিশ্বৰ আটাইটকৈ ওখ ক্ৰান্তীয় গছ জোপা আৱিষ্কাৰ হৈছিল। এই গছজোপাৰ প্ৰজাতি হৈছে yellow meranti (Richetia faguetiana) আৰু গছজোপাক মেনাৰা (Menara) নাম দিয়া হৈছে।৪ গছজোপাৰ উচ্চতা 97.58 মিটাৰ।৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Danum Valley. Tourism Malaysia
  2. ↑ Schilthuizen, M. & H.A. Rutjes, 2001. Land snail diversity in a square kilometre of tropical rainforest in Sabah, Malaysian Borneo. Journal of Molluscan Ss, 67: 417-423
  3. ↑ (25 March 2014). Danum Valley Field Centre. Tawau
  4. ↑ (3 April 2019). The world's tallest tropical tree has been discovered—and climbed—in Malaysian Borneo. National Geographic Society
  5. ↑ Shenkin, Alexander; Chandler, Christopher; Boyd, Doreen. (2019). The World's Tallest Tropical Tree in Three Dimensions. Frontiers in Forests and Global Change. পৃ. 32

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডানাম উপত্যকা সংৰক্ষিত এলেকা” প্ৰবন্ধৰ সংশোধন ৪৫৫১৬৮ (১৪ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।