জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
হৰ্ষদা গৰুড়
হৰ্ষদা গৰুড় (ইংৰাজী: Harshada Garud) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ভাৰোত্তোলক। ২০২২ চনৰ আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন ফেডাৰেচনৰ বিশ্ব জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।
-
ৰ'মান চেইনী
ৰ'মান চেইনী ভাৰতৰ এজন উদ্যোগী, সুবক্তা আৰু কণিষ্ঠতম প্ৰশাসনিক বিষয়াসকলৰ ভিতৰত অন্যতম। তেওঁ ২২ বছৰ বয়সত ২০১৩ চনত অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ৰ'মান চেইনী এজন টি. ই. ডি.
-
ৰংগনায়কি অম্মাল
ৰংগনায়কি অম্মাল (২৮ মে' ১৯১০ – ১৫ আগষ্ট ১৯৯৮) এগৰাকী ভাৰতীয় মৃদংগ বাদক আছিল। এইক্ষেত্ৰত তেওঁ লিংগভিত্তিক বাধা অতিক্ৰম কৰা প্ৰথম ভাৰতীয় মহিলা আছিল।
-
ৰংগু সৌৰিয়া
ৰংগু সৌৰিয়া (Rangu Souriya) মহিলা আৰু শিশুৰ বাবে কাম কৰা এগৰাকী ভাৰতীয় কৰ্মী তথা সমাজকৰ্মী। তেওঁ উত্তৰ-পূব ভাৰতৰ দাৰ্জিলিং আৰু নেপালৰ যৌন সৰবৰাহৰ বলি হোৱা লোকসকলক সহায়ৰ বাবে নিয়োজিত শিলিগুৰিস্থিত অলাভজনক সংস্থা কাঞ্চনজুংগা উদ্ধাৰ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক।
-
ৰজনী অশোকৰাও পাটিল
ৰজনী অশোকৰাও পাটিল ( Rajani Ashokrao Patil; জন্ম: ৫ ডিচেম্বৰ ১৯৫৮) এগৰাকী ভাৰতীয় ৰাজনীতিক তথা ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টিৰ সদস্য। তেওঁ জম্মু আৰু কাশ্মীৰৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক। তেওঁ এগৰাকী ৰাজ্যসভাৰ সদস্য আৰু ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাত তেওঁ মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে।
-
ৰজনী এ. ভিছেই
ৰজনী এ. ভিছেই (Rajani A. Bhisey) (জন্ম:২০জানুৱাৰি ১৯৪১) এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে "পাৰিপাৰ্শ্বিক কাৰ্ছিনোজেনেছিছ", কৰ্কটৰ আণৱিক মহামাৰীবিদ্যা (molecular epidemiology of cancer), আৰু ব্যৱসায়িক বিপত্তিৰ ক্ষেত্ৰত কাম কৰিছে।
-
ৰঞ্জনবেন ধনঞ্জয় ভাট
ৰঞ্জনবেন ধনঞ্জয় ভাট(Ranjanben Dhananjay Bhatt) (জন্ম ১০ আগষ্ট ১৯৬২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। ১৬ আৰু ১৭ নং লোকসভাৰ সদস্য হিচাপে কাম কৰি আহিছে। কেৰিয়াৰ ভাট্ট বৰোদাৰ উপ-মেয়ৰ আছিল। যোৱা ২২ বছৰ ধৰি "মহিলা ক্লাব" চলোৱা আৰু নেতৃত্ব দিয়াৰ কৃতিত্ব তেওঁক দিয়া হয়।
-
ৰঞ্জিত বৰঠাকুৰ
ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ(Brigadier Ranjit Barthakur) এগৰাকী সেনা বিষয়া, অসম লোকসেৱা আয়োগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু অসমীয়া লেখক।
