সৌন্দৰ্য প্ৰতিযোগী
১৬৮ প্ৰবন্ধ
-
প্ৰিয়ংকা চোপ্ৰা
প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra; জন্ম: ১৮ জুলাই ১৯৮২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। অভিনয় জগতত খোজ পেলোৱাৰ আগতে তেওঁ মডেল হিচাপে কাম কৰে আৰু ২০০৮ চনত মিছ ৱৰ্ল্ড খিতাপ জয় কৰি জনপ্ৰিয়তা লাভ কৰে। বৰ্তমানলৈকে তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
-
জীনত আমান
জীনত খান (Zeenat Khan, জন্ম: ১৯ নৱেম্বৰ ১৯৫১)ৰ জনপ্ৰিয় নাম হৈছে জীনত আমান। তেখেত হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। হিন্দী ছবিজগতত তেখেতে জীৱনৰ পঞ্চাছটা বছৰ অতিবাহিত কৰিছে। দুটা ফিল্মফেয়াৰ আৰু এটা BFJAকে ধৰি একাধিক বঁটা-সন্মান পাবলৈ জিনাত আমান সক্ষম হৈছে।
-
লাৰা দত্ত
লাৰা দত্ত (Lara Dutta; জন্ম: ১৬ এপ্ৰিল ১৯৭৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, উদ্যোগী আৰু মিছ ইউনিভাৰ্ছ ২০০০ প্ৰতিযোগিতাৰ বিজয়ী। তেওঁক আগতে মিছ আন্তঃমহাদেশীয় ১৯৯৭ হিচাপে মুকুট পিন্ধোৱা হৈছিল। তেওঁৰ কেৰিয়াৰত, তেওঁ মুখ্যতঃ হিন্দী চলচ্চিত্ৰত কাম কৰিছে।
-
সুস্মিতা সেন
সুস্মিতা সেন (জন্ম ১৯ নৱেম্বৰ ১৯৭৫) তেওঁ হিন্দী, তামিল আৰু বাংলা ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। ইয়াৰ লগতে তেওঁ ফিল্মফেয়াৰকে আদি কৰি বহুতো বঁটা আৰু পুৰস্কাৰ লাভ কৰিছে। তেওঁ মিছ ইউনিভাৰ্ছ খিতাপ জয় কৰাৰ পিছত বিভিন্ন চলচ্চিত্ৰত কাম কৰিবলৈ সুযোগ লাভ কৰিছিল।
-
দীপান্বিতা শৰ্মা
দীপান্বিতা শৰ্মা (Dipannita Sharma) বলিউডত খ্যাতি লাভ কৰা এগৰাকী অসমীয়া অভিনেত্ৰী তথা ছুপাৰ মডেল। ১৯৯৮ চনত অনুষ্ঠিত ফেমিনাৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত শীৰ্ষ পাঁচগৰাকীৰ ভিতৰত থাকি তেখেতে দৃষ্টি আকৰ্ষণ কৰে। ২০০২ চনৰ '১৬ ডিচেম্বৰ' চলচ্চিত্ৰত অভিনয়ৰ দ্বাৰা তেখেতে চলচ্চিত্ৰজগতত খোজ দিয়ে।
-
ডায়েনা হেইডেন
ডায়েনা হেইডেন (Diana Hayden; জন্ম ১ মে' ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন পৰিৱেশিকা, মডেল আৰু ১৯৯৭ চনত অনুষ্ঠিত হোৱা 'বিশ্ব সুন্দৰী' (মিছ ৱৰ্ল্ড)-ৰ বিজয়িনী। 'বিশ্ব সুন্দৰী'ৰ খিতাপ জয় কৰা ডায়েনা হৈছে তৃতীয়গৰাকী ভাৰতীয় নাৰী।
-
এস্থাৰ ভিক্টোৰিয়া আব্ৰাহাম
এস্থাৰ ভিক্টোৰিয়া আব্ৰাহাম (Esther Victoria Abraham; ৩০ ডিচেম্বৰ ১৯১৬ – ৬ আগষ্ট ২০০৬)ৰ জনপ্ৰিয় নাম আছিল প্ৰমিলা। এস্থাৰ আছিল এগৰাকী ভাৰতীয় মডেল, অভিনেত্ৰী, আৰু হিন্দী ছবি জগতৰ প্ৰথমগৰাকী মহিলা প্ৰযোজক।
-
ৰাকুল প্ৰীত সিং
