অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাধা বালাকৃষ্ণন

ৰাধা বালাকৃষ্ণন (Radha Balakrishnan) হৈছে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে চেন্নাইস্থিত গাণিতিক বিজ্ঞানৰ প্ৰতিষ্ঠানত কাম কৰিছিল। তেখেতৰ গৱেষণাক্ষেত্ৰখন অৰৈখিক বলবিদ্যা আৰু পদাৰ্থ বিজ্ঞানত প্ৰয়োগৰ লগত জড়িত। অৰৈখিক বলবিদ্যা (Nonlinear Dynamics)-ৰ ক্ষেত্ৰখনত তেখেত এগৰাকী অগ্ৰগণ্য বিজ্ঞানী।

হালনাগাদ: ১ মাৰ্চ ২০২৫ ১৩৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৰাধা বালাকৃষ্ণন (Radha Balakrishnan) হৈছে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে চেন্নাইস্থিত গাণিতিক বিজ্ঞানৰ প্ৰতিষ্ঠানত কাম কৰিছিল। তেখেতৰ গৱেষণাক্ষেত্ৰখন অৰৈখিক বলবিদ্যা আৰু পদাৰ্থ বিজ্ঞানত প্ৰয়োগৰ লগত জড়িত।১২৩৪ অৰৈখিক বলবিদ্যা (Nonlinear Dynamics)-ৰ ক্ষেত্ৰখনত তেখেত এগৰাকী অগ্ৰগণ্য বিজ্ঞানী।৫ পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰাধা বালাকৃষ্ণনে তামিলনাডু বিজ্ঞান বঁটা, প্ৰফেছাৰ দৰ্শন ৰংগনাথন স্মাৰক বক্তৃতা বঁটা লাভ কৰে।৫

শিক্ষা

বালাকৃষ্ণনে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থবিজ্ঞানৰ অনাৰ্ছসহ ঊত্তীৰ্ণ হৈছিল। পৰৱৰ্তী কালত তেখেতে ১৯৬৫ চনত বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ব্ৰানডেইছ বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল। তেখেতৰ গৱেষণাপত্ৰখন কোৱাণ্টাম স্ফটিকৰ নিৰীক্ষণ আৰু পৰ্যালোচনাৰ লগত জড়িত এক প্ৰাৰম্ভিক সময়ৰ অধ্যয়ন। তেখেতে কঠিন হিলিয়াম৩ৰ ওপৰত হিলিয়াম৪ৰ অশুদ্ধতাই পেলোৱা প্ৰভাৱ আৰু সেইটো ক্ষেত্ৰত কোৱাণ্টাম স্ফটিকৰ প্ৰভাৱ আৰু ভূমিকাৰ বিষয়ে আলোকপাত কৰিছিল।৫

কৰ্মজীৱন

১৯৮০ৰ দশকত, বালাকৃষ্ণন ভাৰতলৈ ঘূৰি আহে। তেখেতে মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ বিভাগত কৰ্মৰত হয়। সেইটো প্ৰতিষ্ঠানত তেখেতে গৱেষণা সহযোগী হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৮৭ চনত তেখেতে চেন্নাইৰ গাণিতিক বিজ্ঞান প্ৰতিষ্ঠানত যোগদান কৰে। ২০০৪ চনত তেখেতে কৰ্মজীৱনৰ পৰা অৱসৰ লয়। তাৰপাছৰ পৰা তেখেতে এগৰাকী এমিৰেটাছ বিজ্ঞানী হিচাপে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণাত,(C.S.I.R.)ত নিজৰ গৱেষণা-কাৰ্য চলাই যায়।৫ তেখেতৰ গৱেষণাৰ বিষয়বোৰ হৈছে-অৰৈখিক গতিবিদ্যা, Solitons আৰু পদাৰ্থবিজ্ঞানত প্ৰয়োগ, ধ্ৰুপদী অৱকলন জ্যামিতিৰ লগত সম্পৰ্ক আদি।১

ব্যক্তিগত জীৱন

ৰাধা বালাকৃষ্ণনে পদাৰ্থবিজ্ঞানী ভি. বালাকৃষ্ণনৰ লগত বৈবাহিক জীৱন আৰম্ভ কৰে। তেখেতে এগৰাকী ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী। তেওঁলোকৰ দুয়োটি সন্তান হৰি বালাকৃষ্ণন আৰু হামছা বালাকৃষ্ণন প্ৰখ্যাত শিক্ষানুষ্ঠান এম.আই.টি.ৰ অধ্যাপক।৬

বঁটা আৰু সন্মান

১৯৯০ চনৰ পৰাই বালাকৃষ্ণনে অৰৈখিকতা আৰু বক্ৰৰেখা তথা পৃষ্ঠৰ অৱকলন জ্যামিতিৰ মাজৰ গভীৰ সম্পৰ্কৰ বিষয়ে গৱেষণা কৰি আহিছে। ১৯৯৯ চনত তেখেতে "তামিলনাডু বিজ্ঞানী বঁটা" লাভ কৰ। ভৌতিক বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা উল্লেখনীয় বৰঙনিৰ বাবে তেখেতলৈ এই বঁটাটি আগবঢ়োৱা হয়। ২০০৫ চনত তেখেতে ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ "প্ৰফেছাৰ দৰ্শন ৰংগনাথন স্মাৰক বক্তৃতা বঁটা" লাভ কৰে। অৰৈখিক বলবিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা মৌলিক অৰিহণাৰ বাবে তেখেতলৈ এই বঁটা আগবঢ়োৱা হয়। ৰাধা বালাকৃষ্ণনক এই ক্ষেত্ৰৰ এগৰাকী অগ্ৰদূত বুলি গণ্য কৰা হয়।৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Radha Balakrishnan
  2. ↑ Radha Balakrishnan
  3. ↑ G. Caglioti, A. Ferro Milone. Mechanical and Thermal Behaviour of Metallic Materials Enrico Fermi International School of Physics. Elsevier, 1982. পৃ. 324. ISBN 9780080983837
  4. ↑ Selected Topics in Mathematical Physics: Professor R. Vasudevan Memorial Volume. Allied Publishers, 1995. পৃ. 287. ISBN 9788170234883
  5. ↑ Autobiographical article
  6. ↑ alchetron.com/Radha-Balakrishnan

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা পদাৰ্থ বিজ্ঞানীভাৰতীয় পদাৰ্থ বিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধা বালাকৃষ্ণন” প্ৰবন্ধৰ সংশোধন ৪৮৪৯৯৭ (১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।