অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হৰ্ষদা গৰুড়

হৰ্ষদা গৰুড় (ইংৰাজী: Harshada Garud) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ভাৰোত্তোলক। ২০২২ চনৰ আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন ফেডাৰেচনৰ বিশ্ব জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।

হালনাগাদ: ২৭ মাৰ্চ ২০২৬ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

হৰ্ষদা গৰুড় (ইংৰাজী: Harshada Garud) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ভাৰোত্তোলক। ২০২২ চনৰ আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন ফেডাৰেচনৰ বিশ্ব জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।

জীৱনী

২০০৩ চনৰ ৮ নৱেম্বৰত মহাৰাষ্ট্ৰৰ পুনেৰ ওচৰৰ বদগাঁও মাভালত হৰ্ষদা গৰুড়ৰ জন্ম হয়।১২ হৰ্ষদাৰ পিতৃ শাৰদ গৰুড়ো এজন ভাৰোত্তোলনকাৰী, তেওঁ ৰাজ্যিক বিদ্যালয়ৰ ভাৰোত্তোলন খেলত ৰূপৰ পদক লাভ কৰিছিল।৩ তেওঁ সাবিত্ৰিবাই ফুলে পুনে বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে।৪

ভাৰোত্তোলন কেৰিয়াৰ

২০২২ চনত গ্ৰীচৰ হেৰাক্লিয়নত অনুষ্ঠিত হোৱা বিশ্ব জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত হৰ্ষদা গৰুড়ে সোণৰ পদক লাভ কৰে।৫ বিশ্ব জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয়।৫ ২০২০ চনৰ খেলো ইণ্ডিয়া যুৱ গেমছত ১৭ বছৰ অনুৰ্ধৰ ছোৱালীৰ ভাৰোত্তোলনত সোণৰ পদক আৰু ২০২০ চনত তাছকেন্দত অনুষ্ঠিত এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।৬ ইয়াৰ উপৰিও তেওঁ ২০২১-২২ চনত ওড়িশাৰ ভুৱনেশ্বৰত অনুষ্ঠিত হোৱা আই ডব্লিউ এল এফ যুৱ, জুনিয়ৰ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৪৫ কেজি জুনিয়ৰ মহিলা শাখাত তৃতীয় স্থান লাভ কৰে।২

তথ্যসূত্ৰ

  1. ↑ Ansari, Aarish. (5 May 2022). From lifting rice sacks to a world championship gold - Harshada Garud's amazing story
  2. ↑ Junior Women's Medalists
  3. ↑ Living her father's dream, Harshada Garud becomes first junior world champ from India in weightlifting. The New Indian Express
  4. ↑ Kotian, Harish. Weightlifter Harshada India's first Jr World Champion. Rediff
  5. ↑ Sarangi, Y. B. (2 May 2022). Harshada Garud wins world junior weightlifting championships gold, India's first in the event. Sportstar
  6. ↑ (2022-05-02). India's Harshada wins historic junior world weightlifting gold. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰ্ষদা গৰুড়” প্ৰবন্ধৰ সংশোধন ৫৯৫৩৩০ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।