মডেল
২১৯ প্ৰবন্ধ
-
বিদ্যা মালৱাদে
বিদ্যা মালৱাদে (Vidya Malvade)(জন্ম-২ মাৰ্চ ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় অভিনয় শিল্পী৷ তেওঁক সাধাৰণতে হিন্দী ভাষাৰ চলচ্চিত্ৰত দেখা যায়৷
-
হুমা কুৰেছি
হুমা ছালিম কুৰেছি (Huma Saleem Qureshi) (; জন্ম ২৮ জুলাই ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ হুমাই সাধাৰণতে হিন্দী ভাষাৰ কথাছবিত অভিনয় কৰে৷ এতিয়ালৈকে অভিনেত্ৰী হুমাই তিনিটাকৈ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰিছে৷ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা হুমাই ইতিহাস বিষয়ত মেজৰসহ স্নাতক ডিগ্ৰী লাভ…
-
গুল পানাগ
গুলকিৰাট কৌৰ পানাগ (Gul Panag; জন্ম: ৩ জানুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ভয়ছ আৰ্টিষ্ট আৰু মডেল। তেওঁ ১৯৯৯ চনত ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছৰ মুকুট পিন্ধে আৰু ১৯৯৯ চনত মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰে।
-
জেনা জেমছন
জেনা মেৰী মাছলি ( ইংৰাজী: Jenna Marie Massoli; জন্ম: ৯ এপ্ৰিল, ১৯৭৪; পেছাগতভাৱে জেনা জেমছন নামেৰে পৰিচিত), এগৰাকী আমেৰিকান ব্যৱসায়ী, লেখিকা, টেলিভিছন ব্যক্তিত্ব আৰু প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী।
-
মিলি ববি ব্ৰাউন
মিলি ববি ব্ৰাউন (Millie Bobby Brown; জন্ম: ১৯ ফেব্ৰুৱাৰী ২০০৪) হৈছে এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু মডেল। মিলিয়ে নেটফ্লিক্সৰ বিজ্ঞান-কল্পকাহিনী ড্ৰামা-ছিৰিজ ষ্ট্ৰেঞ্জাৰ থিংছ (২০১৬–বৰ্তমান)ত এলেভেন চৰিত্ৰটো ৰূপায়ণ কৰি স্বীকৃতি লাভ কৰে।
-
শিবানী দাণ্ডেকাৰ
শিবানী দাণ্ডেকাৰ-আখটাৰ (জন্ম- ২৭ আগষ্ট ১৯৮০) হৈছে এগৰাকী ভাৰতীয়-অষ্টেলিয়ান গায়িকা, অভিনেত্ৰী, ঘোষিকা, আৰু মডেল৷ আমেৰিকান টেলিভিছনত এগৰাকী ঘোষিকা হিচাপে কৰ্মজীৱনৰ পাতনি মেলি শিবানীয়ে পৰৱৰ্তী সময়ত ভাৰতলৈ ঘূৰি আহে আৰু হিন্দী টেলিভিছন জগতৰ বহুকেইটা অনুষ্ঠানত পৰিৱেশিকাৰ ভূমিকা পালন কৰে৷…
-
আন্দ্ৰেয়া কেভিচুছা
কেৰল আন্দ্ৰেয়া কেভিচুছা (; জন্ম: ১৮ ফেব্ৰুৱাৰী ২০০১) নাগালেণ্ডৰ এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ ২০২২ চনত আয়ুষমান খুৰৰানাৰ সৈতে অনেক চলচ্চিত্ৰত অভিনয়ত অভিষেক ঘটায়, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা অভিষেকৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে।
