বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী
২৪১ প্ৰবন্ধ
-
ইন্দিৰা মিৰি
ইন্দিৰা মিৰি (Indira Miri) আছিল অসমৰ এগৰাকী শিক্ষাবিদ, বিদূষী মহিলা, এ'ডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল। তেখেতে কৰ্মজীৱনৰ আৰম্ভণিতে মেৰীয়া মণ্টেছৰীৰ পৰা প্ৰত্যক্ষভাৱে দীক্ষা পাইছিল।
-
কমলাদেৱী চট্টোপাধ্যায়
কমলাদেৱী চট্টোপাধ্যায় ( Kamaladevi Chattopadhyay; ৩ এপ্ৰিল ১৯০৩ – ২৯ অক্টোবৰ ১৯৮৮) এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, লেখক আৰু স্বাধীনতা কৰ্মী আছিল। ভাৰতৰ স্বাধীনতা আন্দোলনলৈ আগবঢ়োৱা অৱদানৰ বাবে; স্বাধীন ভাৰতত দেশীয় হস্তশিল্প, হস্ততাঁত, আৰু থিয়েটাৰ নৱজাগৰণৰ চালিকা শক্তি হোৱাৰ বাবে আৰু ভাৰতীয়…
-
কাদম্বিনী গাংগুলী
কাদম্বিনী গাংগুলী (১৮ জুলাই ১৮৬১ – ৩ অক্টোবৰ ১৯২৩) এগৰাকী ভাৰতীয় চিকিৎসক। তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী মহিলা। তেওঁ ১৮৮২ চনত চন্দ্ৰমুখী বসুৰ সৈতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষা উত্তীৰ্ণ হয়।
-
মুথুলক্ষ্মী ৰেড্ডী
মুথুলক্ষ্মী ৰেড্ডী (৩০ জুলাই ১৮৮৬ – ২২ জুলাই ১৯৬৮) এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, চিকিৎসক, ৰাজনীতিবিদ, মহিলাৰ অধিকাৰ কৰ্মী আৰু লেখিকা। তেওঁ ভাৰতৰ প্ৰথম মহিলা বিধায়ক। ১৯২৭ চনত তেওঁক মাদ্ৰাজ বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত কৰা হৈছিল।
-
অসীমা চেটাৰ্জী
অসীমা চেটাৰ্জী (২৩ ছেপ্টেম্বৰ ১৯১৭ – ২২ নৱেম্বৰ ২০০৬) এগৰাকী ভাৰতীয় জৈৱ ৰসায়ন বিজ্ঞানী। তেওঁ জৈৱ ৰসায়ন আৰু উদ্ভিদ ৰসায়নৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। তেওঁ বিশেষকৈ ভিংকা এলকালয়ডৰ ওপৰত কৰা গৱেষণাৰ বাবে বিখ্যাত।
-
এছ. আই. পদ্মাৱতী
পদ্মাৱতী শিৱৰামকৃষ্ণ আয়াৰ (২০ জুন ১৯১৭২৯ আগষ্ট ২০২০) চমুকৈ এছ. আই. পদ্মাৱতী এগৰাকী ভাৰতীয় চিকিৎসক তথা হৃদয় বিশেষজ্ঞ। তেওঁ ভাৰতৰ ৰাজধানী নতুন দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় হৃদয় প্ৰতিষ্ঠানৰ বৰ্তমান সঞ্চালক প্ৰধান।
-
কমলা ভাচিন
কমলা ভাচিন (Kamla Bhasin; জন্ম: ২৪ এপ্ৰিল, ১৯৪৬ - ২৫ ছেপ্টেম্বৰ ২০২১) হ'ল এগৰাকী ভাৰতীয় প্ৰগতিশীল নাৰীবাদী কৰ্মী, কবি, লেখক আৰু সমাজ বিজ্ঞানী। ১৯৭০ চনৰপৰা ভাচিনে লিংগ, শিক্ষা, মানৱ উন্নয়ন আৰু সংবাদ মাধ্যমক কামৰ ক্ষেত্ৰ হিচাপে বাচি লৈ কাম কৰি আহিছে। তেওঁ ভাৰতৰ নতুন দিল্লী নিবাসী আছিল।
-
গীতা গোপীনাথ
