ভাৰতৰ স্বাধীনতা সংগ্ৰামী
১২২ প্ৰবন্ধ
-
মোহনদাস কৰমচান্দ গান্ধী
মোহনদাস কৰমচান্দ গান্ধী (મોહનદાસ કરમચંદ ગાંધી; Mohandas Karamchand Gandhi; ২ অক্টোবৰ, ১৮৬৯ – ৩০ জানুৱাৰী, ১৯৪৮) ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথপ্ৰদৰ্শক নেতা আছিল। অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথ প্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে।
-
জৱাহৰলাল নেহৰু
জৱাহৰলাল নেহৰু (Jawaharlal Nehru; ১৪ নৱেম্বৰ ১৮৮৯ - ২৭ মে' ১৯৬৪) স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। তেওঁ প্ৰধানমন্ত্ৰী পদত একেৰাহে ১৭ বছৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ এগৰাকী প্ৰখ্যাত লেখক তথা ৰাজনীতিবিদ আছিল। ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰে।
-
ইন্দিৰা গান্ধী
ইন্দিৰা গান্ধী (Indira Gandhi; ১৯১৭–১৯৮৪) ভাৰত প্ৰথম মহিলা প্ৰধানমন্ত্ৰী, জৱাহৰলাল নেহৰুৰ কন্যা আছিল। তেওঁ লালবাহাদুৰ শাস্ত্ৰী মন্ত্ৰী সভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। মহাত্মা গান্ধীৰ আঁচনি ক্ৰমে চৰ্খা সংঘ প্ৰতিষ্ঠাতা আছিল আৰু চৈধ্য বছৰ বয়সত বানৰ সেনা সংগঠন কৰে।
-
সুভাষ চন্দ্ৰ বসু
সুভাষ চন্দ্ৰ বসু (Subhas Chandra Bose; ২৩ জানুৱাৰী ১৮৯৭-১৮ আগষ্ট ১৯৪৫) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন অগ্ৰণী নেতা আছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানী আৰু জাপানৰ সহযোগত ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ প্ৰয়াস কৰিছিল।
-
ভীমৰাও ৰামজী আম্বেদকাৰ
ড° ভীমৰাও ৰামজী আম্বেদকাৰ (भीमराव रामजी आम्बेडकर,; ১৪ এপ্ৰিল ১৮৯১ – ৬ ডিচেম্বৰ ১৯৫৬) এজন ভাৰতীয় আইনজ্ঞ, ৰাজনৈতিক নেতা, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, শিক্ষক তথা লেখক আছিল। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী সভাত প্ৰথম আইন মন্ত্ৰী আছিল।
-
মোৰাৰজী দেশাই
মোৰাৰজী দেশাই (Morarji Desai, জন্ম:১৮৯৬ - মৃত্যু:১৯৯৫) ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী আছিল। তেওঁ ১৯৭৭চনৰ ২৪ মাৰ্চৰ দিনা প্ৰতিষ্ঠা হোৱা নতুন চৰকাৰখনৰ প্ৰধানমন্ত্ৰী হিচাপে ৰাষ্ট্ৰপতি ভৱনৰ অশোক হলৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শপত গ্ৰহণ কৰে।
-
লালবাহাদুৰ শাস্ত্ৰী
লালবাহাদুৰ শাস্ত্ৰী (Lal Bahadur Shastri) (১৯০৪-১৯৬৬) কঠোৰ শ্ৰম, কৰ্তব্যনিষ্ঠা, অসীম অধ্যৱসায়ৰ মাজেৰে নিজক প্ৰতিষ্ঠা কৰি যোৱা এইজন ব্যক্তিয়েই ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী হিচাপে শাসন ভাৰ গ্ৰহণ কৰিছিল।
-
সৰোজিনী নাইডু
