ৰাকিব আৰ্শ্বাদ (Raquib Arshad) হৈছে এগৰাকী ভাৰতীয় অভিনেতা।১ তেওঁ বিশেষকৈ হিন্দী ভাষা ৱেব ছিৰিজ ৰাগিনী এমএমএছ: ৰিটাৰ্ণছ্ (২০১৭-১৮)-ত খলনায়ক (অংশুমান) চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে আৰু জিঙ টিভিৰ ধাৰাবাহিক প্যাৰ তুনে ক্যা কিয়া (২০২০)-ত 'সাত্বিক' চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।২ তেওঁ অভিনয় কৰা বহুচৰ্চিত চলচ্চিত্ৰ লোহাৰডাগা ২০১৯ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ৰাকিব আৰ্শ্বাদৰ জন্ম আৰু প্ৰতিপালন ঝাৰখণ্ডৰ গিৰিডিহ জিলাৰ এক ভিতৰুৱা গাঁও 'গাদী ভাৰকাট্টা'ত হৈছিল।৪ তেওঁৰ পিতৃ পেচাত এজন চিকিৎসক।২ আৰ্শ্বাদে ঝাৰখণ্ডৰ সুভাষ পাব্লিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে।৪ পৰৱৰ্তী সময়ত তেওঁ ৰাঁচীত থকা সময়ছোৱাত কলেজীয়া থিয়েটাৰ আৰু নাটকৰ প্ৰতি আকৰ্ষিত হয়।৪ ঘৰৰ সন্মতি সাপেক্ষে পঢ়া-শুনা ত্যাগ নকৰাৰ চৰ্তত তেওঁ ২০১৩ চনত মুম্বাইলৈ আহে।৪ অভিনয়ৰ সমান্তৰালভাৱে তেওঁ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি আছে।৪
অভিনয় জীৱন
মুম্বাইত উপস্থিত হোৱাৰ পিছত আৰ্শ্বাদে অয়ন বেনাৰ্জীৰ দ্বাৰা পৰিচালিত চুটি ছবি ৰিফ্লেক্টেড ড্ৰীমছৰ অডিচনত উত্তীৰ্ণ হয় আৰু ইয়াৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।২ ইয়াৰ পিছত তেওঁ ধাৰাবাহিকভাৱে চিদিয়া ঘৰ, মেৰী দুৰ্গা আদি টেলিভিছন ধাৰাবাহিকৰ কেইটামান খণ্ডত কাম কৰাৰ সুযোগ পায়।৪
২০১৭-১৮ চনত একতা কাপুৰৰ প্ৰযোজনা প্ৰতিষ্ঠান অল্ট বালাজীৰ হৰৰ-ৰোমাঞ্চ ৱেব ছিৰিজ ৰাগিনী এমএমএছ: ৰিটাৰ্ণছ্-ত নেতিবাচক চৰিত্ৰত (অংশুমান) কৰা অভিনয়ে তেওঁলৈ এক ডাঙৰ সফলতা কঢ়িয়াই আনে।২ এই ছিৰিজটোত তেওঁ প্ৰস্থেটিক মেকআপ ব্যৱহাৰ কৰি এটা ভূতৰ চৰিত্ৰও ৰূপায়ণ কৰিছিল।৪ ২০২০ চনত তেওঁ জিঙ টিভিৰ জনপ্ৰিয় ধাৰাবাহিক প্যাৰ তুনে ক্যা কিয়াৰ এটা খণ্ডত এজন অন্তৰ্মুখী প্ৰেমিক যুৱক 'সাত্বিক'ৰ ভূমিকাত অভিনয় কৰে।৫
২০external চনত তেওঁ আমাজন প্ৰাইম ভিডিওৰ ৱেব ছিৰিজ আক্কদ বক্কদ ৰাফু চকৰত 'প্ৰতীক' নামৰ এজন সৰল গাঁৱলীয়া যুৱকৰ চৰিত্ৰত অভিনয় কৰে।৬ ইয়াৰ উপৰিও তেওঁ প্ৰখ্যাত অভিনেতা সঞ্জয় মিশ্ৰ আৰু বিজয় ৰাজৰ সৈতে ঝাৰখণ্ডৰ পটভূমিত নিৰ্মিত বোলছবি লোহাৰডাগাত এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰে, যিখন বোলছবি ২০১৯ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।৩ ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত মুক্তি লাভ কৰা অবিনাশ ঠাকুৰৰ থ্ৰিলাৰ-হৰৰ ছবি বিষাহীত তেওঁ 'ধূমল' নামৰ এটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে।৭
ফিল্ম'গ্ৰাফী
চলচ্চিত্ৰ আৰু ৱেব ছিৰিজ
| বৰ্ষ | শিৰোনাম | চৰিত্ৰ | মাধ্যম | টোকা |
|---|---|---|---|---|
| ২০১৭–১৮ | ৰাগিনী এমএমএছ: ৰিটাৰ্ণছ্ | অংশুমান | ৱেব ছিৰিজ | অল্ট বালাজী |
| ২০২০ | প্যাৰ তুনে ক্যা কিয়া | सात्विक | ধাৰাবাহিক | জিঙ টিভি (এপিছডিক চৰিত্ৰ) |
| ২০২১ | আক্কদ বক্কদ ৰাফু চকৰ | प्रतीक | ৱেব ছিৰিজ | আমাজন প্ৰাইম ভিডিঅ' |
| ২০২৩ | লোহাৰডাগা | — | চলচ্চিত্ৰ | কান চলচ্চিত্ৰ মহোৎসৱত (২০১৯) প্ৰদৰ্শিত |
| ২০২৫ | বিষাহী | धूमल | চলচ্চিত্ৰ | ছবিগৃহত মুক্তিপ্ৰাপ্ত |
চুটি ছবি
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Raquib Arshad Biography. IMDb
- ↑ (2021-11-20). “I want to grow as an actor and as a human,” says Akkad Bakkad Rafu Chakkar actor Raquib Arshad. EasternEye
- ↑ (2023-01-30). Lohardaga, an emotional thriller about a tribal youth of Jharkhand witnesses its theatrical release. The Times of India
- ↑ (2018-01-22). Jharkhand boy's fascinating Bollywood journey. eNewsroom India
- ↑ (2020-12-23). Raquib Arshad: Finding work in today’s scenario is very difficult. The Times of India
- ↑ (2021-11-10). Raquib Arshad on working with late Raj Kaushal in 'Akkad Bakkad Rafu Chakkar': He used to energise the sets by saying, 'Om Namah Shivay'. The Times of India
- ↑ Bisaahee (2025) – Movie. BookMyShow
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাকিব আৰ্শ্বাদ” প্ৰবন্ধৰ সংশোধন ৬৪০২৯৪ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।