সমাজকৰ্মী
৩৯৮ প্ৰবন্ধ
-
মাদাৰ টেৰেছা
মাদাৰ টেৰেছা (Mother Teresa; ১৯১০ - ১৯৯৭; জন্মৰ নাম: এগ্নেছ গোন্জা বোজাজিউ; উচ্চাৰণ: ) এগৰাকী কেথ'লিক খ্ৰীষ্টান পন্থীয় নান (nun) আছিল। তেখেত মূলতঃ এলবেনিয়ান জাতিৰ ব্যক্তি পাছলৈ এখেতে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল। এখেতে কলিকতাত 'মিছনেৰীজ অফ চেৰিটি' স্থাপন কৰিছিল।
-
আন্না হাজাৰে
আন্না হাজাৰে (Anna Hazare; জন্ম: ১৫ জুন, ১৯৪০) হ'ল ভাৰতৰ সমাজ সংস্কাৰক। তেওঁৰ প্ৰকৃত নাম কিচান বাবুৰাও হাজাৰে (Kisan Baburao Hazare)। তেওঁ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ আহমেদনগৰ জিলাৰ ৰালেগন সিদ্ধি গাঁৱৰ উন্নয়ন কাৰ্যসূচীৰ কাৰণে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
মেনকা গান্ধী
মানেকা সঞ্জয় গান্ধী (Maneka Sanjay Gandhi) (মেনাকা বুলিও উচ্চাৰিত; বিবাহোত্তৰ উপাধি-আনন্দ) (জন্ম- ২৬ আগষ্ট ১৯৫৬) হৈছে এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, জন্তুৰ অধিকাৰকৰ্মী আৰু এগৰাকী পৰিৱেশবিদ৷ তেখেত লোক সভা আৰু ভাৰতীয় জনতা দলৰ এগৰাকী সদস্যা৷ ভাৰতৰ ৰাজনীতিবিদ সঞ্জয় গান্ধীৰ তেখেত পত্নী আছিল৷ মানেকা…
-
বিল গেট্ছ
উইলিয়াম হেনৰি গেট্ছ তৃতীয় (William Henry Gates III; জন্ম ২৮ অক্টোবৰ, ১৯৫৫ চন) হৈছে এগৰাকী আমেৰিকান পুঁজিপতি, ছফ্টৱেৰ নিৰ্মাতা, বিনিয়োগকাৰী, আৰু সমাজহিতৈষী। মাইক্ৰ'ছফ্টৰ সহ-প্ৰতিষ্ঠাতা হিচাপে তেখেত জনাজাত।
-
মালালা ইউছুফজাই
মালালা ইউছুফজাই (Malala Yousafzai জন্ম: ১২ জুলাই ১৯৯৭) ১৩ বছৰ বয়সতে তেওঁ তাহৰিক-এ-তালিবান শাসনৰ অত্যাচাৰৰ বিষয়ে "গুল মাকাই" ছদ্ম নাম লৈ "বিবিচি"ৰ বাবে ব্লগিঙৰ দ্বাৰা স্বাতৰ লোকৰ মাজত নায়িকা হৈ পৰে।
-
তছলিমা নাছৰিন
তছলিমা নাছৰিন (বাংলা: তসলিমা নাসব়িন, জন্ম: ২৫ আগষ্ট ১৯৬২) এগৰাকী বাংলাদেশী চুইডিছ সাহিত্যিক আৰু চিকিৎসক। তেওঁ ১৯৯৪ চনৰ পৰা তেওঁ নিৰ্বাসনত আছে। বিংশ শতিকাৰ আশীৰ দশকত তেওঁ এগৰাকী উদয়ীমান কবি হিচাপে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল।
-
কমলাদেৱী চট্টোপাধ্যায়
কমলাদেৱী চট্টোপাধ্যায় ( Kamaladevi Chattopadhyay; ৩ এপ্ৰিল ১৯০৩ – ২৯ অক্টোবৰ ১৯৮৮) এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, লেখক আৰু স্বাধীনতা কৰ্মী আছিল। ভাৰতৰ স্বাধীনতা আন্দোলনলৈ আগবঢ়োৱা অৱদানৰ বাবে; স্বাধীন ভাৰতত দেশীয় হস্তশিল্প, হস্ততাঁত, আৰু থিয়েটাৰ নৱজাগৰণৰ চালিকা শক্তি হোৱাৰ বাবে আৰু ভাৰতীয়…
-
স্বৰ্ণকুমাৰী দেৱী
