সাংবাদিক
১৩৪ প্ৰবন্ধ
-
পদ্ম বৰকটকী
পদ্ম বৰকটকী (১৯২৭-২০০৮) আছিল অসমৰ এজন লেখক আৰু সাংবাদিক। তেওঁৰ পিতৃ আছিল সূৰ্য্যধৰ বৰকটকী আৰু মাতৃ বিনন্দী দেৱী বৰকটকী। ১৯২৭ চনৰ ৩০ জুলাইত যোৰহাটৰ ৰজাহাউলিত তেওঁ জন্ম গ্ৰহণ কৰিছিল।
-
ৰাজদ্বীপ
ৰাজদ্বীপ অসমৰ এজন সাংবাদিক। অসমীয়া দৈনিক বাতৰি কাকত অসমীয়া খবৰত কৰ্মৰত ৰাজদ্বীপ সাংবাদিকতাৰ উপৰিও নাটক, চিত্ৰনাট্য ৰচনা আৰু সংগীত ৰচনাৰ লগত জড়িত।
-
হোমাই ভ্যাৰাৱালা
হোমাই ভ্যাৰাৱালা (Homai Vyarawalla; ৯ ডিচেম্বৰ ১৯১৩ – ১৫ জানুৱাৰী ২০১২) আছিল ভাৰতৰ প্ৰথম মহিলা ফটো সাংবাদিক। তেখেত সাধাৰণতে ছদ্মনাম "ডালডা ১৩" নামেৰে পৰিচিত। তেওঁ ১৯৩০ৰ দশকত ফটো সাংবাদিকতাৰ জগত খনৰ জড়িত হৈছিল আৰু ১৯৭০ৰ দশকৰ প্ৰথমাৰ্ধত তেওঁ অৱসৰ গ্ৰহণ কৰে।
-
অন্তৰা দেৱ সেন
অন্তৰা দেৱ সেন (জন্ম ১৯৬৩) এগৰাকী ব্ৰিটিছ-ভাৰতীয় সাংবাদিক।
-
অৰবিন্দ আদিগা
অৰবিন্দ আদিগা( Aravind Adiga); জন্ম হৈছিল ২৩ অক্টোবৰ ১৯৭৪ চনত)। অৰবিন্দ ভাৰতত জন্মগ্ৰহণ কৰা এজন অষ্ট্ৰেলিয়ান লেখক আৰু সাংবাদিক। তেওঁৰ প্ৰথম উপন্যাস দ্য হোৱাইট টাইগাৰে ২০০৮ চনত মেন বুকাৰ বঁটা লাভ কৰে।
-
কমলা শইকীয়া
কমলা শইকীয়া অসমৰ এগৰাকী শিক্ষক, সাংবাদিক আৰু স্বাধীনতা আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল৷
-
ছৈয়দ মুজতবা আলী
{{Infobox academic | name = ছৈয়দ মুজতবা আলী | image = Syed Mujtaba Ali.jpg | native_name = সৈয়দ মুজতবা আলী | native_name_lang = bn | pronunciation = | birth_date = ১৩ ছেপ্তেম্বৰ ১৯০৪ | birth_place = কৰিমগঞ্জ, অসম প্ৰদেশ, ব্ৰিটিছ ভাৰত (অধুনা অসম, ভাৰত) | death_date = ১১ ফেব্ৰুৱাৰী ১৯৭৪ |…
-
জেহৰা ফিজী
জেহৰা ফিজি জন্ম: ১৮৬৬ চন–মৃত্যু: ১৯৪০ চন; বিংশ শতিকাৰ আৰম্ভণিতে ভাৰতত কাম কৰা উৰ্দু ভাষাৰ এগৰাকী লেখিকা, নাট্যকাৰ আৰু সম্পাদক। সেই সময়ৰ উৰ্দু মহিলা আলোচনীসমূহৰ বাবে তেওঁ এগৰাকী আগশাৰীৰ অৱদানকাৰী আছিল।
-
ডিমিট্ৰি মুৰাটভ
ডিমিট্ৰি আন্দ্ৰেয়েভিচ মুৰাটভ (Dmitry Muratov, জন্ম: ৩০ অক্টোবৰ ১৯৬১) এগৰাকী ৰাছিয়ান সাংবাদিক আৰু ৰাছিয়াৰ বাতৰি কাকত নোভায়া গাজেটাৰ মুখ্য সম্পাদক। গণতন্ত্ৰ আৰু স্থায়ী শান্তিৰ বাবে পূৰ্বচৰ্ত বুলি বিবেচিত মত প্ৰকাশৰ স্বাধীনতাক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে ২০২১ বৰ্ষত সাংবাদিক…