-
ৰঞ্জিতা কোলী
ৰঞ্জিতা কোলী (Ranjeeta Koli; জন্ম: ৯ মে' ১৯৭৯) এগৰাকী ভাৰতীয় কৃষিবিদ আৰু ৰাজনীতিবিদ। ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ৰাজস্থানৰ ভাৰতপুৰৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।
-
ৰতন কছাৰী
ৰতন কছাৰী ( Ratan Kachari) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী যুঁজাৰু আৰু বিয়াল্লিছৰ গণ-আন্দোলনৰ শ্বহীদ৷ তেওঁ ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে পুলিচৰ গুলীত আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰিছিল৷ ৰতন কছাৰীৰ জন্ম হৈছিল ১৮৯২ চনত দৰং জিলাৰ বৰগাঁও মৌজাৰ ১নং বৰপুখুৰী গাঁৱত৷ তেওঁৰ পিতৃৰ নাম আছিল…
-
ৰবাৰ্ট টি কিয়োচাকি
ৰবাৰ্ট টি কিয়োচাকি (Robert Toru Kiyosaki) হৈছে এজন আমেৰিকান ব্যৱসায়ী আৰু লেখক। তেওঁ ব্যক্তিগত কোম্পানী Rich Global LLC আৰু Rich Dad Company -ৰ সংস্থাপক।
-
ৰবি বিষ্ণই
ৰবি বিষ্ণই (জন্ম ৫ ছেপ্টেম্বৰ ২০০০) এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰতিনিধিত্ব কৰে। তেওঁ এজন Right-arm leg-break bowler। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়।
-
ৰবিয়া ভূঞা
ৰবিয়া ভূঞা (: Rabia Bhuiyan জন্ম: ১ মাৰ্চ ১৯৪৪) বাংলাদেশৰ এগৰাকী জাতীয় পাৰ্টি (এৰছাদ) ৰাজনীতিবিদ আৰু মহিলা সংৰক্ষিত আসন ১৯ৰ পৰা এগৰাকী প্ৰাক্তন জাতীয় সংগসাদৰ সদস্য। তেওঁ বাংলাদেশৰ প্ৰথম মহিলা বেৰিষ্টাৰ।
-
ৰমা দেৱী
ৰমা দেৱী (জন্ম ১৯৪৮) হৈছে বিহাৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্যা। তেওঁ ২০১৯ চনৰ পৰা ১৭সংখ্যক লোকসভাৰ অধ্যক্ষৰ পেনেলত আছে।
-
ৰশ্মি উৰ্ধ্বৰ্দেশ
ৰশ্মি উৰ্ধ্বৰ্দেশ জন্ম ৰশ্মি ৰানাদে (: Rashmi Urdhwardeshe born Rashmi Ranade, জন্ম প্ৰায় ১৯৫৯);এগৰাকী ভাৰতীয় স্বয়ংচল অভিযন্তা। ভাৰতীয় অটোমোটিভ ৰিচাৰ্চ এছ’চিয়েশ্যনৰ সঞ্চালিকা। ২০২০ চনৰ মাৰ্চ মাহত তেওঁ নাৰী শক্তিৰ সন্মান লাভ কৰে।
-
ৰশ্মি বনচল
ৰশ্মি বনচল ((Rashmi Bansal) এগৰাকী ভাৰতীয় অ-কল্পকাহিনী লেখক আৰু উদ্যোগী। ২০১৯ চন পৰ্যন্ত উদ্যোগবৃত্তি বা শিল্পোদ্যোগৰ ওপৰত তেওঁ নখন কিতাপ লিখিছে। তেওঁৰ প্ৰথমখন কিতাপ ষ্টে হাংৰি ষ্টে ফুলিচ্ (২০০৮) ২৫ জন উদ্যোগীৰ অভিজ্ঞতা সমূহ সামৰি লিখি উলিওৱা হৈছিল আৰু আৰু কিতাপখনৰ অভিলেখ সংখ্যক পাঁচ লাখ কপি…
-
ৰাউতা বড়ো
ৰাউতা বড়ো বা ৰাউতাৰাম বড়ো বা ৰাউতা কোচ ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিয়াল্লিছৰ শ্বহীদ৷ তেওঁৰ পিতৃৰ নাম আছিল, কেহোঁৰাম আৰু মাতৃ হাবেবালা৷ ৰাউতাৰামৰ জন্ম ১৯১৪ চনৰ ১২ এপ্ৰিলত৷ তেওঁ এগৰাকী খেতিয়ক আছিল৷ পাঠশালাৰ বজালী অঞ্চলৰ সাদেৰীৰ কৃষক আছিল ৰাউতা বড়ো৷ ১৯৪২ চনৰ ২৫ ছেপ্তেম্বৰত পাটাছাৰকুছি আৰক্ষী থানাৰ…
