ভাৰতীয় ব্যক্তি
১৭০ প্ৰবন্ধ
-
সত্যব্ৰত নিৰালা
সত্যব্ৰত নিৰালা (জন্ম: ১০ অক্টোবৰ ১৯৮৮) অসমৰ ডিগবৈৰ এজন এজাইল ৰূপান্তৰ পৰামৰ্শদাতা, প্ৰশিক্ষক, উদ্ভাৱক আৰু গৱেষক। তেওঁ এজাইল শিক্ষা ঘোষণাপত্ৰৰ মুখ্য লেখক, HiMirrorly.comৰ সহ-প্ৰতিষ্ঠাপক আৰু উদ্ভাৱক, আৰু অসমীয়া বিশ্বকোষৰ প্ৰতিষ্ঠাতা।
-
নাগাৰ্জুন
নাগাৰ্জুন (আনুমানিক ১৫০-২৫০ খ্ৰীষ্টাব্দ) আছিল গৌতম বুদ্ধৰ পিছৰ অন্যতম প্ৰভাৱশালী বৌদ্ধ দাৰ্শনিক। শিষ্য আৰ্যদেৱৰ সৈতে ‘মহাযান’ বৌদ্ধ ধৰ্মৰ ‘গৌণ’ শাখা প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব তেওঁক দিয়া হয়।
-
শংকৰ মহাদেৱন
শংকৰ মহাদেৱন ( Shankar Mahadevan; জন্ম: ৩ মাৰ্চ ১৯৬৭) এজন ভাৰতীয় গায়ক আৰু সুৰকাৰ, যি ভাৰতীয় চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰা শংকৰ–এহছান–লয়ৰ অংশ। ২০২৩ চনত বাৰ্মিংহাম চিটি ইউনিভাৰ্চিটিয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।
-
জাকিৰ হুছেইন (সংগীতজ্ঞ)
জাকিৰ হুছেইন আল্লাৰাখা কুৰেছি (Zakir Hussain Allarakha Qureshi; ৯ মাৰ্চ ১৯৫১ - ১৫ ডিচেম্বৰ ২০২৪) এগৰাকী ভাৰতীয় তবলা বাদক, সুৰকাৰ, পাৰ্কাচনিষ্ট, সংগীত প্ৰযোজক আৰু চলচ্চিত্ৰ অভিনেতা। তেওঁ তবলা বাদক আল্লা ৰাখাৰ জেষ্ঠ পুত্ৰ।তেওঁ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ তবলাবাদক হিচাপে সৰ্বজনগৃহীত।
-
বিদ্যাপতি
বিদ্যাপতি (Vidyapati, আনুমানিক ১৩৫২ – ১৪৪৮), যাক মৈথিলী কবি কোকিল নামেৰেও জনা যায়, এজন মৈথিলী আৰু সংস্কৃত বহুগণিতজ্ঞ-কবি-সাধু, নাট্যকাৰ, সুৰকাৰ, জীৱনীকাৰ, দাৰ্শনিক, আইন-তত্ত্ববিদ, লেখক, দৰবাৰী আৰু ৰাজপুৰোহিত আছিল। তেওঁ শিৱৰ ভক্ত আছিল যদিও প্ৰেমৰ গীত আৰু ভক্তিমূলক বৈষ্ণৱ গীতো লিখিছিল।
-
হৰিহৰণ (গায়ক)
হৰিহৰণ অনন্ত সুব্ৰমণি ( Hariharan Anantha Subramani; জন্ম ৩ এপ্ৰিল ১৯৫৫) এগৰাকী ভাৰতীয় প্লেবেক গায়ক, ভজন আৰু গজল গায়ক যিয়ে মূলতঃ তামিল, মালয়ালম, হিন্দী, কানাড়া আৰু তেলেগু ভাষাত গীত গায়।
-
অৰুণ দাস
অৰুণ দাস ( Arun Das) অসমৰ ৰকষ্টাৰ হিচাপে পৰিচিত এগৰাকী সংগীত শিল্পী। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰত কণ্ঠদান কৰাৰ উপৰি দুখন চলচ্চিত্ৰৰ সংগীত পৰিচালনাও কৰিছিল। ১৯৮৭ চনত তেওঁৰ কণ্ঠৰ প্ৰথমটো কেছেট “মোৰ গীত মোৰ প্ৰেম’’ মুক্তি পাইছিল।
-
মোহিত সূৰী
