ৰমা দেৱী (জন্ম ১৯৪৮) হৈছে বিহাৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ সদস্যা। তেওঁ ২০১৯ চনৰ পৰা ১৭সংখ্যক লোকসভাৰ অধ্যক্ষৰ পেনেলত আছে।১
জীৱন
১৯৪৮ চনৰ ৮ আগষ্টত বৈশালী জিলাৰ লালগঞ্জত ৰমা দেৱীৰ জন্ম হয়। তেওঁ আইন অধ্যয়ন কৰিছিল আৰু তেওঁ মুজাফ্ফৰপুৰত পুৰত বাস কৰে।২ ১৯৯৮-১৯৯৯ চনৰ ভিতৰত বিহাৰৰ পৰা দ্বাদশ লোকসভাৰ সদস্য আছিল৷ তেওঁ মতিহাৰীৰ পৰা ৰাষ্ট্ৰীয় জনতা দলৰ টিকট লাভ কৰিছিল।৩
২০০৯ চনত প্ৰথমবাৰৰ বাবে শ্বেওহৰ লোকসভা সমষ্টিৰ পৰা তেওঁ বিজেপিৰ পৰা টিকট লাভ কৰি ১৫ নং লোকসভালৈ নিৰ্বাচিত হৈছিল। ২০১৪ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে লোকসভালৈ (১৬ নং) নিৰ্বাচিত হৈছিল ৷ ২০১৯ চনত তৃতীয়বাৰৰ বাবে লোকসভালৈ (১৭ নং) নিৰ্বাচিত হয়। ২০১৯ চনত সমাজবাদী পাৰ্টিৰ সাংসদ আজম খানে তেওঁৰ সন্দৰ্ভত কিছুমান যৌনতাবাদী মন্তব্য কৰি বিতৰ্কৰ আৱৰ্তলৈ আহে৷ যাৰ বাবে আজম খানে ক্ষমা খুজিবলৈ বাধ্য হৈছিল।৪
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰমা দেৱী” প্ৰবন্ধৰ সংশোধন ৪৭৫০৩১ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।