ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ(Brigadier Ranjit Barthakur) এগৰাকী সেনা বিষয়া, অসম লোকসেৱা আয়োগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু অসমীয়া লেখক।
জন্ম আৰু শিক্ষা
মৰিয়নীৰ নতুনমাটি নিবাসী অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ ১৯৬৬ চনত গোৱালপাৰাৰ সৈনিক স্কুলত ভৰ্তি হয়।১ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (NDA,পুনে, মহাৰাষ্ট্ৰ) আৰু ভাৰতীয় মিলিটেৰী একাডেমী (IMA, ডেৰাডুন, উত্তৰাখণ্ড)ৰ পৰা সামৰিক শিক্ষা গ্ৰহণ কৰি ১৯৭৭ চনত সামৰিক বাহিনীত যোগদান কৰে।১
কৰ্মজীৱন
সামৰিক বাহিনীৰ চাকৰিসূত্ৰে প্ৰায় পয়ত্ৰিশ বছৰ দেশৰ বিভিন্ন প্ৰান্তত থাকি ২০১২ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। ২০১২ চনৰ ডিচেম্বৰ মাহত তেওঁ অসম লোকসেৱা আয়োগৰ সদস্য নিযুক্তি হয় আৰু ২০১৭ চনৰ এপ্ৰিল মাহত তেওঁ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে।২
বটা বাহন
সামৰিক বাহিনীত কাম কৰা সময়ত তেওঁৰ দেশৰ প্ৰতি থকা আনুগত্য আৰু কৰ্তব্যনিষ্ঠাৰ স্বীকৃতি হিচাপে তেওঁক Sena Medal, Chief of Army Staff Com- mendation Card আৰু Army Commander's Commendation Card প্ৰদান কৰা হৈছিল।৩
প্ৰকাশিত গ্ৰন্থ
তেওঁৰ প্ৰথমখন কিতাপ 'অ' মামা, অ' দাদা, অ', খুৰা' ২০১৭ চনত প্ৰকাশ পায়। ২০২৩ চনত ‘চিপাহী গুৰবিন্দৰ সিঙৰ হেলিকপ্টাৰত উঠাৰ সপোন’ গ্ৰন্থখন প্ৰকাশ পাইছে।
তথ্যসূত্ৰ
- ↑ Brig Ranjit Borthakur. indusresearch.in. Indus International Reserch Foundation
- ↑ (1 December 2016). Ranjit Barthakur appointed acting APSC chairman. The Sentinel
- ↑ (২০২৩). চিপাহী গুৰবিন্দৰ সিঙৰ হেলিকপ্টাৰত উঠাৰ সপোন, পূৰ্বায়ণ প্ৰকাশন)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঞ্জিত বৰঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৪২০৫০৬ (৫ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।