অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ডৌডৌ চৰাই

ডৌডৌ (Dodo; ৰেফাচ কুকুলেটাচ) ভাৰত মহাসাগৰৰ মৰিচাচ দ্বীপৰ থলুৱা চৰাই আছিল। ইহঁত উৰিব নোৱাৰা চৰাই আছিল। ১৬ শতিকাৰ শেষত মানুহে ইহঁতৰ বৰ বেছিকৈ চিকাৰ কৰাৰ ফলত ইহঁত বিলুপ্ত হৈ গৈছিল। জীয়াই থকা জীৱৰ ভিতৰত ইহঁত পাৰ আৰু কপৌ চৰাইৰ লগত আটাইতকৈ ওচৰ-সম্পৰ্কীয়, আৰু ইহঁতক ৰেফাইনায় উপপৰিয়ালে সাঙুৰি লয়।

হালনাগাদ: ১১ অক্টোবৰ ২০২০ ২২৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ডৌডৌ (Dodo; ৰেফাচ কুকুলেটাচ) ভাৰত মহাসাগৰৰ মৰিচাচ দ্বীপৰ থলুৱা চৰাই আছিল। ইহঁত উৰিব নোৱাৰা চৰাই আছিল। ১৬ শতিকাৰ শেষত মানুহে ইহঁতৰ বৰ বেছিকৈ চিকাৰ কৰাৰ ফলত ইহঁত বিলুপ্ত হৈ গৈছিল।১ জীয়াই থকা জীৱৰ ভিতৰত ইহঁত পাৰ আৰু কপৌ চৰাইৰ লগত আটাইতকৈ ওচৰ-সম্পৰ্কীয়, আৰু ইহঁতক ৰেফাইনায় উপপৰিয়ালে সাঙুৰি লয়। জিনীয়ভাবে ইহঁতৰ আটাইতকৈ ওচৰ-সম্পৰ্কীয় চৰাই আছিল ৰডুৰিগেচ চলিটাইৰ যিও বিলুপ্ত। জীয়াই থকাৰ ভিতৰত ইহঁতৰ আটাইতকৈ ওচৰ-সম্পৰ্কীয় জীৱ হৈছে নিকোবৰীয়া পাৰ। ইহঁতৰ আকাৰ কুকুৰাৰ সমান, ওজন ২০ কেজি আৰু ইহঁত এক মিটাৰ ওখ আছিল। ইহঁতে মাটিত বাহ সাজিছিল আৰু থলুৱা ফলমূল খাইছিল। ইহঁত কুকুৰাতকৈ অলপ ডাঙৰ, শকত-আপত আৰু ধেপেচা আছিল। ইহঁতৰ ঠেং চুটি আৰু দুৰ্বল আছিল। ইহঁতৰ পাখিও চুটি চুটি আছিল যিয়ে উৰাত সহায় নকৰিছিল। সেইবাবে ইহঁতে খৰকৈ দৌৰিবও নোৱাৰিছিল, উৰিবও নোৱাৰিছিল।২ বেলেগ বেলেগ ৰঙৰ ডৌডৌ হালি হালি পৰি পৰি জাকত চৰি ফুৰিছিল, আৰু থলুৱা লোকে আমোদ পাইছিল। ডৌডৌ শব্দটো পৰ্তুগীজ শব্দ দ’ওদ’ৰ পৰা আহিছে, যাৰ অৰ্থ মুৰ্খ। ইহঁতক মোগল দৰবাৰলৈও নিয়া হৈছিল আৰু তাত ইহঁতৰ ছবি অঁকা হৈছিল বুলি মানুহে কয়। কিছুমান জীৱবিজ্ঞানীৰ মতে ডৌডৌ চৰাইৰ পূৰ্বপুৰুষে উৰিব পাৰিছিল কিন্তু পৰিস্থিতিৰ বাবে লাহে লাহে উৰণ ক্ষমতা নাইকিয়া হৈ গৈছিল। ডৌডৌ মৰিচাচৰ ৰাষ্ট্ৰীয় চিনত আছে।২

ডৌডৌক মানুহৰ ফলত হোৱা সলনি নোহোৱা ঘটনাবোৰৰ উদাহৰণ হিচাপে লোৱা হয়। মানুহ অহাৰ আগতে মৰিচাচ দ্বীপত ডৌডৌৰ কোনো প্ৰাকৃতিক চিকাৰী নাছিল। সেউবাবেই ডৌডৌৰ উৰাৰ কোনো দৰকাৰ নাছিল আৰু গতিকে উৰিব নোৱাৰিছিল। ইহঁতে মানুহক ভয় নকৰিছিল আৰু উৰিব নোৱাৰাৰ বাবে সহজতে চিকাৰ হৈছিল।

তথ্যসূত্ৰ

  1. ↑ डाटाबेस प्रविष्टि में इस प्रजाति के विलुप्त दर्शाने का कारण निहित है।
  2. ↑ (2002-09-14). डोडो को पुनर्जीवित करने का प्रयास. बीबीसी हिन्दी समाचार

সম্পৰ্কিত শ্ৰেণী

চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডৌডৌ চৰাই” প্ৰবন্ধৰ সংশোধন ২৪৮৮৪২ (১১ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।