-
কেকী অধিকাৰী
কেকী অধিকাৰী (केकी अधिकारी; জন্ম: ১৭ ডিচেম্বৰ, ১৯৮৯) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ ইতিমধ্যে কেইবাটাও সংগীত ভিডিঅ’, দূৰদৰ্শন বিজ্ঞাপন, ছপা বিজ্ঞাপন আৰু নেপালী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে সংগীত ভিডিঅ’ত অভিনয় কৰিছিল।
-
বেলা হাদিদ
ইজাবেলা খাইৰ হাদিদ (ইংৰাজী: Bella Hadid; জন্ম ৯ অক্টোবৰ, ১৯৯৬) এগৰাকী আমেৰিকান মডেল। হাদিদে আন্তঃৰাষ্ট্ৰীয় Vogue আলোচনীৰ মুঠ ৩৫টা কভাৰত উপস্থিত হৈছে। ২০২২ চনত তেওঁক ব্ৰিটিছ ফেশ্বন কাউন্সিলৰদ্বাৰা ‘‘মডেল অৱ দ্য য়েৰ’’ হিচাপে মনোনীত কৰা হয়।
-
ৰুবী ৰাণা
ৰুবী ৰাণা (নেপালী: रुबी राणा; ইংৰাজী: Ruby Rana; জন্ম: ১৯৭২) এগৰাকী নেপালী মডেল, অভিনেত্ৰী, উদ্যোগী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। ১৯৯৪ চনত তেওঁ পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত মিছ নেপাল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মিছ নেপালৰ মুকুট পিন্ধিছিল।
-
অড্ৰী ভানেছা
অড্ৰী ভানেছা চুচিলো (জন্ম: ২৩ ডিচেম্বৰ ১৯৯৯), যি অড্ৰী ভানেছা নামেৰে অধিক পৰিচিত, এগৰাকী ইণ্ডোনেছিয়ান সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে উত্তৰ চুলাৱেচিক প্ৰতিনিধিত্ব কৰি মিছ ইণ্ডোনেছিয়া ২০২২ খিতাপ অৰ্জন কৰিছিল।
-
অনাহিতা খালাতবাৰী
অনাহিতা খালাতবাৰী এগৰাকী ইৰানী মূলৰ আমেৰিকান সাংবাদিক, সংবাদ পৰিৱেশক, প্ৰতিবেদক (ৰিপ’ৰ্টাৰ), অভিনেত্ৰী আৰু টিভি শ্ব’ৰ আঁতধৰোঁতা। তেওঁ ব্ৰিটেইনত ডাঙৰ-দীঘল হৈছিল আৰু তাতেই শিক্ষা গ্ৰহণ কৰিছিল।
-
অনাৰকলী আকৰ্ষা
অনাৰকলী আকৰ্ষা (সিংহলী: අනර්කලී ආකර්ෂා; জন্ম: ১২ জুলাই ১৯৮৭) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল, প্ৰাক্তন ৰাজনীতিবিদ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০০৪ চনত মিছ ৱৰ্ল্ড শ্ৰীলংকাৰ মুকুট লাভ কৰিছিল আৰু মিছ ৱৰ্ল্ড ২০০৪ প্ৰতিযোগিতাত শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰিছিল।
-
অনুয়া ৱাই ভাগৱত
অনুয়া ৱাই ভাগৱত (ইংৰাজী: Anuya Y Bhagwat; জন্ম: ৬ ছেপ্টেম্বৰ, ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল, হিন্দী আৰু বঙালী চলচ্চিত্ৰত কাম কৰে। তেওঁ বিশেষকৈ শিৱ মানাসুলা শক্তি (২০০৯) নামৰ ছবিখনৰ চৰিত্ৰৰ বাবে পৰিচিত।
-
অলিভিয়া ৱেলছ