মোহিত সূৰী (Mohit Suri; জন্ম: ১১ এপ্ৰিল ১৯৮১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ মাৰ্ডাৰ ২ (২০১১), মিউজিকেল ৰোমান্সধৰ্মী কথাছবি আশিকি ২ (২০১৩), ৰোমাণ্টিক একশ্যন-থ্ৰিলাৰধৰ্মী কথাছবি আৱাৰাপান (২০০৭), এক ভিলেইন (২০১৪), মালাং (২০২০) আৰু ছাইয়াৰা (২০২৫) আদি পৰিচালনা কৰে।
-
এ. কে. জ্যোতি
আচল কুমাৰ জ্যোতি (Achal Kumar Jyoti, জন্ম: ২৩ জানুৱাৰী ১৯৫৩) গুজৰাট কেডাৰৰ ১৯৭৫ চনৰ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া, যিয়ে ২০১৭ চনৰ ৬ জুলাইৰ পৰা ২০১৮ চনৰ ২৩ জানুৱাৰীলৈকে ভাৰতৰ ২১ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
এছ. ওৱাই. কুৰেশ্বি
শ্বাহাবুদ্দিন ইয়াকুব কুৰেশ্বি ( Shahabuddin Yaqoob Quraishi; জন্ম: ১১ জুন ১৯৪৭) এজন ভাৰতীয় চৰকাৰী কৰ্মচাৰী যিয়ে ভাৰতৰ ১৭ নং মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১০ চনৰ ৩০ জুলাইত নবীন চাওলাৰ উত্তৰাধিকাৰী হিচাপে তেওঁক চি ই চি হিচাপে নিযুক্তি দিয়া হয়।
-
জগদ্দিপেন্দ্ৰ নাৰায়ণ
জগদ্দিপেন্দ্ৰ নাৰায়ণ(১৯১৫ চনৰ ১৫ ডিচেম্বৰ – ১৯৭০ চনৰ ১১ এপ্ৰিল) ভাৰতৰ কোচবিহাৰৰ মহাৰাজ আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ ব্ৰিটিছ বাহিনীত সেৱা আগবঢ়াই ১৯৪৯ চনত ভাৰত চৰকাৰক সম্পূৰ্ণ শাসক ক্ষমতা প্ৰদান কৰে।
-
জামছেদজী টাটা
জামছেটজী নুছেৰৱানজী টাটা (জন্ম, ৩ মাৰ্চ ১৮৩৯ – মৃত্যু, ১৯ মে' ১৯০৪) ভাৰতৰ সৰ্ববৃহৎ সংঘবদ্ধ টাটা গ্ৰুপ প্ৰতিষ্ঠা কৰা এজন ভাৰতীয় উদ্যোগপতি আৰু দানবীৰ। তেওঁ জামছেদপুৰ নগৰ প্ৰতিষ্ঠা কৰিছিল। নৱছাৰীত পাৰ্চী পুৰোহিত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।
-
জ্যোতিৰাও ফুলে
জ্যোতিৰাও ফুলে ( জন্ম:১১ এপ্ৰিল ১৮২৭ –মৃত্যু: ২৮ নৱেম্বৰ, ১৮৯০) জ্যোতিবা ফুলে নামেৰেও পৰিচিত। জ্যোতিৰাও ফুলে মহাৰাষ্ট্ৰৰ এজন ভাৰতীয় সমাজ কৰ্মী, ব্যৱসায়ী, জাতি বিৰোধী সমাজ সংস্কাৰক আৰু লেখক আছিল।
-
টি. এন. শেষন
টি. এন. শেষন, সম্পূৰ্ণ নাম তিৰুণলেই নাৰায়ণ আয়েৰ শেষন ( Tirunellai Narayana Iyer Seshan; ১৫ মে' ১৯৩৩ – ১০ নৱেম্বৰ ২০১৯) আছিল এজন ভাৰতীয় চৰকাৰী আমোলা কৰ্মচাৰী, যিয়ে ভাৰতীয় প্ৰশাসনিক সেৱাৰ সৈতে আৰু ৰাজনীতিবিদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ডোৰাবজী টাটা