স্বৰ্ণকুমাৰী দেৱী (Swarnakumari Devi; ২৮ আগষ্ট ১৮৫৫ – ৩ জুলাই ১৯৩২) আছিল এগৰাকী ভাৰতৰ বাংলা কবি, ঔপন্যাসিকা, সংগীতজ্ঞ আৰু সমাজকৰ্মী৷ ভাৰতৰ প্ৰথমকেইগৰাকী ঔপন্যাসিকাৰ মাজত তেখেতৰ নামটোও লোৱা হয়৷ বংগত বাংলা ভাষাত সাহিত্য চৰ্চা কৰি সমাদৰ লাভ কৰা প্ৰথমকেইগৰাকী লেখিকাৰ ভিতৰতো স্বৰ্ণকুমাৰী দেৱী অন্যতম৷
-
কৈলাস সত্যাৰ্থী
কৈলাস সত্যাৰ্থী (Kailash Satyarthi; জন্ম: ১১ জানুৱাৰী ১৯৫৪) ভাৰতৰ এজন শান্তিৰ ন'বেল বঁটা বিজয়ী সক্ৰিয় শিশু অধিকাৰ কৰ্মী। ২০১৪ চনত তেওঁক পাকিস্তানী সমাজকৰ্মী মালালা ইউছুফজাইৰ সৈতে যুটীয়াভাৱে “শিশু অৱদমনৰ বিৰুদ্ধে আৰু সকলো শিশুৰ শিক্ষাৰ অধিকাৰৰ হকে কৰি অহা সংগ্ৰামৰ বাবে” শান্তিৰ ন'বেল বঁটাৰে…
-
দুৰ্গাবাঈ দেশমুখ
দুৰ্গাবাঈ দেশমুখ বা লেডী দেশমুখ (Durgabai Deshmukh, ১৫ জুলাই ১৯০৯ – ৯ মে' ১৯৮১) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ভাৰতৰ সংবিধান সভা আৰু ভাৰতৰ পৰিকল্পনা আয়োগৰ সদস্য আছিল। মহিলা সৱলীকৰণৰ বাবে তেওঁ ১৯৩৭ চনত অন্ধ্ৰ মহিলা সভা প্ৰতিষ্ঠা কৰিছিল।
-
মুথুলক্ষ্মী ৰেড্ডী
মুথুলক্ষ্মী ৰেড্ডী (৩০ জুলাই ১৮৮৬ – ২২ জুলাই ১৯৬৮) এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, চিকিৎসক, ৰাজনীতিবিদ, মহিলাৰ অধিকাৰ কৰ্মী আৰু লেখিকা। তেওঁ ভাৰতৰ প্ৰথম মহিলা বিধায়ক। ১৯২৭ চনত তেওঁক মাদ্ৰাজ বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত কৰা হৈছিল।
-
শ্যামা প্ৰসাদ মুখাৰ্জী
শ্যামা প্ৰসাদ মুখাৰ্জী (৬ জুলাই ১৯০১ – ২৩ জুন ১৯৫৩) এজন ভাৰতীয় বেৰিষ্টাৰ, শিক্ষাবিদ, ৰাজনীতিবিদ, হিন্দুত্ববাদী কৰ্মী, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় চৰকাৰৰ মন্ত্ৰী আছিল৷ কংগ্ৰেছৰ বিৰোধিতা কৰাৰ পাছতো নেহৰুৱে তেওঁক নিযুক্তি দিছিল।
-
গ্ৰেটা থুন্বাৰি
গ্ৰেটা থুন্বাৰি (Greta Thunberg; ৩ জানুৱাৰী, ২০০৩) এগৰাকী চুইডিছ পৰিৱেশ কৰ্ম্মী। বিগত এটা বছৰ ধৰি তেওঁ জলবায়ু পৰিবৰ্তন সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা অনাৰ বাবে চেষ্টা কৰি আহিছে।
-
ধন্দ কেশৱ কৰ্ৱে
ধন্দ কেশৱ কৰ্ৱে (১৮ এপ্ৰিল ১৮৫৮ – ৯ নৱেম্বৰ ১৯৬২), জনপ্ৰিয়ভাৱে মহৰ্ষি কৰ্ৱে, এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, অধ্যাপক আৰু লেখক আছিল। তেওঁ মহিলা সৱলীকৰণ আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত ভালেমান পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁৰ সন্মানৰ্থে মুম্বাইৰ কুইনছ ৰ'ডৰ নাম সলনি কৰি মহৰ্ষি কৰ্ৱে পথ ৰখা হৈছে।
-
মেধা পাটকৰ