অলিভিয়া জেনেভিভ ৱেলছ (ইংৰাজী: Olivia Genevieve Wells; জন্ম: ২৯ এপ্ৰিল ১৯৯৪) এগৰাকী অষ্ট্ৰেলিয়ান পৰোপকাৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে ২০১৩ চনৰ মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়াৰ মুকুট লাভ কৰিছিল।
-
অৰুণী ৰাজপক্ষ
অৰুণী ৰাজপক্ষ (Aruni Rajapaksha) হৈছে শ্ৰীলংকাৰ এগৰাকী মডেল, অভিনেত্ৰী, টিভি আয়োজক আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী।
-
আইতল খোছলা
আইতল খোছলা (ইংৰাজী: Aaital Khosla; জন্ম: ৩ ডিচেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ 'গ্ল্যামানেণ্ড ছুপাৰমডেল ইণ্ডিয়া'ৰ মুকুট লাভ কৰিছিল আৰু অষ্ট্ৰিয়াৰ ভিয়েনাত অনুষ্ঠিত হোৱা 'মিছ আৰ্থ ২০১৫' প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
আইৰিছ বেলা
ইৰিছ জেটি ডিৰ্ক ডি বেউলে (ইংৰাজী: Yris Jetty Dirk de Beule; জন্ম: ২৩ এপ্ৰিল ১৯৯৬), যি পেচাগতভাৱে আইৰিছ বেলা নামেৰে অধিক পৰিচিত, এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী, মডেল আৰু গায়িকা।
-
আগাথা মাক্সিমোভা
আগাথা মাক্সিমোভা (ইংৰাজী: Agatha Maksimova; জন্ম: ২৩ জুন ১৯৯৩) এগৰাকী ৰাছিয়ান-ফৰাচী অভিনেত্ৰী আৰু মডেল।
-
আচা ছেপ্ট্ৰিয়াছা
জেলিতা চেপ্ট্ৰিয়াছা (জন্ম: ১ ছেপ্টেম্বৰ ১৯৮৯), পেচাগতভাৱে আচা চেপ্ট্ৰিয়াছা নামে পৰিচিত, এগৰাকী ইণ্ডোনেছীয় অভিনেত্ৰী, গায়িকা আৰু মডেল। তেওঁ মিনাংকাবাউ জনগোষ্ঠীৰ।
-
আঞ্চল জোচেফ
আঞ্চল জোচেফ (ইংৰাজী: Anchal Joseph; জন্ম: ৩ জানুৱাৰী, ১৯৮৭) এগৰাকী ভাৰতীয় ফেশ্বন মডেল আৰু অভিনেত্ৰী। তেওঁ ২০০৬ চনত আমেৰিকাজ নেক্সট টপ মডেলৰ সপ্তম ছিজনত অংশগ্ৰহণ কৰাৰ লগতে ২০১৮ চনৰ চিএনবিচি ৰিবুটত ডিল অৰ নো ডিলত এগৰাকী ব্ৰিফকেচ মডেল হিচাপে উপস্থিত হোৱাৰ বাবে সৰ্বাধিক পৰিচিত।
-
আতাছা মুহলাচ
আতাছা এৰন বনিন মুহলাচ (ইংৰাজী: Atasha Aaron Bonnin Muhlach; জন্ম ৫ নৱেম্বৰ ২০০১) ফিলিপাইনছৰ এগৰাকী অভিনেত্ৰী, গায়িকা, টেলিভিছন আয়োজক আৰু মডেল। তেওঁ ফিলিপাইনছৰ জনপ্ৰিয় অভিনেতা আগা মুহলাচ আৰু প্ৰাক্তন সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী, মডেল আৰু টেলিভিছন আয়োজিকা চাৰ্লিন গনজালেছৰ কন্যা।
-
আদ্ৰিয়ানা গুটিয়ৰেজ
আৰ্দ্ৰিয়ানা মাৰিয়া গুটিয়ৰেজ আৰেভালো (ইংৰাজী: Ariadna Gutiérrez; জন্ম: ২৫ ডিচেম্বৰ ১৯৯৩) এগৰাকী কলম্বিয়ান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ কলম্বিয়া ২০১৪-ৰ মুকুট পিন্ধিছিল।
-
আন্না লাক্ৰিনি
আন্না লেনা "আন্না" ভেলেন্সিয়া লাক্ৰিনি (জন্ম: ৫ নৱেম্বৰ ১৯৯৭) এগৰাকী ফিলিপিনো-জাৰ্মান সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ছুপ্ৰানেশ্যনেল জাৰ্মানী ২০২৫ আৰু বিনীবিনিং ফিলিপাইনছ গ্ল’ব ২০২৩ জয় কৰিছিল।
-
আম্পাৰো কুৱেছাডা
মাৰিয়া ডি আম্পাৰো মুনোজ ই কুৱেছাডা (ইংৰাজী: Maria de Amparo Muñoz y Quesada; জন্ম: ২১ জুন ১৯৫৪ – ২৭ ফেব্ৰুৱাৰী ২০১১) এগৰাকী স্পেনিছ অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য ৰাণী আছিল। তেওঁ ফিলিপাইনছৰ মানিলাত অনুষ্ঠিত ১৯৭৪ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত জয়লাভ কৰিছিল।
-
আয়া উৱেটো
আয়া উৱেটো (Aya Ueto; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৮৫) এগৰাকী জাপানী অভিনেত্ৰী, গায়িকা আৰু টেলিভিছন ব্যক্তিত্ব। ১৯৯৭ চনত উৱেটোৱে সপ্তম জাপান বিছোজো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশেষ জুৰী বঁটা লাভ কৰিছিল।
-
আলি লাৰ্টাৰ
এলিসন এলিজাবেথ লাৰ্টাৰ (জন্ম: ২৮ ফেব্ৰুৱাৰী, ১৯৭৬), এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। তেওঁ ১৯৯৬ চনত 'এস্কুয়াৰ' আলোচনীৰ এটা ধেমেলীয়া প্ৰতিবেদনত কাল্পনিক মডেল এলেগ্ৰা কলমেনৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ১৯৯০-ৰ দশকত কেইবাটাও টেলিভিছন অনুষ্ঠানত অতিথি চৰিত্ৰত অভিনয় কৰিছিল।
-
আলিজা গুৰ
আলিজা গুৰ (ইংৰাজী: Aliza Gur; জন্ম: আলিজিয়া গ্ৰছ; ১ এপ্ৰিল ১৯৪০) এগৰাকী ইজৰাইলী অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ১৯৬০ চনৰ মিছ ইজৰাইল হিচাপে নিৰ্বাচিত হৈছিল আৰু মিয়ামি বীচত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ১৯৬০ প্ৰতিযোগিতাত ছেমি ফাইনেলিষ্ট আছিল।
-
আলেকজান্দ্ৰা পেট্ৰোভা
আলেকজান্দ্ৰা ভেলেৰিয়েভনা পেট্ৰোভা (ইংৰাজী: Alexandra Valeryevna Petrova; ১৮ ছেপ্টেম্বৰ ১৯৮০ – ১৬ ছেপ্টেম্বৰ ২০০০) এগৰাকী ৰাছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আছিল যিয়ে মিছ ৰাছিয়া ১৯৯৬ ৰ মুকুট লাভ কৰিছিল।
-
ইউকো আৰাকী
ইউকো আৰাকী (Yuko Araki; জন্ম: ১৫ ডিচেম্বৰ ১৯৯৩) এগৰাকী জাপানী অভিনেত্ৰী আৰু ফেশ্বন মডেল। তেওঁৰ আটাইতকৈ উল্লেখযোগ্য কৰ্মসমূহৰ ভিতৰত আছে চলচ্চিত্ৰ আৱাৰ মিল ফৰ টুমৰ (২০১৭), দ্যাট গাৰ্লছ কেপ্টিভছ অৱ লাভ (২০১৮), ছি হিয়েৰ লাভ (২০২৩), ৱান্স আপন এ ক্ৰাইম (২০২৩) আৰু কিংডম ৪: ৰিটাৰ্ণ অৱ দ্য গ্ৰেট জেনেৰেল…