-
ডেনিয়েল ডিফো
ডেনিয়েল ডিফো (Daniel Defoe) হৈছে ১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত জন্ম গ্ৰহণ কৰা এগৰাকী সাহিত্যিক, সাংবাদিক, ৰাজনীতিবিদ, ব্যৱসায়ী, চোৰাংচোৱা আৰু অৰ্থনীতিবিদ। তেওঁৰ বিখ্যাত উপন্যাসসমূহৰ ভিতৰত 'ৰবিনছন ক্ৰুছো'ই তেওঁক অমৰ কৰি ৰাখিছে।
-
মাৰিয়া ৰেচ্ছা
মাৰিয়া এঞ্জেলিটা ৰেচ্ছা (Maria Angelita Ressa (জন্ম-২ অক্টোবৰ, ১৯৬৩)) হৈছে ফিলিপাইনছৰ এগৰাকী সাংবাদিক আৰু লেখক। তেখেত ফিলিপাইনছৰ অনলাইন সংবাদ ৱেবছাইট ৰেপলাৰৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক। তেখেত ফিলিপাইনছৰ প্ৰথমগৰাকী স্বতন্ত্ৰ ন'বেল বঁটা বিজয়ী।
-
এছ. মিত্ৰা কলিতা
এছ. মিত্ৰা কলিতা এগৰাকী সাংবাদিক, সংবাদমাধ্যম ব্যৱস্থাপক আৰু দুখন কিতাপৰ লেখিকা। তেওঁৰ প্ৰথমখন কিতাপ Suburban Sahibs নিউ জাৰ্চিত অভিবাসীসকলে কেনেদৰে আমেৰিকাৰ ৰূপান্তৰ ঘটালে সেই বিষয়ে আৰু দ্বিতীয়খন My Two Indias হৈছে গ্লোবেলাইজেচন সম্পৰ্কীয় এটা অৰ্থনৈতিক আত্মজীৱনী।
-
এলিজাবেথ ক'লবাৰ্ট
এলিজাবেথ ক'লবাৰ্ট ( Elizabeth Kolbert; জন্ম: ৬ জুলাই, ১৯৬১) এগৰাকী আমেৰিকান সাংবাদিক, লেখিকা আৰু উইলিয়ামছ কলেজৰ অতিথি সভ্য। তেওঁৰ পুলিৎজাৰ বঁটা বিজয়ী গ্ৰন্থ দ্য ছিক্সথ এক্সটিংকচন: এণ আননেচাৰেল হিষ্ট্ৰী, আৰু দ্য নিউয়ৰ্কাৰ আলোচনীত আগবঢ়াই থকা পৰিৱেশ-সম্পৰ্কীয় পৰ্যবেক্ষণ আৰু পৰ্যালোচনাৰ বাবে অধিক…
-
জামাল আহমেদ ষাশ্বকজী
জামাল আহমেদ ষাশ্বকজী ( جمال أحمد خاشقجي ), এজন চৌদি আৰবীয় সাংবাদিক, লেখক আৰু আল-আৰব নিউজ ছেনেলৰ এজন প্ৰাক্তন মহাপ্ৰবন্ধক আৰু মুখ্য সম্পাদক। চৌদি আৰবীয় ৰাজতন্ত্ৰ, বিশেষকৈ চৌদি আৰবৰ ৰজা ছলমান আৰু হ'বলগীয়া ৰজা ৰাজকুমাৰ মহম্মদ-বিন- ছলমানৰ ঘোৰ সমালোচক ষাশ্বকজীক চৌদি আৰব ৰাজতান্ত্ৰিক চৰকাৰৰ নিৰ্দেশ…
-
দত্তাত্ৰেয় বালকৃষ্ণ কলেলকাৰ
দত্তাত্ৰেয় বালকৃষ্ণ কলেলকাৰ (১ ডিচেম্বৰ ১৮৮৫ – ২১ আগষ্ট ১৯৮১) জনপ্ৰিয়ভাৱে কাকা কালেলকাৰ নামেৰে পৰিচিত, ভাৰতীয় স্বাধীনতা কৰ্মী, সমাজ সংস্কাৰক, সাংবাদিক আৰু মহাত্মা গান্ধীৰ দৰ্শন (গান্ধীবাদ) আৰু পদ্ধতিৰ বিশিষ্ট অনুগামী লোক আছিল।
-
নিত্য বৰা