মেধা পাটকৰ (Medha Patkar, মাৰাঠী: मेधा पाटकर) ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ সমাজকৰ্মী। নৰ্মদা বচাও আন্দোলনত পালন কৰা উল্লেখনীয় ভূমিকাৰ বাবে এখেত বিখ্যাত।
-
সুধা মূৰ্তি
সুধা মূৰ্তি (জন্ম: ১৯ আগষ্ট ১৯৫০) এগৰাকী ভাৰতীয় অভিযান্ত্ৰিক শিক্ষক, সমাজকৰ্মী আৰু লেখিকা। তেওঁ বৰ্তমান ইনফ'চিছ ফাউণ্ডেচনৰ অধ্যক্ষ আৰু মূলতঃ কানাড়া আৰু ইংৰাজী ভাষাত লিখা-মেলা কৰে। তেওঁ গেটছ ফাউণ্ডেচনৰ জনস্বাস্থ্য প্ৰকল্পৰ সদস্য।
-
সোণাল মানসিং
সোণাল মানসিং (Sonal Mansingh; জন্ম: ৩০ এপ্ৰিল ১৯৪৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী। তেওঁ ভাৰতনাট্যম আৰু ওড়িছী নৃত্যত পাৰদৰ্শিতা অৰ্জন কৰি গুৰু হিচাপে পৰিগণিত হৈছে। ২০১৮ চনত তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ সাংসদ হিচাপে মনোনীত কৰে।
-
ৰাণী ৰাসমণি
ৰাণী ৰাসমণি (Rani Rashmoni, ২৪ ছেপ্টেম্বৰ ১৭৯৩ - ১৯ ফেব্ৰুৱাৰী ১৮৬১) ব্ৰিটিছ ভাৰতৰ এগৰাকী জমিদাৰ আছিল। তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত।
-
ৰেৱতী
আশা কেলুন্নী (জন্ম: ৮ জুলাই ১৯৬৬)-ৰ জনপ্ৰিয় নাম হৈছে ৰেৱতী (Revathi)। ৰেৱতী ভাৰতীয় ছবি জগতৰ অভিনেত্ৰী। তেখেতেক সচৰাচৰ তামিল আৰু মালয়ালম ছবিত দেখিবলৈ পোৱা যায়। ফিল্মফেয়াৰ বঁটা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি একাধিক স্বীকৃতি-সন্মান তেখেতে আহৰণ কৰিবলৈ সক্ষম হৈছে।
-
অবলা বসু
অবলা বসু (Abala Bose, ৮ আগষ্ট ১৮৬৫ – ২৫ এপ্ৰিল ১৯৫১) এগৰাকী ভাৰতীয় সামাজিক কৰ্মী আছিল। নাৰীশিক্ষা আৰু বিধৱাসকলক কল্যাণৰ বাবে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। তেওঁ বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ পত্নী।
-
গৌৰী লংকেশ
গৌৰী লংকেশ (ಗೌರಿ ಲಂಕೇಶ್; ২৯ জানুৱাৰী ১৯৬২ – ৫ ছেপ্টেম্বৰ ২০১৭) আছিল ভাৰতৰ এগৰাকী সাংবাদিক আৰু সক্ৰিয় সমাজকৰ্মী। কৰ্ণাটকৰ বাংগালোৰত জন্মলাভ কৰা গৌৰী লংকেশে 'লংকেশ পত্ৰিকে' নামৰ কন্নড় ভাষাৰ সাপ্তাহিক সংবাদপত্ৰখনত সম্পাদক হিচাপে কাম কৰিছিল। এইখন সংবাদপত্ৰ আৰম্ভ কৰিছিল তেখেতৰ পিতৃ পি.লংকেশে।
-
বিশ্বজিৎ দৈমাৰী
বিশ্বজিৎ দৈমাৰী এজন ভাৰতীয় ৰাজনীতিবিদ। ১৯৭১ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে তেওঁ জন্ম লাভ কৰে। তেওঁ ২০২১ চনৰ পৰা অসম বিধানসভা অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০২১ চনত অসম বিধানসভাত নিৰ্বাচনত পানেৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি বিপুল ভোটত জয়লাভ কৰে।
-
শকুন্তলা দেৱী
