ৰাজশ্ৰী শান্তাৰাম (Rajashree Shantaram; জন্ম: ৮ অক্টোবৰ ১৯৪৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু তেওঁ ৰাজশ্ৰী নামেৰেও পৰিচিত। জানোৱাৰ আৰু ব্ৰহ্মচাৰী ছবিৰ কামৰ বাবে তেওঁ অধিক পৰিচিত।
ব্যক্তিগত জীৱন
ৰাজশ্ৰী প্ৰশংসিত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ভি শান্তাৰাম আৰু তেওঁৰ দ্বিতীয় পত্নী অভিনেত্ৰী জয়শ্ৰীৰ কন্যা। তেওঁৰ ভাতৃ কিৰণ শান্তৰাম মুম্বাইৰ প্ৰাক্তন শ্বেৰিফ আছিল।
ৰাজ কাপুৰৰ সৈতে আমেৰিকাত এৰাউণ্ড দ্য ৱৰ্ল্ড ছবিৰ শ্বুটিং কৰি থাকোঁতে আমেৰিকাৰ ছাত্ৰ গ্ৰেগ চেপমেনক লগ পাইছিল। তিনি বছৰৰ পাছত ১৯৬৭ চনৰ ২৮ নৱেম্বৰত এটা পাঁচদিনীয়া ভাৰতীয় অনুষ্ঠানত দুয়োৰে বিবাহ হয় আৰু স্বামীৰ সৈতে আমেৰিকাত স্থায়ীভাৱে থাকিবলৈ যায়।১ তেওঁলোক লছ এঞ্জেলছত থাকে আৰু তেওঁলোকৰ এজনী কন্যা আৰু।১২৩
যোৱা ৩০ বছৰ ধৰি আমেৰিকাত থাকি স্বামীৰ সৈতে অতি সফল কাপোৰৰ ব্যৱসায় চলাই আহিছে, তথাপিও ছবিৰ প্ৰতি আগ্ৰহ বজাই ৰাখিছে। হেক-অ'-লেণ্টাৰন, টেইণ্টেড লাভ আৰু মনচুনৰ সহকাৰী পৰিচালক হিচাপে কাম কৰা ছানীয়ে "অশোক বাই এনাদাৰ নেম" শীৰ্ষক এটা শিশু ভিডিঅ'ত নেৰেচন কৰিছে।
তথ্যসূত্ৰ
- ↑ (2013-03-11). Actress Rajshree Honored by Jain Group. India West
- ↑ (January 1968). The Hindu Weekly Review. K. Gopalan. পৃ. 18
- ↑ (October 2000). India Today International. Living Media India Limited. পৃ. 106
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজশ্ৰী (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৪৮৭৪৬৪ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।