নিত্য বৰা অসমৰ এগৰাকী সাংবাদিক, সাহিত্যিক আৰু সম্পাদক আছিল। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত জন্মগ্ৰহণ কৰা বৰাই অসমীয়া প্ৰতিদিন কাকতৰ লগতে বহুকেইখন গ্ৰন্থ সম্পাদনা কৰিছে। ২২ এপ্ৰিল ২০২৬ তাৰিখে তেওঁৰ যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।
-
পল্লৱী আয়াৰ
পল্লৱী আয়াৰ বৰ্তমান বেইজিঙত বাস কৰা এগৰাকী ভাৰতীয় সাংবাদিক আৰু লেখক। ইয়াৰ পূৰ্বে তেওঁ দ্য হিন্দুৰ ইণ্ডোনেছিয়াৰ সংবাদদাতা, বিজনেছ ষ্টেণ্ডাৰ্ডৰ ইউৰোপ সংবাদদাতা আৰু দ্য হিন্দুৰ চীন ব্যুৰোৰ মুৰব্বী আছিল।
-
বৰ্খা দত্ত
বৰ্খা দত্ত এগৰাকী ভাৰতীয় টেলিভিছন সাংবাদিক, লেখিকা আৰু বাতৰিৰ সূত্ৰধাৰ। বৰ্তমান তেওঁ তিৰংগা টিভিত কৰ্মৰত। ইয়াৰ আগতে তেওঁ সুদীৰ্ঘ ২১ বছৰ কাল এনডিটিভিৰ লগত জড়িত আছিল। ২০১৭ চনৰ জানুৱাৰী মাহত তেওঁ এনডিটিভিৰ পৰা ওলাই আহে।
-
মহম্মদ হানিফ
মহম্মদ হানিফ (Mohammed Hanif; জন্ম: নৱেম্বৰ ১৯৬৪) এগৰাকী ব্ৰিটিছ পাকিস্তানী লেখক আৰু সাংবাদিক। তেওঁ দ্য নিউয়ৰ্ক টাইমছৰ মাহেকীয়া স্তম্ভলেখক। হানিফৰ ‘আ কেচ অৱ এক্সপ্লডিং মেংগ’জ’ কিতাপখনে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল আৰু কিতাপখন ‘মেন বুকাৰ প্ৰাইজ’ তথা ‘গাৰ্ডিয়ান ফাৰ্ষ্ট বুক প্ৰাইজ’ৰ বাবে মনোনয়নৰ…
-
মাৰিঅ’ পুজ’
মাৰিঅ’ ফ্ৰান্সিছ পুজ’ (অক্টোবৰ ১৫, ১৯২০ – জুলাই ২, ১৯৯৯) এগৰাকী আমেৰিকান লেখক আৰু চিত্ৰনাট্যকাৰ আছিল। তেওঁ ইটালিয়ান-আমেৰিকান মাফিয়া আৰু ছিচিলিয়ান মাফিয়াৰ বিষয়ে অপৰাধ উপন্যাস লিখিছিল, যাৰ ভিতৰত সবাতোকৈ উল্লেখযোগ্য হৈছে দ্য গডফাদাৰ (১৯৬৯), যিটো পিছত তেওঁ ফ্ৰান্সিছ ফৰ্ড ক’প’লাৰ দ্বাৰা পৰিচালিত…
-
সাগৰিকা ঘোষ
সাগৰিকা ঘোষ (Sagarika Ghose; জন্ম: ৮ নৱেম্বৰ ১৯৬৪) হৈছে এগৰাকী ভাৰতীয় সাংসদ, সাংবাদিক, স্তম্ভলেখক আৰু লেখিকা। ১৯৯১ চনৰ পৰা তেওঁ সাংবাদিক হিচাপে কৰ্মৰত৷ তেওঁ দ্য টাইমছ অৱ ইণ্ডিয়া, আউটলুক আৰু দ্য ইণ্ডিয়ান এক্সপ্ৰেছত কাম কৰিছে।
-
ৰবীশ কুমাৰ
ৰবীশ কুমাৰ (জন্ম: ৰবীশ কুমাৰ পাণ্ডে, ৫ ডিচেম্বৰ ১৯৭৪) এগৰাকী ভাৰতীয় টিভি এংকৰ, সাংবাদিক, লেখক আৰু মিডিয়া ব্যক্তিত্ব। তেওঁ ঘাইকৈ ভাৰতীয় ৰাজনৈতিক আৰু সামাজিক জীৱনৰ ওপৰত নিৰপেক্ষ বাতৰি প্ৰকাশৰ বাবে বিখ্যাত। তেওঁ হিন্দী ভাষাত বাতৰি সম্প্ৰসাৰণ কৰা টিভি চেনেল এনডিটিভি ইণ্ডিয়াৰ প্ৰৱন্ধ সম্পাদক।
-
অজিত ছাইনী
