কবি
১৬১ প্ৰবন্ধ
-
বৰাহমিহিৰ
বৰাহ-মিহিৰ (Varāhamihira) প্ৰাচীন ভাৰতৰ গুপ্ত সাম্ৰাজ্যৰ সমসাময়িক (আনুমানিক ৫০৫ - ৫৮৭) এজন বিখ্যাত দাৰ্শনিক, জ্যোতিৰ্বিজ্ঞানী, গণিতজ্ঞ আৰু কবি। তেওঁ পঞ্চসিদ্ধান্তিকা নামৰ এটি মহাসংকলনগ্ৰন্থ ৰচনা কৰিছিল, যʼত তেওঁৰ জীৱনকালৰ সময়ৰ গ্ৰীক, মিছৰীয়, ৰোমান আৰু ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ সাৰ লিপিবদ্ধ আছে।
-
হেমাঙ্গ বিশ্বাস
হেমাঙ্গ বিশ্বাস (Hemanga Biswas; ১৪ ডিচেম্বৰ ১৯১২ - ২২ নৱেম্বৰ ১৯৮৭) এগৰাকী গীতিকাৰ, কবি, কণ্ঠশিল্পী আৰু নিবন্ধকাৰ হিচাপে জনাজাত যিজনে মূলতঃ অসমীয়া আৰু বাংলা সাহিত্য ৰচনাৰে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেত অসমৰ গণনাট্য সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।
-
অনুভৱ তুলসী
অনুভৱ তুলসী (Anubhav Tulasi) একাধাৰে কবি, অনুবাদক, চিনেমা সমালোচক, গল্পকাৰ, সম্পাদক। বিংশ শতিকাৰ শেষৰপৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কবিতাৰ ক্ষেত্ৰখনত তেওঁ অৱদান আগবঢ়াই আহিছে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৪ চনত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।
-
লক্ষহীৰা দাস
ড° লক্ষহীৰা দাস অসমৰ এগৰাকী কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ। ১৯৩১ চনৰ ১৩ ফেব্ৰুৱাৰীত তেখেতে জন্মগ্ৰহণ কৰে। পিতৃৰ নাম চন্দ্ৰ বৈশ্য সাউদ আৰু মাতৃ ধৈৰ্যবালা। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ।
-
বিদ্যাপতি
বিদ্যাপতি (Vidyapati, আনুমানিক ১৩৫২ – ১৪৪৮), যাক মৈথিলী কবি কোকিল নামেৰেও জনা যায়, এজন মৈথিলী আৰু সংস্কৃত বহুগণিতজ্ঞ-কবি-সাধু, নাট্যকাৰ, সুৰকাৰ, জীৱনীকাৰ, দাৰ্শনিক, আইন-তত্ত্ববিদ, লেখক, দৰবাৰী আৰু ৰাজপুৰোহিত আছিল। তেওঁ শিৱৰ ভক্ত আছিল যদিও প্ৰেমৰ গীত আৰু ভক্তিমূলক বৈষ্ণৱ গীতো লিখিছিল।
-
একনাথ
একনাথ (১৫৩৩–১৫৯৯), এজন ভাৰতীয় হিন্দু বৈষ্ণৱ সাধু, দাৰ্শনিক আৰু কবি। হিন্দু দেৱতা বিথোবাৰ ভক্ত আৰু ৱাৰকাৰী আন্দোলনৰ প্ৰধান ব্যক্তিত্ব। একনাথক প্ৰায়ে বিশিষ্ট মাৰাঠী সন্ত জ্ঞানেশ্বৰ আৰু নামদেৱৰ আধ্যাত্মিক উত্তৰাধিকাৰী হিচাপে দেখা যায়।
-
কনক দাস
কনক দাস (১৫০৯–১৬০৬) যাক দাসশ্ৰেষ্ঠ কনক দাস বুলিও জনা যায়, ভাৰতৰ বৰ্তমানৰ কৰ্ণাটকৰ এজন হৰিদাস সাধু আৰু দ্বৈত বেদান্তৰ দাৰ্শনিক আছিল। মধ্বাচাৰ্যৰ দ্বৈত দৰ্শনৰ অনুগামী আৰু ব্যাস তীৰ্থৰ শিষ্য আছিল। তেওঁ কৰ্ণাটকী সংগীতৰ সুৰকাৰ, কবি, সংস্কাৰক আৰু সংগীতজ্ঞ আছিল।
