ৰশ্মি বনচল ((Rashmi Bansal) এগৰাকী ভাৰতীয় অ-কল্পকাহিনী লেখক আৰু উদ্যোগী। ২০১৯ চন পৰ্যন্ত উদ্যোগবৃত্তি বা শিল্পোদ্যোগৰ ওপৰত তেওঁ নখন কিতাপ লিখিছে।১২ তেওঁৰ প্ৰথমখন কিতাপ ষ্টে হাংৰি ষ্টে ফুলিচ্ (২০০৮) ২৫ জন উদ্যোগীৰ অভিজ্ঞতা সমূহ সামৰি লিখি উলিওৱা হৈছিল আৰু আৰু কিতাপখনৰ অভিলেখ সংখ্যক পাঁচ লাখ কপি বিক্ৰী হৈছিল।৩ বনচল, উদ্যোগৰ ওপৰত পাঁচখন সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ লেখক, তেওঁৰ কিতাপবোৰৰ সাত লাখতকৈও অধিক প্ৰতিলিপি বিক্ৰী হোৱাৰ লগতে আঠটা ভাৰতীয় ভাষালৈ কিতাপসমূহ অনুবাদ কৰা হৈছে। তেওঁ ভাৰতৰ অতি জনপ্ৰিয় অনুপ্ৰেৰণামূলক বক্তাসকলৰ ভিতৰত এগৰাকী। ৪
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
বনচল দক্ষিণ মুম্বাইৰ ‘টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান’ত ডাঙৰ-দীঘল হৈছিল য’ত তেওঁৰ দেউতাক এজন জ্যোতিৰ্বিজ্ঞানী আছিল। কোলাবাৰ ‘ছেইণ্ট জোচেফ হাইস্কুল’ত পঢ়াৰ পিছত, তেওঁ চফিয়া মহিলা মহাবিদ্যালয়(ছফিয়া কলেজ ফ’ৰ ৱুমেন)ত অধ্যয়ন কৰিছিল আৰু এই মহাবিদ্যালয়ৰপৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৪ ইয়াৰ পিছত ১৯৯৩ চনত৪ তেওঁ ‘ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, আহমেদাবাদ’ৰ পৰা এম বি এ ডিগ্ৰী লয়।২
কৰ্মজীৱন
সাংবাদিক ৰূপে
‘ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট’ৰপৰা এম বি এ ডিগ্ৰী অৰ্জন কৰাৰ পিছত ৰশ্মি বনচলে ‘টাইমছ অৱ ইণ্ডিয়া’ কাকতৰ ব্ৰেণ্ড মেনেজাৰ ৰূপে কাম কৰিছিল। ‘দ্য ইণ্ডিপেণ্ডেণ্ট’ৰ বাবে এটা যুৱ পৃষ্ঠাৰ কাম কৰাৰ পিছত বনচলে তেওঁৰ স্বামীৰ সহযোগত ‘জেম’ নামৰ এখন যুৱ আলোচনী প্ৰকাশ কৰিছিল।৫৬ ‘জেম’ ভাৰতৰ আটাইতকৈ জনপ্ৰিয় যুৱ আলোচনী। বনচলে তেওঁৰ জনপ্ৰিয় ব্ল’গ য়ুথকাৰীত তৰুণ চামৰ বাবে কেৰিয়াৰ উপযোগী আৰু উদ্যোগ বিষয়ক প্ৰবন্ধ লিখে।৪
লেখক ৰূপে
তেওঁ আই আই এম, আহমেদাবাদৰ এজন অধ্যাপকৰ দ্বাৰা ষ্টে হাংৰি ষ্টে ফুলিচ্ (২০০৮) গ্ৰন্থ লিখিবলৈ অনুপ্ৰাণিত হৈছিল; যি তেওঁক বিদ্যালয়ৰ ২৫ জন উদ্যোগীৰ অভিজ্ঞতা সমূহ সামৰি লোৱাৰ পৰামৰ্শ দিছিল। তেওঁৰ পৰৱৰ্তী কিতাপ কনেক্ট দ্য ডটচ্ (২০১০)ত এম.বি.এ. ডিগ্ৰী নথকা উদ্যোগীসকলৰ উৎকৰ্ষৰ অন্বেষণ কৰা হৈছে। বনচলৰ কিতাপ আই হেভ আ ড্ৰীম (২০১১) সামাজিক উদ্যোগীসকলৰ ওপৰত কেন্দ্ৰীভূত আছিল।২৫
‘দ্য নিউয়ৰ্ক টাইমছ’ৰ হিডাৰ টিমনছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বনচলে ব্যাখ্যা কৰিছিল যে তেওঁ হিংলিছ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছিল কিয়নো ই মানুহৰ কণ্ঠস্বৰক অধিক পোনপটীয়া ভাৱে প্ৰতিনিধিত্ব কৰে আৰু "সেইবোৰক অধিক বাস্তৱিক কৰি তোলে"।৫ শেহতীয়াকৈ, বনচলে উদ্যোগীসকলৰ ওপৰত চাৰিখন কিতাপ লিখিছে। এইকেইখন হৈছে; প’ৰ লিটল ৰিচ্ শ্লাম, ফ’ল’ এভ্ৰি ৰেইনব’৭ টেক মি হ’ম আৰু এৰাইজ, আৱেক। ২
নিৰ্বাচিত কাম
- ষ্টে হাংৰি ষ্টে ফুলিচ্ (ৱেষ্টলেণ্ড, ২০০৮)
- কনেক্ট দ্য ডটচ্ (ৱেষ্টলেণ্ড, ২০১০)
- আই হেভ আ ড্ৰীম (ৱেষ্টলেণ্ড, ২০১১)
- প’ৰ লিটল ৰিচ্ শ্লাম (ৱেষ্টলেণ্ড, ২০১২)
- ফ’ল’ এভ্ৰি ৰেইনব’ (ৱেষ্টলেণ্ড, ২০১৩)
- টেক মি হ’ম (ৱেষ্টলেণ্ড, ২০১৪)
- এৰাইজ, আৱেক (ৱেষ্টলেণ্ড, ২০১৫)
- গ’ডচ্ অউন কিট্চেন৮ (ৱেষ্টলেণ্ড, ২০১৭)
তথ্যসূত্ৰ
- ↑ Author Rashmi Bansal Biography, Books, Blog, Marriage, Husband, Daughter. Youth Developers
- ↑ (15 July 2015). Rashmi Bansal: An Author, Speaker and Entrepreneur!. Yo! Success
- ↑ Satyam Sarvaiya. (9 January 2017). ASSIGNMENT COMMUNICATION SKILLS BOOK REVIEW ON: "STAY HUNGRY STAY FOOLISH". Satyam Sarvaiya
- ↑ Rashmi Bansal. londonspeakerbureau.com/
- ↑ Timmons, Heather. (19 September 2011). A Conversation With: Rashmi Bansal. New York Times
- ↑ Digital capitalization, India, Mumbai, Bansal, 12/17/2008. IFTFdate=26 December 2008
- ↑ Follow Every Rainbow
- ↑ "God's Own Kitchen" by Rashmi Bansal, Westland
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰশ্মি বনচল” প্ৰবন্ধৰ সংশোধন ৫০৬৮৬০ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।