-
ৰাকিব আৰ্শ্বাদ
ৰাকিব আৰ্শ্বাদ (Raquib Arshad) হৈছে এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ বিশেষকৈ হিন্দী ৱেব ছিৰিজ ৰাগিনী এমএমএছ: ৰিটাৰ্ণছ্ (২০১৭-১৮)-ত খলনায়ক (অংশুমান) চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে আৰু জিঙ টিভিৰ ধাৰাবাহিক প্যাৰ তুনে ক্যা কিয়া (২০২০)-ত 'সাত্বিক' চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।
-
ৰাঘৱন
ৰাঘৱন ( মালয়ালম: രാഘവൻ; জন্ম ১২ ডিচেম্বৰ ১৯৪১ ) এজন ভাৰতীয় অভিনেতা যিয়ে তেলেগু আৰু কানাড়া ছবিকে ধৰি ১০০ খনতকৈও অধিক মালয়ালম ভাষাত অভিনয় কৰিছে। ২০০০ চনৰ আৰম্ভণিৰ পৰাই তেওঁ মালয়ালম আৰু তামিল টেলিভিছন ধাৰাবাহিকত অধিক সক্ৰিয়।
-
ৰাজদ্বীপ ৰয়
ৰাজদীপ ৰায় এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ৭ ছেপ্টেম্বৰ, ১৯৭০ চনত অসমৰ শিলচৰ জন্মগ্ৰহণ কৰে। তেওঁ লোকসভা, অৰ্থাৎ নিম্ন সদনৰ সংসদ আছিল। অসমৰ শিলচৰ লোকসভা সমষ্টিৰ পৰা ২০১৯ ভাৰতীয় সাধাৰণ নিৰ্বাচনত নিৰ্বাচিত হয়। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
ৰাজনাৰায়ণ মিশ্ৰ
ৰাজনাৰায়ণ মিশ্ৰ (Rajnarayan Mishra) আছিল এগৰাকী ভাৰতীয় সমাজবাদী আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ সংগ্ৰামী যোদ্ধা৷ ১৯৪৪ চনৰ ৯ ডিচেম্বৰত তেওঁ ব্ৰিটিছ শাসনৰ পৰা অন্তিমটো মৃত্যুদণ্ডৰ ৰায় পাইছিল৷ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৯২৪ চনত ছাৰ ৰবাৰ্ট উইলিয়াম ডগলাছ উইলোবিলৈ উচৰ্গা কৰি উইলোবি স্মাৰক ভৱন নিৰ্মাণ…
-
ৰাজশ্ৰী (অভিনেত্ৰী)
ৰাজশ্ৰী শান্তাৰাম (Rajashree Shantaram; জন্ম: ৮ অক্টোবৰ ১৯৪৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু তেওঁ ৰাজশ্ৰী নামেৰেও পৰিচিত। জানোৱাৰ আৰু ব্ৰহ্মচাৰী ছবিৰ কামৰ বাবে তেওঁ অধিক পৰিচিত।
-
ৰাজীন্দৰ কৌৰ বুলাৰা
ৰাজীন্দৰ কৌৰ বুলাৰা (Rajinder Kaur Bulara,জন্ম ১৯৪৬) শিৰোমণি আকালি দল (মান) গোটৰ ৰাজনীতিবিদ আৰু নৱম লোকসভাৰ সদস্য আছিল।
-
ৰাজু বৰুৱা
ৰাজু বৰুৱা (Raju Baruah )ৰ প্ৰকৃত নাম হিতেশ কলিতা, ওৰফে অনিছ আহমেদ, আৰু নিষিদ্ধ সংগঠন আলফাৰ অসম ভিত্তিক অৰ্ধ স্বায়ত্তশাসিত 'এনিগমা বাহিনী'ৰ মুৰব্বী।
-
ৰাণী চিত্ৰলেখা ভোঁচলে
ৰাণী চিত্ৰলেখা ভোঁচলে (Rani Chitralekha Bhonsle, ২৬ ফেব্ৰুৱাৰী ১৯৪১ – ১৬ আগষ্ট ২০১৫) এগৰাকী ৰাজনৈতিক, সমাজকৰ্মী আৰু মহাৰাষ্ট্ৰৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱা এগৰাকী সাংসদ আছিল.
