দক্ষিণৰ বগা-গালৰ হলৌ বান্দৰ (Southern white-cheeked gibbon; বৈজ্ঞানিক নামঃ Nomascus siki) হৈছে ভিয়েটনাম আৰু লাওছৰ এক স্থানীয় প্ৰজাতিৰ হলৌ বান্দৰ। উত্তৰৰ বগা-গালৰ হলৌ বান্দৰ (নমাস্কছ লিউকোজেনিছ) আৰু হালধীয়া-গালৰ হলৌ বান্দৰ (ন'মাস্কছ গেব্ৰিয়েলা)ৰ সৈতে ইয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে। ইয়াক পূৰ্বতে উল্লিখিত প্ৰতিটোৰ উপ-প্ৰজাতি হিচাপে চিনাক্ত কৰা হৈছিল।
বিৱৰণ আৰু বাসস্থান
এই প্ৰজাতিৰ হলৌবোৰ একে ৰঙৰ নহয়; মাকৰ গাখীৰ খাবলৈ নেৰা পোৱালিবোৰ পাতল বাদামী ৰঙৰ হয় আৰু গাখীৰ এৰাৰ পিছত ক'লালৈ ৰূপান্তৰিত হয়। প্ৰাপ্তবয়স্ক মতাবোৰ ক'লা হৈয়েই থাকে, কিন্তু প্ৰাপ্তবয়স্ক মাইকী বান্দৰবোৰ বাদামী ৰঙৰ হয়। এই প্ৰজাতিৰ নামটো মতা হলৌৰ মুখত থকা ৰঙৰ পৰা লোৱা হৈছে, ইয়াৰ মুখৰ কাষৰ চাৰিওফালে বগা নোমৰ এটা ডাঙৰ দাগৰ নিচিনা ৰং থাকে; ইয়েই ইয়াক এন. লিউকোজেনিছ মতাবোৰৰ পৰা পৃথক কৰে। এন. লিউকোজেনিছৰ গালত বগা ৰেখা থাকে। মাইকী হলৌবোৰৰ মুখৰ চাৰিওফালে বগা ৰঙৰ পাতল দাগ থাকে।১
এই প্ৰজাতিটো নিম্নভূমিৰ বহল পাতৰ অৰণ্যত বাস কৰে, কিছুমান আকৌ অৰণ্যযুক্ত পৰ্বতীয়া অঞ্চলত বাস কৰিছিল। আন আন হলৌ বান্দৰৰ দৰে ইয়ো বৃক্ষবাসী আৰু মূলতঃ ফলাহাৰী।২
ইয়াৰ প্ৰকৃত বিচৰণক্ষেত্ৰই মধ্য ভিয়েটনাম আৰু মধ্য লাওছৰ এটা অঞ্চলক সামৰি লৈছিল। উত্তৰৰ নাম থেউন (খাডিং আৰু ৰাও নায়ে নদী)ৰ পৰা (প্ৰায় ১৯ সংখ্যক সমান্তৰালভাৱে উত্তৰে) বাংহিয়াং আৰু থাচ হান নদী (প্ৰায়ে ১৭ সংখ্যক সমান্তৰাল দক্ষিণে)লৈকে।৩৪ ১৯ আৰু ২০ সংখ্যক সমান্তৰালৰ মাজত এন. ছিকি আৰু এন. লিউক'জেনিছৰ মাজত অতিৰিক্ত বা আন্তঃৰূপণ এক ক্ষেত্ৰ দেখা যায়।২
ইয়াৰ প্ৰকৃত বিচৰণক্ষেত্ৰৰ ভিতৰত, এই প্ৰজাতিটো এতিয়াও লাওছৰ বৰ্তি থকা বৃহৎ বনাঞ্চলসমূহত সাধাৰণ, কিন্তু ভিয়েটনামত গছ-গছনি আৰু কৃষিৰ বাবে মাটিলৈ মানুহৰ লিপ্সাৰ খলত ইয়াৰ সংখ্যা বিক্ষিপ্ত হৈ আছে। যোৱা ৪৫ বছৰত ইয়াৰ সংখ্যা ৫০% হ্ৰাস পাইছে বুলি ধাৰণা কৰা হৈছে আৰু এই প্ৰজাতিটোক বিপন্ন হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ই ভিয়েটনামত আইনীভাৱে সুৰক্ষিত, কিন্তু ইয়াক সুৰক্ষিত অঞ্চলৰ বাহিৰত কাৰ্যকৰীভাৱে বলৱৎ কৰা নহয়। খাদ্য, পৰম্পৰাগত ঔষধ আৰু পোহনীয়া জন্তু হিচাপে ৰাখিবলৈ কৰা ব্যৱসায়ে লাওছ আৰু ভিয়েটনামত এই প্ৰজাতিটোৰ বাবে এক গুৰুতৰ ভাবুকি কঢি়য়াই আনিছে।২