ছাৰ ডোৰাবজী টাটা ( জন্ম,২৭ আগষ্ট ১৮৫৯ – মৃত্যু,৩ জুন ১৯৩২) ব্ৰিটিছ ৰাজৰ সময়ত এজন ভাৰতীয় উদ্যোগপতি আৰু দানবীৰ, আৰু টাটা গোটৰ ইতিহাস আৰু বিকাশৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল। বৃটিছ ভাৰতৰ উদ্যোগলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯১০ চনত তেওঁক নাইট পদবী দিয়া হয়।
-
দ্বাৰকানাথ ঠাকুৰ
দ্বাৰকানাথ ঠাকুৰ (জন্ম ১৭৯৪-১৮৪৬) ব্ৰিটিছ অংশীদাৰসকলৰ সৈতে উদ্যোগ গঠন কৰা প্ৰথম ভাৰতীয় উদ্যোগপতিসকলৰ ভিতৰত এজন আছিল। তেওঁ ৰামমনি ঠাকুৰৰ পুত্ৰ আছিল আৰু ৰামমনিৰ জ্যেষ্ঠ ভাতৃ ৰামলোচন ঠাকুৰক দত্তক লোৱাৰ বাবে দিয়া হৈছিল।
-
নবীন চাওলা
নবীন চাওলা ( Novin Chawla; জন্ম: ৩০ জুলাই ১৯৪৫) এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় চৰকাৰী কৰ্মচাৰী আৰু লেখক। তেওঁ ভাৰতৰ ১৬ সংখ্যক ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
নীম কৰোলী বাবা
নীম কৰোলী বাবা (Neem Karoli Baba) বা নীব কাৰোৰী বাবা (জন্ম: লক্ষ্মণ নাৰায়ণ শৰ্মা; ১৯০০ – ১১ ছেপ্টেম্বৰ ১৯৭৩) হিচাপেও পৰিচিত৷ তেখেতৰ অনুগামীসকলে তেখেতক মহাৰাজ-জী বুলি মাতিছিল৷ তেখেত হনুমানৰ ভক্ত আছিল।
-
নৃপেন্দ্ৰ নাৰায়ণ
নৃপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ, জিচিআইই (৪ অক্টোবৰ ১৮৬৩– ১৮ ছেপ্টেম্বৰ ১৯১১), সাধাৰণতে মহাৰাজ নৃপেন্দ্ৰ নাৰায়ণ নামেৰে জনাজাত, ১৮৬৩ চনৰপৰা ১৯১১ চনত মৃত্যুৰ আগলৈকে ব্ৰিটিছ ভাৰতৰ ৰাজকীয় ৰাজ্য কোচবিহাৰৰ শাসক আছিল।
-
বলৰাজ সাহনী
বলৰাজ সাহনী ( ইংৰাজী: বলৰাজ সাহনী; জন্ম: ১ মে' ১৯১৩ –মৃত্যু: ১৩ এপ্ৰিল ১৯৭৩) এজন ভাৰতীয় চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা, যি জনে ধৰ্তি কে লাল (১৯৪৬), দো বিঘা জমিন (১৯৫৩), ছ'টি বহন (১৯৫৯), কাবুলীৱালা ( ১৯৬১), ৱক্ত (১৯৬৫) আৰু গৰ্ম হাৱা(১৯৭৩)ৰ দৰে বিখ্যাত হিন্দী চিনেমাত নিজ অভিনয় দক্ষতা প্ৰকাশ কৰি…
-
বাঘা যতীন
বাঘা যতীন ৰ শৈশৱৰ নাম আছিল যতীন্দ্ৰনাথ মুখাৰ্জী (যতীন্দ্ৰনাথ মুখোপাধ্যায়)। তেওঁ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কৰ্মৰত এজন দাৰ্শনিক বিপ্লৱী আছিল। তেওঁ যুগান্তৰ পাৰ্টিৰ মুখ্য নেতা আছিল। বংগৰ বিপ্লৱীসকলৰ প্ৰধান সংগঠন আছিল যুগান্তৰ পাৰ্টি।
-
বি. বি. টেণ্ডন
ব্ৰিজ বিহাৰী টেণ্ডন, হিমাচল প্ৰদেশ কেডাৰৰ ১৯৬৫ বেচৰ অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া, যিয়ে ২০০৫ চনৰ ১৬ মে’ৰ পৰা ২০০৬ চনৰ ২৯ জুনলৈকে ভাৰতৰ ১৪ সংখ্যক ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০১ চনৰ জুন মাহত তেওঁ নিৰ্বাচন আয়ুক্ত হিচাপে যোগদান কৰে।
