ভাৰতীয় কণ্ঠশিল্পী
১৭৯ প্ৰবন্ধ
-
লতা মংগেশকাৰ
লতা মংগেশকাৰ (১৯২৯–২০২২) ভাৰতৰ অতি প্ৰভাৱশালী নেপথ্য গায়িকা, যাঁৰ কণ্ঠে বহু দশক ধৰি চলচ্চিত্ৰ সংগীতক দিশ দিছিল। ছত্ৰিশটাতকৈও অধিক ভাৰতীয় ভাষাত আৰু বহুতো ছবিত গীত গাই তেওঁ বিপুল জনপ্ৰিয়তা, সন্মান আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে।
-
আশা ভোছলে
আশা ভোছলে ভাৰতীয় চলচ্চিত্ৰ-সংগীতৰ ইতিহাসত সৰ্বাধিক প্ৰভাৱশালী নেপথ্য কণ্ঠশিল্পীসকলৰ ভিতৰত এগৰাকী, যিয়ে বহুভাষী আৰু বহুধাৰাৰ গীত গাই এক দীৰ্ঘকালীন সাংস্কৃতিক উপস্থিতি গঢ়ি তুলিছিল।
-
অংগৰাগ মহন্ত
অংগৰাগ “পাপন” মহন্ত অসমৰ এজন কণ্ঠশিল্পী, গীতিকাৰ আৰু সুৰকাৰ, যিয়ে লোক-সংগীত আৰু বৈষ্ণৱিক ভক্তিগীতৰ উপাদান আধুনিক বাদ্যযন্ত্ৰৰ সৈতে মিহলাই জনপ্ৰিয় কৰি তুলিছে। অসমীয়াৰ লগতে হিন্দী, বঙালী, তামিল, মাৰাঠী আদি ভাষাত গীত গাই তেওঁ বহুভাষিক ভাৰতীয় সংগীত জগতত নিজৰ স্থান সুদৃঢ় কৰিছে।
-
মান্না দে
মান্না দে (প্ৰবোধ চন্দ্ৰ দে) ভাৰতীয় চলচ্চিত্ৰ-সংগীতৰ অন্যতম প্ৰখ্যাত নেপথ্য কণ্ঠশিল্পী, যিয়ে হিন্দী আৰু বাংলা কেন্দ্ৰ কৰি বহুভাষিক গীত-জগত সমৃদ্ধ কৰিছিল।
-
চনু নিগম
চনু নিগম (জন্ম ৩০ জুলাই ১৯৭৩) এজন ভাৰতীয় কণ্ঠশিল্পী, যিয়ে বিশেষকৈ হিন্দী আৰু কন্নড় ভাষাৰ বোলছবিৰ গীতৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছে। বহু ভাষাত গীত গোৱাৰ সামৰ্থ্য, টেলিভিজনৰ আঁতধৰোঁতা হিচাপে উপস্থিতি, আৰু ইণ্ডিপপ এলবামৰ সফলতাই তেওঁক আধুনিক ভাৰতীয় গায়কীৰ এটা উল্লেখযোগ্য নাম কৰি তুলিছে।
-
এ. আৰ. ৰহমান
আল্লাহ ৰাখা ৰহমান (Allah Rakha Rahman)ৰ জন্মতে নাম আছিল এ. এছ. দিলীপ কুমাৰ৷ তেওঁ চমুকৈ ARR(এআৰআৰ) হিচাপেও পৰিচিত৷ আল্লাহ ৰাখা ৰহমান এজন ভাৰতীয় সংগীত সুৰকাৰ, ৰেকৰ্ড প্ৰযোজক, গায়ক, গীতিকাৰ, সংগীতজ্ঞ, বহুকেইটা বাদ্যৰ বাদ্যযন্ত্ৰী, আৰু লোকহিতৈষী৷ তেওঁ ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত৷…
-
কিশোৰ কুমাৰ
কিশোৰ কুমাৰ গাঙ্গুলি (Kishore Kumar) (আগষ্ট ৪, ১৯২৯ – অক্টোবৰ ১৩, ১৯৮৭) এজন বিখ্যাত ভাৰতীয় বাঙালী গায়ক।অসাধাৰণ প্ৰতিভাশালী এই লোকজন ভাৰতৰ শ্ৰেষ্ঠতম প্লে-বেক গায়ক। সাধাৰণতে গায়ক হিচাপে তেওঁক দেখা গলেও তেওঁ হিন্দী চিনেমা জগতৰ এজন অভিনেতাও আছিল।
-
মহম্মদ ৰফি
মহম্মদ ৰফি (জন্মঃ ২৪ ডিচেম্বৰ, ১৯২৪ - মৃত্যুঃ ৩১ জুলাই, ১৯৮০) ভাৰতীয় সঙ্গীতশিল্পী হিচাবে এসময়ত সমগ্ৰ উপমহাদেশত অত্যন্ত জনপ্ৰিয় ব্যক্তিত্ব আছিল। তেওঁ সঙ্গীত জগতত সুদীৰ্ঘ চাৰি দশক সময়কাল অতিবাহিত কৰে।
-
শ্ৰেয়া ঘোষাল
শ্ৰেয়া ঘোষাল (জন্ম ১২ মাৰ্চ, ১৯৮৪) এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। তেখেতে এতিয়ালৈকে চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, পাঁচটা ফিল্মফেয়াৰ বঁটা (শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ চাৰিটা), সাতটা আইফা বঁটা, ছটা স্ক্ৰীন বঁটা আৰু আঠটা দাক্ষিণাত্যৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
-
অলকা য়াগনিক
অলকা য়াগনিক (Alka Yagnik; জন্ম: ২০ মাৰ্চ ১৯৬৬) এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। তাই তিনি দশকৰ বেছি সময় ধৰি ভাৰতীয় চলচ্চিত্ৰৰ বিখ্যাত গায়িকা। মহিলা নেপথ্য গায়িকাৰ বিভাগত তাই একমাত্ৰ মনোনীত প্ৰাৰ্থী হোৱাৰ সুনাম অৰ্জন কৰিছে, ১৯৯৪ চনত তাইৰ তিনিটা একক মনোনয় আছিল আৰু চতুৰ্থটো ইলা অৰুণৰ লগত আছিল।
-
উদিত নাৰায়ণ
উদিত নাৰায়ণ (Udit Narayan; জন্ম: ১ ডিচেম্বৰ ১৯৫৫) তেওঁ চাৰিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (তাৰ ভিতৰত গায়ক হিচাপে ৩টা, ২০০১ চনত ২টা গানৰ বাবে আৰু ২০০২ চনত ১টা গানৰ বাবে আৰু ২০০৫ চনত প্ৰযোজক হিচাপে ১টা) আৰু ২০টা মনোনয়নৰ লগতে ৫টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
-
কবিতা কৃষ্ণমূৰ্তি
সাৰদা (Kavita Krishnamurthy; জন্ম ২৫ জানুৱাৰী ১৯৫৮) এগৰাকী ভাৰতীয় নেপথ্য আৰু শাস্ত্ৰীয় কণ্ঠশিল্পী। তেওঁক কবিতা কৃষ্ণমূৰ্তি বা কবিতা সুব্ৰমনিয়াম নামেৰে জনা যায়।
-
এছ. পি. বালসুব্ৰমনিয়ম
শ্ৰীপতি পণ্ডিতাৰাধ্যুলা বালসুব্ৰমনিয়ম (ఎస్. పి. బాలసుబ్రహ్మణ్యం; ৪ জুন ১৯৪৬ - ২৫ ছেপ্টেম্বৰ ২০২০) জনপ্ৰিয়ভাৱে এছ. পি. বালসুব্ৰমনিয়ম, এছ. পি. বালু, এছ.পি.বি. বা বালু এগৰাকী ভাৰতীয় সংগীতজ্ঞ, নেপথ্য কণ্ঠশিল্পী, সংগীত পৰিচালক, অভিনেতা, ডাবিং শিল্পী আৰু চলচ্চিত্ৰ প্ৰযোজক।
-
এম এছ চুব্বালক্ষ্মী
এম এছ চুব্বালক্ষ্মী (M.S. Subbalakshmi) (১৯১৬-২০০৪) কৰ্ণাটকী শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট সংগীত শিল্পী আছিল এম. এছ চুব্বালক্ষ্মী। তেওঁ ভাৰতীয় সংগীতক পৃথিৱীৰ বিভিন্ন দেশত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৯৮ চনত ভাৰত চৰকাৰে ভাৰতৰ শ্ৰেষ্ঠতম বঁটা ভাৰত-ৰত্ন বঁটাৰে সন্মানিত কৰে।
-
মুকেশ
মুকেশ চন্দ মাথুৰ (मुकेश; ২২ জুলাই, ১৯২৩ - ২৭ আগষ্ট, ১৯৭৬) এজন ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ সঙ্গীত শিল্পী যি সংক্ষেপে মুকেশ নামেৰে পৰিচিত। হিন্দী চলচ্চিত্ৰত অসাধাৰণ অৱদানৰ বাবে তেওঁ মহম্মদ ৰফি, মান্না দে আৰু কিশোৰ কুমাৰৰ দৰে একেশ্ৰেণীৰ গায়ক হিচাপে গণ্য হয়।
