সাহিত্যিক
২৭১ প্ৰবন্ধ
-
ৱিলিয়াম শ্বেইক্সপিয়াৰ
ৱিলিয়াম শ্বেইক্সপিয়াৰ (William Shakespeare,; (২৬ এপ্ৰিল ১৫৬৪ – ২৩ এপ্ৰিল ১৬১৬) আছিল এজন ইংৰাজ কবি আৰু নাট্যকাৰ যাক ইংৰাজী ভাষাৰ সৰ্বশ্ৰেষ্ঠ লেখক আৰু বিশ্বৰ এজন শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে আখ্যা দিয়া হয়। তেওঁক প্ৰায়ে ইংলেণ্ডৰ জাতীয় কবি আৰু "এভনৰ চাৰণকবি" বুলি উল্লেখ কৰা হয়।
-
বাৰাক অ'বামা
বাৰাক হুছেইন অ'বামা (Barack Hussein Obama; জন্ম: ৪ আগষ্ট, ১৯৬১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি। ২০০৯ চনৰ ২০ জানুৱাৰীত তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হিচাপে পৰিগণিত হয়।
-
জে. কে. ৰাউলিং
জে. কে. ৰাউলিং (J. K. Rowling) এগৰাকী ইংৰাজ লেখিকা। ৰাউলিঙৰ জন্ম হয় ১৯৬৫ চনৰ ৩১ জুলাইত। তেওঁৰ প্ৰকৃত নাম জোৱান ৰাউলিং (Joanne Rowling)। তেওঁক ঘাইকৈ হেৰী পটাৰ কল্প কাহিনী শৃংখলাৰ বাবে জনা যায়।
-
লেৱ তলস্ত’য়
কাউণ্ট লেৱ নিকলায়েৱিচ তলস্ত'য় (Лев Николаевич Толстой,; – ), বা লীঅ’ টলষ্টয় আছিল এগৰাকী ৰাছিয়ান লেখক যিয়ে প্ৰধানতঃ উপন্যাস আৰু ছুটিগল্প ৰচনা কৰিছিল। পিছলৈ তেওঁ নাটক আৰু বিভিন্ন প্ৰবন্ধও লিখিবলৈ লয়।
-
সুনীল গংগোপাধ্যায়
সুনীল গঙ্গোপাধ্যায় বা সুনীল গাংগুলী (Sunil Gangopadhyay; ৭ ছেপ্টেম্বৰ ১৯৩৪ – ২৩ অক্টোবৰ ২০১২) বিংশ শতিকাৰ শেষ ভাগত তেওঁ সক্ৰিয় হৈছিল আৰু মৃত্যুৰ আগলৈকে প্ৰায় চাৰি দশক জুৰি বঙালী ভাষা সাহিত্যৰ এগৰাকী অন্যতম সাহিত্যিক ৰূপে পৰিচিতি লাভ কৰিছিল। তেওঁ কলিকতাৰ এগৰাকী প্ৰাক্তন শ্বেৰিফ আছিল।
-
চলমান ৰুশ্বদি
আহমেদ চলমান ৰুশ্বদি (Salman Rushdie; জন্ম জুন ১৯, ১৯৪৭) এজন ব্ৰিটিছ ভাৰতীয় ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেওঁৰ দ্বিতীয় উপন্যাস মিডনাইটছ চিলড্ৰেনে ১৯৮১ চনত মেন বুকাৰ বঁটা লাভ কৰিছিল। তেওঁৰ বেছিভাগ লিখনিয়ে ভাৰতীয় উপমহাদেশক সামৰি লৈছে। কোৱা হয় যে তেওঁ যাদুৰ বাস্তৱৰ আধাৰত ঐতিহাসিক কল্পকাহিনী লিখে।
-
বাৰ্ট্ৰেণ্ড ৰাছেল
বাৰ্ট্ৰেণ্ড ৰাছেল (Bertrand Russell) সম্পূৰ্ণ নাম বাৰ্ট্ৰেণ্ড আৰ্থাৰ উইলিয়াম ৰাছেল, তৃতীয় আৰ্ল ৰাছেল, অ’ এম, এফ আৰ এছ (১৮ মে' ১৮৭২ – ২ ফেব্ৰুৱাৰী ১৯৭০) একাধাৰে এজন ব্ৰিটিছ দাৰ্শনিক, গণিতজ্ঞ আৰু ন’বেল বঁটা বিজয়ী সাহিত্যিক হোৱাৰ উপৰিও এজন মানৱ মুক্তি আৰু মানৱাধিকাৰৰ প্ৰবক্তা আছিল।
-
মাক্সিম গ’ৰ্কী
