আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি
৩১৭ প্ৰবন্ধ
-
বাৰাক অ'বামা
বাৰাক হুছেইন অ'বামা (Barack Hussein Obama; জন্ম: ৪ আগষ্ট, ১৯৬১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি। ২০০৯ চনৰ ২০ জানুৱাৰীত তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হিচাপে পৰিগণিত হয়।
-
এলবাৰ্ট আইনষ্টাইন
এলবাৰ্ট আইনষ্টাইন (Albert Einstein) (;; জাৰ্মানীৰ উইটেনবাৰ্গ অঞ্চলৰ উল্ম চহৰত ১৮৭৯ খৃষ্টাব্দৰ ১৪ মাৰ্চত জন্মগ্ৰহণ কৰা এজন তাত্ত্বিক পদাৰ্থ বিজ্ঞানী। তেওঁৰ আপেক্ষিকতাবাদ তত্ত্ব আধুনিক পদাৰ্থ বিজ্ঞানৰ ভেটিস্বৰূপ।
-
মীৰা নায়াৰ
মীৰা নায়াৰ (জন্ম ১৫ অক্টোবৰ ১৯৫৭) এগৰাকী ভাৰতীয় আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা। তেওঁৰ প্ৰডাক্টচন কোম্পানী মীৰাবাঈ ফিল্মছ আন্তৰাষ্ট্ৰীয় দৰ্শকক ভাৰতীয় সমাজৰ প্ৰকৃত পৰিচয় দাঙি ধৰাৰ বাবে বিখ্যাত। তেওঁৰ বোলছবি সমূহত ভাৰতীয় সমাজৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক বৈশিষ্ট্যবোৰ প্ৰকাশ পায়।
-
থমাছ আলভা এডিচন
থমাছ আলভা এডিচন (ইংৰাজী: Thomas Alva Edison, জন্ম: ১১ ফ্ৰেব্ৰুৱাৰী, ১৮৪৭ - মৃত্যু: ১৮ অক্টোবৰ, ১৯৩১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্ভাৱক আৰু ব্যৱসায়ী আছিল।
-
জিম্মী ৱেল্ছ
জিম্মী ডনেল ৱেল্ছ ওৰফে জিম্ব' ৱেল্ছ (Jimmy Wales)-ৰ জন্ম ১৯৬৬ চনৰ আগষ্ট মাহৰ ৭ তাৰিখে হৈছিল। জিম্মী এগৰাকী আমেৰিকান ইণ্টাৰনেট শিল্পদ্যোগী (entrepreneur), কিন্তু তেওঁ বিশেষকৈ অনলাইন মুক্ত তথ্যকোষ ৱিকিপিডিয়া আৰু ৱিকি কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক আৰু পৃষ্ঠপোষক হিচাপে বিশ্বব্যাপি বিখ্যাত হৈ পৰিছে।
-
আব্ৰাহাম লিংকন
আব্ৰাহাম লিঙ্কন (১৮০৯ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ১৮৬৫ চনৰ ১৫ এপ্ৰিললৈকে) হৈছে এগৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি।
-
চলমান ৰুশ্বদি
আহমেদ চলমান ৰুশ্বদি (Salman Rushdie; জন্ম জুন ১৯, ১৯৪৭) এজন ব্ৰিটিছ ভাৰতীয় ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেওঁৰ দ্বিতীয় উপন্যাস মিডনাইটছ চিলড্ৰেনে ১৯৮১ চনত মেন বুকাৰ বঁটা লাভ কৰিছিল। তেওঁৰ বেছিভাগ লিখনিয়ে ভাৰতীয় উপমহাদেশক সামৰি লৈছে। কোৱা হয় যে তেওঁ যাদুৰ বাস্তৱৰ আধাৰত ঐতিহাসিক কল্পকাহিনী লিখে।
-
নাথান ব্ৰাউন