শ্ৰেণীবিন্যাস
১৯৫১ চনত জিন থিয়'ড'ৰ ডেলাক্বাৰে প্ৰথমবাৰৰ বাবে এই টেক্সন আনুষ্ঠানিকভাৱে চিনাক্ত কৰিছিল য'ত তেওঁ চিকিক এন. কনকলৰ (সেই সময়ত হাইলোবেটছ ৰখা এটা প্ৰজাতি) উপ-প্ৰজাতি হিচাপে বৰ্ণনা কৰিছিল। এই বৰ্ণনাৰ পিছৰে পৰাই ইয়াক বিভিন্ন ধৰণৰ এন. লিউক'জেনিছ, এন. গেব্ৰিয়েলা, বা এন. কনকলৰ উপ-প্ৰজাতি হিচাপে গণ্য কৰা হৈছে।২ এন. গেব্ৰিয়েলা উপ-প্ৰজাতি হিচাপে এন. চিকিক আখ্যায়িত কৰাৰ কাৰণ আছিল এক একক বেকুলামৰ ব্যাখ্যা, কিন্তু পৰৱৰ্তী গৱেষণাই ইংগিত দিছিল যে নমুনাটো এটা বেলেগ প্ৰজাতিৰ অংশ আছিল। ইয়াৰ পিছত ইয়াৰ কণ্ঠস্বৰৰ সাদৃশ্যৰ লগতে দুয়োটা প্ৰজাতিৰ মাইকীৰ মাজত থকা প্ৰায় অভিন্ন দৃশ্যগত সাদৃশ্যৰ বাবে ইয়াক এন. লিউক'জেনিছ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল।৫ অৱশ্যে, ২০০১ চনৰ পৰা ইয়াক এক পৃথক প্ৰজাতি হিচাপে গণ্য কৰা হৈছে।
এন. ছিকি ৰ বিচৰণক্ষেত্ৰৰ উত্তৰ দিশত ই এন. লিউকোজেনিছ২ সৈতে অতিৰিক্ত বা আন্তঃৰূপায়িত হয় আৰু এমটিডিএনএ আৰু কণ্ঠস্বৰৰ ওপৰত ভিত্তি কৰি এই প্ৰজাতিবোৰ বাকী থকা নোমাস্কছ ৰ ওচৰা-উচৰি থাকে।৩৪ পূৰ্বতে এন. ছিকি সৈতে সম্পৰ্কিত দক্ষিণৰ এদল বান্দৰক ২০১০ চনত এন. এনামেনছিছ নামৰ এটা নতুন প্ৰজাতি হিচাপে বৰ্ণনা কৰা হৈছিল।৪
তথ্যসূত্ৰ
- ↑ Groves, Colin. Speciation and biogeography of Vietnam’s primates. Vietnamese Journal of Primatology (2007) 1, 27-40. Digital copy
- ↑ Nguyen, M.H.; Coudrat, C.N.Z.; Roos, C. (2020). Nomascus siki. পৃ. e.T39896A17968765
- ↑ Mootnick and Fan (2011). A Comparative Study of Crested Gibbons (Nomascus). American Journal of Primatology 73: 135–154
- ↑ Thinh, Mootnick, Thanh, Nadler and Roos (2010). A new species of crested gibbon, from the central Annamite mountain range. Vietnamese Journal of Primatology 4: 1-12
- ↑ Geissmann. (December 1995). Gibbon systematics and species identification. International Zoo News. পৃ. 472
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণৰ বগা-গালৰ হলৌ বান্দৰ” প্ৰবন্ধৰ সংশোধন ৪৫৫৩১৭ (১৪ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।