টিকনি জৱা (বৈজ্ঞানিক নাম: Malvaviscus arboreus) হৈছে মালভাচিয়া পৰিয়ালৰ অন্তৰ্গত জবা গণৰ সপুষ্পক উদ্ভিদৰ এটা প্ৰজাতি।১ ই দক্ষিণ আমেৰিকা যুক্তৰাষ্ট্ৰ,২ মেক্সিকো, মধ্য আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ এবিধ স্থানীয় উদ্ভিদ। প্ৰজাতিৰ নাম আৰ্বোৰিয়াচে পূৰ্ণবয়স্ক উদ্ভিদৰ বৃক্ষক দৰে ৰূপক বুজায়। বৰ্তমান ই কৃষিৰ ক্ষেত্ৰত জনপ্ৰিয়।৩ অসমীয়াত ইয়াক আৰু বহুতো নামেৰে জনা যায়, যেনে– টিলিঙা জৱা, লটকণ জৱা, পাহিমুজা জৱা আদি। ইয়াৰ ফুল সম্পূৰ্ণৰূপে খোল নাখায়, যিয়ে পখিলা আৰু হামিংবাৰ্ডক আকৰ্ষণ কৰাত সহায় কৰে।
বিতৰণ
টিকনি জৱা মধ্য আমেৰিকা, মেক্সিকো আৰু আমেৰিকাৰ উপসাগৰীয় উপকূলৰ স্থানীয় উদ্ভিদ, বিশেষকৈ উপকূলীয় টেক্সাছ আৰু লুইজিয়ানাৰ গছৰ তলৰ জোপোহা হিচাপে।৪
বাসস্থান আৰু পৰিস্থিতিতন্ত্ৰ

টেক্সাছত দেখা পোৱা গছৰ তলত থকা এটা সাধাৰণ জোপোহা টিকনি জৱা (মালভাভিস্কাছ আৰ্ব'ৰিয়াছ) আৰু ই মাইকী আৰু কিশোৰ ৰুবি-থ্ৰ'টেড হামিংবাৰ্ড (আৰ্চিলোকাছ কলুব্ৰিছ) আৰু ব্লেক-চিনড হামিংবাৰ্ড (আৰ্চিলোকাছ আলেকজেণ্ড্ৰি)ৰ বাবে এক গুৰুত্বপূৰ্ণ খাদ্যৰ উৎস। প্ৰতিটো ফুল দুদিনলৈকে থাকে যদিও দ্বিতীয় দিনতকৈ প্ৰথম দিনটোত অধিক অমৃত থাকে।৫
টিকনি জৱাৰ উদাহৰণ মেক্সিকোৰ ইউকাটান অঞ্চলৰ উপকূলীয় পেটেনেছ মেংগ্ৰোভৰ ভিতৰত, য'ত উদ্ভিদ সম্প্ৰদায়ত ই এটা উপপ্ৰধান প্ৰজাতি।৬ টিকনি জৱা হৈছে টাৰ্ক'ছ-কেপ হোৱাইট-স্কিপাৰ (হেলিঅ'পেটেছ মেকাইৰা)ৰ কেটাৰপিলাৰৰ বাবে প্ৰধান গৃহস্থ উদ্ভিদ।৭
খেতি
সাধাৰণতে সমগ্ৰ দক্ষিণ আমেৰিকাৰ পখিলা আৰু হামিংবাৰ্ডৰ বাগিচাত ছাঁ পৰা ৰ'দঘাই ঠাইত টিকনি জৱাৰ খেতি কৰা হয়। সতেজ গুটিৰ পৰা বা কোমল কাঠৰ কলমৰ পৰা ইয়াৰ বংশবৃদ্ধি কৰিব পাৰি। ই প্ৰায়ে মে’ মাহৰ পৰা নৱেম্বৰ মাহলৈকে ফুলে, কিন্তু গোটেই মৃদু শীতকালত ই ফুলিব।৮
জাত
- মালভাভিস্কাছ আৰ্ব’ৰিয়াছ জাত আৰ্ব’ৰিয়াছ
- মালভাভিস্কাছ আৰ্ব’ৰিয়াছ জাত ড্ৰামণ্ডি (টৰ. এণ্ড এ.গ্ৰে) শ্বেৰী (= মালভাভিস্কাছ ড্ৰামণ্ডি টৰ. এণ্ড এ.গ্ৰে)
- মালভাভিস্কাছ আৰ্ব’ৰিয়াছ জাত মেক্সিকানাছ শ্ব্লেচটেণ্ডেল.
তথ্যসূত্ৰ
- ↑ "Malvaviscus arboreus"
- ↑ Malvaviscus arboreus Dill. ex Cav. wax mallow. PLANTS Database. United States Department of Agriculture
- ↑ Clay; James C. Hubbard. (1987). Tropical Shrubs. University of Hawaii Press. পৃ. 104. ISBN 978-0-8248-1128-0
- ↑ Turner, Billie L.; Mendenhall, Meghan G. (1993). A Revision of Malvaviscus (Malvaceae). Annals of the Missouri Botanical Garden. পৃ. 439–457
- ↑ George, Mary Wissink. (October 1980). Hummingbird foraging behavior at Malvaviscus arboreus var. drummondii. The Auk. পৃ. 790–794
- ↑ World Wildlife Fund. eds. Mark McGinley, C.Michael Hogan & C. Cleveland. 2010. Petenes mangroves. Encyclopedia of Earth. National Council for Science and the Environment. Washington DC
- ↑ Turk's-cap White-Skipper Heliopetes macaira (Reakirt, (1867)). Butterflies and Moths of North America
- ↑ Lady Bird Johnson Wildflower Center - The University of Texas at Austin. www.wildflower.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিকনি জৱা” প্ৰবন্ধৰ সংশোধন ৬০২২৯৮ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।