জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সুবোধ ৰয়
সুবোধ ৰয় (১৯১৫ – ২৬ আগষ্ট ২০০৬) (ঝুংকু ৰয় নামেৰেও পৰিচিত) আছিল এগৰাকী ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰভাৱশালী, বিপ্লৱী সমাজবাদী আৰু ৰাজনীতিবিদ।
-
সুভা ভেৰিয়াৰ
সুভা ভেৰিয়াৰ (Subha Varier) এগৰাকী ভাৰতীয় মহাকাশ অভিযন্তা। ভাৰতীয় উপগ্ৰহ উৎক্ষেপণত ব্যৱহৃত ভিডিঅ’ চিষ্টেমত বিশেষজ্ঞতা লাভ কৰিছে। ২০১৭ চনত তেওঁ এটা উৎক্ষেপণতে ১০৪টা উপগ্ৰহ অভিলেখ সৃষ্টি কৰাৰ পিছত মহিলাৰ বাবে ভাৰতৰ সৰ্বোচ্চ বঁটা নাৰী শক্তিপুৰস্কাৰ লাভ কৰে।
-
সুভাষিনী আলী
সুভাসিনী আলী (Subhashini Ali; জন্ম: ২৯ ডিচেম্বৰ ১৯৪৭) এগৰাকী ভাৰতীয় মাৰ্ক্সবাদী ৰাজনীতিবিদ। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ এগৰাকী পলিট বুৰো সদস্য। সদৌ ভাৰত গণতান্ত্ৰিক মহিলা সন্থাৰ তেওঁ প্ৰাক্তন সভানেত্ৰী আৰু কাণপুৰৰ প্ৰাক্তন সাংসদ সদস্য।
-
সুমতী আই
সুমতী আই(Sumati Aai) অসমৰ বৈষ্ণৱ যুগৰ এগৰাকী ধৰ্মপ্ৰাণা মহিলা৷ তেওঁৰ পিতৃ বৰপেটা জিলাৰ সৰুপেটাৰ ওচৰৰ কুৰোবাহা গাঁৱৰ বংশী ঠাকুৰীয়া৷ সুমতী আইৰ আন এটা নাম যশোমতী৷ তেওঁৰ পুত্ৰৰ নাম বলাই আছিল বাবে জনসমাজত পিছলৈ তেওঁ ’বলাই মাতৃ’ নামেও জনাজাত হৈছিল৷
-
সুমা সুধিন্দ্ৰ
সুমা সুধিন্দ্ৰ ( Suma Sudhindra ) এগৰাকী শাস্ত্ৰীয় সংগীতজ্ঞ আৰু কৰ্ণাটকী সংগীত ধাৰাৰ বীণা বাদক। ২০০১ চনত তেওঁ কৰ্ণাটকৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ৰাজ্যোৎসৱ বঁটা লাভ কৰে। তেওঁ বাংগালুৰুত বাস কৰে। তেওঁৰ স্বামী এগৰাকী দন্ত চিকিৎসক আৰু তেওঁলোকৰ দুগৰাকী কন্যা আছে। সুমা এগৰাকী চৌখিন বনছাই সংগ্ৰাহক।
-
সুমাইৰা তাজিন
সুমাইৰা তাজিন কানাডা ভিত্তিক পাকিস্তানী শিল্পী যিয়ে সমসাময়িক ক্ষুদ্ৰ শিল্পৰ বিশেষজ্ঞ। নেচনেল কলেজ অৱ আৰ্টছৰ স্বৰ্ণ পদক বিজয়ী তাজিনে দ্বিতীয় ৰাণী এলিজাবেথ (১৯৯৭), পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফ (২০০৬) আৰু জৰ্ডানৰ ৰাণী ৰানিয়াকে ধৰি বিশ্বৰ বিভিন্ন প্ৰভাৱশালী ব্যক্তিৰ আগত তেওঁৰ কৰ্মৰাজি…
-
সুমিত্ৰা হাজৰিকা
সুমিত্ৰা হাজৰিকা এগৰাকী ভাৰতীয় সমাজকৰ্মী। তেওঁ ভাৰতৰ অসম ৰ তিতাবৰৰ ওচৰৰ এখন গাঁৱত জন্মগ্ৰহণ কৰিছিল। ২০১৫ চনত মৃত্যুৰ আগলৈকে মণিন্দ্ৰ গগৈৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু ভূপেন হাজৰিকাৰ ভনীয়েক আছিল।
-
সুলাফ জলিল