অজিত সিং ছাইনী (১৯২২–২০০৭) আছিল ভাৰতৰ পঞ্জাৱ ৰাজ্যৰ এজন লেখক আছিল। তেওঁ পাঞ্জাবী দৈনিক কাকত "অজিত"ৰ সৈতে ইয়াৰ পৰিচালন সম্পাদক আৰু স্তম্ভলেখক হিচাপে জড়িত আছিল। পঞ্জাৱত তেওঁক স্বাধীনতা সংগ্ৰামী আৰু লেখক আৰু স্তম্ভলেখক দুয়োটা ৰূপতে স্মৰণ কৰা হয়।
-
অনাহিতা খালাতবাৰী
অনাহিতা খালাতবাৰী এগৰাকী ইৰানী মূলৰ আমেৰিকান সাংবাদিক, সংবাদ পৰিৱেশক, প্ৰতিবেদক (ৰিপ’ৰ্টাৰ), অভিনেত্ৰী আৰু টিভি শ্ব’ৰ আঁতধৰোঁতা। তেওঁ ব্ৰিটেইনত ডাঙৰ-দীঘল হৈছিল আৰু তাতেই শিক্ষা গ্ৰহণ কৰিছিল।
-
অনিতা প্ৰতাপ
অনিতা প্ৰতাপ (২৩ ডিচেম্বৰ ১৯৫৮) এগৰাকী ভাৰতীয় লেখিকা আৰু সাংবাদিক। ১৯৮৩ চনত এল টি টি ইৰ মুৰব্বী ভি প্ৰভাকৰণৰ সাক্ষাৎকাৰ লোৱা প্ৰথমগৰাকী সাংবাদিক। তালিবানে কাবুল দখল কৰাৰ সৈতে জড়িত টেলিভিছন সাংবাদিকতাৰ বাবে টিভি ৰিপৰ্টৰ বাবে জৰ্জ পলক বঁটা লাভ কৰে।
-
অমৃতা চিমা
অমৃতা চিমা এগৰাকী ভাৰতীয় সাংবাদিক। তেওঁ ১৯৯৯ চনৰ পৰা জাৰ্মান আন্তঃৰাষ্ট্ৰীয় টিভি সম্প্ৰচাৰক ডয়চে ৱেলে -টিভিৰ বাতৰি উপস্থাপিকা হিচাপে কাম কৰি আহিছে। ২০০৫ চনৰ পৰা ২০০৮ চনলৈকে তেওঁ অষ্ট্ৰেলিয়াৰ সম্প্ৰচাৰক এছ বি এছ টেলিভিছনৰ সৈতে কিছু বছৰ কটায়।
-
অমৃতা চৌধুৰী
অমৃতা চৌধুৰী ( Amrita Chaudhry; ২৬ জুন ১৯৭২ – ২২ অক্টোবৰ ২০১২) এগৰাকী ভাৰতীয় ছপা মাধ্যমৰ সাংবাদিক আছিল যিয়ে দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত প্ৰধান সংবাদদাতা হিচাপে কাম কৰিছিল। কাকতখনৰ সৈতে দশকজোৰা কেৰিয়াৰত অমৃতাই পঞ্জাবৰ বিভিন্ন বিষয়ৰ ওপৰত বাতৰি পৰিৱেশন কৰাৰ বাবে ব্যাপক স্বীকৃতি লাভ কৰিছিল।
-
অশ্বিনী কুমাৰ বৰুৱা
অশ্বিনী কুমাৰ বৰুৱা লিখক তথা সাংবাদিক। তেওঁ অসমীয়া আৰু ইংৰাজী দৈনিক বাতৰি কাকতৰ স্তম্ভ লিখকো৷ তেওঁ আকাশৱাণী ডিব্ৰুগড়ৰ দ্বাৰা অনুমোদিত এজন গীতিকাৰ।
-
অৰি ৰোগো মাণ্ডুলী
অৰি ৰোগো মাণ্ডুলী (Orie Rogo Manduli; ১৯৪৮ – ৮ ছেপ্টেম্বৰ ২০২১) এগৰাকী কেনিয়াৰ কূটনীতিবিদ, মহিলা কৰ্মী আৰু সাংবাদিক আছিল। ১৯৬৪ চনত মিছ কেনিয়া সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়ী হোৱাৰ লগতে ১৯৭৪ চনত চিলভিয়া ওমিনোৰ সৈতে আফ্ৰিকান বংশৰ আৰু কেনিয়াৰ পৰা অহা প্ৰথমগৰাকী মহিলাই ইষ্ট আফ্ৰিকান ছাফাৰী ৰেলীত…
-
অৰোৰা স্নো
অৰোৰা স্নো হৈছে এগৰাকী অৱসৰপ্ৰাপ্ত আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী, পৰিচালক আৰু স্তম্ভলেখিকা।