সৰোজিনী নাইডু (Sarojini Naidu) (১৩ ফেব্ৰুৱাৰী ১৮৭৯ – ২ মাৰ্চ ১৯৪৯) স্বকীয় বৈশিষ্ট্যৰে পৰিচিত এগৰাকী মহিলা যি কেৱল এগৰাকী স্বাধীনতা-কৰ্মীৰ লগতে এগৰাকী অনুভূতিপ্ৰৱণ কবি আছিল। তেখেতক ভাৰতীয় কোকিলা বা দ্য নাইটেঙ্গেল অৱ ইণ্ডিয়া নামেৰেও জনা যায়।
-
কাজী নজৰুল ইছলাম
কাজী নজৰুল ইছলাম (Kazi Nazrul Islam; ২৪ মে' ১৮৯৯ – ২৯ আগষ্ট ১৯৭৬) অগ্ৰণী বঙালী কবি, বিংশ শতাব্দীৰ জনপ্ৰিয় বঙালী কবি, সঙ্গীতজ্ঞ, সংগীতস্ৰষ্টা, দাৰ্শনিক, যিয়ে বঙালী কাব্যত অগ্ৰগামী ভূমিকাৰ লগতে প্ৰগতিশীল প্ৰণোদনাৰ বাবে সৰ্বাধিক পৰিচিত।
-
বল্লভভাই পেটেল
চৰ্দাৰ বল্লভভাই পেটেল (Sardar Vallabhbhai Patel, ) (১৮৭৫-১৯৫০) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন সক্ৰিয় যুঁজাৰু, ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন নেতা আৰু ভাৰতীয় গণতন্ত্ৰৰ এজন অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ জৱাহৰলাল নেহৰু মন্ত্ৰীসভাৰ গৃহমন্ত্ৰী আছিল।
-
ৰাজেন্দ্ৰ প্ৰসাদ
ৰাজেন্দ্ৰ প্ৰসাদ (Rajendra Prasad; জন্ম:১৮৮৪ – মৃত্যু:১৯৬৩) ১৯৫০ চনৰ ২৬ জানুৱাৰীত সাৰ্বভৌম ভাৰত গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল। তেওঁ স্বাধীনতা সংগ্ৰামৰ ১৯২১ চনৰ অসহযোগ আন্দোলন, ১৯৩২ চনৰ আইন অমান্য আন্দোলন আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় অংশ গ্ৰহণকাৰী আছিল।
-
চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী
চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী (Chakravarti Rajagopalachari; জন্ম:১৮৭৯ – মৃত্যু:১৯৭২) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্ণধাৰ সদস্য আছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল আৰু স্বতন্ত্ৰ দলৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ ওকালতি, ৰাজনীতি, প্ৰশাসন, সাহিত্য আদি প্ৰতিটো দিশতে ব্যুৎপত্তি আছিল।
-
জয়প্ৰকাশ নাৰায়ণ
জয়প্ৰকাশ নাৰায়ণ (Jayaprakash Narayan; ১৯০২–১৯৭৯) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন আগশাৰীৰ মুক্তি যুদ্ধা আছিল। দেশ তথা জনতাৰ নামত নিজকে উছৰ্গা কৰা এই লোকনায়ক গৰাকীক ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে ১৯৯৯ চনত বিভূষিত কৰিছিল।
-
বিনোৱা ভাৱে
বিনায়ক নৰহৰি "বিনোৱা" ভাবে (विनायक नरहरी भावे); (Archarya Vinoba Bhave) (১৮৯৫-১৯৮২) ভাৰতৰ এজন স্বাধীনতা সংগ্ৰামী, আৰু অহিংসা আৰু মানৱ অধিকাৰ কৰ্মী আছিল। ভূদান আন্দোলনৰ বাবে জনাজাত ভাবেক 'আচাৰ্য' বুলি মতা হৈছিল।
-
ভগৎ সিং
ভগৎ সিং (ਭਗਤ ਸਿੰਘ,; ২৭ ছেপ্তেম্বৰ ১৯০৭ – ২৩ মাৰ্চ ১৯৩১) আছিল ভাৰতীয় উপমহাদেশৰ ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী। দেশৰ স্বাধীনতা সংগ্ৰামৰ তেওঁ আছিল অন্যতম প্ৰভাৱশালী বিপ্লবী। তেওঁক ছহিদ-ঈ আজম ভগৎ সিং নামে অভিহিত কৰা হয়।
-
আবুল কালাম আজাদ
