ৰাণী মঞ্জুলা দেৱী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, পিথাপুৰমৰ ৰজাৰ কন্যা। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে অসমৰ গোৱালপাৰাৰপৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল। মাদ্ৰাজৰ চাৰ্চ পাৰ্ক কনভেণ্টৰ ছাত্ৰী আছিল। ১৯৩২ চনত চিদলীৰ ৰজা ৰাজা অজিত নাৰায়ণ দেৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১২৩৪৫
জীৱনী
ৰাণী মঞ্জুলা অন্ধ্ৰপ্ৰদেশৰ পিথামপুৰমৰ মহাৰাজাৰ কন্যা আছিল। তেওঁৰ জন্ম হৈছিল ১৯১২ চনৰ ৫ জানুৱাৰীত। তেওঁ অসমৰ চিদলী ৰাজ্যৰ ৰজা অজিত নাৰায়ণদেৱৰ সৈতে ১৯৩২ চনত বিবাহপাশত আৱদ্ধ হয়। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মী আছিল। ১৯৬৭ চনত পূব কোকৰাঝাৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ অসম বিধানসভালৈ নিৰ্বাচিত হয়। ইয়াৰ আগতে তেওঁ গোৱালপাৰা লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতৰ লোকসভালৈয়ো নিৰ্বাচিত হয়। ১৯৫২ চনৰ পৰা ১৯৫৭ চনলৈ তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভানেত্ৰী আছিল। তেওঁৰ স্বামী অজিত নাৰায়ণদেৱেও ১৯৫২ চনত চিদলী বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল।৬
তথ্যসূত্ৰ
- ↑ Lok Sabha Members Bioprofile. লোকসভা
- ↑ Joginder Kumar Chopra. (1 January 1993). Women in the Indian Parliament: A Critical Study of Their Role. Mittal Publications. পৃ. 465–. ISBN 978-81-7099-513-5
- ↑ (1978). The Indian Journal of Political Science. Indian Political Science Association. পৃ. 72
- ↑ India. Parliament. Lok Sabha. Committee of Privileges. (1957). Report. Lok Sabha Secretariat. পৃ. 101
- ↑ Assam (India). Legislature. Legislative Assembly. (1969). Assam Legislative Assembly Debates: Official report. পৃ. 293
- ↑ চৌধুৰী, জিতেন্দ্ৰ কুমাৰ. (২০২৬). অসম বিধান সভাত মহিলা প্ৰতিনিধি. দৈনিক অসম দেওবৰীয়া চ’ৰা. পৃ. ১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাণী মঞ্জুলা দেৱী” প্ৰবন্ধৰ সংশোধন ৬০৪০০৬ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।