গীতা গোপীনাথ (জন্ম ৮ ডিচেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় আমেৰিকান অৰ্থনীতিবিদ। তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ আন্তৰাষ্ট্ৰীয় অধ্যয়ন আৰু অৰ্থনীতি বিজ্ঞানৰ জন জৱানষ্ট্ৰ আসনৰ অধ্যাপক।
-
চন্দ্ৰমুখী বসু
চন্দ্ৰমুখী বসু (১৮৬০-১৯৪৪) এগৰাকী ভাৰতীয় শিক্ষাবিদ। তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা প্ৰথম স্নাতক ডিগ্ৰী লাভ কৰা মহিলা। ১৮৬০ চনত ইউনাইটেড প্ৰভিনছ অফ আগ্ৰা এণ্ড অৱধৰ এক বঙালী-খ্ৰীষ্টান পৰিয়ালত জন্মগ্ৰহণ কৰা চন্দ্ৰমুখী বসু ১৮৮২ চনত কাদম্বিনী গাংগুলীৰ সৈতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষা…
-
টি. এ. সৰস্বতী আম্মা
টেকাথ আমায়ানকট্টুকুৰুচ্চি কালাথিল সৰস্বতী (Tekkath Amayankottukurussi Kalathil Sarasvati) চমুকৈ টি. এ. সৰস্বতী আম্মা (জন্ম: ২৬ ডিচেম্বৰ ১৯১৮ – ১৫ আগষ্ট ২০০০) এগৰাকী ভাৰতীয় শিক্ষাবিদ, পণ্ডিত, গৱেষক, গণিতজ্ঞ। তেখেতৰ জন্ম হৈছিল কেৰালাৰ পালাক্কাড় জিলাৰ চেৰপুলাচ্চেৰীত।
-
বানু জাহাংগীৰ কয়াজী
বানু জাহাংগীৰ কয়াজী (Banoo Jehangir Coyaji, ৭ ছেপ্টেম্বৰ ১৯১৭ – ১৫ জুলাই ২০০৪) পৰিয়াল পৰিকল্পনা আৰু জনসংখ্যা নিয়ন্ত্ৰণত এগৰাকী ভাৰতীয় চিকিৎসক তথা সমাজকৰ্মী।
-
বীণা মজুমদাৰ
বীণা মজুমদাৰ (Vina Mazumdar; ২৮ মাৰ্চ ১৯২৭ – ৩০ মে' ২০১৩) এগৰাকী ভাৰতীয় শিক্ষাবিদ, বাওঁপন্থী কৰ্মী আৰু নাৰীবাদী আছিল। তেওঁ ভাৰতত নাৰীবাদী শিক্ষাৰ অগ্ৰণী আৰু নাৰীবাদী আন্দোলনৰ গুৰুত্বপূৰ্ণ ব্যক্তি আছিল। নাৰী শিক্ষাত সক্ৰিয়তাৰ লগত বৌদ্ধিক গৱেষণা সংযোগ কৰা প্ৰথম মহিলা শিক্ষাবিদসকলৰ তেওঁ অন্যতম।
-
লক্ষ্মী সেহগল
লক্ষ্মী সেহগল বা লক্ষ্মী ছেহগল (Lakshmi Sahgal,) (জন্মতে লক্ষ্মী স্বামীনাথন, ২৪ অক্টোবৰ ১৯১৪-২৩ জুলাই ২০১২) আছিল ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী বিপ্লৱী, ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ বিষয়া আৰু আজাদ হিন্দ চৰকাৰৰ নাৰী পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী।
-
অৰ্চনা শৰ্মা (উদ্ভিদ বিজ্ঞানী)
অৰ্চনা শৰ্মা (১৬ ফেব্ৰুৱাৰী ১৯৩২ - ১৪ জানুৱাৰী ২০০৮) এগৰাকী ভাৰতীয় উদ্ভিদ বিজ্ঞানী, কোষ বংশগতিবিজ্ঞানী, কোষ জীৱবিজ্ঞানী আৰু কোষবিষবিজ্ঞানী। তেওঁ বিশেষকৈ অযৌন প্ৰজনন কৰা উদ্ভিদৰ শ্ৰেণীবিভাজনৰ অধ্যয়ন, প্ৰাপ্ত বয়স্ক কোষকেন্দ্ৰৰ আৱেশিত কোষ বিভাজন, উদ্ভিদৰ বিভিন্ন কলাৰ পলিটেনিৰ শ্ৰেণীবিভাজন, সপুষ্পক…
-
আনন্দীবেন পেটেল
