অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

দুবৰি বন

দুবৰি বন (বৈজ্ঞানিক নাম: Cynodon dactylon) এবিধ ঘাঁহ জাতীয় ঔষধি উদ্ভিদ। ভাৰতীয় সংস্কৃতিত দুবৰি বনৰ বিশেষ মহত্ত্ব আছে। বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দুবৰি বন ব্যৱহাৰ কৰা হয়। আফ্ৰিকা মহাদেশৰ স্থানীয় ঘাঁহবিধ বৰ্তমান গোটেই বিশ্বতে পোৱা যায়।

হালনাগাদ: ৭ নৱেম্বৰ ২০২৩ ৩২৯ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

দুবৰি বন (বৈজ্ঞানিক নাম: Cynodon dactylon)১ এবিধ ঘাঁহ জাতীয় ঔষধি উদ্ভিদ। ভাৰতীয় সংস্কৃতিত দুবৰি বনৰ বিশেষ মহত্ত্ব আছে। বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দুবৰি বন ব্যৱহাৰ কৰা হয়। আফ্ৰিকা মহাদেশৰ স্থানীয় ঘাঁহবিধ বৰ্তমান গোটেই বিশ্বতে পোৱা যায়।২ আয়ুৰ্বেদত দুবৰিক বাত, পিত্ত আৰু কফৰ মহৌষধ হিচাপে গণ্য কৰা হয়। সাধাৰণ কটা-ছিঙাৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৰুতৰ ৰোগত দুবৰি ব্যৱহাৰ কৰা হয়। সৌন্দৰ্যবৰ্ধনৰ বাবেও দুবৰিক উদ্যান ঘাঁহ হিচাপে ব্যবহাৰ কৰা হয়। কিছুমান ঠাইত ইয়াক বিদেশী প্ৰজাতি হিচাপে অপতৃণ বুলিও গণ্য কৰা হয়।

বৰ্ণনা

দুবৰিৰ পাত সেউজীয়া ৰঙৰ আৰু গুৰিৰ প্ৰায় ২-১৫ ছেঃমিঃ দীঘল হয়। ইয়াৰ বুঢ়া পাতবোৰ অলপ খহটা।৩ ইয়াৰ থিয় ঠাৰিডাল অলপ চেপেটা আৰু ১-৩০ ছেঃমিঃ ওখ হয়। গুটিবোৰ সৰু যদিও গা-গছৰ ধাৱকেৰে বংশবৃদ্ধি বেছিকৈ হয়।

ইয়াৰ মূল শিপা প্ৰণালী মাটিক খামুচি মাৰি ধৰে আৰু খৰাং পৰিস্থিতিত ২ মিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে। ধাৱক গা গছৰ গাঁঠিৰ পৰাও সৰু সৰু শিপা ওলায়। এই শিপা খুব বেছি ৬০ ছেঃমিঃ দীঘল হয় আৰু মাটিৰ ওপৰত ডাঠকৈ বিয়পি পৰে। উচ্চ উষ্ণতাত ইয়াৰ বৃদ্ধি ভাল হয়। শীতকালত ইয়াৰ বৃদ্ধি আটাইতকৈ কম হয়।

ব্যৱহাৰ

সংস্কৃতিক ব্যৱহাৰ

ভাৰতীয় সংস্কৃতিত কল্যাণৰ প্ৰতীক হিচাপে দুবৰি বনক গণ্য কৰা হয়। পূজা-পাৰ্বনত শান্তিজল ছটিয়াবলৈ দুবৰি বন ব্যৱহাৰ কৰা হয়। পূজাত দেৱ-দেৱীলৈ দুবৰি আগবঢ়োৱা হয়। বিবাহ অনুষ্ঠানত দুবৰিৰে নতুন বোৱাৰী ঘৰলৈ বৰণ কৰি অনা হয়। বিভিন্ন গীত, কবিতা আৰু সাহিত্যত দুবৰিৰ উল্লেখ পোৱা যায়।

ঔষধি গুণ

আয়ুৰ্বেদত দুবৰিক বাত, পিত্ত আৰু কফৰ মহৌষধ হিচাপে গণ্য কৰা হয়। দুবৰি বন সন্তান গৰ্ভধাৰণত অসমৰ্থ হলে ব্যৱহাৰ কৰা হয়। আমাশয় আৰু উদৰাময়েত দুবৰি বনৰ ৰস ঔষধ। আয়ুৰ্বেদিক শাস্ত্ৰমতে ৰক্তপিত্ত ৰোগত দুবৰি বন মহৌষধ। এই ৰোগত মুখ, নাকৰ বাহিৰেও শৰীৰৰ বিভিন্ন অংশৰে ৰক্ত নিঃসৰণ হলে দুবৰি ৰস খালে আৰু নাকৰ ফুটাত দিলে উপশম হয়। চুলি সৰা ৰোগটো দুবৰি ব্যৱহাৰ কৰা হয়। পায়োৰিয়া ৰোগত দুবৰি বনৰ পাতেৰে দাঁত মাজিলে ভাল। কটা-ছিঙাত ইয়াৰ পাত থেতালি আক্ৰান্ত স্থানত প্ৰলেপ দিলে ৰক্তক্ষৰণ বন্ধ হৈ যায়।

সৌন্দৰ্য বৰ্ধন

উদ্যানৰ ঘাঁহ হিচাপে দুবৰি বন ব্যৱহাৰ কৰা হয়। নিয়ৰত তিতা কোমল দুবৰি বনৰ ওপৰত খোজ কাঢ়িবলৈ ভাল।

অন্যান্য নাম

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Vilfa stellata (Willd.) P. Beauv. Tropicos.org. Missouri Botanical Garden
  2. ↑ CABI Invasive Species Compendium
  3. ↑ Walker, Karen; Burrows, Geoff; McMahon, Lynne. (2001). Bidgee bush: an identification guide to common native plant species of the south western slopes of New South Wales. Greening Australia. পৃ. 82. ISBN 978-1-875345-61-8

সম্পৰ্কিত শ্ৰেণী

তৃণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুবৰি বন” প্ৰবন্ধৰ সংশোধন ৩৯০৬৫৮ (৭ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।