ৰাকুল প্ৰীত সিং (Rakul Preet Singh) হৈছে ১৯৯০ চনৰ ১০ অক্টোৱৰত পঞ্জাবী পৰিৱাৰত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী তথা মডেল, তেওঁ বিশেষকৈ তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। লগতে তেওঁ হিন্দী আৰু কন্নড় ভাষাটো অভিনয় কৰে।
-
ৰীতা ফাৰিয়া
ৰীতা ফাৰিয়া পাৱেল (Reita Faria Powell; জন্ম ২৩ আগষ্ট ১৯৪৩) এগৰাকী ভাৰতীয় মডেল, সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী তথা চিকিৎসক। ১৯৪৩ চনৰ ২৩ আগষ্টত ব্ৰিটিছ ভাৰতৰ বোম্বেত এক গোৱান পৰিয়াত ৰীতা ফাৰিয়াৰ জন্ম হৈছিল। তেওঁ ১৯৬৬ চনত মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰিছিল।
-
ডায়ানা ষ্টাৰ্কোভা
ডায়ানা ষ্টাৰ্কোভা (ইংৰাজী: Diana Starkova) এগৰাকী মনাকো মূলৰ ফৰাচী সৌন্দৰ্য ৰাণী, যিয়ে মিছ ইউৰোপ সৌন্দৰ্য প্ৰতিযোগিতাত জয়লাভ কৰিছিল। তেওঁ পেৰিছ-ছৰ্বন বিশ্ববিদ্যালয়ৰ কলা ইতিহাস আৰু পুৰাতত্ত্ব বিভাগৰ এগৰাকী ছাত্ৰী।
-
মানুষী ছিল্লাৰ
মানুষী ছিল্লাৰ (Manushi Chhillar; জন্ম ১৪ মে' ১৯৯৭) এগৰাকী ভাৰতীয় মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ ২০১৭ চনৰ মিছ ৱৰ্ল্ড খিতাপ দখল কৰে। তাৰ আগতে তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০১৭ ৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছিল। আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতা মিছ ৱৰ্ল্ড বিজয়ী মানুষী ষষ্ঠ গৰাকী ভাৰতীয় মহিলা।
-
ৰুবী ৰাণা
ৰুবী ৰাণা (নেপালী: रुबी राणा; ইংৰাজী: Ruby Rana; জন্ম: ১৯৭২) এগৰাকী নেপালী মডেল, অভিনেত্ৰী, উদ্যোগী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। ১৯৯৪ চনত তেওঁ পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত মিছ নেপাল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মিছ নেপালৰ মুকুট পিন্ধিছিল।
-
অড্ৰী ভানেছা
অড্ৰী ভানেছা চুচিলো (জন্ম: ২৩ ডিচেম্বৰ ১৯৯৯), যি অড্ৰী ভানেছা নামেৰে অধিক পৰিচিত, এগৰাকী ইণ্ডোনেছিয়ান সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে উত্তৰ চুলাৱেচিক প্ৰতিনিধিত্ব কৰি মিছ ইণ্ডোনেছিয়া ২০২২ খিতাপ অৰ্জন কৰিছিল।
-
অদিতি আৰ্য
অদিতি আৰ্য কোটাক (জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, গৱেষণা বিশ্লেষক আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৫ চনত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ খিতাপ অৰ্জন কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০১৫ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
অনাৰকলী আকৰ্ষা