শকুন্তলা দেৱী (Shakuntala Devi; ৪ নৱেম্বৰ ১৯২৯ - ২১ এপ্ৰিল ২০১৩) এগৰাকী ভাৰতীয় লেখিকা তথা মানৱ গণকযন্ত্ৰ। তেওঁ ‘মানৱ কম্পিউটাৰ’ নামে পৰিচিত। তেওঁৰ অসাধাৰণ গণন ক্ষমতাৰ বাবে তেওঁক ১৯৮২ চনত ‘গীনিছ বুক অব ৱৰ্ল্ড ৰেকৰ্ডচ্’ত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ এগৰাকী লেখিকা হিচাপে কেইবাখনো কিতাপ লিখিছে।
-
সোনম ৱাংচুক
সোনম ৱাংচুক, উচ্চাৰণ চোনম ৱাংচুক, (: Sonam Wangchuk; জন্ম: ১ ছেপ্টেম্বৰ ১৯৬৬) এগৰাকী ভাৰতীয় অভিযন্তা সমাজকৰ্মী, উদ্ভাৱক, শিক্ষা সংস্কাৰক আৰু পৰিৱেশবিদ।
-
ৰিচাৰ্ড উইলিয়াম টিম
ড॰ ৰিচাৰ্ড উইলিয়াম টিম (Richard William Timm; ২ মাৰ্চ ১৯২৩ – ১১ ছেপ্টেম্বৰ ২০২০) এগৰাকী আমেৰিকান জীৱবিজ্ঞানী, খ্ৰীষ্টান যাজক, শিক্ষাবিদ, গৱেষক আৰু সমাজকৰ্মী আছিল। তেওঁ নটৰ ডেম কলেজৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তদুপৰি ১৯৭০ চনৰ পৰা ১৯৭১ চনলৈ কলেজৰ অধ্যক্ষৰ আসন শুৱনি কৰিছিল।
-
অনুৰূপা দেৱী
অনুৰূপা দেৱী (Anurupa Debi; ৯ ছেপ্তেম্বৰ ১৮৮২-১৯ এপ্ৰিল ১৮৫৮) এগৰাকী বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী আছিল। দেৱী বঙালী সাহিত্যৰ প্ৰাৰম্ভিক পৰ্যায়ৰ মহিলা লেখকসকলৰ অন্যতম, যি গৰাকী ব্যক্তিয়ে যথেষ্ট প্ৰাধান্য আৰু জনপ্ৰিয়তা লাভ কৰিছিল।
-
কমলা ভাচিন
কমলা ভাচিন (Kamla Bhasin; জন্ম: ২৪ এপ্ৰিল, ১৯৪৬ - ২৫ ছেপ্টেম্বৰ ২০২১) হ'ল এগৰাকী ভাৰতীয় প্ৰগতিশীল নাৰীবাদী কৰ্মী, কবি, লেখক আৰু সমাজ বিজ্ঞানী। ১৯৭০ চনৰপৰা ভাচিনে লিংগ, শিক্ষা, মানৱ উন্নয়ন আৰু সংবাদ মাধ্যমক কামৰ ক্ষেত্ৰ হিচাপে বাচি লৈ কাম কৰি আহিছে। তেওঁ ভাৰতৰ নতুন দিল্লী নিবাসী আছিল।
-
পণ্ডিতা ৰমাবাঈ
পণ্ডিতা ৰমাবাঈ সৰস্বতী (Pandita Ramabai, ২৩ এপ্ৰিল ১৮৫৮ - ৫ এপ্ৰিল ১৯২২) এগৰাকী নাৰী অধিকাৰ আৰু শিক্ষা কৰ্মী। তেওঁ ভাৰতত মহিলাৰ শিক্ষা আৰু মুক্তিৰ অগ্ৰদূত আৰু সমাজ সংকাৰক আছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ দ্বাৰা 'পণ্ডিতা' আৰু 'সৰস্বতী' উপাধি লাভ কৰা প্ৰথম মহিলা আছিল।
-
বানু জাহাংগীৰ কয়াজী
বানু জাহাংগীৰ কয়াজী (Banoo Jehangir Coyaji, ৭ ছেপ্টেম্বৰ ১৯১৭ – ১৫ জুলাই ২০০৪) পৰিয়াল পৰিকল্পনা আৰু জনসংখ্যা নিয়ন্ত্ৰণত এগৰাকী ভাৰতীয় চিকিৎসক তথা সমাজকৰ্মী।
-
ভি. শান্তা
বিশ্বনাথন শান্তা (১১ মাৰ্চ ১৯২৭ - ১৯ জানুৱাৰী ২০২১) জনপ্ৰিয়ভাৱে ভি. শান্তা এগৰাকী ভাৰতীয় কৰ্কট ৰোগ বিশেষজ্ঞ আৰু চেন্নাইত অৱস্থিত অদ্যাৰ কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ অধ্যক্ষ আছিল। তেওঁ বিশেষকৈ ভাৰতৰ কৰ্কট ৰোগীসকলৰ সহজলভ্য আৰু কম খৰচী চিকিৎসা প্ৰদান কৰিবলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।