মৌলানা আবুল কালাম আজাদ (সম্পূৰ্ণ নাম: আবুল কালাম মুহিয়ুদ্দিন আহমেদ আজাদ;; Abul Kalam Muhiyuddin Ahmed Azad; ) চমুকৈ Maulana Abul Kalam Azad; জন্ম: ১৮৮৮ - মৃত্যু: ১৯৫৮) এজন ভাৰতীয় মুছলিম পণ্ডিত, ৰাজনীতিজ্ঞ আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰমুখ নেতা হিচাপে জনাজাত।
-
লালা লাজপত ৰায়
লালা লাজপত ৰায় (Lala Lajpat Rai)(২৮ জানুৱাৰী ১৮৬৫-১৭ নৱেম্বৰ ১৯২৮) আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী৷ তেখেত আছিল আগৰৱাল জৈন আৰু তেখেতৰ গোত্ৰ আছিল ৰায় ৷ ভাৰতৰ স্বাধীনতা আন্দোলনত তেখেতে সক্ৰিয়ভাৱে বৰঙণি আগবঢ়াইছিল৷ তেখেত পঞ্জাৱ কেশৰী নামেৰেও পৰিচিত৷ লাল বাল পাল শীৰ্ষক ত্ৰিমূৰ্তিৰ তেখেতো এজন…
-
বাল গঙ্গাধৰ তিলক
বাল গঙ্গাধৰ তিলক (बाळ गंगाधर टिळक, বা লোকমান্য তিলক, জুলাই ২৩, ১৮৫৬ - আগষ্ট ১, ১৯২০) এগৰাকী ভাৰতীয়, শিক্ষক, সাংবাদিক, উকীল, সমাজ সংস্কাৰক তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰে জড়িত সক্ৰিয় ব্যক্তি। তেওঁৰ জন্মগত নাম কেশৱ গঙ্গাধৰ তিলক। তেওঁ লাল-বাল-পাল ত্ৰিমূৰ্তিৰ এজন।
-
আৰ ভেঙ্কটৰমন
ৰামাস্বামী ভেঙ্কটৰমন (৪ ডিচেম্বৰ ১৯১০২৭ জানুৱাৰী ২০০৯) আছিল এগৰাকী ভাৰতীয় অধিবক্তা, ভাৰতীয় স্বাধীনতা আন্দোলনৰ সক্ৰিয় সংগ্ৰামী, আৰু এগৰাকী ৰাজনীতিবিদ। তেওঁ এগৰাকী কেবিনেট মন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ উপৰিও ভাৰতৰ অষ্টমজন ৰাষ্ট্ৰপতিৰ পদতো অধিষ্ঠিত হৈছিল।
-
গোপাল কৃষ্ণ গোখলে
গোপাল কৃষ্ণ গোখলে (गोपाळ कृष्ण गोखले, Gopal Krishna Gokhale) ভাৰতৰ স্বাধীনতা আন্দোলনৰ আদিযুগৰ এক স্বনামধন্য ৰাজনৈতিক নেতা আৰু এজন বিশিষ্ট সমাজ সংস্কাৰক আছিল। গোখলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীণ নেতা আৰু "চাৰভেণ্টছ অফ ইণ্ডিয়া চছাইটি"ৰ প্ৰতিষ্ঠাপক আছিল।
-
বিধান চন্দ্ৰ ৰয়
বিধান চন্দ্ৰ ৰয় (Bidhan Chandra Roy; ১৮৮২ – ১৯৬২) পশ্চিমবংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী আছিল। এই পদত তেখেত ১৯৪৮ চনৰ পৰা ১৯৬২ চনত মৃত্যু পৰ্যন্ত আছিল। এই সময়ছোৱাত নৱগঠিত পশ্চিমবংগ ৰাজ্যৰ প্ৰভুত উন্নতি হোৱা বাবে তেখেতক পশ্চিমবংগৰ ৰূপকাৰ বুলি অভিহিত কৰা হয়।
-
অৰুণা আছফ আলি
অৰুণা আছফ আলী (Aruna Asaf Ali; ১৯০৮-১৯৯৬) ভাৰতীয় স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰু আৰু সমাজকৰ্মী আছিল। অৰুণা আছফ আলীক আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙনিৰ বাবে ১৯৯১ চনত জৱাহৰলাল নেহৰু বঁটা প্ৰদান কৰা হয়।
-
কমলা নেহৰু
কমলা কৌল নেহৰু (Kamala Kaul Nehru;; ১ আগষ্ট ১৮৯৯-২৮ ফেব্ৰুৱাৰী ১৯৩৬) এগৰাকী স্বাধীনতা যুঁজাৰু আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা আৰু পিছলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা জৱাহৰলাল নেহৰুৰ পত্নী আছিল। তেওঁলোকৰ জীয়াৰী ইন্দিৰা গান্ধীয়েও প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।