সুলাফ জলিল (আৰবী: سولاف جليل; জন্ম: ১৭ জানুৱাৰী, ১৯৮৪) এগৰাকী ইৰাকৰ অভিনেত্ৰী, কৌতুক শিল্পী, আৰু টিভি উপস্থাপক। তেওঁ ১৯৮৪ চনত বাগদাদত জন্মগ্ৰহণ কৰিছিল। তেওঁ ভাষা বিষয়ত বি.এ. ডিগ্ৰী লাভ কৰিছিল।
-
সুশান্ত বৰগোহাঁই
সুশান্ত বৰগোহাঁই (Sushanta borgohain; ২৭ এপ্ৰিল ১৯৭৪) অসমৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। লগতে তেওঁ এজন বাইক আৰোহীও।
-
সুশীলা গণেশ মাৱালংকাৰ
সুশীলা গণেশ মাৱালংকৰ (Sushila Ganesh Mavalankar, ৪ আগষ্ট ১৯০৪ – ১১ ডিচেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আছিল৷ ১৯৫৬ চনত আহমেদাবাদৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ ১ নং লোকসভালৈ নিৰ্বাচিত হয়৷
-
সুশীলা গোপালন
সুশীলা গোপালন (২৯ ডিচেম্বৰ ১৯২৯, মুহাম্মা, আলাপ্পুজা, কেৰালা – ১৯ ডিচেম্বৰ ২০০১, তিৰুৱনন্তপুৰম, কেৰালা) এগৰাকী ভাৰতীয় কমিউনিষ্ট নেতা৷ তেওঁ ভাৰত কমিউনিষ্ট পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল।
-
সুশীলা তিৰিয়া
সুশিলা তিৰিয়া (Sushila Tiriya) এগৰাকী সমাজকৰ্মী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাজনীতিবিদ৷ তেওঁ ভাৰতীয় সংসদৰ উচ্চ সদনত ৰাজ্যসভাত(১৯৮৬ চনত আৰু পুনৰ ২০০৬ চনত) ওড়িশাক প্ৰতিনিধিত্ব কৰি ভাৰতৰ সংসদৰ সদস্য হৈছিল।
-
সুশীলা সৰোজ
সুশীলা সৰোজ ভাৰতৰ ১৫ সংখ্যক লোকসভাৰ সদস্য। উত্তৰ প্ৰদেশৰ মোহনলালগঞ্জ সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ লগতে তেওঁ সমাজবাদী পাৰ্টি (এছ পি) ৰাজনৈতিক দলৰ সদস্য। মোহনলালগঞ্জ সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসন।
-
সুশীলা ৰাণী পেটেল
সুশীলা ৰাণী পেটেল (: Sushila Rani Patel; ১৯১৮–২০১৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় গায়িকা, অভিনেত্ৰী, কণ্ঠশিল্পী, চিকিৎসক, আৰু সাংবাদিক। শিৱ সংগীতাঞ্জলি নামৰ শাস্ত্ৰীয় সংগীতৰ বিদ্যালয় প্ৰতিষ্ঠা কৰে।
-
সুষমা দাস
সুষমা দাস (ইংৰাজী: Shushama Das; জন্ম: ১ মে' ১৯৩০) এগৰাকী বাংলাদেশী লোক-গায়িকা। বাংলাদেশৰ সংগীত জগতলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০১৭ চনত বাংলাদেশ চৰকাৰে তেওঁক একুশ্বে পদক (Ekushey Padak) প্ৰদান কৰে।
-
সুস্মিতা বাউৰী