-
ৰাণী মঞ্জুলা দেৱী
ৰাণী মঞ্জুলা দেৱী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, পিথাপুৰমৰ ৰজাৰ কন্যা। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে অসমৰ গোৱালপাৰাৰপৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল। মাদ্ৰাজৰ চাৰ্চ পাৰ্ক কনভেণ্টৰ ছাত্ৰী আছিল। ১৯৩২ চনত চিদলীৰ ৰজা ৰাজা অজিত নাৰায়ণ দেৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
-
ৰাধা বালাকৃষ্ণন
ৰাধা বালাকৃষ্ণন (Radha Balakrishnan) হৈছে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে চেন্নাইস্থিত গাণিতিক বিজ্ঞানৰ প্ৰতিষ্ঠানত কাম কৰিছিল। তেখেতৰ গৱেষণাক্ষেত্ৰখন অৰৈখিক বলবিদ্যা আৰু পদাৰ্থ বিজ্ঞানত প্ৰয়োগৰ লগত জড়িত। অৰৈখিক বলবিদ্যা (Nonlinear Dynamics)-ৰ ক্ষেত্ৰখনত তেখেত এগৰাকী অগ্ৰগণ্য বিজ্ঞানী।
-
ৰাধিকা পিৰামল
ৰাধিক পিৰামল ২০১০ চনৰ পৰা ভি আই পি ইণ্ডাষ্ট্ৰিজ-ৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তাৰ আগতে, তেওঁ এক্সিকিউটিভ ডাইৰেক্টৰ আৰু মেনেজিং ডাইৰেক্টৰ হিচাপে কোম্পানীটোত কৰ্মৰত আছিল। তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা এমবিএ লাভ কৰিছে।
-
ৰাধিকা ভেমুলা
ৰাধিকা ভেমুলা (Radhika Vemula) এগৰাকী ভাৰতীয় দলিত অধিকাৰ আৰু জাতিভিত্তিক বৈষম্যৰ বিৰুদ্ধে মাত মাতি অহা সমাজকৰ্মী। ২০১৬ চনত হায়দৰাবাদ বিশ্ববিদ্যালয়ত আত্মহত্যা কৰা পুত্ৰ ৰোহিত ভেমুলা (আম্বেদকাৰ ছাত্ৰ সন্থাৰ নেতা)ৰ দ্বাৰা আৰম্ভ কৰা কামটো তেওঁ অব্যাহত ৰাখিছে - যিটো কাণ্ডই সমগ্ৰ ভাৰতবৰ্ষতে ক্ষোভৰ…
-
ৰাধেশ্যাম বিশ্বাস
ৰাধেশ্যাম বিশ্বাস ভাৰতীয় ৰাজনীতিবিদ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ সাংসদ। তেওঁ ২০১৪ ভাৰতীয় সাধাৰণ নিৰ্বাচনত অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট প্ৰাৰ্থী হিচাপে জয়ী হৈছিল।তেওঁ ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত বিজেপিৰ এজন প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল।