অভিনেত্ৰী
২৫৯ প্ৰবন্ধ
-
জ্ঞানদা কাকতি
জ্ঞানদা কাকতি (Gyanada Kakati) এগৰাকী অসমীয়া অভিনেত্ৰী আৰু কণ্ঠশিল্পী। ১৯৪৯ চনত পাৰঘাট ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰা কাকতিয়ে অসমীয়াৰ উপৰিও বঙালী ছবিতো অভিনয় কৰিছে। পূবেৰুণ ছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয় হোৱা কাকতিয়ে ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোসৎৱত অংশগ্ৰহণ কৰে।
-
পূৰবী শৰ্মা
পূৰবী শৰ্মা (Purabi Sarma, ১৯৬১-২০২৬) অসম, ভাৰতৰ এগৰাকী অভিনেত্ৰী আছিল। তেওঁ মূলতঃ অসমীয়া ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। ইয়াৰ লগতে তেওঁ অনাতাৰ নাট, ভ্ৰাম্যমাণ আৰু দূৰদৰ্শনৰ একাধিক অভিনয়-কৰ্মৰ লগত জড়িত হৈ আছিল।
-
ৰত্না পাঠক শ্বাহ
ৰত্না পাঠক শ্বাহ (Ratna Pathak Shah) (জন্ম-১৮ মাৰ্চ ১৯৫৭ ২০০৪-২০০৬ চনৰ সময়ছোৱাত ৰত্না পাঠক শ্বাহে হাস্যৰসপূৰ্ণ টিভি ধাৰাবাহিক ছাৰাভাই ভাৰ্ছেছ ছাৰাভাইত অভিনয় কৰি বিপুল সমাদৰ লাভ কৰে৷ তেখেতে অভিনয় কৰা কেইখনমান উল্লেখযোগ্য কথাছবি হৈছে জানে টু...য়া জানে না (২০০৮), গোলমাল ৩ (২০১০), কাপুৰ এণ্ড ছনছ…
-
নয়না গাংগুলী
নয়না গাংগুলী এগৰাকী ভাৰতীয় বাঙালী অভিনেত্ৰী। তেওঁ মেৰী বেটী ছানী লিয়নি বননা চাহতী হ্যায় (২০১৭) আৰু চাৰিত্ৰহীন (হইচই-ৰ ৱেবছিৰিজ) (২০১৮)ৰ বাবে পৰিচিত।
-
ভূমিকা চাওলা
ভূমিকা চাওলা ( Bhumika Chawla; জন্ম: ২১ আগষ্ট ১৯৭৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলেগু চিনেমাৰ কামৰ বাবে পৰিচিত, লগতে কেইখনমান হিন্দী আৰু তামিল ছবি।
-
অমৃতা ৰাও
অমৃতা ৰাও (Amrita Rao; (জন্ম ৭ জুন) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী ছবিত কাম কৰে। "কুইণ্টেচেন্সিয়েল গাৰ্ল-নেক্সট-ড'ৰ" চিত্ৰণৰ বাবে পৰিচিত ৰাও আইআইএফএ বঁটা আৰু দুটা ষ্টাৰডাষ্ট বঁটাৰ লগতে দুটা ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।
-
কানি কুশ্ৰুতি
কানি কুশ্ৰুতি (കനി കുസൃതി) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ২০০৯ চনত কেৰালা কেফে ছবিখনৰ জৰিয়তে তেওঁ প্ৰথমবাৰৰ বাবে স্বীকৃতি লাভ কৰিছিল যাৰ জৰিয়তে তেওঁ সমালোচকৰো প্ৰশংসা লাভ কৰিছিল।
-
বিদ্যা মালৱাদে
বিদ্যা মালৱাদে (Vidya Malvade)(জন্ম-২ মাৰ্চ ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় অভিনয় শিল্পী৷ তেওঁক সাধাৰণতে হিন্দী ভাষাৰ চলচ্চিত্ৰত দেখা যায়৷
-
মমতা শংকৰ
মমতা শংকৰ (Mamata Shankar; জন্ম: ৭ জানুৱাৰী ১৯৫৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। বাংলা চিনেমাৰ কামৰ বাবে তেওঁ পৰিচিত। সত্যজিৎ সত্যজিৎ সত্য, মৃণাল সেন, ঋতুপৰ্ণ ঘোষ, বুদ্ধদেৱ দাসগুপ্ত, গৌতম ঘোষকে ধৰি পৰিচালকৰ ছবিত অভিনয় কৰিছে।
-
হুমা কুৰেছি
হুমা ছালিম কুৰেছি (Huma Saleem Qureshi) (; জন্ম ২৮ জুলাই ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ হুমাই সাধাৰণতে হিন্দী ভাষাৰ কথাছবিত অভিনয় কৰে৷ এতিয়ালৈকে অভিনেত্ৰী হুমাই তিনিটাকৈ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰিছে৷ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা হুমাই ইতিহাস বিষয়ত মেজৰসহ স্নাতক ডিগ্ৰী লাভ…
-
চিত্ৰাশী ৰাৱট
চিত্ৰাশী ৰাৱট (Chitrashi Rawat) এগৰাকী ভাৰতীয় মডেল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আৰু অভিনেত্ৰী। ২০০৭ চনত ‘চক দে ইণ্ডিয়া’ ছবিখনত কোমল চৌটালাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ পৰিচিতি লাভ কৰিছিল। চিত্ৰাশী এগৰাকী হকী খেলুৱৈ। ১৭ বছৰ বয়সৰ পৰাই হকী খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁ বাওঁফালৰ ষ্ট্ৰাইকাৰ হিচাপে খেলিছিল।
-
জেকলিন ফাৰ্ণাণ্ডীজ
জেকলিন জিনেভিভ ফাৰ্ণাণ্ডীজ (সিংহল: ஜாக்குலின் பெர்னாண்டஸ் (জাক্কুলিন়্ পেৰ্ন়াণ্টস্), জন্ম: ১১ আগষ্ট ১৯৮৫) এগৰাকী ভাৰত-ভিত্তিক শ্ৰীলংকান অভিনেত্ৰী। তেওঁ ভাৰতীয় চলচ্চিত্ৰত, বিশেষকৈ হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে, লগতে বিভিন্ন বাস্তৱ অনুষ্ঠান আৰু সংগীত ভিডিঅ’তো অংশগ্ৰহণ কৰিছে।
-
টিকা (গায়িকা)
কাৰ্তিকা জাহজা (ইংৰাজী: Kartika Jahja; জন্ম: ১৯ ডিচেম্বৰ ১৯৮০), টিকা নামেৰে বেছি পৰিচিত, টিকা আৰু দ্য ডিছিডেণ্টছ বেণ্ডৰ এগৰাকী স্বতন্ত্ৰ গায়িকা আৰু গীতিকাৰ। তেওঁ লিংগ আৰু যৌনতাৰ বিষয়ৰ লেখিকা, অভিনেত্ৰী, উদ্যোগী, সমাজকৰ্মী। ২০১৬ চনৰ নৱেম্বৰ মাহত তেওঁ " BBC 100 Women " তালিকাত স্থান লাভ কৰে।
-
টিকা ছাম্পটাৰ
ইউফেমিয়া লাটিক "টিকা" চাম্পটাৰ (জন্ম: ২০ জুন ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু প্ৰযোজক। চাম্পটাৰে নিজৰ কৰিয়াৰ আৰম্ভ কৰিছিল Best Friend's Date অনুষ্ঠানৰ পৰিচালক হিচাপে। ২০০৫-২০১০ সময়চোৱাত তেওঁ One Life to Live শৃংখলাত অভিনয় কৰিছিল।
-
টিকা ব্ৰাভানি
ৰতু টিকা ব্ৰাভানি (জন্ম: ডেনপাছাৰ, ১৭ ফেব্ৰুৱাৰী ১৯৯০) ইণ্ডোনেছিয়াৰ এগৰাকী অভিনেত্ৰী আৰু মডেল। তেওঁ বান্টেনী আৰু মিনাংকাবাউ বংশৰ সন্তান।
-
নুচৰাত ইমৰোজ তিছা
নুচৰাত ইমৰোজ তিছা (Nusrat Imrose Tisha; জন্ম ২০ ফেব্ৰুৱাৰী ১৯৮১) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল আৰু প্ৰযোজক যি মুখ্যতঃ বঙালী দূৰদৰ্শন আৰু চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তিছা নামেৰে জনাজাত।
-
ৰ'জি আফচাৰি
ৰ’জি আফচাৰি (ইংৰাজীঃ Rosy Afsary; ২৩ এপ্ৰিল, ১৯৪৬, ৯ মাৰ্চ, ২০০৭), যাক ৰ’জি চামাদ নামেৰেও জনা যায়, বাংলাদেশী চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী অভিনেত্ৰী। তেওঁক ‘সূৰ্য গ্ৰহণ’, ‘সূৰ্য সংগ্ৰাম’, ‘জীৱন থেকে নেয়া’ অৰু ‘টিটাছ একটি নদীৰ নাম’ আদি চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনা যায়।
-
অনুশ্ৰী
অনুশ্ৰী এজনী ভাৰতীয় টেলিভিছন উপস্থাপক আৰু অভিনেত্ৰী যিয়ে প্ৰধানকৈ কন্নড় চলচ্চিত্ৰত অভিনয় কৰে।
-
অনুসূয়া সেনগুপ্তা (অভিনেত্ৰী)
অনসুয়া সেনগুপ্তা (Anasuya Sengupta; জন্ম: ১ ছেপ্টেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰডাকচন ডিজাইনাৰ। চলচ্চিত্ৰ জগতত কেৰিয়াৰ গঢ়ি তোলাৰ লগতে ২০২৪ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত আন চাৰ্টেইন ৰিগাৰ্ড বঁটা শাখাত তেওঁ পাৰফৰমেন্স এৱাৰ্ড লাভ কৰিছে।
-
অভিনয়া (অভিনেত্ৰী)
অভিনয়া এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তামিল, তেলুগু, কন্নড় আৰু মালয়ালম চলচ্চিত্ৰত অভিনয় কৰে। তাই শ্ৰৱণ আৰু বাক দুয়োটা দিশতে বিশেষভাৱে সক্ষম। তেওঁ নাডোডিগাল (২০০৯) চলচ্চিত্ৰৰ যোগেদি অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল আৰু তাৰ পিছত বহুতো তামিল আৰু তেলুগু ছবিত অভিনয় কৰিছে।
-
আইশা আহমেদ
আইছা আহমেদ এগৰাকী ভাৰতীয় অভিনেত্ৰী। অভিনেত্ৰী ৰুখছাৰ ৰেহমানৰ কন্যা, আইশা এডালটিং (২০১৮) আৰু মাইনাছ ৱান (২০১৯)কে ধৰি কেইবাখনো জনপ্ৰিয় ষ্ট্ৰীমিং ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০১৮ চনত থ্ৰিলাৰ থ্ৰি ষ্ট’ৰেজৰ জৰিয়তে তেওঁ ছবিজগতত প্ৰৱেশ কৰে।
-
আন্দ্ৰেয়া কেভিচুছা
কেৰল আন্দ্ৰেয়া কেভিচুছা (; জন্ম: ১৮ ফেব্ৰুৱাৰী ২০০১) নাগালেণ্ডৰ এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ ২০২২ চনত আয়ুষমান খুৰৰানাৰ সৈতে অনেক চলচ্চিত্ৰত অভিনয়ত অভিষেক ঘটায়, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা অভিষেকৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে।
-
আৰবুছকুলা
আৰবুছকুলা (লেটিন: Arbuscŭla; মৃত্যু: খ্ৰী. পূ. ৫৪ - ৩৫) এগৰাকী প্ৰাচীন ৰোমৰ মঞ্চ শিল্পী আছিল। খ্ৰী. পূ. ১ম শতিকাত তেওঁ পেণ্ট'মাইম নাটকত জনপ্ৰিয় অভিনেত্ৰী আছিল। সেই সময়ত নাটকৰ অধিকাংশ মহিলা চৰিত্ৰ পুৰুষ অভিনেতাসকলে অভিনয় কৰিছিল, বিশেষকৈ শোকান্ত নাটকত। খ্ৰী. পূ.