আলেক্সেই মাক্সিম’ৱিচ পেশ্বকৱ (Алексей Максимович Пешков; – ১৮ জুন ১৯৩৬), যি মাক্সিম গ’ৰ্কী নামেৰে সুপৰিচিত, আছিল এগৰাকী ৰুছ আৰু ছ’ৱিয়েত লেখক, সাংবাদিক আৰু সমাজতন্ত্ৰী। তেওঁ সাহিত্যত ন’বেল বঁটাৰ বাবে পাঁচবাৰ মনোনীত হৈছিল। তেওঁ এজন সামাজিক বাস্তববাদী সাহিত্যিক আৰু সমাজকৰ্মী আছিল।
-
ওমৰ খৈয়াম
ওমৰ খৈয়াম (ইংৰাজী: Omar Khayyam) এগৰাকী একাদশ শতিকাৰ ইৰাণৰ কবি, গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ। তেওঁৰ সম্পূৰ্ণ নাম ‘আবুন ফাতহ উমৰ ইবন ইব্ৰাহিম আল খাইয়াম গিয়াছউদ্দিন। ওমৰ খৈয়ামৰ জন্ম হয় ১০৪৮ চনত ইৰাণৰ (পাৰস্যৰ) নিশ্বাপুৰ, খোৰাছনত।
-
ভাৰ্জিনিয়া উল্ফ
এডেলাইন ভাৰ্জিনিয়া উল্ফ (Adeline Virginia Woolf) আছিল বিংশ শতাব্দীৰ এগৰাকী ইংৰাজী সাহিত্যিক। তেওঁক আধুনিকতাবাদী তথা চেতনা-স্ৰোত ধাৰাৰ অন্যতম বাটকটীয়া হিচাপে গণ্য কৰা হয়।
-
হেনৰিক ইবছেন
হেনৰিক জোহান ইবছেন (;; ২০ মাৰ্চ ১৮২৮- ২৩ মে' ১৯০৬) এজন নৰৱেদেশীয় নাট্যকাৰ আৰু নাট পৰিচালক আছিল। নাটকত আধুনিকতাবাদৰ অন্যতম প্ৰতিষ্ঠাতা ইবছেনক বাস্তৱবাদৰ পিতৃ তথা তেওঁৰ সময়ৰ সকলোতকৈ প্ৰভাৱশালী নাট্যকাৰ হিচাপে উল্লেখ কৰা হয়।
-
চৈয়দ ইছমাইল হোছেইন ছিৰাজী
চৈয়দ ইছমাইল হোছেইন ছিৰাজী ( বাংলা: সৈয়দ ইছমাইল হোসেন ছিৰাজী; ১৮৮০–১৯৩১) হৈছে বৰ্তমানৰ বাংলাদেশৰ ছিৰাজগঞ্জ নিবাসী এগৰাকী বঙালী লেখক আৰু কবি। তেওঁক বঙালী মুছলমান পুনৰ জাগৰণৰ সময়ৰ অন্যতম মূল লেখক হিচাপে গণ্য কৰা হয়। তেওঁ শিক্ষাৰ প্ৰসাৰক উদগনি যোগোৱাই নহয় ইছলামিক ঐতিহ্যকো মহিমামণ্ডিত কৰিছিল।
-
তৰুণ চন্দ্ৰ পামেগাম
তৰুণ চন্দ্ৰ পামেগাম (Tarun Chandra Pamegam, মিচিং: Torun Sondro Pa:megam জন্মঃ ১৬ আগষ্ট ১৯২৪) অসমীয়া তথা মিচিং ভাষাত ৰচনা কৰা এগৰাকী কবি, নাট্যকাৰ, ঔপন্যাসিক, গল্পকাৰ, শিল্পী, অভিনেতা, নাট পৰিচালক, মিচিং ভাষাবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংগঠক আৰু শিক্ষাবিদ।
-
নন্দ তালুকদাৰ
নন্দ তালুকদাৰ (Nanda Talukdar; জন্ম:২১ মে’, ১৯৩২ – মৃত্যু:২৬ ফেব্ৰুৱাৰী, ১৯৮৩) অসমৰ এগৰাকী বিশিষ্ট গৱেষক আৰু জীৱনীকাৰ। তেওঁ শ্বিলঙৰ শংকৰদেৱ কলেজত অধ্যাপনা কৰিছিল। ১৯৬৩ চনত তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ত যোগদান কৰে আৰু মৃত্যুৰ সময়লৈকে ইয়াতে কৰ্মৰত হৈ থাকে।
-
ৰিচাৰ্ড ড'কিনছ্
