অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাধিকা ভেমুলা

ৰাধিকা ভেমুলা (Radhika Vemula) এগৰাকী ভাৰতীয় দলিত অধিকাৰ আৰু জাতিভিত্তিক বৈষম্যৰ বিৰুদ্ধে মাত মাতি অহা সমাজকৰ্মী। ২০১৬ চনত হায়দৰাবাদ বিশ্ববিদ্যালয়ত আত্মহত্যা কৰা পুত্ৰ ৰোহিত ভেমুলা (আম্বেদকাৰ ছাত্ৰ সন্থাৰ নেতা)ৰ দ্বাৰা আৰম্ভ কৰা কামটো তেওঁ অব্যাহত ৰাখিছে - যিটো কাণ্ডই সমগ্ৰ ভাৰতবৰ্ষতে ক্ষোভৰ…

হালনাগাদ: ৮ মে’ ২০২৫ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ৰাধিকা ভেমুলা (Radhika Vemula) এগৰাকী ভাৰতীয় দলিত অধিকাৰ আৰু জাতিভিত্তিক বৈষম্যৰ বিৰুদ্ধে মাত মাতি অহা সমাজকৰ্মী।১২৩৪

২০১৬ চনত হায়দৰাবাদ বিশ্ববিদ্যালয়ত আত্মহত্যা কৰা পুত্ৰ ৰোহিত ভেমুলা (আম্বেদকাৰ ছাত্ৰ সন্থাৰ নেতা)ৰ দ্বাৰা আৰম্ভ কৰা কামটো তেওঁ অব্যাহত ৰাখিছে - যিটো কাণ্ডই সমগ্ৰ ভাৰতবৰ্ষতে ক্ষোভৰ সৃষ্টি কৰিছিল আৰু ভাৰতীয় বিশ্ববিদ্যালয়সমূহত দলিত বৈষম্যৰ গোচৰ হিচাপে সংবাদ মাধ্যমৰ ব্যাপক চৰ্চা লাভ কৰিছিল। হায়দৰাবাদ বিশ্ববিদ্যালয়ত প্ৰতিবাদৰ সময়ত পুত্ৰৰ প্ৰথম মৃত্যু বাৰ্ষিকীত ৰাধিকা ভেমুলাকে ধৰি অন্যান্য ছাত্ৰ-ছাত্ৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকে বিশ্ববিদ্যালয় আৰু অন্যান্য উচ্চ শিক্ষানুষ্ঠানত জাতিগত বৈষম্যৰ অন্ত পেলাবলৈ বিচাৰিছে।৫ ৬ কিন্তু অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰ জিলাৰ জিলা পৰ্যায়ৰ তদন্ত সমিতিয়ে ৰোহিত ভেমুলাৰ দলিত মৰ্যাদা পৰ্যালোচনা কৰি থকা জিলা পৰ্যায়ৰ পৰীক্ষা সমিতিখনে চৰকাৰক চূড়ান্ত প্ৰতিবেদন দাখিল কৰি কয় যে ৰোহিত বা তেওঁৰ মাতৃ ৰাধিকা কোনোৱেই দলিত নহয়।৭

পৰিয়াল

ৰাধিকা ভেমুলা তিনিটা সন্তানৰ মাতৃ৷ ডাঙৰ পুত্ৰ ৰোহিত(৩০/০১/১৯৮৯-১৭/০১/২০১৬),এজন সৰু পুত্ৰ ৰাজা, আৰু কন্যা নিলিমা৷১

বৌদ্ধধৰ্ম গ্ৰহণ

২০১৬ চনৰ ১৪ এপ্ৰিলত ১২৫ তাৰিখে আম্বেদকাৰ জয়ন্তী, ৰাধিকা ভেমুলা আৰু তেওঁৰ পুত্ৰ ৰাজাই মহাৰাষ্ট্ৰৰ মুম্বাইত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে। বাবাছাহেব আম্বেদকাৰৰ নাতি প্ৰকাশ আম্বেদকাৰে মুম্বাইৰ দাদাৰস্থিত ড° বাবাছাহেব আম্বেদকাৰ ভৱনত ৰোহিতৰ পৰিয়ালক বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত কৰাত সহায় কৰিছিল।৮৯

তথ্যসূত্ৰ

  1. ↑ Minhaz, Ayesha. (31 January 2016). Born Dalit: Meet Radhika Vemula, Rohith's mother. Scroll.in
  2. ↑ (2017-01-23). A Year After Rohith's Death, Radhika Vemula Continues To Be Harassed And Humiliated. HuffPost India
  3. ↑ A mother's metamorphosis. The Week
  4. ↑ (2017-03-06). Standing In Solidarity with Radhika Vemula on International Women's Day. Auburn Seminary
  5. ↑ Scroll Staff. (20 September 2019). SC agrees to hear plea of Payal Tadvi and Rohith Vemula's mothers, asks Centre to respond in 4 weeks. Scroll.in
  6. ↑ (17 January 2017). Rohith Vemula's mother, students arrested as protest rocks Hyderabad varsity. Hindustan Times. Indo Asian News Service
  7. ↑ (14 February 2017). Rohith Vemula and mother Radhika are OBCs, not Dalits, says Andhra Pradesh government. Firstpost
  8. ↑ रोहित वेमुला के परिवार ने अपनाया बौद्ध धर्म
  9. ↑ (14 April 2016). रोहित के परिवार ने हिंदू धर्म छोड़ा, बने बौद्ध

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীভাৰতৰ মহিলা সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধিকা ভেমুলা” প্ৰবন্ধৰ সংশোধন ৫০৬৮৭১ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।