অনাৰকলী আকৰ্ষা (সিংহলী: අනර්කලී ආකර්ෂා; জন্ম: ১২ জুলাই ১৯৮৭) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল, প্ৰাক্তন ৰাজনীতিবিদ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০০৪ চনত মিছ ৱৰ্ল্ড শ্ৰীলংকাৰ মুকুট লাভ কৰিছিল আৰু মিছ ৱৰ্ল্ড ২০০৪ প্ৰতিযোগিতাত শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰিছিল।
-
অনাৰা গুপ্তা
অনাৰা গুপ্তা (ইংৰাজী: Anara Gupta; জন্ম: ২৯ আগষ্ট ১৯৮৯) এগৰাকী ভাৰতীয় মডেল যিয়ে ২০০১ চনত 'মিছ জম্মু' সৌন্দৰ্য প্ৰতিযোগিতাত জয়লাভ কৰিছিল। এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সংবাদ মাধ্যমৰ ব্যক্তিত্ব হিচাপে তেওঁ মূলতঃ ভোজপুৰী চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত।
-
অনুপমা ঔৰা গুৰুং
অনুপমা ঔৰা গুৰুং (নেপালী: अनुपमा गुरुङ; জন্ম: ১৬ আগষ্ট ১৯৮৮) এগৰাকী ছিংগাপুৰীয়-নেপালী মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ নেপাল আৰ্থ ২০১১ খিতাপ জয় কৰিছিল। তেওঁ ২০১১ চনৰ ১২ নৱেম্বৰত থাইলেণ্ডৰ পাটায়াত অনুষ্ঠিত মিছ আৰ্থ ২০১১ প্ৰতিযোগিতাত নেপালক প্ৰতিনিধিত্ব কৰিছিল।
-
অৰ্চনা গৌতম
অৰ্চনা গৌতম (ইংৰাজী: Archana Gautam; জন্ম: ১৯৯৪ বা ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ৰাজনীতিবিদ, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। গৌতমক ২০১৪ চনত মিছ উত্তৰ প্ৰদেশ হিচাপে মুকুট পিন্ধোৱা হৈছিল আৰু তেওঁ ২০১৮ চনত মিছ কচম’ছ ৱৰ্ল্ডত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
আইতল খোছলা
আইতল খোছলা (ইংৰাজী: Aaital Khosla; জন্ম: ৩ ডিচেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ 'গ্ল্যামানেণ্ড ছুপাৰমডেল ইণ্ডিয়া'ৰ মুকুট লাভ কৰিছিল আৰু অষ্ট্ৰিয়াৰ ভিয়েনাত অনুষ্ঠিত হোৱা 'মিছ আৰ্থ ২০১৫' প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
আগাথা মাক্সিমোভা
আগাথা মাক্সিমোভা (ইংৰাজী: Agatha Maksimova; জন্ম: ২৩ জুন ১৯৯৩) এগৰাকী ৰাছিয়ান-ফৰাচী অভিনেত্ৰী আৰু মডেল।
-
আছলি বায়ৰাম
আচলি বায়ৰাম (ইংৰাজী: Aslı Bayram; জন্ম: ১ এপ্ৰিল ১৯৮১) এগৰাকী জাৰ্মান অভিনেত্ৰী, লেখিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ তুৰ্কী মূলৰ লোক। ২০১০ চনৰপৰা তেওঁ হেচেনৰ ন্যায় মন্ত্ৰ্যালয়ৰদ্বাৰা অপৰাধ প্ৰতিৰোধৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
আদ্ৰিয়ানা গুটিয়ৰেজ
আৰ্দ্ৰিয়ানা মাৰিয়া গুটিয়ৰেজ আৰেভালো (ইংৰাজী: Ariadna Gutiérrez; জন্ম: ২৫ ডিচেম্বৰ ১৯৯৩) এগৰাকী কলম্বিয়ান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ কলম্বিয়া ২০১৪-ৰ মুকুট পিন্ধিছিল।
