জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৰাম প্ৰবেশ মণ্ডল
ৰাম প্ৰবেশ মণ্ডল পশ্চিমবঙ্গৰ এজন শিক্ষক আৰু ৰাজনীতিবিদ আছিল। তেখেত ১৯৯৬ চনত পশ্চিমবঙ্গ বিধানসভালৈ মানিকচকৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ২০১৮ চনৰ ২৩ জুনত তেখেতৰ মৃত্যু হয়।
-
ৰামকৃষ্ণ ঘোষ
ৰামকৃষ্ণ ঘোষ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। অসম বিধানসভাৰ নিৰ্বাচনত ৯১ নং হোজাই সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয়।
-
ৰামমিশ্ৰ
কবি ৰামমিশ্ৰ (ইংৰাজী: Ram Mishra) আহোম ৰজা জয়ধ্বজসিংহৰ (১৬৫০-৬৩খ্ৰী.) ৰাজত্বকালত উদ্ধৱ হয়।
-
ৰামামাত্য
ৰামামাত্য (RAMAMATYA) হৈছে এগৰাকী সংগীতজ্ঞ।
-
ৰামামূৰ্তি শংকৰ
য়েল বিশ্ববিদ্যালয়ৰ জন ৰেণ্ডলফ হফমেন আসনৰ পদাৰ্থ বিজ্ঞানৰ শিক্ষক ৰামামূৰ্তি শংকৰৰ জন্ম ১৯৪৭ চনৰ ২৮ এপ্ৰিলত। তেওঁ পোন প্ৰথমে তাত্ত্বিক কণা পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ বাবে বিখ্যাত আছিল যদিও বৰ্তমানে তেওঁৰ গৱেষণাৰ বিষয় হৈছে তাত্ত্বিক পদাৰ্থ বিজ্ঞান আৰু ঘনীভূত পদাৰ্থ বিজ্ঞান।
-
ৰাম্যা ৰাজ
ৰাম্যা ৰাজ, ওৰফে ৰাগিণী, এগৰাকী পূৰ্বৰ মালয়েছিয়ান অভিনেত্ৰী, যিয়ে তামিল চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
ৰামৰাম
ৰামৰাম আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাল্যকালৰ বন্ধু আৰু পোন্ধৰ-ষোল্ল শতিকাৰ নৱ-বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক। চৰিত অনুযায়ী, শংকৰদেৱ আৰু ৰামৰাম দুয়োজনায়ে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল।
-
ৰায় লক্ষ্মী
লক্ষ্মী ৰায় এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল. যিয়ে প্ৰধানকৈ তামিল, মালয়ালম, তেলেগু, কানাড়া আৰু হিন্দী ভাষাত কাম কৰে। পেছাগতভাৱে তেওঁক ৰায় লক্ষ্মী হিচাপে জনাজাত। ৰায় লক্ষ্মীৰ জন্ম হৈছিল কৰ্ণাটকৰ বাংগালুৰুত ৰাম ৰায় আৰু মঞ্জুলা ৰায়ৰ ঘৰত। তেওঁৰ পৰিয়াল বেলগামলৈ স্থানান্তৰিত হয়।
-
ৰায়না কাছাবোভা
ৰায়না কাছাবোভা (: Rayna Kasabova, চিৰিলিক: Райна Касабова; ১ মে' ১৮৯৭, কাৰ্লোভ'ত – ২৫ মে' ১৯৬৯) এগৰাকী স্বেচ্ছাসেৱী নাৰ্ছ আৰু ১৯১২ চনত প্ৰথম বাল্কন যুদ্ধৰ সময়ত সামৰিক বিমানত অংশগ্ৰহণ কৰা বিশ্বৰ প্ৰথমগৰাকী মহিলা।
-
ৰাশি ৰাও
ৰাশি ৰাও (Rashi Rao) এগৰাকী ভাৰতীয় মডেল যিগৰাকীয়ে মিছ আৰ্থ ইণ্ডিয়া ২০১৬ৰ মুকুট পিন্ধিছিল। ৰাশিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল মিছ আৰ্থ ২০১৬ প্ৰতিযোগিতাত। মিছ ডিভা ২০১৫ প্ৰতিযোগিতাত চূড়ান্ত প্ৰতিযোগীসকলৰ ভিতৰত অন্যতম আছিল ৰাও।
-
ৰাৱয়া আতেয়া
ৰাৱয়া আতেয়া (Rawya Ateya; ১৯ এপ্ৰিল ১৯২৬ – ৯ মে' ১৯৯৭) এগৰাকী ইজিপ্তৰ মহিলা যি ১৯৫৭ চনত আৰব বিশ্বৰ প্ৰথম মহিলা সংসদ সদস্য হিচাপে পৰিগণিত হয়।
-
ৰিচা ঘিমিৰে
ৰিচা ঘিমিৰে এগৰাকী নেপালী অভিনেত্ৰী। তেওঁ ১৮ টাতকৈও বেছি চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ২০০৯ চনৰ বিশ চলচ্চিত্ৰত এটা ড্ৰাগ এডিক্টৰ চৰিত্ৰত অভিনয়ক নিজৰ আটাইতকৈ প্ৰত্যাহ্বানজনক ভূমিকাৰূপে গণ্য কৰে।
