ৰাজীন্দৰ কৌৰ বুলাৰা (Rajinder Kaur Bulara,জন্ম ১৯৪৬) শিৰোমণি আকালি দল (মান) গোটৰ ৰাজনীতিবিদ আৰু নৱম লোকসভাৰ সদস্য আছিল।
প্ৰাৰম্ভিক জীৱন
১৯৪৬ চনৰ ১০ জুনত অবিভক্ত ভাৰতৰ লাহোৰ জিলাৰ ৰাজা জঙত চৰ্দাৰ হৰছা সিং সন্ধু আৰু তেওঁৰ পত্নীৰ ঘৰত ৰাজিন্দৰ কৌৰৰ জন্ম হয়। ফিৰোজপুৰৰ দেৱ সমাজ কলেজ ফৰ ৱমেনত অধ্যয়ন কৰি কলা আৰু শিক্ষাত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।১
কৰ্মজীৱন
১৯৮৪ চনৰ শিখ বিৰোধী ঘটনাৰ পিছত কৌৰে সাহায্যমূলক কামত অংশ লৈছিল। ১৯৮৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ সময়ত লুধিয়ানাৰ পৰা শিৰোমণি আকালি দল (মান)ৰ তেওঁ আনুষ্ঠানিক প্ৰাৰ্থী আছিল।১ ভাৰতীয় জাতীয় কংগ্ৰেছৰ গুৰচৰণ সিং গালিবক ১,৩৩,৭২৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি তেওঁ নৱম লোকসভালৈ নিৰ্বাচিত হয়।২ সংসদৰ সদস্য হিচাপে তেওঁ উদ্যোগ মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য আছিল।১ ২০০২ চনৰ পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনত লুধিয়ানা পশ্চিমৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও মুঠ ভোটৰ মাত্ৰ ৩.৩০% ভোটহে লাভ কৰিবলৈ সক্ষম হৈছিল।৩
ব্যক্তিগত জীৱন
১৯৬৭ চনৰ ১৭ নৱেম্বৰত ৰাজীন্দৰ কৌৰে চৰ্দাৰ ৰাজিন্দৰ পাল সিং গিলৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১তেওঁ পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল যদিও তেওঁক উগ্ৰপন্থী বুলি অভিযোগ কৰি ভুৱা আৰক্ষীৰ এনকাউণ্টাৰত হত্যা কৰা হয়।৪তেওঁলোকৰ দুটা সন্তান আছে।১
তথ্যসূত্ৰ
- ↑ Members Bioprofile: Bulara, Shrimati Rajinder Kaur. লোকসভা
- ↑ Statistical Report on General Elections, 1989 to the Ninth Lok Sabha. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 324
- ↑ Statistical Report on General Election, 2002 to the Legislative Assembly of Punjab. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 147
- ↑ Singh, Jupinderjit. (8 December 2015). Pinky's confessions may help provide justice to Bulara family. The Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজীন্দৰ কৌৰ বুলাৰা” প্ৰবন্ধৰ সংশোধন ৪৭৬০৩৭ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।