অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰতন কছাৰী

ৰতন কছাৰী ( Ratan Kachari) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী যুঁজাৰু আৰু বিয়াল্লিছৰ গণ-আন্দোলনৰ শ্বহীদ৷ তেওঁ ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে পুলিচৰ গুলীত আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰিছিল৷ ৰতন কছাৰীৰ জন্ম হৈছিল ১৮৯২ চনত দৰং জিলাৰ বৰগাঁও মৌজাৰ ১নং বৰপুখুৰী গাঁৱত৷ তেওঁৰ পিতৃৰ নাম আছিল…

হালনাগাদ: ৭ জানুৱাৰী ২০২৫ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৪০
সংশোধনৰ পৰামৰ্শ

ৰতন কছাৰী ( Ratan Kachari) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী যুঁজাৰু আৰু বিয়াল্লিছৰ গণ-আন্দোলনৰ শ্বহীদ৷ তেওঁ ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে পুলিচৰ গুলীত আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰিছিল৷ ৰতন কছাৰীৰ জন্ম হৈছিল ১৮৯২ চনত দৰং জিলাৰ বৰগাঁও মৌজাৰ ১নং বৰপুখুৰী গাঁৱত৷ তেওঁৰ পিতৃৰ নাম আছিল চতাই কছাৰী৷১২ এওঁ কংগ্ৰেছৰ ভলণ্টিয়াৰ আছিল৷ বিয়াল্লিছৰ গণ-আন্দোলনৰ সময়ত ২০ আগষ্টত গহপুৰ আৰু ঢেকিয়াজুলিৰ থানাত কংগ্ৰেছৰ পতাকা উত্তোলন কৰিবলৈ সিদ্ধান্ত কৰি হাজাৰ হাজাৰ মানুহ থানা অভিমুখে সমদল কৰি আগবাঢ়ি আহিছিল৷ ঢেকিয়াজুলিত এই সমদলৰ নেতৃত্ব দিছিল সংগ্ৰামী কমলাকান্ত দাসে৷ বৰগাঁও, ঢেকিয়াজুলি, মিছামাৰী, বৰছলা আৰু নাহৰবাৰীৰ অগণন মানুহ এই সমদলত ভাগ লৈ আগবঢ়িছিল৷ সমদলক ৰুদ্ধ কৰিবলৈ পুলিচে লাঠীচালনা আৰু গুলীচালনা কৰে৷ আৰু সমদলৰ আগত থকা ৰতন কছাৰী পুলিচৰ সৈতে টনা=আঁজোৰা কৰে৷ তাৰপিছত সশস্ত্ৰবাহিনীয়ে মৰিয়াই মৰিয়াই পহু বধ কৰাৰ দৰে ৰতন কছাৰীক বধ কৰে৷২ সেইদিনা ঢেকিয়াজুলিত মুঠ ১১জন দেশপ্ৰেমিক সংগ্ৰামী শ্বহীদ হৈছিল৷৩

তথ্যসূত্ৰ

  1. ↑ শইকীয়া, ড° ৰাজেন. (২০১৫). নগাঁৱৰ বুৰঞ্জী. অসম সাহিত্য সভাৰ ত্ৰি-সপ্ততিতম অধিৱেশন, কলিয়াবৰ. পৃ. ২৭৯
  2. ↑ ডেকা, কনকচন্দ্ৰ. (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃ. ৪৯৮
  3. ↑ কলিতা, ড° ৰমেশ চন্দ্ৰ. (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃ. ১০২

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰতন কছাৰী” প্ৰবন্ধৰ সংশোধন ৪৬২১৮৫ (৭ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।