ভাৰতীয় সাহিত্যিক
২৪২ প্ৰবন্ধ
-
বাণীকান্ত কাকতি
বাণীকান্ত কাকতি (১৮৯৪–১৯৪৮) অসমীয়া ভাষাবিজ্ঞান আৰু সাহিত্য-সমালোচনাৰ ক্ষেত্ৰত গৱেষণাভিত্তিক দিশ-মোচৰ কৰোঁতা এক প্ৰধান পণ্ডিত। কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষকতা কৰি তেখেতে অসমীয়া ভাষাৰ গঠন-উৎপত্তি সম্পৰ্কীয় অধ্যয়নক আধুনিক শাস্ত্ৰীয় ভিত্তি দান কৰে।
-
মোহনদাস কৰমচান্দ গান্ধী
মোহনদাস কৰমচান্দ গান্ধী (મોહનદાસ કરમચંદ ગાંધી; Mohandas Karamchand Gandhi; ২ অক্টোবৰ, ১৮৬৯ – ৩০ জানুৱাৰী, ১৯৪৮) ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথপ্ৰদৰ্শক নেতা আছিল। অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথ প্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে।
-
ৰবীন্দ্ৰনাথ ঠাকুৰ
ৰবীন্দ্ৰনাথ ঠাকুৰ (Rabindranath Tagore, ব়বীন্দ্ৰনাথ ঠাকুব়; ৭ মে', ১৮৬১–৭ আগষ্ট, ১৯৪১) বঙালী সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে বঙালী সাহিত্যত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰে।
-
সৰোজিনী নাইডু
সৰোজিনী নাইডু (Sarojini Naidu) (১৩ ফেব্ৰুৱাৰী ১৮৭৯ – ২ মাৰ্চ ১৯৪৯) স্বকীয় বৈশিষ্ট্যৰে পৰিচিত এগৰাকী মহিলা যি কেৱল এগৰাকী স্বাধীনতা-কৰ্মীৰ লগতে এগৰাকী অনুভূতিপ্ৰৱণ কবি আছিল। তেখেতক ভাৰতীয় কোকিলা বা দ্য নাইটেঙ্গেল অৱ ইণ্ডিয়া নামেৰেও জনা যায়।
-
চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী
চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী (Chakravarti Rajagopalachari; জন্ম:১৮৭৯ – মৃত্যু:১৯৭২) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্ণধাৰ সদস্য আছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল আৰু স্বতন্ত্ৰ দলৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ ওকালতি, ৰাজনীতি, প্ৰশাসন, সাহিত্য আদি প্ৰতিটো দিশতে ব্যুৎপত্তি আছিল।
-
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ (Ishwar Chandra Vidyasagar; ১৮২০ - ১৮৯১) উনৈশ শতিকাৰ বিশিষ্ট বঙালী শিক্ষাবিদ, সমাজ সংস্কাৰক আৰু গদ্যকাৰ আছিল। প্ৰকৃত নাম ঈশ্বৰচন্দ্ৰ বন্দ্যোপাধ্যায়। সংস্কৃত ভাষা আৰু সাহিত্যত অগাধ পাণ্ডিত্যৰ বাবে জীৱনৰ প্ৰথমচোৱাতে বিদ্যাসাগৰ উপাধি লাভ কৰে।
-
অৰুন্ধতী ৰায়
সুজানা অৰুন্ধতী ৰায় (Suzanna Arundhati Roy; জন্ম: ২৪ নৱেম্বৰ ১৯৬১)
-
গিৰীশ কৰ্ণাড