সুস্মিতা বাউৰী (জন্ম ৫ জানুৱাৰী ১৯৭৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, যিয়ে কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্কচিষ্ট) (CPI(M))-ৰ প্ৰাৰ্থী হিচাপে পশ্চিমবঙ্গৰ বিষ্ণুপুৰ লোকসভা সমষ্টিৰ পৰা ১৪তম আৰু ১৫তম লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ সন্ধ্যা বাউৰী আৰু নীমাই চৰণ বাউৰীৰ কন্যা।
-
সুৰেইয়া মুলতানিকাৰ
সুৰেইয়া মুলতানিকাৰ (জন্ম ১৯৪০) এগৰাকী পাকিস্তানী গায়িকা৷ তেওঁ লোকগীতৰ গায়িকা হিচাপে বিশেষকৈ কাফিৰ বাবে পৰিচিত। তেওঁ পাকিস্তানী ধ্ৰুপদী, অৰ্ধ-ধ্ৰুপদী, গজল, লোক-গীত, কাফি আৰু চলচ্চিত্ৰৰ গীত পৰিবেশন কৰে।
-
সুৰেশ চন্দ্ৰ মিশ্ৰ
সুৰেশ চন্দ্ৰ মিশ্ৰ (১৯০৩ – ৩০ মাৰ্চ ১৯৯৩), পণ্ডিত সুৰেশ চন্দ্ৰ মিশ্ৰ নামেও জনাজাত, আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা কৰ্মী। তেখেত ১৯৫২ চনৰ পৰা ১৯৫৭ চনলৈ বিহাৰৰ মংঘীৰ সমষ্টিৰ বাবে প্ৰথম লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
সূৰ্যকান্তা পাটিল
সূৰ্য্যকান্তা পাটিল (জন্ম ১৫ আগষ্ট ১৯৪৮) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ লোকসভাৰ প্ৰাক্তন সদস্য। তেওঁ মহাৰাষ্ট্ৰৰ হিংগোলী আৰু নন্দেদক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ সদস্য আছিল।
-
সেৱাষ্টি কিৰিয়াজী
সেৱাষ্টি কিৰিয়াজী-ডাকো (Sevasti Qiriazi) (আনুমানিক ১৮৭১–১৯৪৯) এগৰাকী আলবেনিয়ান দেশপ্ৰেমিক, শিক্ষাবিদ, প্ৰটেষ্টেণ্ট মিছনেৰী, লেখিকা, আলবেনিয়ান মহিলা শিক্ষাৰ পথ প্ৰদৰ্শক আৰু আলবেনিয়ান ৰাষ্ট্ৰীয় জাগৰণৰ কৰ্মী আছিল।
-
সোমায়া হাৰুন
সোমায়া হাৰুন ( Somaya Harun; (জন্ম: ২ মে ২০০১) এগৰাকী বাংলাদেশী মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খেতাবধাৰী। তেওঁ ২০২৩ চনত মিছ মাল্টিনেচনেল বাংলাদেশ খেতাব লাভ কৰে আৰু ২০২৫ চনত মিছ ইণ্টাৰনেচনেল বাংলাদেশ প্ৰতিযোগিতাত দ্বিতীয় ৰানাৰ-আপ হিচাপে স্থান লাভ কৰে।
-
সোহিনী ৰায়
সোহিনী ৰায় (Sohini Ray; জন্ম ২৫ আগষ্ট ১৯৬৬) হ'ল ভাৰতৰ এগৰাকী ধ্ৰুপদী মণিপুৰী নৃত্যশিল্পী, নৃত্য-গৱেষক আৰু নৃতত্ত্ববিদ; বৰ্তমান তেওঁ আমেৰিকাৰ লছ এঞ্জেলছত থাকে।
-
স্নেহা সোৰেন
স্নেহা সোৰেন (জন্ম ২০০১) ভাৰতৰ এগৰাকী মহিলা ভাৰোত্তোলনকাৰী। অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত অনুষ্ঠিত হোৱা ২০১৭ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত তেওঁ প্ৰথম আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰাৰ লগতে ২০২৩ চনৰ নেশ্যনেল গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ বাবে ওড়িশা চৰকাৰৰ পৰা সোৰেনে একলব্য বঁটা লাভ কৰিছিল।