-
আন্না লাক্ৰিনি
আন্না লেনা "আন্না" ভেলেন্সিয়া লাক্ৰিনি (জন্ম: ৫ নৱেম্বৰ ১৯৯৭) এগৰাকী ফিলিপিনো-জাৰ্মান সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ছুপ্ৰানেশ্যনেল জাৰ্মানী ২০২৫ আৰু বিনীবিনিং ফিলিপাইনছ গ্ল’ব ২০২৩ জয় কৰিছিল।
-
আমিনা ডাগী
আমিনা ডাগী (ইংৰাজী: Amina Dagi; জন্ম: আমিনা মিৰ্জাখানভা; ১২ ফেব্ৰুৱাৰী ১৯৯৫) এগৰাকী ৰাছিয়ান-অষ্টিয়ান মডেল আৰু সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ অষ্টিয়া ২০১২-ৰ মুকুট অৰ্জন কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০১২ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।
-
আম্পাৰো কুৱেছাডা
মাৰিয়া ডি আম্পাৰো মুনোজ ই কুৱেছাডা (ইংৰাজী: Maria de Amparo Muñoz y Quesada; জন্ম: ২১ জুন ১৯৫৪ – ২৭ ফেব্ৰুৱাৰী ২০১১) এগৰাকী স্পেনিছ অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য ৰাণী আছিল। তেওঁ ফিলিপাইনছৰ মানিলাত অনুষ্ঠিত ১৯৭৪ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত জয়লাভ কৰিছিল।
-
আয়ুষী ঢোলাকীয়া
আয়ুষী ঢোলাকীয়া এগৰাকী ভাৰতীয় সৌন্দৰ্য ৰাণী, যিয়ে ২০১৯ চনৰ ১৯ ডিচেম্বৰত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত মিছ টিন ইণ্টাৰনেশ্যনেল ২০১৯-ৰ মুকুট লাভ কৰিছিল। মিছ টিন ইণ্টাৰনেশ্যনেল খিতাপ অৰ্জন কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয়।
-
আলিনা চাংকো
আলিনা স্তানিচ্লাভোভনা চাংকো (ইংৰাজী: Alina Stanislavovna Sanko; জন্ম: ২৩ জানুৱাৰী ১৯৯৮) এগৰাকী ৰাছিয়ান সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১৯ ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল।
-
আলেকজান্দ্ৰা পেট্ৰোভা
আলেকজান্দ্ৰা ভেলেৰিয়েভনা পেট্ৰোভা (ইংৰাজী: Alexandra Valeryevna Petrova; ১৮ ছেপ্টেম্বৰ ১৯৮০ – ১৬ ছেপ্টেম্বৰ ২০০০) এগৰাকী ৰাছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আছিল যিয়ে মিছ ৰাছিয়া ১৯৯৬ ৰ মুকুট লাভ কৰিছিল।
-
ইউলিয়া পলিয়াচিখিনা
ইউলিয়া চাৰ্গেয়েভনা পলিয়াচিখিনা (ইংৰাজী: Yulia Sergeyevna Polyachikhina; জন্ম: ৬ ফেব্ৰুৱাৰী ২০০০) এগৰাকী ৰাছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১৮-ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ইউনিভাৰ্ছ ২০১৮ ত ৰাছিয়াক প্ৰতিনিধিত্ব কৰিছিল যদিও কোনো স্থান লাভ কৰিবলৈ সমৰ্থ নহ’ল।
-
ইজিন আকুডো
ইজিনে আকুডো আনয়াওহা (Ezinne Akudo Anyaoha; জন্ম: ১৭ মে' ১৯৯০) এগৰাকী নাইজেৰিয়ান অধিবক্তা আৰু বিউটি কুইন৷