-
কুমাৰ স্বামী কামৰাজ নাদাৰ
কুমাৰা স্বামী কামৰাজ নাদাৰ (Kumara Swami Kamraj Nadar) (১৯০৩-১৯৭৫) ১৯৭৬ চনত ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত হোৱা বিশিষ্ট ব্যক্তিগৰাকী হৈছে কুমাৰা স্বামী কামৰাজ নাদাৰ। ভাৰত ৰাজনৈতিক আৰু সামাজিক দিশলৈ তেওঁৰ বিশিষ্ট বৰঙণিৰ বাবে ভাৰত চৰকাৰে এই সন্মান আগবঢ়াইছিল।
-
খান আব্দুল গফ্ফৰ খান
খান আব্দুল গফুৰ খান(Khan Abdul Ghaffar Khan, পেছত:خان عبدالغفار خان সান আব্দুল-গ়াফ়্ফ়াৰ সান) (১৮৯০-১৯৮৮) আছিল এজন পাছতুন ৰাজনীতিবিদ আৰু ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অহিংসা আন্দোলনত ভাগ লোৱা এজন ধৰ্মীয় নেতা। তেখেতে ১৯৪২ চনৰ আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণকাৰী আছিল।
-
দেৱদাস গান্ধী
দেৱদাস মোহনদাস গান্ধী (২২ মে ১৯০০ - ৩ আগষ্ট ১৯৫৭) আছিল মহাত্মা গান্ধীৰ চতুৰ্থটি আৰু একেবাৰে সৰুটো সন্তান। তেওঁৰ দক্ষিণ আফ্ৰিকাত জন্ম হয় আৰু ডেকাকালত হৈ মাক দেউতাকৰ লগত ভাৰতলৈ ঘূৰি আহে। তেওঁ দেউতাকৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি কাৰাবাসো খাটিছিল। তেওঁ এজন বিশিষ্ট সাংবাদিক আছিল।
-
ব্ৰজনাথ শৰ্মা
ব্ৰজনাথ শৰ্মা (Brajanath Sarma) (১৮৯৪ – ১৯৬০) আছিল অভিনেতা, নাট্যকাৰ আৰু অসমৰ ভ্ৰাম্যমান নাটকৰ জনক। অসমত সহ-অভিনয়ৰ বাটকটীয়া। ১৯৭৬ চনত বিশিষ্ট লেখক কনক চন্দ্ৰ শৰ্মাই 'সাংস্কৃতিক' শীৰ্ষক এখন স্মৃতিগ্ৰন্থত প্ৰথমে ব্ৰজনাথ শৰ্মাক অভিনয়াচাৰ্য উপাধিৰে উল্লেখ কৰিছিল।
-
এম জি ৰামচন্দ্ৰন
এম. জি. ৰামচন্দ্ৰন (M. G. Ramachandran; ১৯১৭-১৯৮৭) অকুণ্ঠ দেশসেৱাৰ বাবে ১৯৮৮ চনত ভাৰত চৰকাৰে ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰে। ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ যুটীয়া সম্পাদক আছিল তেওঁ।
-
চিদাম্বৰম সুব্ৰমনিয়াম
চিদাম্বৰম সুব্ৰমনিয়াম (Chidambaram Subramaniam; ৩০ জানুৱাৰী ১৯১০ – ৭ নৱেম্বৰ ২০০০) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ কেন্দ্ৰীয় চৰকাৰত কৃষি, বিত্ত আৰু ৰক্ষা মন্ত্ৰণালয়ৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহন কৰিছিল। পিছলৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰিছিল।
-
দুৰ্গাবাঈ দেশমুখ
দুৰ্গাবাঈ দেশমুখ বা লেডী দেশমুখ (Durgabai Deshmukh, ১৫ জুলাই ১৯০৯ – ৯ মে' ১৯৮১) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ভাৰতৰ সংবিধান সভা আৰু ভাৰতৰ পৰিকল্পনা আয়োগৰ সদস্য আছিল। মহিলা সৱলীকৰণৰ বাবে তেওঁ ১৯৩৭ চনত অন্ধ্ৰ মহিলা সভা প্ৰতিষ্ঠা কৰিছিল।