নাথান ব্ৰাউন (Nathan Brown, ২২ জুন ১৮০৭ – ১ জানুৱাৰী ১৮৮৬) এগৰাকী আমেৰিকান বেপ্তিষ্ট মিছনেৰী, আমেৰিকাৰ দাসপ্ৰথা বিৰোধক, ভাষাতত্ত্ববিদ, ব্যাকৰণবিদ আৰু অনুবাদক আছিল। তেখেতৰ কৰ্মক্ষেত্ৰ আছিল অসম আৰু জাপান।
-
মাৰ্টিন লুথাৰ কিং, কনিষ্ঠ
আমেৰিকান পাদ্ৰী মাৰ্টিন লুথাৰ কিং, অনুজ আছিল একাধাৰে সক্ৰিয় কৰ্মী, আফ্ৰিকীয়-আমেৰিকান গণ অধিকাৰ আন্দোলনৰ আগশাৰীৰ নেতা। তেওঁক বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ তথা সমগ্ৰ বিশ্বতে গণ অধিকাৰৰ বিষয়ে সজাগতা অনাৰ বাবে জনা যায়।
-
আৰ্নেষ্ট হেমিংৱে
আৰ্নেষ্ট হেমিংৱে (Ernest Hemingway) এগৰাকী আমেৰিকান সাংবাদিক, ঔপন্যাসিক, চুটি গল্প লেখক আৰু খেলুৱৈ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইলিনই প্ৰদেশৰ অ’ক পাৰ্কত ১৮৯৯ চনৰ জুলাই মাহৰ ২১ তাৰিখে হেমিংৱেৰ জন্ম হয়। তেওঁৰ দেউতাক পেছাত এজন চিকিৎসক আছিল।
-
টি এছ ইলিয়ট
টি এছ ইলিয়ট (T. S. Eliot, সম্পূৰ্ণ নাম Thomas Stearns Eliot) বিগত অৰ্ধ শতাব্দীৰ কাব্য সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ আছিল। কবিত্ব আৰু দাৰ্শনিক চিন্তাধাৰাই তেওঁৰ প্ৰতিভা সাৰ্থক কৰি তুলিছে। ইলিয়টৰ শ্ৰেষ্ঠ পৰিচয় হ’ল তেওঁ এগৰাকী কবি। এই যুগৰ কবিতাৰ নতুন ধাৰা প্ৰবৰ্তন কৰা পুৰোহিত।
-
বিল গেট্ছ
উইলিয়াম হেনৰি গেট্ছ তৃতীয় (William Henry Gates III; জন্ম ২৮ অক্টোবৰ, ১৯৫৫ চন) হৈছে এগৰাকী আমেৰিকান পুঁজিপতি, ছফ্টৱেৰ নিৰ্মাতা, বিনিয়োগকাৰী, আৰু সমাজহিতৈষী। মাইক্ৰ'ছফ্টৰ সহ-প্ৰতিষ্ঠাতা হিচাপে তেখেত জনাজাত।
-
হিলাৰি ক্লিণ্টন
হিলাৰি ক্লিণ্টন এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰীয় ৰাজনীতিক। তেওঁ ২০১৬ বৰ্ষৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী। এনে সন্মান লাভ কৰা তেওঁ প্ৰথম আমেৰিকী মহিলা। তেওঁ পূৰ্বতে আমেৰিকাৰ ফাৰ্ষ্ট লেডী আছিল।
-
এজৰা পাউণ্ড
এজৰা পাউণ্ড (Ezra Pound) হৈছে এগৰাকী আমেৰিকান কবি আৰু সমালোচক।
-
ডেনিয়েল কাহনেমেন
ডেনিয়েল কাহনেমেন (Daniel Kahneman; ১৯৩৪-২০২৪) হৈছে এগৰাকী ইজৰাইলী-আমেৰিকীয় মনোবিজ্ঞানী আৰু অৰ্থনীতিবিদ। বিচাৰ আৰু সিদ্ধান্ত-গঠনৰ মনোবিজ্ঞানৰ লগতে আচৰণবিষয়ক অৰ্থনীতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেত জনাজাত। 'আচৰণবিষয়ক অৰ্থনীতি'ৰ বাবেই তেখেতে ২০০২ চনত ভাৰ্ণন এল.
-
ৱাল্ট ডিজনী
ৱাল্টাৰ এলিয়াচ "ৱাল্ট" ডিজনী (৫ ডিচেম্বৰ ১৯০১, ১৫ ডিচেম্বৰ ১৯৬৬) এজন আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, কণ্ঠ অভিনেতা, এনিমেটৰ, উদ্যোগী, সাংস্কৃতিক প্ৰতীক আছিল আৰু মানৱতাবাদী পুৰুষ। এনিমেছন ছবিৰ নিৰ্মাণ আৰু আৰু এনিমেছন কলাৰ বিকাশত তেখেতৰ অৱদান অতি বিশেষ বুলি কোৱা হয়।
-
এলেন গিঞ্চবাৰ্গ
এলেন গিন্সবাৰ্গ (Allen Ginsberg) আমেৰিকাত বিট আন্দোলনৰ কবি। তেওঁৰ জন্ম ১৯২৬ চনৰ ৩ জুন; মৃত্যু ১৯৯৭ চনৰ ৪ মে।
-
নীল আৰ্মষ্ট্ৰং
নীল এল্ডে'ন আৰ্মষ্ট্ৰং (Neil Alden Armstrong; জন্ম: ৫ আগষ্ট ১৯৩০ - মৃত্যু: ২৫ আগষ্ট ২০১২) আমেৰিকাৰ এগৰাকী মহাকাশচাৰী (নাচা এষ্ট্ৰনাট কৰ্প্চ), টেষ্ট পাইলট, এৰ'স্পেচ ইঞ্জিনীয়াৰ, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু আমেৰিকাৰ নৌসেনাৰ উড্ডয়ক (aviator) আছিল। তেওঁ চন্দ্ৰত খোজ কঢ়া প্ৰথম মানৱ আছিল।
-
মাইকেল জেকচন
মাইকেল জেকচন (Michael Jackson; সম্পূৰ্ণ নাম: মাইকেল জোচেফ জেকচন; ২৯ আগষ্ট ১৯৫৮ – ২৫ জুন ২০০৯) এগৰাকী আমেৰিকান গায়ক, গীতিকাৰ আৰু নৃত্যশিল্পী। তেওঁক "কিং অফ পপ" বা "পপ সংগীতৰ ৰজা" হিচাপে অভিহিত কৰা হয়। তেওঁক বিংশ শতিকাৰ আটাইতকৈ বেছি প্ৰভাৱশালী সংস্কৃতিক ব্যক্তিত্ব অন্যতম হিচাপে জনা যায়।
-
মেৰিলিন মন্ৰ'
মেৰীলিন মনৰো (পূৰ্বৰ নাম নৰ্মা জিন মৰ্টেনছন, বাপ্টাইজ কৰাৰ পিছত নৰ্মা জিন বেকাৰ, ১ জুন ১৯২৬-৫ আগষ্ট ১৯৬২)) আছিল এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল । শৈশৱকালৰ বেছিভাগ সময় অনাথ আশ্ৰমত পাৰ কৰাৰ পিছত তেওঁ মডেল হিছাপে জীৱিকাৰ পাতনি মেলে আৰু ১৯৪৬ চনত চলচ্চিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে।
-
লেৰী ছেংগাৰ
লৰেঞ্চ মাৰ্ক ছেংগাৰ (Larry Sanger,; জন্ম ১৬ জুলাই ১৯৬৮) এজন আমেৰিকান ইণ্টাৰনেট প্ৰকল্প ডেভলপাৰ তথা ইণ্টাৰনেট বিশ্বকোষ ৱিকিপিডিয়াৰৰ সহ-প্ৰতিষ্ঠাপক। তেৱেঁ ৱিকিপিডিয়াৰ নামকৰণ কৰিছিল আৰু ইয়াৰ পৰিচালনা কৰা নীতিসমূহ লিখি উলিয়াইছিল।
-
ছিডনী শ্বেলডন
ছিডনী শ্বেলডন (Sidney Sheldon; ১৯১৭ - ২০০৭) এগৰাকী একাডেমী বঁটা বিজয়ী আমেৰিকান সাহিত্যিক আছিল। বিশ বছৰজুৰি টিভিৰ লগত জড়িত হৈ থকা কালত তেওঁ দ্য পাৰ্টী ডিউক শ্বো (১৯৬৩-৬৬), আই ড্ৰীম অৱ জিনি (১৯৬৫-৭০), হাৰ্ট টু হাৰ্ট (১৯৭৯-৮৪) আদি অনুষ্ঠান সৃষ্টি কৰে যদিও ৫০ বছৰীয়া হৈ মাষ্টাৰ অৱ দ্য গেম (১৯৮২), দ্য…
-
জ' বাইডেন