-
শান
শান বা শান্তনু মুখাৰ্জী (Shantanu Mukherjee) এজন প্ৰখ্যাত ভাৰতীয় গায়ক আৰু অভিনেতা। ১৯৭২ চনৰ ৩০ ছেপ্টেম্বৰত ভাৰতৰ খান্দ্বা, মধ্য প্ৰদেশৰ তেওঁৰ জন্ম হৈছিল। তেওঁ মুখ্যতঃ হিন্দী গীতত কণ্ঠদান কৰে। কেৰিয়াৰৰ আৰম্ভণিতে তেওঁ নিজৰ ভগ্নী সাগৰিকা মুখাৰ্জীৰ সৈতে লগ লাগি কিছুমান জনপ্ৰিয় গীত পৰিৱেশন কৰিছিল।
-
অৰিজিৎ সিং
অৰিজিৎ সিং (জন্ম ২৫ এপ্ৰিল ১৯৮৭) এগৰাকী ভাৰতীয় নেপথ্য গায়ক আৰু সংগীত সুৰকাৰ। এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু সাতটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও প্ৰশংসা তেওঁ লাভ কৰিছে। হিন্দী আৰু বাংলা ভাষাৰ উপৰি কেইবাটাও ভাৰতীয় ভাষাত তেখেতে গীত বাণীবদ্ধ কৰিছে।
-
গীতা দত্ত
গীতা দত্ত (Geeta Dutt, জন্ম গীতা ঘোষ ৰায়চৌধুৰী; ২৩ নৱেম্বৰ ১৯৩০ – ২০ জুলাই ১৯৭২) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আছিল। তেওঁ ব্ৰিটিছ ভাৰতৰ ফৰিদপুৰত (বৰ্তমান বাংলাদেশত) জন্ম গ্ৰহণ কৰিছিল। তেওঁ বঙালী আৰু হিন্দী চলচ্চিত্ৰত গীত গোৱাৰ উপৰিও অসংখ্য অচলচ্চিত্ৰীয় আধুনিক বঙালী গীতো গাইছে।
-
হেমাঙ্গ বিশ্বাস
হেমাঙ্গ বিশ্বাস (Hemanga Biswas; ১৪ ডিচেম্বৰ ১৯১২ - ২২ নৱেম্বৰ ১৯৮৭) এগৰাকী গীতিকাৰ, কবি, কণ্ঠশিল্পী আৰু নিবন্ধকাৰ হিচাপে জনাজাত যিজনে মূলতঃ অসমীয়া আৰু বাংলা সাহিত্য ৰচনাৰে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেত অসমৰ গণনাট্য সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।
-
মহালক্ষ্মী আয়াৰ
মহালক্ষ্মী আয়াৰ (Mahalakshmi, மகாலட்சுமி ஐயர்) এগৰাকী ভাৰতীয় গায়িকা। তেওঁ হিন্দী, তামিল, তেলেগু, মাৰাঠী, বঙালী, গুজৰাটী, কন্নড় আৰু অসমীয়া আদি ভাৰতৰ বিভিন্ন ভাষাৰ গানত কণ্ঠদান কৰিছে।
-
ফাৰহান আখতাৰ
ফাৰহান আখতাৰ (জন্ম ৯ জানুৱাৰী, ১৯৭৪) এগৰাকী ভাৰতীয় কথাছবি পৰিচালক, চিত্ৰনাট্যকাৰ, প্ৰযোজক, অভিনেতা, গায়ক, গীতিকাৰ আৰু দূৰদৰ্শনৰ অনুষ্ঠান সঞ্চালক। তেওঁৰ পিতৃ জাভেদ আখতাৰ আৰু মাতৃ হানী ইৰাণী।
-
শ্ৰুতি হাছান
শ্ৰুতি ৰাজলক্ষ্মী হাছান (Shruti Rajalakshmi Haasan, ஸ்ருதி ஹாசன்) (জন্ম ২৮ জানুৱাৰী, ১৯৮৬) দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ আৰু বলিউডত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু সংগীতজ্ঞ। তেওঁৰ পিতৃ-মাতৃ কমল হাছান আৰু সাৰিকা।
-
জগজিৎ সিং