গিৰীশ ৰঘুনাথ কৰ্ণাড (Girish Karnad; ১৯ মে' ১৯৩৮ – ১০ জুন ২০১৯) এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক, কন্নড় লেখক, নাট্যকাৰ, চিত্ৰ্যনাট্যকাৰ আৰু ৰোডছ স্কলাৰ। তেওঁ ঘাইকৈ দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগ আৰু বলিউডত সক্ৰিয় আছিল।
-
সুনীতি কুমাৰ চট্টোপাধ্যায়
সুনীতি কুমাৰ চট্টোপাধ্যায় বা সুনীতি কুমাৰ চেটাৰ্জী (Suniti Kumar Chatterji,২৬ নৱেম্বৰ ১৮৯০ - ২৯ মে' ১৯৭৭) এগৰাকী ভাৰতীয় ভাষাবিদ, শিক্ষাবিদ আৰু সাহিত্যিক আছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁক ভাষাচাৰ্য উপাধি প্ৰদান কৰিছিল। তেওঁ ১৯৭২ চনত গঠন হোৱা মেঘালয় ৰাজ্যৰ নাম নিৰ্ধাৰণ কৰিছে।
-
প্ৰকল্প ৰঞ্জন ভাগৱতী
প্ৰকল্প ৰঞ্জন ভাগৱতী (ইংৰাজী: Prakalpa Ranjan Bhagawati, জ. ১৯৭৬) এগৰাকী কবি, সমালোচক, অনুবাদক আৰু সম্পাদক। তেওঁ প'য়েট্ৰী উইডাউট ফীয়াৰ নামৰ তিনিমহীয়া দ্বিভাষিক অনলাইন কবিতা আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক।
-
অমৃতা প্ৰীতম
অমৃতা প্ৰীতম (ਅੰਮ੍ਰਿਤਾ ਪ੍ਰੀਤਮ) (৩১ আগষ্ট ১৯১৯- ৩১ অক্টোবৰ, ২০০৫) এগৰাকী ভাৰতীয় লেখিকা। তেওঁ মূলত পঞ্জাবী আৰু হিন্দী ভাষাত সাহিত্য চৰ্চা কৰিছিল। বিংশ শতিকাৰ পঞ্জাবী ভাষা-সাহিত্যৰ প্ৰথমগৰাকী প্ৰগতিবাদী লেখিকা অমৃতা প্ৰীতমৰ কবিতা, উপন্যাস আৰু ৰচনা সমূহ ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে সমানে সমাদৃত।
-
আমিৰ খশ্ৰু
আবু'ল হাছান ইয়ামিন উদ-দীন খুছৰৌ (১২৫৩ – ১৩২৫ খ্ৰীষ্টাব্দ) বা আমিৰ খশ্ৰু নামেৰে বেছি পৰিচিত, নামৰ বানান কেতিয়াবা আমিৰ খুছৰৌ বা আমিৰ খুছৰো হিচাপেও লিখা হয়, তেওঁ এজন ভাৰত-পাৰ্চী চুফী গায়ক, সংগীতজ্ঞ, কবি আৰু পণ্ডিত আছিল, যি দিল্লীৰ চুলতানী সময়ছোৱাত বাস কৰিছিল।
-
বিজয় টেণ্ডুলকাৰ
বিজয় টেণ্ডুলকাৰ (Vijay Tendulkar; विजय तेंडुलकर; ৬ জানুৱাৰী, ১৯২৮ - ১৯ মে, ২০০৮) মাৰাঠী ভাষাৰ এজন আগশাৰীৰ ভাৰতীয় নাট্যকাৰ, চলচ্চিত্ৰ আৰু ধাৰাবাহিক লিখক, সাহিত্যিক, ৰাজনৈতিক সংবাদকৰ্মী। মহাৰাষ্ট্ৰত পাঁচোটা দশক ধৰি, তেখেতৰ নাটক আৰু থিয়েটাৰ সমূহে প্ৰভাৱিত কৰি ৰাখিছিল।
-
শংখ ঘোষ
শংখ ঘোষ (Shankha Ghosh, জন্ম: চিত্তপ্ৰিয় ঘোষ, ৫ ফেব্ৰুৱাৰী ১৯৩২ – ২১ এপ্ৰিল ২০২১) হ'ল এজন ভাৰতীয় কবি আৰু সমালোচক। ১৯৫১ চনত তেওঁ কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা পূৰ্ব স্নাতক ডিগ্ৰী আৰু ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
-
সাৱিত্ৰীবাই ফুলে
সাৱিত্ৰীবাই জ্যোতিৰাও ফুলে (सावित्रीबाई जोतीराव फुले; ৩ জানুৱাৰী ১৮৩১ - ১০ মাৰ্চ ১৮৯৭) এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক আৰু কবি। তেওঁ আৰু তেওঁৰ স্বামী জ্যোতিৰাও ফুলে একেলগে ব্ৰিটিছ শাসনৰ কালছোৱাত মহিলাৰ অধিকাৰৰ বাবে কাম কৰিছিল।
-
অমিতাভ ঘোষ
অমিতাভ ঘোষ (Amitav Ghosh; জন্ম ১১ জুলাই ১৯৫৬)
-
কমলা দাস
কমলা দাস (Kamala Das; ৩১ মাৰ্চ ১৯৩৪ – ৩১ মে' ২০০৯), এগৰাকী ইংৰাজী ভাষাৰ ভাৰতীয় কবি। তেওঁ মালয়ালম ভাষাৰো শীৰ্ষস্থানীয় লেখক। কমলা লেখনিসূত্ৰে মাধৱিকুট্টি ছদ্মনামেৰে পৰিচিত আৰু বিবাহসূত্ৰে তেওঁৰ নাম কমলা দাস। ভাৰতবৰ্ষ ব্ৰিটিছ শাসনাধীন হৈ থাকোঁতে কেৰালাত কমলাৰ জন্ম হৈছিল।
-
কিৰণ দেশাই
কিৰণ দেশাই (Kiran Desai; জন্ম: ৩ ছেপ্টেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় লেখিকা। তেওঁ ইংৰাজী ভাষাত ৰচনা কৰা উপন্যাস 'দা ইনহেৰিটেন্স অফ লষ্ট'ৰ বাবে ২০০৬ চনত মেন বুকাৰ বঁটা লাভ কৰে। একেখন উপন্যাসৰ বাবে তেওঁ ৰাষ্ট্ৰীয় গ্ৰন্থ সমালোচক চক্ৰৰ ফিক্সন বঁটাও লাভ কৰিছিল।
-
খুছৱন্ত সিং
খুছৱন্ত সিং (Khushwant Singh; ২ ফেব্ৰুৱাৰী, ১৯১৫ – ২০ মাৰ্চ, ২০১৪) এজন প্ৰসিদ্ধ ভাৰতীয় সাহিত্যিক, উপন্যাসিক, স্তম্ভ লেখক, সাংবাদিক আৰু ইতিহাসবিদ আছিল। তেওঁ ইংৰাজীত সাহিত্য চৰ্চা কৰিছিল। ১৯৭০ ৰ পৰা ১৯৮০ চনৰ ভিতৰত তেওঁ বহুতো আলোচনী আৰু বাতৰিকাকতত সম্পাদক হিচাপে কাম কৰিছিল।
-
চেতন ভগত
চেতন ভগত (Chetan Bhagat; चेतन भगत) এজন ভাৰতীয় ঔপন্যাসিক, নিবন্ধকাৰ, বক্তা, আৰু চিত্ৰনাট্যকাৰ। তেওঁ কৰ্মৰাজীৰ ভাষা ইংৰাজী। আই আই টি দিল্লী আৰু আই আই এম আহমেদাবাদৰ প্ৰাক্তন ছাত্ৰ ভগতে তেওঁ প্ৰথম উপন্যাস "ফাইভ পইণ্ট চামৱান"-ৰ জৰিয়তে ভাৰতীয়ৰ লগতে বিদেশী পাঠকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলে সক্ষম হয়।
-
নৱনীতা দেৱ সেন
নৱনীতা দেৱ সেন (Nabaneeta Dev Sen; ১৩ জানুৱাৰী ১৯৩৮ – ৭ নবেম্বৰ ২০১৯) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু লেখক আছিল। কলা আৰু তুলনামূলক সাহিত্য অধ্যয়ন কৰাৰ পিছত অধিক অধ্যয়নৰ বাবে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাত্ৰা কৰে।
-
স্বৰ্ণকুমাৰী দেৱী
স্বৰ্ণকুমাৰী দেৱী (Swarnakumari Devi; ২৮ আগষ্ট ১৮৫৫ – ৩ জুলাই ১৯৩২) আছিল এগৰাকী ভাৰতৰ বাংলা কবি, ঔপন্যাসিকা, সংগীতজ্ঞ আৰু সমাজকৰ্মী৷ ভাৰতৰ প্ৰথমকেইগৰাকী ঔপন্যাসিকাৰ মাজত তেখেতৰ নামটোও লোৱা হয়৷ বংগত বাংলা ভাষাত সাহিত্য চৰ্চা কৰি সমাদৰ লাভ কৰা প্ৰথমকেইগৰাকী লেখিকাৰ ভিতৰতো স্বৰ্ণকুমাৰী দেৱী অন্যতম৷
-
অনিমা গুহ
ড° অনিমা গুহ (Dr Anima Guha; ১৯৩২,২৬ মাৰ্চ-২০২১,২৯ জুলাই) একাধাৰে এগৰাকী সমাজ-কৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখক তথা সাহিত্যিক পেঞ্চনাৰ। তেওঁ বুৰঞ্জীবিদ অমলেন্দু গুহৰ সহধৰ্মিনী আৰু প্ৰগতিশীল বিচাৰধাৰাত বিশ্বাসী।
-
আৰ কে নাৰায়ণ
আৰ. কে. নাৰায়ণ (R. K. Narayan; ১০ অক্টোবৰ, ১৯০৬ – ১৩ মে, ২০০১) এজন ভাৰতীয় সাহিত্যিক আছিল। দক্ষিণ ভাৰতৰ কাল্পনিক চহৰ মালগুডিৰ পটভূমিত স্থাপন কৰা ৰচনাসমূহৰ বাবে তেওঁ বেছিকৈ পৰিচিত। তেওঁৰ সম্পূৰ্ণ নাম ৰাচিপুৰম কৃষ্ণস্বামী আয়াৰ নাৰায়ণস্বামী।
-
কামিনী ৰায়
কামিনী ৰায় (১২ অক্টোবৰ ১৮৬৪ - ২৭ ছেপ্টেম্বৰ ১৯৩৩) ব্ৰিটিছ শাসনৰ সময়ৰ এগৰাকী শীৰ্ষ বঙালী কবি, সমাজকৰ্মী আৰু নাৰীবাদী আছিল। ব্ৰিটিছৰ সময়ত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম মহিলা সকলৰ মাজৰ এগৰাকী আছিল।
-
বিক্ৰম শেঠ
বিক্ৰম শেঠ (Vikram Seth; জন্ম ২০ জুন ১৯৫২) হৈছে এগৰাকী ভাৰতীয় ঔপন্যাসিক আৰু কবি। তেওঁ কেইবাখনো উপন্যাস আৰু কাব্যগ্ৰন্থ ৰচনা কৰিছা। তেওঁ পদ্মশ্ৰী, সাহিত্য অকাডেমি বঁটা, প্ৰবাসী ভাৰতীয় সন্মান, ডব্লিউ এইচ স্মিথ সাহিত্যিক বঁটা, ক্ৰছৱৰ্ড বুক এৱাৰ্ড আদিকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
-
আশাপূৰ্ণা দেৱী
আশাপূৰ্ণা দেৱী (৮ জানুৱাৰী ১৯০৯ - ১৩ জুলাই ১৯৯৫) এগৰাকী প্ৰসিদ্ধ বঙালী ঔপন্যাসিক আৰু কবি। নিজৰ জীৱনকালত অনেক বঁটা-বাহন আৰু সন্মানেৰে বিভূষিত হোৱা দেৱীয়ে ১৯৭৬ চনত জ্ঞানপীঠ বঁটা আৰু ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰিছিল।
-
বাৎসায়ন
বাৎসায়ন / বাৎস্যায়ন (वात्स्यायन) এগৰাকী প্ৰাচীন ভাৰতীয় দাৰ্শনিক, যি কামসূত্ৰ ৰ ৰচয়িতা হিচাপে প্ৰসিদ্ধ। তেওঁ খ্ৰীষ্টীয় দ্বিতীয় বা তৃতীয় শতাব্দীৰ সময়ছোৱাত ভাৰতত বাস কৰিছিল বুলি ধাৰণা কৰা হয়, সম্ভৱতঃ পাটলিপুত্ৰ (বৰ্তমানৰ বিহাৰৰ ৰাজধানী পটনা)।
-
ৰাহুল সাংকৃত্যায়ন
ৰাহুল সাংকৃত্যায়ন (Rahul Sankrityayan; राहुल सांकृत्यायन; ৯ এপ্ৰিল, ১৯৮৩ – ১৪ এপ্ৰিল, ১৯৬৩) এজন প্ৰখ্যাত ভাৰতীয় লেখক। জীৱনৰ পঞ্চলিশ বছৰ ঘৰৰ পৰা আঁতৰি ভ্ৰমণত কটোৱা সাংকৃত্যায়নক 'হিন্দী ভ্ৰমণ সাহিত্যৰ জনক' বুলি অভিহিত কৰা হয়। বিভিন্ন বিষয়ৰ ওপৰত তেখেতে প্ৰায় ডেৰশখনৰো অধিক গ্ৰন্থ ৰচনা কৰিছিল।
-
জয় গোস্বামী
জয় গোস্বামী (জন্ম: ১০ নৱেম্বৰ, ১৯৫৪) বিংশ শতিকাৰ শেষৰ ফালে আত্মপ্ৰকাশ কৰা এজন আধুনিক বাংলা কবি। ভাৰতৰ পশ্চিম বংগৰ এই কবিক বাংলা ভাষাৰ জীৱনানন্দৰ পিছৰ পৰ্যায়ৰ অন্যতম জনপ্ৰিয় কবি বুলি গণ্য কৰা হয়। তেওঁৰ কবিতা বিস্ময়কৰ চিত্ৰকল্প, উপমা আৰু উপমাৰে ভৰপূৰ। তেওঁ দুবাৰকৈ আনন্দ বঁটা লাভ কৰিছে।