-
স্বপ্না বৰ্মন
স্বপ্না বৰ্মন ( Swapna Barman; জন্ম: ২৯ অক্টোবৰ ১৯৯৬) এগৰাকী ভাৰতীয় হেপ্টাথ্লীট। ২০১৮ চনৰ এছিয়ান গেমছত সোণৰ পদক লাভ কৰাৰ লগতে ২০১৭ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত হেপ্টাথলনত প্ৰথম স্থান লাভ কৰে। ২০১৯ চনৰ আগষ্ট মাহত তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়।
-
স্বপ্না সঞ্জীৱ যোশী
স্বপ্না সঞ্জীৱ যোশী (জন্ম ২৬ আগষ্ট ১৯৫৯) ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ।নাগপুৰত কন্যাৰ বিয়াত অংশগ্ৰহণ কৰি সহযোগী ন্যায়াধীশ ব্ৰিজগোপাল হৰকিষণ ল'য়াৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু হোৱাৰ পিছত যোশীয়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে।
-
স্বাতী চতুৰ্বেদী
স্বাতী চতুৰ্বেদী এগৰাকী ভাৰতীয় সাংবাদিক। তেওঁ বিভিন্ন ভাৰতীয় কাকত আৰু চেনেলত কাম কৰি আহিছে, যেনে দ্য ষ্টেটছমেন, দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, হিন্দুস্তান টাইমছ, দ্য ট্ৰিবিউন, এনডিটিভি, ডেইলীঅ', দ্য ৱায়াৰ, গালফ নিউজ আৰু ডেকান হেৰাল্ড।
-
স্বৰ্ণ বৰা
স্বৰ্ণ বৰা (জন্ম: ১৯৩৭) এগৰাকী বিশিষ্ট অসমীয়া ঔপন্যাসিক। তেওঁৰ উপন্যাসসমূহত অঞ্চলভিত্তিক সমাজৰ হৃদয়স্পৰ্শী ছবি অংকিত হয়। কেৱল কাহিনীৰ বিস্তাৰেই নহয়, সমাজৰ দুখ-বেদনাৰ মাজেৰে সনাতন মানৱীয় অনুভৱৰ সৈতে পঢ়ুৱৈক মুখামুখি কৰি তোলে।
-
স্মিতা মাধৱ
স্মিতা মাধৱ (Smitha Madhav) এগৰাকী কৰ্ণাটিক ধ্ৰুপদী গায়িকা আৰু ভাৰতনাট্যম নৃত্যশিল্পী। কৰ্ণাটিক সংগীত হৈছে সাধাৰণতে ভাৰতৰ দক্ষিণ অংশৰ সৈতে সম্পৰ্কিত সংগীতৰ এক প্ৰণালী আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ দুটা মুখ্য শ্ৰেণীবিভাজনৰ ভিতৰত এটা (আনটো হৈছে হিন্দুস্তানী ধ্ৰুপদী সংগীত)।
-
সৰস্বতী হেমব্ৰাম
সৰস্বতী হেমব্ৰাম (Saraswati Hembram) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ওড়িশা বিধানসভালৈ নিৰ্বাচিত হয়।
-
সৰোজ খাপাৰ্ডে
সৰোজ খাপাৰ্ডে ( Saroj Khaparde ) মহাৰাষ্ট্ৰৰ এগৰাকী ৰাজনীতিবিদ। খাপাৰ্ডে ৰাজ্যসভাত পাঁচটাকৈ কাৰ্যকাল নিৰ্বাহ কৰা দ্বিতীয় সৰ্বাধিক দীৰ্ঘদিনীয়া সংসদৰ সদস্য; ছটা কাৰ্যকাল নিৰ্বাহ কৰা নাজমা হেপতুল্লাৰ প্ৰথম স্থানত আছিল। তেওঁ ইন্দিৰা গান্ধীৰ ঘনিষ্ঠ সহযোগী আছিল, আৰু গান্ধীৰ সকলো ভ্ৰমণতে তেওঁ সংগ দিছিল।