
চিত্ৰাল গোল ৰাষ্ট্ৰীয় উদ্যান (উৰ্দুঃ چترال گول نیشنل پارک) পাকিস্তানৰ অন্যতম ৰাষ্ট্ৰীয় উদ্যান। ই চিত্ৰাল চহৰৰ পৰা দুঘণ্টাৰ গাড়ীৰে যাত্ৰাৰ দূৰত্বত চিত্ৰাল নদীৰ কাষত পাকিস্তানৰ খাইবাৰ-পাখতুনখোৱা প্ৰদেশৰ নিম্ন চিত্ৰাল জিলাত অৱস্থিত। উদ্যানখন চিত্ৰাল ৰাষ্ট্ৰীয় উদ্যান নামেৰেও জনাজাত। ১২
আইনী স্থিতি
১৯৮৩ চনলৈকে চিত্ৰাল গোলক চিত্ৰালৰ প্ৰাক্তন মেহতাৰৰ ব্যক্তিগত সম্পত্তি হিচাপে গণ্য কৰা হৈছিল। উদ্যানখনৰ স্থিতি তেতিয়াৰ পৰাই বিতৰ্কত আছে আৰু পূৰ্বৰ মেহতাৰৰ উত্তৰাধিকাৰী আৰু পাকিস্তান চৰকাৰ মাজত চলি থকা মোকৰ্দমাৰ এক বিষয় হৈ পৰিছে।৩৪
স্থিৰাংক
উদ্যানলৈ যোৱা পথটো যথেষ্ট ঠেক আৰু বিপদজনক, বৰষুণৰ দিনত আৰু অধিক বিপদজনক। ই সাগৰ পৃষ্ঠৰ পৰা ১৪৫০ মিটাৰ আৰু প্ৰায় ৫০০০ মিটাৰৰ মাজত অৱস্থিত। ইয়াৰ মাটিকালি ৭৭৫০ হেক্টৰ৫
জীৱ-জন্তু
এই উদ্যানখনত তিনিটা উপত্যকা আছে। উদ্যানখনত কেইবাটাও হিমবাহ আছে যাৰ মাজেৰে কেইবাটাও নিজৰাই বাট কাটি অৱশেষত এটা সুঁতি গঠন কৰে যি ১৮ কিলোমিটাৰ দূৰলৈকে যায়। এই নৈৰ ঠাণ্ডা পানী পূব দিশলৈ চিত্ৰাল নদীলৈ বৈ যায়। উদ্যানখন গছ-গছনি, বিশেষকৈ দেৱদাৰু গছেৰে সমৃদ্ধ। উদ্যানখনে এক বিশাল জীৱ-বৈচিত্ৰ্য, বিশেষকৈ মাৰ্কহৰ, এক বিলুপ্তপ্ৰায় বনৰীয়া ছাগলী প্ৰজাতিক আশ্ৰয় প্ৰদান কৰে। উদ্যানখনত পোৱা কিছুমান ডাঙৰ স্তন্যপায়ী প্ৰাণীৰ ভিতৰত আছেঃ
- কাশ্মীৰ মাৰখোৰ
- চাইবেৰিয়ান আইবেক্স
- হিম চিতাবাঘ
- লাডাখ ইউৰিয়েল
- হিমালয়ৰ ক'লা ভালুক
- হিমালয়ান ওল্ফ
- ৰঙা শিয়াল
- ইউৰেছিয়ান অ'টাৰ
- হালধীয়া-ডিঙিৰ মাৰ্টেন
বতৰ
ইয়াত বাৰ্ষিক বৰষুণ ৪৬২ মি.লি. বুলি অনুমান কৰা হৈছে। ছেপ্টেম্বৰ মাহত উদ্যানখনৰ চাৰিওফালে থকা দৰ্শনীয় শৃংগসমূহত অধিক বৰষুণ হয়। অৱশ্যে নৱেম্বৰ মাহত উপত্যকা আৰু তলৰ শিখৰসমূহত অধিক বৰষুণ হয়। শীতকালত তুষাৰপাতো হয়। বৰফেৰে আবৃত বগা শৃংগবোৰে জুন মাহলৈকে সৌন্দৰ্য্য বৃদ্ধি কৰে। সাধাৰণতে বতৰ ঠাণ্ডা আৰু শুকান। তাপমাত্ৰা −১২.২ৰ পৰা ৪৩.৩° চেলছিয়াছ (১০.০ৰ পৰাই ১০৯.৯ ফাৰেনহাইট)লৈকে থাকে।৬৭
বিৰমোগ্লাষ্ট
উদ্যানখনৰ বিৰমোগ্লাষ্ট অংশটোত পূৰ্বৰ মেহতাৰৰ গ্ৰীষ্মকালীন দুৰ্গ অৱস্থিত। চিত্ৰাল ৰাজ্যৰ অস্তিত্বৰ সময়ত মেহতাৰ আৰু তেওঁৰ পৰিয়ালে গ্ৰীষ্মকালত ইয়ালৈ স্থানান্তৰিত হৈ আদালত অনুষ্ঠিত কৰিছিল। দুৰ্গটো এনেদৰে নিৰ্মাণ কৰা হৈছিল যে ই সমগ্ৰ চহৰখনক ইয়াৰ পৰা পৰ্যবেক্ষণ কৰিব পাৰি।৮ ই সাগৰ পৃষ্ঠৰ পৰা ২৮০০ মিটাৰতকৈ অধিক উচ্চতাত অৱস্থিত। দুৰ্গটোৰ উপৰিও বিৰমোগ্লাষ্টত এটা বন্যপ্ৰাণীৰ কুঁৱা আছে আৰু চিত্ৰাল চহৰৰ পৰা কেইকিলোমিটাৰ দূৰত্বত ই এক গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী।৯১০
তথ্যসূত্ৰ
- ↑ Camerapix. (1998-01-01). Spectrum Guide to Pakistan. Interlink Books. পৃ. 319. ISBN 9781566562409
- ↑ Singh. (2008-01-01). Pakistan & the Karakoram Highway. Lonely Planet. ISBN 9781741045420
- ↑ Chitral National Park. National Parks in Pakistan
- ↑ Wildlife of Pakistan: National Parks of Pakistan
- ↑ Chitral Gol National Park – Documentary
- ↑ Hyder. (1978-01-01). Proceedings of the First International Rangeland Congress, Denver, Colorado, USA, August 14–18, 1978. Society for Range Management
- ↑ Green. (1990-01-01). IUCN Directory of South Asian Protected Areas. IUCN. ISBN 9782831700304
- ↑ (2013-12-24). Chitral Gol National Park. The Express Tribune
- ↑ (2008-07-01). Pakistan Pictorial. Pakistan Publications
- ↑ (1954-01-01). Pakistan Quarterly
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিত্ৰাল ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৪৫৫৯২৪ (১৭ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।