-
ঐশ্বৰ্য ৰাজেশ
ঐশ্বৰ্য ৰাজেশ ( ইংৰাজী: Aishwarya Rajesh; জন্ম: ১০ জানুৱাৰী ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তামিল, তেলেগু আৰু মালয়ালম ছবিত কাম কৰে। ঐশ্বৰ্য চাৰিটা দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, দুটা ফিল্মফেয়াৰ বঁটা দক্ষিণ আৰু এটা তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটাকে ধৰি কেইবাটাও বঁটা…
-
কুলৰাজ ৰন্ধাৱা
কুলৰাজ কৌৰ ৰন্ধাৱা (জন্ম: ১৬ মে' ১৯৮৩) এজনী ভাৰতীয় অভিনেত্ৰী যিয়ে পঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কৰীণা কৰীণা নামৰ টেলিভিছন শৃংখলাৰ "কৰীণা" চৰিত্ৰৰ বাবে জনাজাত।
-
গালেৰিয়া কোপিঅ'লা
গালেৰিয়া কোপিঅ'লা (৯৬ খ্ৰীঃ পূঃ – খ্ৰীঃ ৯ বা তাৰ পাছত) এগৰাকী প্ৰাচীন ৰোমৰ নৰ্তকী এম্বোলিআৰিয়া আৰু অভিনেত্ৰী আছিল, যাক প্লিনিয়ে তেওঁৰ ন্যাচুৰেল হিষ্ট্ৰী গ্ৰন্থত প্ৰসিদ্ধ নৱ্বৈ বছৰীয়া আৰু শতিকাব্যাপী জীৱিত ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে।
-
চাবা সৌদাগৰ
চাবা সৌদাগৰ (Saba Saudagar) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। হিন্দী ভাষাৰ ৱেব-ছিৰিজত বুও সবকি ফাটেগী (২০১৯), ক্ৰেকডাউন (২০২০), আৰু গন্দী বাত (ছিজন ৪) (২০২০) আদিত আগবঢ়োৱা অভিনয়ৰ বাবে তেওঁ পৰিচিত।
-
ছমীৰা মখমলবাফ
ছমীৰা মাখমালবাফ (ফাৰ্চী: سمیرا مخملباف; জন্ম ১৫ ফেব্ৰুৱাৰী ১৯৮০) হৈছে এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আৰু লেখক মহচেন মাখমালবাফৰ কন্যা। ছমীৰা মাখমালবাফক "ইৰানী নতুন ঢৌ"ৰ অন্যতম অংশ হিচাপে গণ্য কৰা হয়।
-
ঝাও লুচি
ঝাও লুচি (; জন্ম: ৯ নৱেম্বৰ ১৯৯৮), ৰ’জি ঝাও নামেৰে পৰিচিত, এগৰাকী চীনা অভিনেত্ৰী আৰু গায়িকা। তেওঁ দ্য ৰোমাঞ্চ অৱ টাইগাৰ এণ্ড ৰোজা (২০২০), ডেটিং ইন দ্য কিচেন (২০২০), দ্য লং বেলাড (২০২১), হু ৰুলচ দ্য ৱাৰ্ল্ড (২০২২), লভ লাইক দ্য গেলেক্সি (২০২২), হিডেন লভ (২০২৩), আৰু দ্য ষ্ট'ৰী অৱ পাৰ্ল গাৰ্ল (২০২৪)-ৰ…
-
ডায়োনিচিয়া
ডায়োনিচিয়া (খ্ৰী. পূ. ১ম শতিকী) এগৰাকী প্ৰাচীন ৰোমৰ নৃত্যশিল্পী-অভিনেত্ৰী আছিল। ডায়োনিচিয়া প্ৰাচীন ৰোমৰ এগৰাকী খ্যাতনামা মঞ্চশিল্পী আছিল, যাৰ নাম ৰাজহুৱা বিতৰ্কত উল্লেখ কৰা হৈছিল। তেওঁ অতি কমসংখ্যক মহিলা মঞ্চশিল্পীৰ মাজৰ পৰা এজনী, যাৰ উপাৰ্জনৰ নিৰ্দিষ্ট উল্লেখ পোৱা যায়।