অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰবাৰ্ট টি কিয়োচাকি

ৰবাৰ্ট টি কিয়োচাকি (Robert Toru Kiyosaki) হৈছে এজন আমেৰিকান ব্যৱসায়ী আৰু লেখক। তেওঁ ব্যক্তিগত কোম্পানী Rich Global LLC আৰু Rich Dad Company -ৰ সংস্থাপক।

হালনাগাদ: ২০ অক্টোবৰ ২০২৫ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ৰবাৰ্ট টি কিয়োচাকি (Robert Toru Kiyosaki) হৈছে এজন আমেৰিকান ব্যৱসায়ী আৰু লেখক।১২ তেওঁ ব্যক্তিগত কোম্পানী Rich Global LLC আৰু Rich Dad Company -ৰ সংস্থাপক।৩২ যিটো ব্যক্তিগত বিত্তীয় আৰু ব্যৱসায়িক সম্বন্ধীয় শিক্ষা প্ৰদান কৰে, কিতাপ আৰু ভিডিঅ’ যোগে। তেওঁৰ Rich Dad, Poor Dad উল্লেখযোগ্য গ্ৰন্থ।৪২

তেওঁ শিশু আৰু প্ৰাপ্তবয়স্কলোকসকলৰ বাবে ব্যৱসায় আৰু আৰ্থিক ধাৰণাৰ সম্পৰ্কে শিক্ষিত কৰাৰ অৰ্থে সৃষ্টি কৰা চফ্টৱেৰ গেম আৰু কেচফ্ল বৰ্ডৰ (Cashflow board) স্ৰষ্টা।৫

জন্ম পৰিচয়

ৰবাৰ্ট টি কিয়োচাকিৰ জন্ম হয় ১৯৪৭ চনত হিল’, হাৱাই, আমেৰিকা যুক্তৰাষ্ট্ৰত।৬ তেওঁৰ দেউতাক আছিল ৰাল্ফ এইচ কিয়োচাকি (Ralph H Kiyosaki) আৰু মাক আছিল মাৰজ’ৰী অ’ কিয়োচাকি (Marjorie O. Kiyosaki)।৭ ৰাল্ফ এইচ কিয়োচাকিৰ সন্তানসমূহ হ’ল ক্ৰমে- ইমী, বেথ,জন আৰু ৰবাৰ্ট টি কিয়োচাকি।৭৬ ৰবাৰ্ট টি কিয়োচাকিৰ পত্নী কিম কিয়োচাকি।৬

১৯৯৩ চনত কিয়োচাকিৰ প্ৰথমখন কিতাপ প্ৰকাশ পায় "If You Want to Be Rich & Happy Don't Go to School" (যদি আপুনি ধুনী আৰু সুখী হ’ব বিচাৰে বিদ্যালয়লৈ নাযাব)।৮ তেওঁৰ ৩০ মিলিয়নতকৈ বেছি বিক্ৰী হোৱা (৯০খন দেশত) গ্ৰন্থ “Rich dad poor dad”খন ১৯৯৭ চনত প্ৰকাশ পায়।৯

তথ্যসূত্ৰ

  1. ↑ Robert T. Kiyosaki | url=https://www.richdad.com/about/robert-t-kiyosaki | আহৰণ কৰা হৈছে=১৮ মে ২০২০
  2. ↑ Robert T. Kiyosaki | url=https://www.linkedin.com/in/robert-t-kiyosaki-02095419a | আহৰণ কৰা হৈছে=১৮ মে ২০২০
  3. ↑ Rich Dad, Poor Dad, Bankrupt Dad? | www.forbes.com/sites/helaineolen/2012/10/10/rich | আহৰণ কৰা হৈছে=১৮ মে ২০২০
  4. ↑ Rich Dad, Poor Dad | url=https://www.amazon.com/Robert-T.-Kiyosaki/e/B001H6GV90 | আহৰণ কৰা হৈছে=১৮ মে ২০২০
  5. ↑ The road to rich dad. Cbc.ca. Canadian broadcasting coprporation
  6. ↑ Robert Toru Kiyosaki
  7. ↑ Ralph H Kiyosaki. Ancientfaces.com
  8. ↑ If you want to be rich & happy, don't go to school?: ensuring lifetime security for yourself and your children. Archive.org
  9. ↑ Personal Finance Book of All-Time. Richdad.com

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিআমেৰিকান লেখকব্যৱসায়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবাৰ্ট টি কিয়োচাকি” প্ৰবন্ধৰ সংশোধন ৫৪৪৩৮৭ (২০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।