-
ৰিজিয়া ৰহমান
ৰিজিয়া ৰহমান (২৮ ডিচেম্বৰ ১৯৩৯ – ১৬ আগষ্ট ২০১৯) আছিল এগৰাকী বাংলাদেশী ঔপন্যাসিক। তেওঁ অসংখ্য উপন্যাস আৰু চুটি গল্প ৰচনা কৰে। তেওঁৰ সাহিত্যকৰ্ম সকলো ধৰণৰ বিষয়-বস্তু সামৰি লৈছিল। তেওঁ বিশেষকৈ বং থেকে বাংলা নামৰ উপন্যাসখনৰ বাবে অধিক পৰিচিত। তেওঁ বাংলা অকাডেমী সাহিত্য পুৰস্কাৰ (১৯৭৮) লাভ কৰে।
-
ৰিধিমা পাণ্ডে
ৰিধিমা পাণ্ডে (জন্ম ২০০৯) এগৰাকী ভাৰতীয় পৰিৱেশ কৰ্মী যি জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ পদক্ষেপ লোৱাৰ পোষকতা কৰে। তেওঁক গ্ৰেটা থুন্বাৰিৰ সৈতে তুলনা কৰা হৈছে। তেওঁ ন বছৰ বয়সত জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ পৰ্যাপ্ত পদক্ষেপ নোলোৱাৰ বাবে ভাৰত চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।
-
ৰিনা আক্তাৰ
ৰিনা আক্তাৰ (: Rina Akter, জন্ম c.১৯৮৮ ) এগৰাকী বাংলাদেশী যৌনকৰ্মী, যিগৰাকী পিছলৈ মানৱতাবাদী কামত জড়িত হৈ পৰে। ক’ভিড-১৯ মহামাৰীৰ সময়ত নিবনুৱা হৈ পৰা ঢাকাৰ যৌনকৰ্মীসকলৰ বাবে দৈনিক ৪০০ গৰাকীলৈ আহাৰ গ্ৰহণৰ আয়োজন কৰিছিল।
-
ৰিনাট সন্ধু
ৰিনাট সন্ধু (: Reenat Sandhu; জন্ম: ৭ জুন ১৯৬৪) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় কূটনীতিবিদ আৰু নেদাৰলেণ্ডত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত। ইয়াৰ পূৰ্বে তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব পশ্চিম হিচাপে আৰু ইটালী আৰু ছান মেৰিনোত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ৰিপুনাথ বুঢ়াগোহাঞি
ৰিপুনাথ বুঢ়াগোহাঞি (RIPUNATH BURAGOHAIN) আছিল এগৰাকী অসমীয়া লেখক৷ ১৯২৪ চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনত তেখেতে এজন স্বেচ্ছাসেৱক হিচাপে যোগদান কৰিছিল।
-
ৰিভা গাংগুলী দাস
ৰিভা গাংগুলী দাস (: Riva Ganguly Das; জন্ম: ২৪ ডিচেম্বৰ ১৯৬১)) ভাৰতীয় বৈদেশিক সেৱাৰ কেডাৰৰ অন্তৰ্গত এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় চৰকাৰী কৰ্মচাৰী। বাংলাদেশত ভাৰতৰ প্ৰাক্তন উচ্চায়ুক্ত আৰু ভাৰত চৰকাৰৰ স্বায়ত্তশাসিত সংগঠন ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচনৰ প্ৰাক্তন সঞ্চালক প্ৰধান।
-
ৰীণা চৌধুৰী
ৰীনা চৌধুৰী (Reena Choudhary; জন্ম: ২ জুন ১৯৬৮) এগৰাকী ৰাজনৈতিক আৰু সমাজকৰ্মী৷ তেওঁ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মোহনলালগঞ্জ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা সংসদৰ সদস্য আৰু সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী।
-
ৰীম আলাছাদি
ৰীম আলাছাদি (আৰবী: ريم الأسدي) ইৰাকত জন্মগ্ৰহণ কৰা এগৰাকী ব্ৰিটিছ ফেশ্বন ডিজাইনাৰ। লণ্ডন আৰু টকিঅ’ দুয়োখনতে তেওঁৰ ঘৰ আছে আৰু তেওঁ সৃষ্টি কৰা পোছাকৰ আৰ্হি জাপানত অতি জনপ্ৰিয়, তেওঁৰ শৈলীক "ব্ৰিটিছ পাংক আৰু পুনঃব্যৱহৃত সামগ্ৰীসমূহক ভিক্টোৰিয়ান-প্ৰেৰিত ভলিউমিনাছ আৰু কামুক পোছাকলৈ পৰিৱৰ্তন কৰা" বুলি…
-
ৰুচা গুজৰাটী
ৰুচা গুজৰাটী (জন্ম: ১৯৮২/১৯৮৩
-
ৰুচি ঘনশ্যাম