ৰিচাৰ্ড ড'কিনছ্ (Richard Dawkins; জন্মতে ক্লিণ্টন ৰিচাৰ্ড ড'কিনছ্) (জন্ম-২৬ মাৰ্চ ১৯৪১) হৈছে এগৰাকী ইংৰাজ প্ৰাণীবিজ্ঞানী, এথ'ল'জিষ্ট (প্ৰাণীৰ আচৰণ সম্পৰ্কে অধ্যয়ন কৰা প্ৰাণীবিজ্ঞানী), বিৱৰ্তনবাদৰ জীৱবিজ্ঞানী, আৰু লেখক। তেওঁ অক্সফ'ৰ্ড, নিউ কলেজৰ এমিৰেটাছ সভ্য।
-
বাৎসায়ন
বাৎসায়ন / বাৎস্যায়ন (वात्स्यायन) এগৰাকী প্ৰাচীন ভাৰতীয় দাৰ্শনিক, যি কামসূত্ৰ ৰ ৰচয়িতা হিচাপে প্ৰসিদ্ধ। তেওঁ খ্ৰীষ্টীয় দ্বিতীয় বা তৃতীয় শতাব্দীৰ সময়ছোৱাত ভাৰতত বাস কৰিছিল বুলি ধাৰণা কৰা হয়, সম্ভৱতঃ পাটলিপুত্ৰ (বৰ্তমানৰ বিহাৰৰ ৰাজধানী পটনা)।
-
য়ুভাল নোৱা হাৰাৰি
য়ুভাল নোৱা হাৰাৰি (יובל נח הררי; জন্ম-২৪ ফেব্ৰুৱাৰী ১৯৭৬) হৈছে এগৰাকী ইজৰাইলী ইতিহাসবিদ, প্ৰসিদ্ধ লেখক, আৰু জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক। তেওঁ বহুকেইখন জনপ্ৰিয় বিজ্ঞান-সাহিত্যৰ লেখক।
-
আগাথা ক্ৰিষ্টি
ডেম আগাথা মেৰি ক্লেৰিছা মিলাৰ, লেডি মেলোৱেন (Dame Agatha Mary Clarissa Christie, Lady Mallowan; ১৫ ছেপ্টেম্বৰ ১৮৯০-১২ জানুৱাৰী ১৯৭৬) এগৰাকী বিশ্ববন্দীত ইংৰাজী লেখিকা।
-
চাৰ্লছ ডিকেন্স
চাৰ্লচ ডিকেন্স (Charles Dickens, সম্পূৰ্ণ নাম Charles John Huffam Dickens); ৭ ফেব্ৰুৱাৰী, ১৮১২ – ৯ জুন, ১৮৭০) এজন ইংৰাজ লেখক আৰু সমাজ সমালোচক আছিল। তেখেতে দুখ কষ্টেৰে ভৰা নিজ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত সাহিত্য সৃষ্টি কৰি ইংৰাজী সাহিত্য সমৃদ্ধিশালী কৰি থৈ গৈছে।
-
জয় গোস্বামী
জয় গোস্বামী (জন্ম: ১০ নৱেম্বৰ, ১৯৫৪) বিংশ শতিকাৰ শেষৰ ফালে আত্মপ্ৰকাশ কৰা এজন আধুনিক বাংলা কবি। ভাৰতৰ পশ্চিম বংগৰ এই কবিক বাংলা ভাষাৰ জীৱনানন্দৰ পিছৰ পৰ্যায়ৰ অন্যতম জনপ্ৰিয় কবি বুলি গণ্য কৰা হয়। তেওঁৰ কবিতা বিস্ময়কৰ চিত্ৰকল্প, উপমা আৰু উপমাৰে ভৰপূৰ। তেওঁ দুবাৰকৈ আনন্দ বঁটা লাভ কৰিছে।
-
জৰ্জ বাৰ্ণাৰ্ড শ্ব
জৰ্জ বাৰ্ণাৰ্ড শ্ব (George Bernard Shaw) আছিল এগৰাকী ব্ৰিটিছ-আইৰিছ নাট্যকাৰ, সমালোচক তথা ৰাজনৈতিক কৰ্মী। ইংৰাজী নাট্য সাহিত্যত উইলিয়াম শ্বেইকছপীয়েৰৰ পাছতে যিজন নাট্যকাৰৰ স্থান তেওঁ হ’ল জৰ্জ বাণাৰ্ড শ্ব। এক নতুন দৃষ্টিভঙ্গীৰে ভালেমান নাটক লিখি তেওঁ ইংৰাজী নাট্য সাহিত্যক চহকী কৰি থৈ গৈছে।
-
পবিত্ৰ কুমাৰ ডেকা
পবিত্ৰ কুমাৰ ডেকা (Pabitra Kumar Deka, ২৯ জানুৱাৰী ১৯৪০ – ৫ জানুৱাৰী ২০১০) অসম, ভাৰতৰ এগৰাকী চলচ্চিত্ৰ আৰু সাংস্কৃতিক সাংবাদিক, স্তম্ভলেখক, প্ৰকাশক আৰু মাহেকীয়া আলোচনীৰ সম্পাদক, চলচ্চিত্ৰ সমালোচক আৰু চিত্ৰনাট্যকাৰ।
-
ফিয়দৰ দস্তয়েৱস্কী
