ৰাউতা বড়ো বা ৰাউতাৰাম বড়ো বা ৰাউতা কোচ ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিয়াল্লিছৰ শ্বহীদ৷ তেওঁৰ পিতৃৰ নাম আছিল, কেহোঁৰাম আৰু মাতৃ হাবেবালা৷ ৰাউতাৰামৰ জন্ম ১৯১৪ চনৰ ১২ এপ্ৰিলত৷১২ তেওঁ এগৰাকী খেতিয়ক আছিল৷ পাঠশালাৰ বজালী অঞ্চলৰ সাদেৰীৰ কৃষক আছিল ৰাউতা বড়ো৷৩ ১৯৪২ চনৰ ২৫ ছেপ্তেম্বৰত পাটাছাৰকুছি আৰক্ষী থানাৰ তদানীন্তন দাৰোগা তুলামাৰ কেওঁট আৰু চিপাহী চালামৎ আলীৰ গুলীত বজালীৰ ৰিহাবাৰীত দেশৰ হ’কে আত্মাহুতি দি ছহিদ হৈছিল মদন বৰ্মণ আৰু ৰাউতা ৰাম কোচ৷৪ মদন বৰ্মন ছাত্ৰ আৰু ৰাউতা বড়ো খেতিয়ক আছিল৷ সেই সময়ত অসমত ছাদুল্লা মন্ত্ৰীসভা আছিল৷ চতুৰ্থবাৰৰ বাবে ছাদুল্লাই মন্ত্ৰীসভা গঠন কৰাৰ দিনাই বজালী অঞ্চলৰ বিভিন্ন ঠাইত স্বাধীনতাকামী জনতাৰ ওপৰত পুলিচৰ গুলীবৰ্ষণ হৈছিল৷ ১৯৪২ চনৰ উক্ত গুলীচালনাত মদন বৰ্মনৰ লগতে ৰাউতা বড়োৰ মৃত্যু হৈছিল৷৫ ২৫ ছেপ্তেম্বৰত নগাঁৱৰ বঢ়মপুৰত হোৱা পুলিচৰ গুলীচালনাৰ প্ৰতিবাদত পাটাছাৰকুছিত সভা হৈছিল৷১ স্থান আছিল নিত্যানন্দ, জালাহ, চৌখুটি আৰু বামুণকুছি, চাৰিখন সভা হৈছিল৷ সেই সভাবোৰ চলি থকাকালতে জালাহৰ সভাত তুলাৰাম কেওঁটৰ নিৰ্দেশত সভা ছত্ৰভংগ দিয়াবলৈ গুলীচালনা কৰা হয়৷ সভাপতি গিৰিশ চন্দ্ৰ চৌধুৰী, বক্তাদ্বয় ক্ৰমে ৰজনীকান্ত শৰ্মা আৰু ভদ্ৰেশ্বৰ দাসক গ্ৰেপ্তাৰ কৰি লৈ যায়৷ এই খবৰ পোৱাৰ লগে লগে বাকী সভাবোৰত সমবেত হোৱা ৰাইজ সদলবলে জালাহৰ ফালে আগবাঢ়ি “তুলাৰামৰ তেজ পিম’’, “তুলাৰামৰ মাথা লাগে’’ আদি ধ্বনি দি যাবলৈ ধৰে৷ উত্তেজিত জনতা ৰিহাবাৰী নামে ঠাইত তুলাৰামৰ মুখামুখী হয় আৰু ৰাইজে বন্দীক মুকলি কৰি দিবলৈ দাবী জনায়৷ তুলাৰাম এই কথাত সৈমান নোহোৱাত তৰ্কাতৰ্কি হয় আৰু উত্তেজিত জনতাক কাবু কৰিবলৈ গুলী চলায়৷৬১৯৪২ চনৰ ২৫ ছেপ্তেম্বৰত তেওঁৰ মৃত্যু হয় আৰু মৃত্যুৰ সময়ত বিবাহিত ৰাউতা বড়োৰ এটি তিনিমহীয়া সন্তান আছিল৷১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ. (২০১৮). জীৱনী অভিধান. বনলতা. পৃ. ২১৪. ISBN 978-81-7339-428-7
- ↑ ডেকা, কনকচন্দ্ৰ. (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা জন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃ. ২০৬
- ↑ ভাৰত ত্যাগ আন্দোলনৰ বজালীৰ শ্বহীদ
- ↑ বাগসাৰ জালাহত ৪২ৰ শ্বহীদ মদন-ৰাউতাৰ..
- ↑ কলিতা, ড° ৰমেশ চন্দ্ৰ. (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃ. ১০১
- ↑ ১৫ আগষ্ট: সেই আমৰ গুটিটু চুহিয়ে আছো
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাউতা বড়ো” প্ৰবন্ধৰ সংশোধন ৪৯৭৫০৯ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।