-
বিধু বিনোদ চোপ্ৰা
বিধু বিনোদ চোপ্ৰা (: Vidhu Vinod Chopra; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৫২) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু সম্পাদক। চোপ্ৰাই পাঁচটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু দহটা ফিল্মফেয়াৰ বঁটাকে ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ত বহু প্ৰশংসা লাভ কৰিছে।
-
সুনীতি দেৱী
সুনীতি দেৱীCIE (Sunity Devi, ৩০ ছেপ্টেম্বৰ, ১৮৬৪ – ১০ নৱেম্বৰ, ১৯৩২) ব্ৰিটিছ ভাৰতৰ অধীনৰ ৰাজশাসিত ৰাজ্য কোচবিহাৰৰ মহাৰাণী আছিল।
-
ৰাজেন্দ্ৰ নাৰায়ণ
ৰজা ৰাজেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ (১৮৮২–১৯১৩) ভাৰতৰ পশ্চিমবংগৰ কোচবিহাৰৰ মহাৰাজ আছিল। তেওঁ আছিল ৰজা নৃপেন্দ্ৰ নাৰায়ণৰ জ্যেষ্ঠ পুত্ৰ।
-
ৰাজেন্দ্ৰ সিং
ৰাজেন্দ্ৰ সিং (জন্ম ৬ আগষ্ট, ১৯৫৯) ভাৰতৰ ৰাজস্থানৰ আলৱাৰ জিলাৰ এজন ভাৰতীয় জল সংৰক্ষণবিদ আৰু পৰিৱেশবিদ। "ভাৰতৰ জলপতি" নামেৰেও পৰিচিত তেখেতে ২০০১ চনত মেগছেছে বঁটা আৰু ২০১৫ চনত ষ্টকহোম জল বঁটা লাভ কৰে। ১৯৭৫ চনত প্ৰতিষ্ঠা হোৱা তৰুণ ভাৰত সংঘ (টিবিএছ) নামৰ এন জি অ'টো পৰিচালনা কৰে।
-
ৰামকুমাৰ মুখোপাধ্যায়
ৰামকুমাৰ মুখোপাধ্যায় (Ramkumar Mukhopadhyay, জন্মঃ ৮ মাৰ্চ ১৯৫৬) ভাৰতৰ এজন বাঙালী সাহিত্যিক। তেওঁ ডাঙৰসকলৰ লগতে ল'ৰা-ছোৱালীৰ বাবে উপন্যাস আৰু চুটিগল্প ৰচনা কৰিছে।
-
অৰুণ বোস
অৰুণ বোস (Arun Bose) (জন্ম: ২১ ডিচেম্বৰ ১৯৮২) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ সম্পাদক আৰু প্ৰযোজক। তেওঁ মূলতঃ মালয়ালম চলচ্চিত্ৰ উদ্যোগত কৰ্মৰত।
-
আদিত্য বিৰলা
আদিত্য বিক্ৰম বিৰলা ( জন্ম ১৪ নৱেম্বৰ, ১৯৪৩ – মৃত্যু,১ অক্টোবৰ ১৯৯৫) এজন ভাৰতীয় উদ্যোগপতি আৰু দানবীৰ। ভাৰতৰ অন্যতম বৃহৎ ব্যাৱসায়িক পৰিয়ালত জন্মগ্ৰহণ কৰা তেওঁ নিজৰ গোটৰ বস্ত্ৰশিল্প, পেট্ৰ’কেমিকেল, আৰু দূৰসংযোগৰ ক্ষেত্ৰত বৈচিত্ৰ্যৰ নেতৃত্ব দিছিল।
-
আৰ. কে. ত্ৰিবেদী
আৰ. কে. ত্ৰিবেদী বা ৰাম কৃষ্ণ ত্ৰিবেদী (১ জানুৱাৰী ১৯২১ – ১৯ নৱেম্বৰ ২০১৫) ১৯৮৬ চনৰ ২৬ ফেব্ৰুৱাৰীৰ পৰা ১৯৯০ চনৰ ২ মে'লৈকে গুজৰাটৰ ৰাজ্যপাল আছিল। ত্ৰিবেদীয়ে ১৯৮২ চনৰ ১৮ জুনৰ পৰা ১৯৮৫ চনৰ ৩১ ডিচেম্বৰলৈ ভাৰতৰ সপ্তম মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।