ফিয়দৰ মিখাইল'ৱিচ দস্তয়েৱস্কী (Фёдор Михайлович Достоевский,; – ) আছিল এজন ৰাছিয়ান ঔপন্যাসিক, চুটি গল্প লেখক, প্ৰবন্ধকাৰ, সাংবাদিক আৰু দাৰ্শনিক। দস্তয়েভস্কিৰ সাহিত্যিক কৰ্মৰাজীত ১৯ শতিকাৰ ৰাছিয়ান সাম্ৰাজ্যত সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰা ৰাজনৈতিক, সামাজিক আৰু আধ্যাত্মিক বাতাৱৰণৰ কালছোৱাত মানৱীয়…
-
ফ্ৰান্ৎছ কাফকা
ফ্ৰান্ৎছ কাফকা (Franz Kafka,; ৩ জুলাই ১৮৮৩ – ৩ জুন ১৯২৪) আছিল অষ্ট্ৰ-হাংগেৰীয় সাম্ৰাজ্যৰ অন্তৰ্গত প্ৰাগত জন্মগ্ৰহণ কৰা এজন জাৰ্মানভাষী ইহুদী চেক লেখক আৰু ঔপন্যাসিক।
-
বিদ্যাপতি
বিদ্যাপতি (Vidyapati, আনুমানিক ১৩৫২ – ১৪৪৮), যাক মৈথিলী কবি কোকিল নামেৰেও জনা যায়, এজন মৈথিলী আৰু সংস্কৃত বহুগণিতজ্ঞ-কবি-সাধু, নাট্যকাৰ, সুৰকাৰ, জীৱনীকাৰ, দাৰ্শনিক, আইন-তত্ত্ববিদ, লেখক, দৰবাৰী আৰু ৰাজপুৰোহিত আছিল। তেওঁ শিৱৰ ভক্ত আছিল যদিও প্ৰেমৰ গীত আৰু ভক্তিমূলক বৈষ্ণৱ গীতো লিখিছিল।
-
ভীমকান্ত বৰুৱা
ভীমকান্ত বৰুৱা (Bhim Kanta Boruah) হৈছে এগৰাকী অসমীয়া ভাৰতীয় লেখক-সাহিত্যিক, ভাষাবিদ, গৱেষক, অধ্যাপক। তেখেত অসমৰ জনগোষ্ঠীয় ভাষা-অধ্যয়নৰ অন্যতম বাটকটীয়া।
-
শৰ্মিষ্ঠা প্ৰীতম
শৰ্মিষ্ঠা প্ৰীতম (Sarmistha Pritam) এগৰাকী অসমীয়া লেখিকা, ঔপন্যাসিকা আৰু আত্মজীৱনীকাৰ। শৰ্মিষ্ঠা প্ৰীতমে তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ আত্মকথাৰ বাবে ২০১২ বৰ্ষৰ মুনীন বৰকটকী বঁটা লাভ কৰিছে। ২০২০ বৰ্ষৰ বাবে উত্তৰ-পুৰুষৰ মঞ্চই তেওঁক ‘অক্লান্ত উত্তৰ-পুৰুষ বঁটা’ প্ৰদান কৰে।
-
গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ
গাব্ৰিয়েল হজে ডি লা কনকৰ্ডিয়া (Gabriel José de la Concordia) গাৰ্চিয়া মাৰ্কেছ (; (৬ মাৰ্চ ১৯২৭ - ১৭ এপ্ৰিল ২০১৪) এগৰাকী কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লিখক, পটকথা লিখক তথা সংবাদসেৱী আছিল। লেটিন আমেৰিকাৰ দেশসমূহত আদৰত তেখেতক গাব নামে জনা যায়।
-
জন ষ্টুৱাৰ্ট মিল
জন ষ্টুৱাৰ্ট মিল (ইংৰাজীঃ John Stuart Mill; ২০ মে' ১৮০৬ - ৭ মে' ১৮৭৩) এজন ইংৰাজ দাৰ্শনিক, ৰাজনৈতিক অৰ্থনীতিবিদ, ৰাজনীতিবিদ আৰু অসামৰিক সেৱাৰ বিষয়া আছিল।
-
টিস্কা চোপ্ৰা
টিস্কা চোপ্ৰা (Tisca Chopra; জন্ম: ১ নৱেম্বৰ ১৯৭৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, লেখিকা আৰু চলচ্চিত্ৰ প্ৰযোজক। চোপ্ৰাই ৪৫খনতকৈও অধিক বৈশিষ্ট্যপূৰ্ণ হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে।