জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সৰোজিনী বাবৰ
সৰোজিনী বাবৰ ( Sarojiny Babar; ৭ জানুৱাৰী, ১৯২০ – ২০ এপ্ৰিল, ২০০৮) ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী মাৰাঠী সাহিত্যিক আৰু ৰাজনীতিবিদ। ড° বাবৰৰ ১৯২০ চনৰ ৭ জানুৱাৰীত মহাৰাষ্ট্ৰৰ সাংগালী জিলাৰ বাগানী চহৰত জন্ম হৈছিল।
-
হংসা যোগেন্দ্ৰ
হংসা যোগেন্দ্ৰ (Hansa Yogendra, हंसा योगेन्द्र; জন্ম: ৮ অক্টোবৰ ১৯৪৭) এগৰাকী ভাৰতীয় যোগ গুৰু, লেখিকা, গৱেষক আৰু টেলিভিছন ব্যক্তিত্ব। শহুৰেক শ্ৰী যোগেন্দ্ৰই প্ৰতিষ্ঠা কৰা মুম্বাইৰ দ্য যোগ ইনষ্টিটিউটৰ পৰিচালক।
-
হলায়ুধ
হলায়ুধ মৃতসঞ্জীৱনী নামৰ পিংগলাৰ ছন্দঃশাস্ত্ৰৰ টীকাৰচনা কৰিছিল৷
-
হাচিবা ইব্ৰাহিমি
হাচিবা ইব্ৰাহিমি (حسیبا ابراهیمی; জন্ম ২১ ডিচেম্বৰ ১৯৯৬) এগৰাকী আফগান অভিনেত্ৰী। তেওঁ চন্দ মিতৰ মাকুব ইশ্ক (২০১৪) ছবিখনত মৰভেনা ভূমিকাৰ বাবে পৰিচিত, যাৰ বাবে তেওঁ ক্ৰিষ্টেল চিমোৰ্ঘৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন লাভ কৰিছিল।
-
হানি শিৱৰাজ
হানি শিৱৰাজ এজনী মালয়েছিয়াৰ অভিনেত্ৰী আৰু মডেল আছিল। তেওঁ মালয়েছিয়াৰ স্থানীয় তামিল ভাষাৰ চলচ্চিত্ৰ আপ্পালাম (২০১১)ত অভিনয় কৰিছিল। তদুপৰি, তেওঁ ভাৰতীয় তামিল ছবি বিৰিয়ানি (২০১৩)তো অভিনয় কৰিছিল।
-
হাফিজ শ্বিৰাজী
হাফিজ শ্বিৰাজী (خواجه شمسالدین محمد حافظ شیرازی, আনুমানিক ১৩১৫ – ১৩৯০) আছিল এজন ইৰানী ছুফী কবি, যিয়ে পাৰ্চী ভাষাত গজল লিখি অতুলনীয় খ্যাতি লাভ কৰিছিল। তেওঁৰ কাব্যৰ সংকলন "দিওয়ান-ই-হাফিজ" আজিও ইৰানী সাহিত্য আৰু সংস্কৃতিত অত্যন্ত প্ৰসিদ্ধ।
-
হামিদ ৰেজা আজাৰাং
হামিদ ৰেজা আজাৰাং (ফাৰ্চী:حمیدرضا آذرنگ; জন্ম: ২৩ মে' ১৯৭২) এগৰাকী ইৰানী অভিনেতা, পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
-
হামিদা হবিবুল্লা
বেগম হামিদা হবিবুল্লা (Hamida Habibullah; ২০ নৱেম্বৰ ১৯১৬ -১৩ মাৰ্চ ২০১৮) হ'ল এগৰাকী ভাৰতীয় সাংসদ, শিক্ষাবিদ আৰু সমাজকৰ্মী। তেওঁক স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ ভাৰতত ভাৰতীয় নাৰীৰ প্ৰতিষ্ঠিত মুখ বুলি কোৱা হয়।
-
হালা (ৰজা)
হালা ( ২০–২৪ খ্ৰীষ্টাব্দ) আছিল এজন সাতবাহন ৰজা যিয়ে বৰ্তমানৰ দাক্ষিণাত্য অঞ্চলত শাসন কৰিছিল। মৎস্য পুৰাণত তেওঁক সাতবাহন বংশৰ ১৭সংখ্যক শাসক হিচাপে উল্লেখ কৰা হৈছে।
-
হালিনা ক্ৰষ্ট’ব্স্কা
হালিনা ক্ৰষ্ট'ব্স্কা, জন্ম: ২৫ জুলাই ১৯২৯ চন আৰু মৃত্যু: ২২ এপ্ৰিল ১৯৯০ চন, হেলিনা ক্ৰ'ষ্ট'স্কা-পিওট্ৰ'ভিচ নামেৰেও জনাজাত এগৰাকী পোলেণ্ডৰ ভিচুৱেল আৰ্টিষ্ট, গ্ৰাফিক শিল্পী, প্ৰিণ্টমেকাৰ, কৰ্মী, শিক্ষাবিদ আৰু চিত্ৰকৰ আছিল।
-
হালিমা ছাদাম কৰিমী
হালিমা ছাদাফ কৰিমি (Halima Sadaf Karimi) এগৰাকী আফগান ৰাজনীতিবিদ৷ ইয়াৰ লগতে তেওঁ সংসদৰ প্ৰাক্তন সদস্য। হালিমা ছাদাম কৰিমী আফগানিস্তানৰ উত্তৰ জৌজজান প্ৰদেশত জন্মগ্ৰহণ কৰিছিল। ৰাজনীতিৰ ক্ষেত্ৰত সক্ৰিয়তাৰে জড়িত হোৱাৰ আগতে তেওঁ অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল।
-
হিনা খান
হিনা খান (Hina Khan); জন্ম: ২ অক্টোবৰ ১৯৮৭)) ত অক্ষৰা আৰু কছ'উটি জিন্দাগী কে ২ ত কম'লিকাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত।২০১৭ চনত তেওঁ ৰিয়েলিটি শ্ব' ফিয়াৰ ফেক্টৰ: খাট্ৰন কে খিলাদি ৮ আৰু বিগ বছ ১১ত অংশগ্ৰহণ কৰে আৰু দুয়োটাতে ৰানাৰ্ছ আপ হিচাপে আত্মপ্ৰকাশ কৰে।
-
হিপ্পোৰ আগষ্টিন
হিপ্পোৰ আগষ্টিন (Augustine of Hippo) (১৩ নভেম্বৰ ৩৫৪ – ২৮ আগষ্ট ৪৩০) আছিল নুমিদিয়া (আলজেৰিয়া)ৰ হিপ্পো বিশোপ আৰু প্ৰকাশক দাৰ্শনিক-ধৰ্মতত্ত্ববিদ। তেওঁ ‘Confessions’ আৰু ‘The City of God’ লিখি খ্ৰীষ্টান চিন্তাধাৰাত গভীৰ প্ৰভাব পেলায়। তেওঁৰ জন্ম হৈছিল টাগাস্তেৰ (বৰ্তমান আলজেৰিয়া)ত।
-
হিমলা বৰুৱানী
হিমলা বৰুৱানী (Himala Baruani; ১৮৭৭-১৯৪৮) এগৰাকী অসমীয়া লেখিকা। তেওঁ ভগৱতীপ্ৰসাদ বৰুৱা আৰু পাৰ্বতিপ্ৰসাদ বৰুৱাৰ মাতৃ আছিল।
-
হিলদামিত লেপচা
হিলদামিত লেপচা হ'ল লেপচা লোকসংগীতৰ প্ৰতিষ্ঠাপক। ২০১৩ চনত তেওঁ লেপচা ভাষাৰ লোকসংগীতৰ বাবে ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছিল। হিলদামিতে পৰম্পৰাগত লেপচা বাদ্যযন্ত্ৰৰ লগতে লেপচা গীতৰ পৰিবেশক হিচাপেও উৎকৃষ্টতা প্ৰদৰ্শন কৰিছে।
-
হীনা গৱীত
হীনা গৱীত (Heena Gavit; জন্ম: ২৮ জুন ১৯৮৭) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ। ২০১৪ চনৰ পৰা ২০২৪ চনলৈ নন্দুৰবাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি তেওঁ লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ।
-
হীৰেন গোহাঁই (সংগীতজ্ঞ)
হীৰেন গোহাঁই (Hiren Gohain) ষাঠিৰ দশকৰ পৰাই আকাশবাণীৰ গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰৰ এগৰাকী ঘোষক, সুৰকাৰ তথা সংগীত পৰিচালক৷ সংগীতৰ জগতলৈ তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে অসম চৰকাৰে হীৰেন গোহাঁইলৈ ২০১২-১৩ বৰ্ষৰ শিল্পী বঁটা আগবঢ়াইছে৷
-
হেকানি জাখালু কেনছে
হেকানি জাখালু কেনছে (: Hekani Jakhalu Kense; জন্ম: ১৯৭৬ চনৰ পিছত) নাগালেণ্ডৰ এজন ভাৰতীয় ৰাজনীতিবিদ আৰু সামাজিক উদ্যোগী। নাগালেণ্ডৰ যুৱক-যুৱতীসকলক ব্যৱসায়িক সুযোগ লাভ কৰাত সহায় কৰিবলৈ তেওঁ বেচৰকাৰী সংস্থা ইউথনেট স্থাপন কৰিছিল। ২০১৮ চনত নাৰী শক্তিপুৰস্কাৰ বঁটাৰে স্বীকৃতি লাভ কৰে।
-
হেডৱিগ ৰেগো
হেডৱিগ উইলিয়াম ৰেগো (Hedwig William Rego; জন্ম: ১৬ অক্টোবৰ ১৯৩৭, মৃত্যু ৩০ জুলাই ২০২৪) এগৰাকী শিক্ষক, সমাজ কৰ্মী আৰু ১১ সংখ্যক লোকসভাৰ প্ৰাক্তন মনোনীত এংলো-ভাৰতীয় সদস্য (১৯৯৭) আছিল।
-
হেনা দাস
হেনা দাস (Hena Das; ১২ ফেব্ৰুৱাৰী, ১৯২৪ – ২০ জুলাই, ২০০৯) আছিল বাংলাদেশৰ নাৰী জাগৰণ আন্দোলনৰ তেওঁৰ সময়ৰ এগৰাকী উল্লেখযোগ্য অৱদানকাৰী। তেওঁ বাওঁপন্থী মতাদৰ্শত বিশ্বাসী আছিল আৰু ব্ৰিটিছ বিৰোধী আন্দোলন, ভাষা-আন্দোলন, ঊনসত্তৰৰ গণ-অভ্যুত্থান তথা বাংলাদেশৰ স্বাধীনতা সংগ্ৰামকে ধৰি বহুকেইটা আন্দোলনৰ…
-
হেমন্ত বৰ্মন
হেমন্ত বৰ্মন (জন্ম: ১৯৫৭) এগৰাকী বিশিষ্ট অসমীয়া গল্পকাৰ আৰু সাংবাদিক। তেওঁৰ গল্পৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰ তথাপিও নদী (১৯৯০) হেমন্ত দাসৰ দ্বাৰা পৰিচালিত হৈছিল।
-
হেমেন্দ্ৰ সিং পানৱাৰ
হেমেন্দ্ৰ সিং পানৱাৰ (Hemendra Singh Panwar) এজন বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰাৰ বাবে পৰিচিত ভাৰতীয় সংৰক্ষণবিদ আৰু চৰকাৰী কৰ্মচাৰী। তেওঁ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ প্ৰথমজন সঞ্চালক হিচাপে প্ৰজেক্ট টাইগাৰৰ সঞ্চালক আছিল।
-
হেলেন গিৰি ছিয়েম
হেলেন গিৰি ছিয়েম এগৰাকী ভাৰতীয় সংগীতজ্ঞ আৰু ইতিহাসবিদ, খাচী লোকসংগীত প্ৰচাৰৰ বাবে তেওঁ পৰিচিত। তেওঁ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ প্ৰাক্তন অধ্যাপক সদস্যা আৰু সংগীত নাটক একাডেমীৰ কাৰ্যবাহী পৰিষদৰ সদস্যা।
-
হেৰিছ জং
হেৰিছ জং, পেছাদাৰীভাৱে হেৰিছ জে বুলি জনাজাত, এজন ব্ৰিটিছ গায়ক যাক ২০১৩ চনত এৱেকেনিং মিউজিকৰ সৈতে স্বাক্ষৰ কৰা হৈছিল। তেওঁ লণ্ডনৰ ব্ৰিট স্কুল অফ প্ৰদৰ্শন কলাৰ স্নাতক। ২০১৭ চনত তেওঁ ছালাম আলাইকুম: "এ মেচেজ অফ পিচ" নামৰ এখন শশু গ্ৰন্থ প্ৰকাশ কৰিছিল।
-
হোছাই আহমদজাই
হোছাই আহমদজাই (Hosai Ahmadzai) এগৰাকী আফগান সংবাদ পৰিৱেশক। ২০২১ চনত কাবুলৰ পতনৰ পিছত তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰ দিনকেইটাত তেওঁ আফগানিস্তানত থকা মাত্ৰ দুগৰাকী মহিলা বাতৰি পৰিবেশকৰ ভিতৰত অন্যতম আছিল।
-
হোছেইন আবৰঘুৱী
হোছেইন আবৰঘুৱী (ফাৰ্চী: حسین ابرقویی; জন্ম ৮ জুলাই ১৯৯৬) হৈছে এগৰাকী ইৰানী পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ পাৰ্চিয়ান গাল্ফ প্ৰ' লীগত ইৰানী ফুটবল ক্লাব পাৰ্চেপলিছ আৰু ইৰান ৰাষ্ট্ৰীয় ফুটবল দলৰ মধ্যভাগৰ খেলুৱৈ হিচাপে খেলি আছে।
-
হোডান ছাইড ইছে
হোডান ছাইড ইছে পুণ্টলেণ্ডৰ ইউএনএফপিএ (UNFPA Goodwill Ambassador)ৰ সদস্য। ২০২৪ চনৰ ৮ জানুৱাৰী–২০১৯ চনৰ ৮ জানুৱাৰীলৈকে পুণ্টলেণ্ডৰ প্ৰাক্তন ফাৰ্ষ্ট লেডী আৰু পুণ্টলেণ্ডৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দিৱেলি মহম্মদ আলীৰ পত্নী।
-
হোৰিয়া নিয়াটি
হোৰিয়া নিয়াটি (জন্ম ১৯৪৮) লণ্ডনত বাস কৰা এগৰাকী আলজেৰিয়ান শিল্পী। নিয়াটি মিক্সড মিডিয়া ইনষ্টলেশ্যনত বিশেষজ্ঞ যিয়ে পশ্চিমীয়া প্ৰতিনিধিত্ব আৰু উত্তৰ আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যৰ মহিলাসকলৰ বস্তুনিষ্ঠকৰণক সমালোচনা কৰে।
-
হৰিচন্দ মেঘ দালায়া
হৰিচন্দ মেঘ দালায়া (Harichand Megha Dalaya) (২২ অক্টোবৰ ১৯২১ – ১৪ ছেপ্টেম্বৰ ২০০৪) বিশ্বৰ প্ৰথমটো ম'হৰ গাখীৰৰ বাবে স্প্ৰে-ড্ৰাইয়াৰৰ উদ্ভাৱক আছিল। তেওঁৰ এই উদ্ভাৱনে ভাৰতৰ দুগ্ধ পালন উদ্যোগত (অপাৰেচন ফ্লাড) বৈপ্লৱিক পৰিৱৰ্তন আনিছিল আৰু আমুল সমবায়ৰ অপৰিসীম সফলতাৰ ভেটি স্থাপন কৰিছিল।
-
হৰেকলা হাজাব্বা
হৰেকলা হাজাব্বা (Harekala Hajabba) কৰ্ণাটকৰ মাংগালোৰ নিবাসী এজন ভাৰতীয় কমলা বেপাৰী, যি তেওঁৰ সৰু ব্যৱসায়টোত উপাৰ্জিত টকাৰে নিজৰ গাঁৱত এখন স্কুল প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ এই প্ৰশংসনীয় প্ৰচেষ্টাৰ বাবে, ২০২০ চনত, তেওঁক ভাৰতৰ চৰকাৰে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে।