ইৰানৰ ব্যক্তি
২০১ প্ৰবন্ধ
-
ওমৰ খৈয়াম
ওমৰ খৈয়াম (ইংৰাজী: Omar Khayyam) এগৰাকী একাদশ শতিকাৰ ইৰাণৰ কবি, গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ। তেওঁৰ সম্পূৰ্ণ নাম ‘আবুন ফাতহ উমৰ ইবন ইব্ৰাহিম আল খাইয়াম গিয়াছউদ্দিন। ওমৰ খৈয়ামৰ জন্ম হয় ১০৪৮ চনত ইৰাণৰ (পাৰস্যৰ) নিশ্বাপুৰ, খোৰাছনত।
-
ৰেজা শ্বাহ পাহলৱী
ৰেজা শ্বাহ পাহলৱী ৰ জন্মগত নাম আছিল ৰেজা খান। ( জন্ম,১৫ মাৰ্চ ১৮৭৮ – মৃত্যু,২৬ জুলাই ১৯৪৪) ১৯২৫ চনৰপৰা ১৯৪১ চনলৈকে তেওঁ ইৰাণৰ শ্বাহ আছিল তথা পাহলৱী বংশৰ প্ৰতিষ্ঠাপক আছিল। এজন সামৰিক বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ৰেজা শ্বাহে পিছলৈ এগৰাকী ৰাজনীতিবিদ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰে।
-
ৰুহোল্লাহ খোমেইনী
ৰুহোল্লাহ খোমেইনী (Ruhollah Khomeini) ১৯৭৯ চনৰপৰা ১৯৮৯ চন অৰ্থাৎ মৃত্যুৰ আগলৈকে ইৰাণৰ এগৰাকী ছিয়া মুছলমান ধৰ্মগুৰু, বিপ্লৱী আৰু ৰাজনীতিবিদ আছিল। খোমেইনী ইৰাণী বিপ্লৱৰ নেতা আছিল, যিয়ে মহম্মদ ৰেজা পাহলৱীক ওফৰাই পেহলৱী যুগৰ অন্ত পেলাই দেশখনক ইছলামিক গণৰাজ্যলৈ ৰূপান্তৰিত কৰিছিল।
-
আলবেৰুণী
আবু ৰায়হান আল-বিৰুনি বা আবু ৰায়হান মহম্মদ ইবনে আহমদ আলবিৰুণী (৯৭৩–১০৪৮), সাধাৰণতে আলবেৰুণী নামেৰে জনাজাত, ইছলামিক সোণালী যুগৰ এজন খোৱাৰেজমিয়ান ইৰাণী পণ্ডিত আৰু বহুবিদ্যাবিশাৰদ আছিল।
-
ছমীৰা মখমলবাফ
ছমীৰা মাখমালবাফ (ফাৰ্চী: سمیرا مخملباف; জন্ম ১৫ ফেব্ৰুৱাৰী ১৯৮০) হৈছে এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আৰু লেখক মহচেন মাখমালবাফৰ কন্যা। ছমীৰা মাখমালবাফক "ইৰানী নতুন ঢৌ"ৰ অন্যতম অংশ হিচাপে গণ্য কৰা হয়।
-
মজীদ মজীদী
মজীদ মজীদী (مجید مجیدی,, জন্ম: ১৭ এপ্ৰিল ১৯৫৯) এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজক। তেওঁৰ চলচ্চিত্ৰসমূহত প্ৰায়ে শিশু বা কিশোৰ-কিশোৰীক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে দেখুওৱা হয়; শৈশৱৰ নিষ্পাপতা, পাৰিবাৰিক বন্ধন, দৰিদ্ৰতা, সামাজিক সমস্যা আৰু সংহতিৰ দৰে বিষয় অন্বেষণ কৰা হয়; আৰু এই চলচ্চিত্ৰসমূহ…
-
মাছৌদ কিমিয়াই
মাছৌদ কিমিয়াই (ফাৰ্চী: مسعود کیمیایی; জন্ম ২৯ জুলাই ১৯৪১) হৈছে এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক।
-
অনাহিতা খালাতবাৰী