-
জন কীটছ
জন কীটছ (John Keats; ৩১ অক্টোবৰ ১৭৯৫ – ২৩ ফেব্ৰুৱাৰী ১৮২১) আছিল এগৰাকী ইংৰাজী ৰমন্যাসবাদৰ কবি। ২৫ বছৰ বয়সত যক্ষ্মা ৰোগত মৃত্যু হোৱাৰ মাত্ৰ চাৰি বছৰ পূৰ্বে তেওঁৰ সৃষ্টিৰাজি প্ৰকাশ পোৱা সত্ত্বেও তেওঁ আছিল লৰ্ড বাইৰণ, পাৰ্ছি বাইছ শ্যেলী আদিৰ লগত দ্বিতীয় প্ৰজন্মৰ ৰোমাণ্টিক কবিসকলৰ অন্যতম।
-
পি. বি. শ্বেলী
পি. বি. শ্বেলী বা পাৰ্চি বাইশ্বে শ্বেলী চমুকৈ শ্বেলী (Percy Bysshe Shelley) (৪ আগষ্ট ১৭৯২ – ৮ জুলাই ১৮২২) এজন ইংৰাজী লেখক আছিল যাক ইংৰাজী ৰোমান্টিক কবিসকলৰ অন্যতম বুলি গণ্য কৰা হয়।
-
ফৈজ আহমদ ফৈজ
ফৈজ আহমদ ফৈজ (Faiz Ahmad Faiz; ১৩ ফেব্ৰুৱাৰী ১৯১১ – ২০ নৱেম্বৰ ১৯৮৪) এগৰাকী পাকিস্তানী কবি আৰু পাঞ্জাৱী আৰু উৰ্দু সাহিত্যৰ সাহিত্যকাৰ। ফৈজ তেওঁৰ সময়ৰ আটাইতকৈ প্ৰসিদ্ধ, জনপ্ৰিয় আৰু প্ৰভাৱশালী উৰ্দু লেখকসকলৰ মাজৰ এগৰাকী আছিল।
-
অশ্বঘোষ
অশ্বঘোষ (अश्वघोष; গ. ৮০ – গ. ১৫০ খ্ৰীষ্টাব্দ) ভাৰতৰ এজন সৰ্বাষ্টিবাদ বা মহাসংঘিক বৌদ্ধ দাৰ্শনিক, নাট্যকাৰ, কবি আৰু বক্তা আছিল। তেওঁ উত্তৰ ভাৰতৰ সাকেতত জন্মগ্ৰহণ কৰিছিল যাক অযোধ্যা বুলিও কোৱা হয়।
-
আলি চৰ্দাৰ জাফ্ৰি
আলি চৰ্দাৰ জাফ্ৰি (Ali Sardar Jafri; জন্ম:২৯ নৱেম্বৰ, ১৯১৩ – ১ আগষ্ট, ২০০০) এগৰাকী উৰ্দু ভাষাৰ ভাৰতীয় লেখক। লগতে তেওঁ এগৰাকী কবি, সমালোচক আৰু চলচ্চিত্ৰীয় গীতিকাৰ ৰূপেও পৰিচিত।
-
চাহিৰ লুধিয়ানবী
আব্দুল হায়ে (৮ মাৰ্চ ১৯২১ – ২৫ অক্টোবৰ ১৯৮০) হ’ল চাহিৰ লুধিয়ানবী নামেৰে জনাজাত এগৰাকী জনপ্ৰিয় পাকিস্তানী/ভাৰতীয় কবি। বিভাজনৰ পিছত তেওঁ ভাৰত ত্যাগ কৰিছিল। তেওঁ লাহোৰৰ চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ আছিল আৰু ১৯৪৯ চনত পাকিস্তান এৰি পুনৰ ভাৰতলৈ উভতি আহিছিল।
-
লক্ষ্মী প্ৰসাদ দেৱকোটা
লক্ষ্মী প্ৰসাদ দেৱকোটা (Laxmi Prasad Devkota ) হ'ল এজন নেপালী কবি, নাট্যকাৰ, ঔপন্যাসিক আৰু ৰাজনীতিবিদ। মহাকবি উপাধিৰে তেওঁ নেপালী সাহিত্যত সন্মানিত; তেওঁ সোণালী হৃদয়ৰ কবি হিচাপেও পৰিচিত। তেওঁক নেপালৰ অন্যতম বিখ্যাত সাহিত্যিক হিচাপে গণ্য কৰা হয়।
-
সোয়াৰাবাই