আনন্দীবেন মফটভাই পেটেল ( Anandiben Patel; জন্ম: ২১ নৱেম্বৰ ১৯৪১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, যিয়ে ২০১৯ চনৰ পৰা উত্তৰ প্ৰদেশৰ ২০তম আৰু বৰ্তমানৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
আন্না মণি
আন্না মোডায়িল মণি (২৩ আগষ্ট, ১৯১৮ – ১৬ আগষ্ট, ২০০১) আছিল এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী তথা বতৰ বিজ্ঞানী। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সাধাৰণ উপসঞ্চালক হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল আৰু পাছলৈ তেওঁ ৰমণ গৱেষণা প্ৰতিষ্ঠানত অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
আয়ালাসোমায়াজুলা ললিতা
আয়ালাসোমায়াজুলা ললিতা এম.আই.ই.ই. (এ ললিতা) (জন্ম: ২৭ আগষ্ট ১৯১৯– মৃত্যু:১২ অক্টোবৰ,১৯৭৯) আছিল ভাৰতৰ প্ৰথম মহিলা অভিযন্তা।
-
কমল ৰণদিৱে
কমল ৰণদিৱে (Kamal Ranadive, ৮ নৱেম্বৰ ১৯১৭ – ১১ এপ্ৰিল ২০০১) এগৰাকী ভাৰতীয় কোষ জীৱবিজ্ঞানী আৰু কৰ্কট ৰোগ বিশেষজ্ঞ। তেওঁ বিশেষকৈ কৰ্কট ৰোগ আৰু ভাইৰাছৰ মাজৰ সম্পৰ্কৰ বিষয়ে গৱেষণাৰ বাবে জনাজাত। তেওঁ ভাৰতীয় মহিলা বিজ্ঞানী সন্থাৰ এজন প্ৰতিষ্ঠাপক সদস্য আছিল।
-
ছিলভাৰিন স্বেৰ
ছিলভাৰিন স্বেৰ (Silverine Swer; ১২ নৱেম্বৰ ১৯১০ - ১ ফেব্ৰুৱাৰী ২০১৪) এগৰাকী ভাৰতীয় সমাজকৰ্মী, শিক্ষাবিদ আৰু অসামৰিক সেৱা বিষয়া। তেওঁক জনপ্ৰিয়ভাবে কং ছিল হিচাপে জনা যায়। খাছীভাষাত কং ছিলৰ অৰ্থ হৈছে বায়েক। তেওঁ মেঘালয় চৰকাৰৰ জ্যেষ্ঠ পদত অধিষ্ঠিত হোৱা প্ৰথম জনজাতীয় মহিলা।
-
জানকী অম্মল (উদ্ভিদ বিজ্ঞানী)
জানকী অম্মল (৪ নৱেম্বৰ ১৯৮৭- ৭ ফেব্ৰুৱাৰী ১৯৮৪) এগৰাকী ভাৰতীয় উদ্ভিদবিজ্ঞানী আছিল।
-
পূৰ্ণিমা সিন্হা
পূৰ্ণিমা সিন্হা (১২ অক্টোবৰ ১৯২৭ – ১১ জুলাই ২০১৫) আছিল এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে বিখ্যাত ভাৰতীয় বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৰ অধীনত গৱেষণা কৰিছিল। পূৰ্ণিমা সিন্হাক পদাৰ্থ বিজ্ঞানত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰা প্ৰথমগৰাকী বঙালী মহিলা হিচাপে অভিহিত কৰা হয়।
-
বিন্নী য়াংগা
বিন্নী য়াংগা (Binny Yanga, ৭ জুলাই ১৯৫৮ - ৩ ছেপ্টেম্বৰ ২০১৫) এগৰাকী ভাৰতীয় সমাজ কৰ্মী আছিল। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় পৰিকল্পনা আয়োগৰ সদস্য আছিল আৰু ওজু ৱেলফেয়াৰ এছোচিয়েচনৰ প্ৰতিষ্ঠাতা।
-
মঞ্জু শৰ্মা