অনাহিতা খালাতবাৰী এগৰাকী ইৰানী মূলৰ আমেৰিকান সাংবাদিক, সংবাদ পৰিৱেশক, প্ৰতিবেদক (ৰিপ’ৰ্টাৰ), অভিনেত্ৰী আৰু টিভি শ্ব’ৰ আঁতধৰোঁতা। তেওঁ ব্ৰিটেইনত ডাঙৰ-দীঘল হৈছিল আৰু তাতেই শিক্ষা গ্ৰহণ কৰিছিল।
-
আইনুল্লাহ চাফুৰী
আইনুল্লাহ চাফুৰী (ফাৰ্চী: عینالله صفوری) ১৯৭৯ চনৰ ইৰানৰ বিপ্লৱৰ পূৰ্বে সক্ৰিয় থকা এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাণ পৰিচালক আৰু অভিনেতা আছিল। তেওঁ তেহৰাণৰ বাণিজ্যিক চিনেমা আৰু টেলিভিছনত ব্যাপকভাৱে কাম কৰিছিল।
-
আকবৰ খাজাঈ
আকবৰ খাজাঈ (ফাৰ্চী: اکبر خزایی; জন্ম ১১ আগষ্ট ১৯৮০, তেহৰাণ, ইৰান) হৈছে এগৰাকী প্ৰথম আৰু একমাত্ৰ ইৰানী আন্তঃৰাষ্ট্ৰীয় পেচাদাৰী বডিবিল্ডিং বিচাৰক। তেওঁ প্ৰথমে আন্তঃৰাষ্ট্ৰীয় বডিবিল্ডিং আৰু ফিটনেছ ফেডাৰেচনৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় অপেশাদাৰী বিচাৰক আছিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁ ইৰানী নাগৰিকত্ব থকা…
-
আজম আলী
আজম আলী (ফাৰ্চী: اعظم علی) এগৰাকী ইৰানী সংগীতজ্ঞ। তেওঁ একক শিল্পী হিচাপে নিজাকৈ গীত মুকলি কৰাৰ লগতে 'ভাছ', 'ৰোজলেণ্ড' আৰু 'নিয়াজ' বেণ্ডৰ সৈতেও সংগীত সৃষ্টি কৰিছে।
-
আজাদেহ ছামাদী
আজাদেহ ছামাদী (ফাৰ্চী: آزاده صمدی; জন্ম ৭ জানুৱাৰী ১৯৭৯) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ হাফেজ বঁটা, ক্ৰিষ্টাল চিমৰ্গ আৰু ইৰানৰ চলচ্চিত্ৰ সমালোচক তথা লেখক সংস্থাৰ বঁটাৰ বাবে লাভ কৰা মনোনয়নৰ উপৰি ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সন্মানীয় ডিপ্ল’মাকে ধৰি বিভিন্ন স্বীকৃতি লাভ কৰিছে।
-
আজাৰ নাফিচি
আজাৰ নাফিচি (ফাৰ্চী: آذر نفیسی; জন্ম ১৯৪৮) এগৰাকী ইৰানীয়-আমেৰিকান লেখিকা আৰু ইংৰাজী সাহিত্যৰ অধ্যাপিকা। ইৰানৰ তেহৰানত জন্মগ্ৰহণ কৰা নাফিচিয়ে ১৯৯৭ চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰি আহিছে আৰু ২০০৮ চনত তেওঁ আমেৰিকাৰ নাগৰিকত্ব লাভ কৰে। নাফিচিয়ে কেইবাটাও শৈক্ষিক নেতৃত্বৰ ভূমিকা পালন কৰিছে।
-
আনাহিতা দৰগাহী
আনাহিতা দৰগাহী (ফাৰ্চী: آناهیتا درگاهی; জন্ম: ২৭ জানুৱাৰী ১৯৮৭) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ ফৰ্বিডেন (২০১৮–২০১৯), আই ৱাণ্ট টু লাইভ (২০২১), আৰু দ্য নৰ্থ পোল (২০২৪) নামৰ ৱেব ধাৰাবাহিকসমূহত কৰা অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত।
-
আবেদ আবেষ্ট
আবেদ আবেষ্ট (জন্ম ১৯৮৭, বান্দৰ আব্বাছ, ইৰান) হৈছে এজন ইৰানী পৰিচালক, লেখক আৰু অভিনেতা। তেওঁ শ্বাহৰাম মুক্ৰীৰ চলচ্চিত্ৰ ফিচ এণ্ড কেটত অভিনয় কৰিছিল, যিখন চলচ্চিত্ৰই ভেনিছ চলচ্চিত্ৰ উৎসৱত (২০১৩) হৰাইজন বঁটা লাভ কৰিছিল।
-
আব্দুল্লা এণ্টেজাম
আব্দুল্লা এণ্টেজাম (Sayyed Abdullah Entezam) আছিল ইৰাণৰ এজন কূটনীতিবিদ। ‘বিনেশ আলী’ নামেৰেও পৰিচিত ছায়েদ মহম্মদৰ পুত্ৰ; তেওঁ ইৰাণৰ ছাফি আলী শ্বাহী অৰ্ডাৰৰ দাৰভিছৰ মুৰব্বী আছিল। তেওঁৰ পিতৃও এজন কূটনীতিবিদ আছিল। তেওঁৰ পুত্ৰ হাম হৰন ছৌদি আৰৱত আমেৰিকাৰ ৰাষ্ট্ৰদূত আছিল।
-
আমিৰ আজীজী
আমিৰ আজীজী (ফাৰ্চী:امیر عزیزی; জন্ম: ১৯৮৪) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
-
আমিৰ গাভিদেল
আমিৰ গাভিদেল (জন্ম: ২২ মাৰ্চ, ১৯৪৭ – মৃত্যু: ৮ নৱেম্বৰ, ২০০৯) এগৰাকী ইৰানীয় লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা আছিল। তেওঁ নিজৰ গৃহ চহৰ মাশ্বহাদত বাটৰ নাট পৰিৱেশন কৰি সৰু অৱস্থাতে শৈল্পিক জীৱন আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ তেহৰানলৈ যায় আৰু তাত আনুষ্ঠানিকভাৱে ইৰানীয় চিনামাত নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।
-
আমিৰ হোছেইন আৰ্মান
আমিৰ হোছেইন আৰ্মান (ফাৰ্চী: امیرحسین آرمان; জন্ম ৫ নৱেম্বৰ ১৯৮২) এগৰাকী ইৰানী অভিনেতা আৰু গায়ক।
-
আমীৰ কবীৰ
মিৰ্জা তাঘী খান-ই ফাৰাহানী আমিৰ কবীৰ (জন্ম, ৯ জানুৱাৰী ১৮০৭ –মৃত্যু, ১০ জানুৱাৰী ১৮৫২) নামেৰে বেছি পৰিচিত, তেওঁৰ ৰাজত্বকালৰ প্ৰথম তিনি বছৰ নাছেৰ আল-দিন শ্বাহ কাজাৰৰ প্ৰধানমন্ত্ৰী আছিল। তেওঁক সাধাৰণতে "ইৰাণৰ প্ৰথম সংস্কাৰক" বুলি গণ্য কৰা হয়।
-
আলী আছগাৰী
আলী আছগাৰী (ফাৰ্চী:علی عسگری; জন্ম: ২৫ জুলাই ১৯৮২) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক।
-
আলী আজিমি
আলী আজিমি (ফাৰ্চী: علی عظیمی) লণ্ডনত বসবাস কৰা এগৰাকী ইৰানী গায়ক-গীতিকাৰ আৰু গীটাৰিষ্ট। তেওঁক ইৰানৰ অলটাৰনেটিভ সংগীত জগতৰ এজন অগ্ৰগামী শিল্পী হিচাপে গণ্য কৰা হয়। ২০১০ চনৰ আৰম্ভণিলৈকে তেওঁ 'ৰেডিঅ' তেহৰাণ' বেণ্ডৰ মুখ্য কণ্ঠশিল্পী আৰু গীতিকাৰ আছিল।
-
আলী আব্বাচী
আলী আব্বাচী (ফাৰ্চী: علی عباسی; জন্ম: ১৯৮১) এগৰাকী ইৰানী-ছুইডিছ-ডেনমাৰ্কৰ চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ মূলতঃ শেলী, বৰ্ডাৰ, হোলী স্পাইডাৰ আৰু দি এপ্ৰেণ্টিচ চলচ্চিত্ৰসমূহৰ বাবে জনাজাত। আব্বাচীয়ে দ্য লাষ্ট অৱ আছ ধাৰাবাহিকখনৰ প্ৰথম সংস্কৰণৰ অন্তিম দুটা খণ্ডও পৰিচালনা কৰিছিল।
-
আলী বাকৌই
আলী মনছুৰ বাকৌই কাত্ৰিমি (Ali Mansour Bakouei Katrimi) ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ সৈতে জড়িত ইৰাণৰ পাৰমাণৱিক বিজ্ঞানী আছিল। তদুপৰি বাকৌই এজন শিক্ষাবিদো আছিল। পাৰমাণৱিক পদাৰ্থ বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু ছুপাৰকেপাচিটৰ বিকাশৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে বিখ্যাত।
-
আলী মিৰ্জা ছাফাভী
আলী মিৰ্জা ছাফাৱী (ছাফাভী) যাক চুলতান-আলি ছাফাৱী বুলিও জনা যায়, আলী মিৰ্জা ছাফাৱী বংশৰ দ্বিতীয়ৰপৰা শেষৰ মুৰব্বী আছিল। ৰাজনৈতিক ক্ষমতাৰ বাবে ভয় খাই আলী মিৰ্জাক আক কয়ুনলুডসকলে বন্দী কৰে আৰু পাৰস্যত কেইবাবছৰ কাৰাগাৰত থকাৰ পিছত ১৪৯৩ চনত ৰাজকুমাৰ ৰষ্টামে মুকলি কৰি দিয়ে।
-
আলী লিমোনাডী
আলী লিমোনাডী (ফাৰ্চী: علی لیمونادی) এজন ইৰানত জন্মগ্ৰহণ কৰা আমেৰিকান চলচ্চিত্ৰ আৰু টেলিভিছন পৰিচালক, টেলিভিছন প্ৰযোজক আৰু সাংবাদিক। তেওঁ লছ এঞ্জেলছত আইআৰটিভি (ইৰানী টেলিভিছন)-ৰ প্ৰতিষ্ঠাপক আছিল, যি আছিল আমেৰিকা যুক্তৰাষ্ট্ৰত ইৰানী প্ৰব্ৰজনকাৰীসকলৰ প্ৰথম টেলিভিছন প্ৰতিনিধিত্ব।
-
আলীৰেজা আব্বাছফাৰ্দ
আলীৰেজা আব্বাছফাৰ্দ (ফাৰ্চী: علیرضا عباسفرد; জন্ম ২০ অক্টোবৰ ১৯৮১) হৈছে এগৰাকী ইৰানী পেচাদাৰী ফুটবল খেলুৱৈ। তেওঁ বৰ্তমান ইৰানৰ দ্বিতীয় ডিভিজন ফুটবল লীগত নাফ্ট ভা গাজ গাচছাৰন ক্লাবৰ হৈ খেলি আছে। ইয়াৰ পূৰ্বে তেওঁ ৰাহ আহান তেহৰান আৰু এষ্টেঘলাল ক্লাবৰ হৈ খেলিছিল।
-
আলীৰেজা গাছেমী
আলীৰেজা গাছেমী (জন্ম: ১৯৯০) এগৰাকী ইৰানীয় চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক। তেওঁ মূলতঃ ইন দা লেণ্ড অৱ ব্ৰাদাৰ্ছ চলচ্চিত্ৰখন পৰিচালনা কৰাৰ বাবে পৰিচিত, যাৰ বাবে তেওঁ ছাণ্ডান্স চলচ্চিত্ৰ মহোৎসৱত পৰিচালনাৰ বঁটা লাভ কৰিছিল।
-
আহমদ শ্বাহ কাজাৰ
আহমদ শ্বাহ কাজাৰ (Ahmad Shah Qajar)(পাৰ্চী: احمد شاه قاجار; ২১ জানুৱাৰী ১৮৯৮ – ২১ ফেব্ৰুৱাৰী ১৯৩০) ১৯০৯ চনৰ ১৬ জুলাইৰপৰা ১৯২৫ চনৰ ১৫ ডিচেম্বৰলৈকে ইৰাণৰ (পাৰস্যৰ) শ্বাহ আছিল আৰু কাজাৰ বংশৰ সপ্তম আৰু শেষ শাসক।
-
আৰাশ (গায়ক)
আৰাশ লাবাফ (ফাৰ্চী: آرش لباف, জন্ম ২৩ এপ্ৰিল ১৯৭৭) এগৰাকী ইৰানী-চুইডিছ গায়ক, মনোৰঞ্জনকাৰী আৰু প্ৰযোজক। তেওঁৰ মূল ভাষা হৈছে ফাৰ্চী। তেওঁ ২০০৯ চনৰ ইউৰোভিছন চং কনটেষ্টত আয়েচেলৰ সৈতে আজাৰবাইজানক প্ৰতিনিধিত্ব কৰিছিল আৰু "অলৱেজ" গীতটোৰে তৃতীয় স্থান লাভ কৰিছিল।