জ' বাইডেন (সম্পূৰ্ণ নাম: জ'ছেফ ৰবিনেট বাইডেন জুনিয়ৰ; Joseph Robinette Biden Jr.; জন্ম: ২০ নৱেম্বৰ ১৯৪২) এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনীতিবিদ। তেওঁ ২০২১ চনৰ পৰা ২০২৪ চনলৈ ৪৬তম ৰাষ্ট্ৰপতি ভাৰপ্ৰাপ্ত আছিল।আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে পৰম্পৰা মতে নিৰ্বাচনীৰ পিছৰ বছৰৰ জানুৱাৰী মাহৰ ২০ তাৰিখতহে ৰাষ্ট্ৰপতি…
-
জেক কেৰুৱাক
জেক কেৰুয়াক (Jack Kerouac) আমেৰিকাৰ বিট আন্দোলনৰ কবি আৰু উপন্যাসিক। তেওঁৰ জন্ম ১৯২২ চনৰ ১২ মাৰ্চ। মৃত্যু ১৯৬৯ চনৰ ২১ অক্টোবৰ।
-
ষ্টিভেন স্পিলবাৰ্গ
ষ্টিভেন এলান স্পিলবাৰ্গ (Steven Allan Spielberg; জন্ম: ১৮ ডিচেম্বৰ, ১৯৪৬) হৈছে এজন আমেৰিকান ছবি-নিৰ্মাতা। তেওঁক নব্য-হলিউড যুগৰ এজন অন্যতম ৰূপকাৰ বুলি অভিহিত কৰা হয় আৰু ছবি উদ্যোগৰ এজন অগ্ৰগণ্য প্ৰযোজক-পৰিচালক হিচাপে বিভূষিত কৰা হয়।
-
অভিজিৎ বেনাৰ্জী
অভিজিৎ বিনায়ক বেনাৰ্জী (অভিজিৎ বিনায়ক বন্দ্যোপাধ্যায়; Abhijit Vinayak Banerjee; জন্ম ২১ ফেব্ৰুৱাৰী ১৯৬১) এগৰাকী ভাৰতীয়-আমেৰিকান অৰ্থনীতিবিদ। তেওঁ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অৰ্থনীতিৰ ফৰ্ড ফাউণ্ডেচন ইন্টাৰনেচনেলৰ অধ্যাপক।
-
ইলন মাস্ক্
ইলন ৰিভ্ মাস্ক্ (জন্ম: ২৮ জুন ১৯৭১) এগৰাকী পুঁজিপতি, বিনিয়োগকাৰী আৰু সমাজহিতৈষী লোক। দক্ষিণ আফ্ৰিকা, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব থকা ইলন মাস্ক্ স্পেছ্এক্সৰ (SpaceX) প্ৰতিষ্ঠাপক, মুখ্য কাৰ্যবাহী বিষয়া আৰু মূল পৰিকল্পনাকাৰী।
-
গ্ৰেগৰী ক'ৰ্ছ'
গ্ৰেগৰী ক'ৰ্ছ (Gregory Corso) (জন্ম ১৯৩০ চনৰ ২৬ মাৰ্চ; মৃত্যু ২০০১ চনৰ ১৭ জানুৱাৰী) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন কবি। তেওঁ বিট্ আন্দোলনৰ লগত জড়িত আছিল।
-
ছানী লিয়নি
কৰেনজিৎ কৌৰ ভোহৰা (Karenjit Kaur Vohra জন্ম: ১৩ মে', ১৯৮১), জনপ্ৰিয় নাম ছানী লিয়নি (Sunny Leone), এগৰাকী মডেল তথা আমেৰিকান আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী অভিনেত্ৰী। তেওঁ এগৰাকী প্ৰাক্তন পৰ্ণ তাৰকা। কানাডাৰ এটা ভাৰতীয় শিখ পৰিয়ালত লিয়নিয়ে জন্মগ্ৰহণ কৰিছিল।
-
ঝুম্পা লাহিড়ী
নিলাঞ্জনা সুদেষ্ণা "ঝুম্পা" লাহিড়ী (জন্ম ১১ জুলাই, ১৯৬৭) এগৰাকী প্ৰখ্যাত আমেৰিকান সাহিত্যিক। চুটিগল্প, উপন্যাস আৰু প্ৰবন্ধ লেখাসমূহৰ বাবে সুপৰিচিত লাহিড়ীয়ে শেহতীয়াকৈ ইটালীয় ভাষাতো সাহিত্যচৰ্চা কৰিবলৈ লৈছে।