ৰুচি ঘনশ্যাম (: Ruchi Ghanashyam; জন্ম: ৪ এপ্ৰিল ১৯৬০) ভাৰতীয় বিদেশ সেৱাৰ অন্তৰ্গত এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় কূটনীতিবিদ।
-
ৰূপা বাঈ ফুৰডুনজী
ৰূপা বাঈ ফুৰডুনজী ( Rupa Bai Furdoonji ) এগৰাকী ভাৰতীয় পাৰ্চী চিকিৎসক আছিল যি বিশ্বৰ প্ৰথম মহিলা এনাস্থেটিষ্ট আছিল। হায়দৰাবাদত চিকিৎসা বিজ্ঞানৰ চৰ্চা কৰিছিল আৰু ভাৰতত ক্ল'ৰফৰ্মক এনাস্থেটিক হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছিল৷
-
ৰূপাতাই পাটিল নিলাংগেকাৰ
ৰূপতাই দিলীপৰাও পাটিল নিলাংগেকাৰ (Rupatai Diliprao Patil Nilangekar, জন্ম-৪ জুন ১৯৫৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ যি লাটুৰ (লোকসভা সমষ্টি)ক প্ৰতিনিধিত্ব কৰি ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে সদনত কাৰ্যনিৰ্বাহ কৰিছিল party. তেওঁ প্ৰাক্তন মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, শিৱজীৰাও পাটিল নীলাংগেকাৰৰ বোৱাৰী।
-
ৰূপামণি গড়
ৰূপামণি গড় এগৰাকী ভাৰতীয় পৰ্বতাৰোহী। তেওঁ ২০২৬ চনৰ ২১ মে' তাৰিখে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰি এই কৃতিত্ব অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। তেওঁ ভাৰত-তিব্বত সীমান্ত পুলিচ বাহিনীৰ সৰ্ব-মহিলা এভাৰেষ্ট অভিযান দলৰ এগৰাকী সক্ৰিয় সদস্য আছিল।
-
ৰূপালী চাকংকৰ
ৰূপালী চাকংকৰ হৈছে মহাৰাষ্ট্ৰৰ এগৰাকী বিশিষ্ট ভাৰতীয় ৰাজনীতিবিদ যি বৰ্তমান মহাৰাষ্ট্ৰ ৰাজ্যিক মহিলা আয়োগ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০২৫ চনৰ শেষলৈকে, তেওঁ জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি (এনচিপি)ৰ এক গুৰুত্বপূৰ্ণ নেতা হৈ আছে, বিশেষকৈ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ নেতৃত্বত থকা গোটটোত।
-
ৰেইন স্পেন্সাৰ
ৰেইন স্পেন্সাৰ এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ আমাজন প্ৰাইম ভিডিঅ’ৰ জনপ্ৰিয় কিশোৰ-কেন্দ্ৰিক ধাৰাবাহিক দ্য ছামাৰ আই টাৰ্ণ্ড প্ৰেটিত টেইলৰ জুৱেল চৰিত্ৰত অভিনয় কৰি বিশ্বজুৰি পৰিচিতি লাভ কৰে।
-
ৰেইহানে তাৰাৱতী
ৰেইহানে তাৰাৱতী (Reihane Taravati) এগৰাকী ইৰাণী ফটোগ্ৰাফাৰ৷ ইয়াৰ লগতে তেওঁ এগৰাকী সমাজ কৰ্মী। তেওঁ ছ'চিয়েল মিডিয়া কণ্টেণ্ট প্ৰডাকচনত বিশেষজ্ঞ "ৰেইহানেট ষ্টুডিঅ'"ৰ প্ৰতিষ্ঠাপক।
-
ৰেখা গুপ্তা
ৰেখা গুপ্তা (Rekha Gupta,জন্ম ১৯ জুলাই ১৯৭৪) ভাৰতীয় জনতা পাৰ্টি, দিল্লীৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁক ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীৰ পৰা দিল্লীৰ নৱমগৰাকী মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই পদত অধিষ্ঠিত দিল্লীৰ তেওঁ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী আৰু সামগ্ৰিকভাৱে অষ্টম।
-
ৰেচেল ৱাল
ৰেচেল ৱাল (প্ৰায় ১৭৬০ – ৮ অক্টোবৰ, ১৭৮৯) এগৰাকী আমেৰিকান মহিলা জলদস্যু আৰু মেছাচুচেটছত ফাঁচী দিয়া শেষ মহিলা। ইয়াৰ উপৰিও তেওঁ হয়তো আমেৰিকাত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা জলদস্যু হৈছিল।