মঞ্জু শৰ্মা (Manju Sharma, জন্ম: ১৩ ডিচেম্বৰ ১৯৪০) এগৰাকী ভাৰতীয় জৈৱ প্ৰযুক্তিবিদ। তেওঁ ভাৰতৰ কেইবাটাও বৈজ্ঞানিক গৱেষণা আৰু নীতি নিৰ্ধাৰণকাৰী সংস্থাৰ প্ৰশাসক আছিল। শেহতীয়াকৈ গুজৰাটৰ গান্ধীনগৰৰ উন্নত গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ আৰু কাৰ্যবাহী সঞ্চালক আছিল।
-
যমুনা কৃষ্ণণ
যমুনা কৃষ্ণণ (জন্ম: ২৫ মে' ১৯৭৪) এগৰাকী ভাৰতীয় অজৈৱ ৰসায়নবিজ্ঞানী। তেওঁ ২০১৪ চনৰ আগষ্ট মাহৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক পদত অধিষ্ঠিত হৈ আছে।
-
সুনেত্ৰা গুপ্তা
সুনেত্ৰা গুপ্তা (Sunetra Gupta; জন্ম: ১৫ মাৰ্চ, ১৯৬৫) এগৰাকী ভাৰতীয় মূলৰ ব্ৰিটিছ সংক্ৰামক ৰোগ মহামাৰী বিজ্ঞানী আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ এগৰাকী তাত্ত্বিক মহামাৰী বিজ্ঞানৰ অধ্যাপক।
-
ৰাজেশ্বৰী চেটাৰ্জী
ৰাজেশ্বৰী চেটাৰ্জী (২৪ জানুৱাৰী ১৯২২– ৩ ছেপ্টেম্বৰ ২০১০) আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু শিক্ষাবিদ। তেখেত কৰ্ণাটকৰ প্ৰথমগৰাকী মহিলা অভিযন্তা। বেংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান কাৰ্যনিৰ্বাহৰ কালছোৱাত তেখেতে প্ৰথমে অধ্যাপক আৰু শেষলৈ বৈদ্যুতিক যোগাযোগ অভিযান্ত্ৰিকৰ অধ্যক্ষৰ পদ অলংকৃত কৰে।
-
ৰীতা ফাৰিয়া
ৰীতা ফাৰিয়া পাৱেল (Reita Faria Powell; জন্ম ২৩ আগষ্ট ১৯৪৩) এগৰাকী ভাৰতীয় মডেল, সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী তথা চিকিৎসক। ১৯৪৩ চনৰ ২৩ আগষ্টত ব্ৰিটিছ ভাৰতৰ বোম্বেত এক গোৱান পৰিয়াত ৰীতা ফাৰিয়াৰ জন্ম হৈছিল। তেওঁ ১৯৬৬ চনত মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰিছিল।
-
অৰ্চনা ভট্টাচাৰ্য
অৰ্চনা ভট্টাচাৰ্য (জন্ম-১৯৪৮) এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে আয়নমণ্ডলীয় পদাৰ্থ বিজ্ঞান, ভূচুম্বকত্ব, মহাকাশৰ বতৰ আদি বিষয়ত গৱেষণা কৰিছে। তেখেত নৱী মুম্বাইস্থিত, "ভাৰতীয় ভূচুম্বকীয় প্ৰতিষ্ঠান"ৰ সঞ্চালক আছিল।
-
আদিতি পণ্ট
আদিতি পণ্ট (Aditi Pant) এগৰাকী ভাৰতীয় সমুদ্ৰ বিজ্ঞানী। তেওঁ ভূবিজ্ঞানী সুদীপ্তা সেনগুপ্তাৰ সৈতে এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম মহিলা। তেওঁলোক ১৯৮৩ চনৰ ভাৰতৰ এণ্টাৰ্কটিকা প্ৰগ্ৰেমৰ সহায়ত এণ্টাৰ্কটিকা অভিযানৰ সুযোগ লাভ কৰিছিল।
-
ইন্দুলতা শুক্লা
ইন্দুলতা শুক্লা (জন্ম- ৭ মাৰ্চ, ১৯৪৪) হৈছে অংকৰ এগৰাকী ভূতপূৰ্ব অধ্যাপক। উৰিষ্যাস্থিত সম্বলপুৰ বিশ্ববিদ্যালয়ত তেখেতে তিনি দশকতকৈও অধিক কাল অধ্যাপনা কৰিছিল। তেখেতৰ জন্ম হৈছিল বাড়িপাড়াত।