অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ধোঁৱাবৰণীয়া নলচুপি চৰাই

ধোঁৱাবৰণীয়া নলচুপি চৰাই (Ashy Prinia, বৈজ্ঞানিক নাম-Prinia socialis) 'Cisticolidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। এই চৰাইবিধ নগৰীয়া অঞ্চলত বিশেষকৈ উদ্যান আৰু খেতি-পথাৰত সততে দেখা পোৱা যায়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ধোঁৱাবৰণীয়া নলচুপি চৰাই (Ashy Prinia, বৈজ্ঞানিক নাম-Prinia socialis) 'Cisticolidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। এই চৰাইবিধ নগৰীয়া অঞ্চলত বিশেষকৈ উদ্যান আৰু খেতি-পথাৰত সততে দেখা পোৱা যায়।

বিৱৰণ

, ভাৰত)]]

In Pune, India
In Pune, Indiaছবি: Yogendra Joshi · CC BY 2.0

ধোঁৱাবৰণীয়া নলচুপি চৰাইৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১৩-১৪ ছে:মি: হয়। ইয়াৰ পাখি চুটি আৰু ঘূৰণীয়া হয়। এই চৰাইবিধৰ নেজডাল সাধাৰণতে দাং খুৱাই ৰাখে। ধোঁৱাবৰণীয়া নলচুপি চৰাইৰ ঠোঁট ছুটি আৰু গাঢ় ক'লা বৰণীয়া। ইয়াৰ মূৰৰ ওপৰৰ অংশ মুগাবৰণীয়া হোৱা দেখা যায়। প্ৰজননৰ কালত পূৰ্ণবয়স্ক মতা চৰাইৰ দেহ ছাঁই বৰণীয়া আৰু মূৰৰ ওপৰত ক'লা টুপী থকা দেখা যায়। ১

বিতৰণ

ধোঁৱাবৰণীয়া নলচুপি চৰাই ভাৰত উপমহাদেশত স্থানীয় চৰাই। ইয়াক ঘাইকৈ ভাৰত, নেপাল, বাংলাদেশ, ভূটান, শ্ৰীলংকা আৰু ম্যানমাৰত দেখিবলৈ পোৱা যায়।

বাসস্থান

এই চৰাইবিধ ঘাইকৈ শুকান আৰু মুকলি ঘাঁহনি, কাঠনি, জোপোহা গছৰ বনাঞ্চল আদিত দেখা যায়। তদুপৰি নগৰীয়া অঞ্চলৰ উদ্যান, খেতি-পথাৰ আদিতো এই চৰাইবিধ দেখা যায়।

আচৰণ

ধোঁৱাবৰণীয়া নলচুপি চৰায়েযোৰ পাতি থাকে কিন্তু জিৰণি লোৱাৰ সময়ত অকলশৰে গছৰ ডালত জোপোহাত পৰেগৈ। .২

খাদ্য

এই চৰাইবিধ পতংগভোজী। ইয়াৰ মাতটো চ্চীপ-চ্চীপ-চ্চীপ-চ্চীপ.. ধৰণৰ।১

প্ৰজনন

Nest with eggs, Hyderabad, India
Nest with eggs, Hyderabad, Indiaছবি: J.M.Garg · CC BY-SA 3.0

ধোঁৱাবৰণীয়া নলচুপি চৰায়ে মাটিৰ পৰা অলপ ওপৰত জোপোহা বা ওখ ঘাহত বাহ সাজে। এবাৰত ই ৩-৫ টাকৈ কণী পাৰে।৩ ইয়াৰ প্ৰজননৰ কাল ঠাইবিশেষে বেলেগ বেলেগ হয়। ভাৰতত ঘাইকৈ বাৰিষা প্ৰজননকৰে বুলি জনা যায়। ৪১

লগতে চাওক

  • Balachandran, S; Rosalind, Lima (1992): Southern Ashy Wren-Warbler Prinia socialis socialis Sykes in Pt. Calimere Wildlife Sanctuary, Tamil Nadu.J. Bombay Nat. Hist. Soc. 89(3), 377.
  • Jairamdas, Arjun (1977) Three nests of Ashy Wren Warbler – diary of one season. Newsletter for Birdwatchers . 17(2):4–6.
  • Subramanya, S.; Veeresh, G. K. (1998) Nesting of two insectivorous birds in the rice fields of Bangalore. Chap. 4. In: Birds in Agricultural Ecosystem. (Eds: Dhindsa, MS; Rao, P Syamsunder; Parasharya, BM) Society for Applied Ornithology, Hyderabad, 10–17.
  • Ajmeri, R. M.; Das, A. R. K.; Sasikumar, M. (1961) An unusual nest of the Ashy Wren-warbler (Prinia socialis). Newsletter for Birdwatchers . 1(4):1.

বাহভিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Rasmussen, P. C. and Anderton, J. (2005). Birds of South Asia: The Ripley Guide.. Smithsonian Institution & Lynx Edicions. ISBN 84-87334-67-9
  2. ↑ Hemanth, J. (1990). On the roosting of the Ashy Wren-Warbler. Newsletter for Birdwatchers. পৃ. 15
  3. ↑ Ramanan, R. V. (1995). The nest of Ashy Wren Warbler Prinia socialis. Newsletter for Birdwatchers. পৃ. 17
  4. ↑ George,J. C. (1962). Nest-shifting behaviour of the Ashy Wren-Warbler. The Auk. পৃ. 435–6

সম্পৰ্কিত শ্ৰেণী

শালিকাজীৱবিজ্ঞানঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধোঁৱাবৰণীয়া নলচুপি চৰাই” প্ৰবন্ধৰ সংশোধন ৬২৪৯৪১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।