সোয়াৰাবাই (অসমীয়া উচ্চাৰণ:চোৱাৰাবাই) ভাৰতৰ চতুৰ্দশ শতিকাৰ মহাৰাষ্ট্ৰৰ মহাৰ জাতিৰ এগৰাকী সাধু আছিল। তেওঁ তেওঁৰ স্বামী চোখামেলাৰ শিষ্যা আছিল। সোয়াৰাবায়ে নিজৰ পৰিকল্পিত অমিত্ৰাক্ষৰ ছন্দ ব্যৱহাৰ কৰি বৃহৎ সাহিত্যৰ কাঠামো তৈয়াৰ কৰিছিল। তেওঁ বহুত লিখিছিল যদিও প্ৰায় ৬২খন গ্ৰন্থৰ বিষয়েহে জনা যায়।
-
ৱিলিয়াম ৱৰ্ড্ছৱৰ্থ
ৱিলিয়াম ৱৰ্ডচৱৰ্থ (William Wordsworth,; ৭ এপ্ৰিল ১৭৭০ – ২৩ এপ্ৰিল ১৮৫০) এজন ইংৰাজী ৰোমাণ্টিক কবি আছিল যিয়ে চেমুৱেল টেইলৰ কোলৰিজৰ সৈতে তেওঁলোকৰ যুটীয়া প্ৰকাশন লিৰিকেল বালাডছৰ জৰিয়তে ইংৰাজী সাহিত্যত ৰোমাণ্টিক যুগ আৰম্ভ কৰাত সহায় কৰিছিল। ৰোমাণ্টিক ধাৰাৰ কবিতা কবি বৰ্ডছৱৰ্থৰ হাততে পূৰ্ণাংগ হৈ উঠে।
-
কে আয়াপ্পা পানিকাৰ
ড° কে. আয়াপ্পা পানিকাৰ, বা আয়াপ্পা পানিকাৰ (Ayyappa Paniker জন্ম: ১২ ছেপ্টেম্বৰ ১৯৩০ - ২৩ আগষ্ট ২০০৬) এগৰাকী মালায়ালম কবি আৰু সাহিত্য সমালোচক। তেওঁ আধুনিক আৰু উত্তৰ-আধুনিক সাহিত্য তত্ত্বৰ লগতে প্ৰাচীন ভাৰতীয় নান্দনিকতা আৰু সাহিত্য পৰম্পৰাৰ এগৰাকী শিক্ষাবিদ আৰু পণ্ডিতো আছিল।
-
কে শিৱ ৰেড্ডী
কে শিৱ ৰেড্ডী (K Siva Reddy) এগৰাকী ভাৰতীয় তেলেগু ভাষাৰ কবি। অন্ধ্ৰ প্ৰদেশৰ গুন্তুৰত তেওঁৰ জন্ম হৈছিল। ১৯৯৬ চনত তেওঁ তেওঁৰ কাব্য-সংকলন ‘মহানা-অ’-মহানা’ৰ বাবে তেলেগু ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
কৰ্মমেলা
সন্ত কৰ্মমেলা আছিল ১৪ শতিকাৰ মহাৰাষ্ট্ৰৰ এজন কবি সন্ত। মহৰ জাতিৰ চোখামেলা আৰু সোয়াৰাবাইৰ পুত্ৰ। তেওঁৰ অভংগসমূহত ঈশ্বৰক তেওঁক পাহৰি যোৱাৰ অভিযোগ কৰিছে আৰু তেওঁৰ জীৱনটো কেনেকৈ নিম্ন জাতি হিচাপে দুৰ্বিষহ হৈ পৰিছে তাৰ বৰ্ণনা আছে। তেওঁ বৰ্ণ ব্যৱস্থাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল।
-
চন্দ্ৰ ভাৰতী
চন্দ্ৰ ভাৰতী (১৫২৫-১৫৭৮) ষোড়শ শতিকাৰ অসমৰ এগৰাকী কবি, সাহিত্যিক আৰু সংস্কৃত ব্যাকৰণত পাণ্ডিত্য থকা ব্যক্তি৷ তেওঁ তেতিয়াৰ কামৰূপৰ বৰপেটা অঞ্চলৰ লোক। ব্ৰহ্মপুত্ৰৰ লগত সংলগ্ন ৰাজদুৱাৰৰ পাহাৰৰ ওপৰত থকা শিলৰ ফলকত এই পাহাৰটো চন্দ্ৰ ভাৰতীৰ বাসস্থান বুলি দাবী কৰা হৈছে।
-
ছানথৰ্ন ফু
ফ্ৰা ছানথৰ্ন ভহাৰা (ফু) (থাই: พระสุนทรโวหาร (ภู่)) থাইলেণ্ডৰ এজন ৰাজকীয় কবি। তেওঁক ছানথৰ্ন ফু (থাই: สุนทรภู่) নামেৰেও জনা যায়৷ তেওঁ থাইলেণ্ডৰ ৰত্তানাকোচিন যুগত কাব্য ৰচনা কৰিছিল।
-
জয়শংকৰ প্ৰসাদ
