ৰাজনাৰায়ণ মিশ্ৰ (Rajnarayan Mishra) আছিল এগৰাকী ভাৰতীয় সমাজবাদী আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ সংগ্ৰামী যোদ্ধা৷ ১৯৪৪ চনৰ ৯ ডিচেম্বৰত তেওঁ ব্ৰিটিছ শাসনৰ পৰা অন্তিমটো মৃত্যুদণ্ডৰ ৰায় পাইছিল৷ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৯২৪ চনত ছাৰ ৰবাৰ্ট উইলিয়াম ডগলাছ উইলোবিলৈ উচৰ্গা কৰি উইলোবি স্মাৰক ভৱন নিৰ্মাণ কৰিছিল৷ তেখেত আছিল খেৰিৰ উপায়ুক্ত৷ ১৯২০ চনৰ ২৬ আগষ্ট তাৰিখে তেওঁক হত্যা কৰা হৈছিল৷১ ব্ৰিটিছ শাসকে ভাৰতীয় স্বাধীনতা সংগ্ৰামী নাছিৰুদ্দিন মৌজি নাগাৰ আৰু ৰাজনাৰায়ণ মিশ্ৰক উপায়ুক্তজনক গুলীয়াই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰু ফাঁচীকাঠত ওলোমোৱাৰ আদেশ জাৰী কৰে৷ ২ ১৯৩৬ চনৰ ২৬ এপ্ৰিল তাৰিখে উইলোবি স্মাৰক পুথিভঁৰাল স্থাপিত হয়৷ উল্লেখযোগ্য যে, ১৯২৪ চনত নিৰ্মাণ কৰা উইলোবি স্মাৰক ভৱনটি শেহতীয়াকৈ নাছিৰুদ্দিন স্মাৰক ভৱন হিচাপে নামাংকিত কৰা হৈছে৷
তথ্যসূত্ৰ
- ↑ Haileybury Roll of Honour: India 1920s. Haileybury School website
- ↑ Archived copy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজনাৰায়ণ মিশ্ৰ” প্ৰবন্ধৰ সংশোধন ৩৮৩৪৭৪ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।