জগজিৎ সিং (Jagjit Singh) ভাৰতৰ এজন সুপ্ৰসিদ্ধ গজল গায়ক আৰু সংগীত বিশাৰদ। গজলৰ যাদুৰে তেওঁ দেশবাসী আৰু বিদেশৰ শ্ৰোতাকো মোহাচ্ছন্ন কৰি ৰাখিছিল। পদ্মভূষণ সন্মানেৰে সন্মানিত সিঙে হিন্দীৰ উপৰি উৰ্দু, পঞ্জাবী, গুজৰাটী আৰু নেপালী ভাষাটো গীত গাইছিল।
-
ধনুষ
ধনুষ (தனுஷ்; জন্ম ২৮ জুলাই, ১৯৮৩) হৈছে ভাৰতীয় এজন তামিল চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ আৰু নেপথ্য গায়ক। এখেতৰ জন্ম হয় ১৯৮৩ চনৰ ২৮ জুলাই তামিলনাডুৰ চেন্নাইত।
-
শচীন দেৱবৰ্মণ
শচীন দেৱবৰ্মণ (অক্টোবৰ ১, ১৯০৬ - অক্টোবৰ ৩১, ১৯৭৫) বিংশ শতাব্দীত ভাৰতীয় বাংলা গানৰ কিংবদন্তীতূল্য আৰু জনপ্ৰিয় সঙ্গীত শিল্পী। প্ৰায়: তেওঁক এচ, ডি, বৰ্মণ হিচাপে উল্লেখ কৰা হয়। কিছু অনুনাসিক কণ্ঠস্বৰৰ বাবে তেওঁ তেওঁৰ শ্ৰোতাসকলৰ মাজত বিশেষভাবে পৰিচিত।
-
সুমন কল্যাণপুৰ
সুমন কল্যাণপুৰ (Suman Kalyanpur, জন্মː ২৮ জানুৱাৰী ১৯৩৭) এগৰাকী প্ৰখ্যাত ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। বহুতে বিশ্বাস কৰে যে প্ৰতিভা অনুযায়ী তেওঁ যি স্থানত উপনীত হব লাগিছিল, সেই স্থানত উপনীত হ’ব নোৱাৰিলে।
-
সুৰাইয়া
সুৰাইয়া জামাল শ্বেখ (Suraiya Jamal Sheikh, ১৫ জুন ১৯২৯ – ৩১ জানুৱাৰী ২০০৪) এগৰাকী হিন্দী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী আৰু গায়িকা আছিল, যাৰ জনপ্ৰিয় নাম আছিল সুৰাইয়া। তেওঁ ১৯৩৬ৰ পৰা ১৯৬৩লৈ চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ আছিল। ১৯৩৬ৰ পৰা ১৯৬৩লৈ তেওঁ ৬৭খন ছবিত অভিনয় কৰিছিল আৰু ৩৩৮টা গীত গাইছিল।
-
অমিত ত্ৰিবেদী
অমিত ত্ৰিবেদী (અમિત ત્રિવેદી) এজন ভাৰতীয় চলচ্চিত্ৰ সংগীত পৰিচালক, সুৰকাৰ, গায়ক আৰু গীতিকাৰ। নাটক আৰু জিংগোল সুৰকাৰ হিচাপে কাম কৰাৰ পাছত বিভিন্ন এলবামত সংগীত পৰিচালনা কৰে। 'আমিৰ' চলচ্চিত্ৰৰ সংগীত পৰিচালক হিচাপে ২০০৮ চনত তেওঁ আত্মপ্ৰকাশ কৰিছিল।
-
ঊষা মংগেশকাৰ
ঊষা মংগেশকাৰ (Usha Mangeshkar; ১৫ ডিচেম্বৰ, ১৯৩৫) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেওঁ হিন্দু, বঙালী, মাৰাঠী, কান্নড়, নেপালী, ভোজপুৰী, গুজৰাটী আৰু অসমীয়া ভাষাত বহুতো গীত বাণীৱদ্ধ কৰিছে।
-
এছ. জানকী
ছিষ্টলা শ্ৰীৰামমূৰ্তি জানকী (Sistla Sreeramamurthi Janaki, জন্ম-২৩ এপ্ৰিল ১৯৩৮) হৈছে এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু অন্ধ্ৰপ্ৰদেশৰ এগৰাকী অনিয়মীয়া সংগীত-নিৰ্মাতা৷ তেখেতক সন্মানসহকাৰে "জানকী আম্মা" (মাতৃ জানকী) নামেৰে নামাংকিত কৰা হয় আৰু বৰ্তমান ভাৰতৰ সুপৰিচিত কণ্ঠশিল্পীসকলৰ ভিতৰত তেখেত অগ্ৰগণ্য…