জয়শংকৰ প্ৰসাদ (৩০ জানুৱাৰী ১৮৮৯ আধুনিক হিন্দী সাহিত্য আৰু হিন্দী নাট্যশালাৰ প্ৰধান ব্যক্তিত্ব আছিল। প্ৰসাদ আছিল তেওঁৰ ছদ্মনাম। তেওঁক ছায়াবাদী কবি বুলিও জনা যায়।
-
জি শঙ্কৰ কুৰুপ
গোবিন্দ শংকৰ কুৰুপ (G. Sankara Kurup, ৩ জুন ১৯০১-২ ফেব্ৰুৱাৰী ১৯৭৮) জ্ঞানপীঠ বঁটা বিজেতা প্ৰথমগৰাকী ভাৰতীয় সাহিত্যিক। এই সন্মান পোৱা জি শংকৰ কুৰুপ মলায়লম ভাষাৰো প্ৰথমগৰাকী সাহিত্যিক। 'ওডাক্কুঝল' শীৰ্ষক কাব্য সংকলনৰ বাবে ১৯৬৫ চনত এই বঁটা লাভ কৰে।
-
ডাণ্টে এলিগিয়েৰি
ডাণ্টে এলিগিয়েৰি (Dante Alighieri) চমুকৈ “ডাণ্টে” ইটালিৰ এজন বিখ্যাত ৰোমাণ্টিক কবি, লেখক তথা দাৰ্শনিক আছিল।
-
নিৰ্মলা
ভাৰতৰ মহাৰাষ্ট্ৰৰ চতুৰ্দশ শতিকাৰ এজন কবি আছিল সন্ত নিৰ্মলা। চোখামেলাৰ কনিষ্ঠ ভগ্নী হিচাপে তেওঁক ভাতৃৰ সৈতে সমানে পৱিত্ৰ বুলি গণ্য কৰা হৈছিল আৰু সেয়েহে তেওঁক হিন্দু সাধু বুলিও গণ্য কৰা হৈছিল। নিৰ্মলাৰ বিবাহ হৈছিল মহাৰ জাতিৰ কবি বাংকাৰ সৈতে।
-
বাংকা
সন্ত বাংকা (বাংকা নামেৰেও জনাজাত ভাৰতৰ চতুৰ্দশ শতিকাৰ মহাৰাষ্ট্ৰৰ এজন কবি আছিল। তেওঁ নিৰ্মলাৰ স্বামী আৰু চোখামেলাৰ ভায়েক আছিল। মেহেনপুৰীত জন্মগ্ৰহণ কৰা বাংকা মহাৰ জাতিৰ সদস্য আছিল।) তেওঁৰ বেছিভাগ অভংগতে তেওঁ বিত্থলক সুখ আৰু শান্তিৰে প্ৰশংসা কৰিছিল। কমেইহে তেওঁ নিজৰ নিম্নবৰ্ণৰ জন্মৰ বৰ্ণনা কৰিছিল।
-
বাসদেৱ মহী
বাসদেৱ মহী (জন্ম: ২ মাৰ্চ ১৯৪৪ - ২৭ আগষ্ট ২০২১) বা Vasdev Vensimal Sidhnani হৈছে এগৰাকী সিন্ধী কবি, অনুবাদক, সমালোচক, চুটি গল্প লেখক আৰু অৱসৰপ্ৰাপ্ত প্ৰবক্তা।
-
মিথিংগা দৈমাৰী
মিথিংগা দৈমাৰী (ওৰফে দীপক দাস, ওৰফে কবি মেগন কছাৰী) ১৯৯২ চনত পূৰ্বৰ প্ৰচাৰ সম্পাদক সিদ্ধাৰ্থ ফুকনৰ আত্মসমৰ্পণৰ পিছত নিষিদ্ধ সংগঠন আলফাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক আছিল। তেওঁৰ জন্ম হৈছিল অসমৰ নলবাৰী জিলাৰ বৰমা গাঁৱত ১৯৬৭ চনৰ ১৭ মে'ত আৰু জন্ম নাম আছিল দীপক কছাৰী।
-
সানু শৰ্মা
সানু শৰ্মা (নেপালী: सानु शर्मा) এগৰাকী নেপালী উপন্যাসিক, গল্পৰ লেখিকা, কবি আৰু গীতিকাৰ। তেওঁৰ সাহিত্যিক সৃষ্টি সমূহৰ ভিতৰত উপন্যাস, গল্প আৰু কবিতা আছে, যাৰ বহুতো অডিঅ’বুক হিচাপে প্ৰকাশ পাইছে।
-
সীতাংশু য়শচন্দ্ৰ
সীতাংশু য়শচন্দ্ৰ মেহতা (জন্ম ১৯ আগষ্ট ১৯৪১), যাক সীতাংশু য়শচন্দ্ৰ বুলি জনা যায়, এগৰাকী গুজৰাটী ভাষাৰ কবি, নাট্যকাৰ, অনুবাদক আৰু ভাৰতীয় শিক্ষাবিদ। তেওঁ গুজৰাটী সাহিত্য পৰিষদৰ সভাপতি আছিল।