ৰাজনীতিবিদ
২৩২ প্ৰবন্ধ
-
বাৰাক অ'বামা
বাৰাক হুছেইন অ'বামা (Barack Hussein Obama; জন্ম: ৪ আগষ্ট, ১৯৬১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি। ২০০৯ চনৰ ২০ জানুৱাৰীত তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হিচাপে পৰিগণিত হয়।
-
এডল্ফ হিটলাৰ
এডল্ফ হিটলাৰ (Adolf Hitler; ২০ এপ্ৰিল ১৮৮৯ – ৩০ এপ্ৰিল ১৯৪৫) মানৱ-ইতিহাসৰ সৰ্বাধিক বিতৰ্কিত লোকসকলৰ মাজৰ এজন, তৃতীয় ৰেইকৰ কালছোৱাত জাৰ্মানীৰ এজন ৰাজনীতিবিদ তথা নাজী দলৰ (National Socialist German Workers Party) নেতা আছিল। তেখেত আছিল দ্বিতীয় বিশ্বযুদ্ধৰ মূল হোতা আৰু ইহুদী গণহত্যাৰ কাৰক আছিল।
-
নেলছন মেণ্ডেলা
নেলছন ৰোলিহলাহলা মেণ্ডেলা (Nelson Rolihlahla Mandela, জন্ম: ১৮ জুলাই, ১৯১৮) বা চমুকৈ নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ এগৰাকী ৰাজনৈতিক ব্যক্তি আছিল যিজনে ৰাষ্ট্ৰপতি হিচাপে ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ কাৰ্য্যভাৰ চলাইছিল। দক্ষিণ আফ্ৰিকাত তেওঁ মাডিবা (Madiba) আৰু টাটা (Tata) নামেৰেও জনাজাত আছিল।
-
শেখ হাছিনা
শেখ হাছিনা ৱাজেদ (শেখ হাসিনা ওয়াজেদ;(জন্ম ২৮ ছেপ্টেম্বৰ ১৯৪৭) এজন বাংলাদেশী ৰাজনীতিবিদ যিয়ে ১৯৯৬ চনৰ জুন মাহৰ পৰা ২০০১ চনৰ জুলাইলৈকে আৰু পুনৰ ২০০৯ চনৰ জানুৱাৰীৰ পৰা ২০২৪ চনৰ আগষ্টলৈকে বাংলাদেশৰ দশম আৰু দ্বাদশ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।শেখ হাছিনা ৱাজেদ বাংলাদেশৰ প্ৰতিষ্ঠাপক পিতৃ তথা…
-
ধৰ্মেন্দ্ৰ
ধৰ্মেন্দ্ৰ কেৱল কৃষণ দেওল (Dharmendra Kewal Krishan Deol, জন্ম- ৮ ডিচেম্বৰ ১৯৩৫, মৃত্যু- ২৪ নৱেম্বৰ ২০২৫) জনপ্ৰিয়ভাৱে ধৰ্মেন্দ্ৰ নামেৰে পৰিচিত। তেওঁ এজন ভাৰতীয় অভিনেতা, প্ৰযোজক, ৰাজনীতিবিদ৷ তেওঁ মূলতঃ হিন্দী ছবি উদ্যোগত কৰা কামৰ বাবে পৰিচিত। তেওঁক বলীউডৰ "হি-মেন" বুলি জনা যায়।
-
জয়া বচ্চন
জয়া বচ্চন (বিবাহৰ পূৰ্বে ভাদুৰী; Jaya Bachchan; জন্ম: ৯ এপ্ৰিল ১৯৪৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনৈতিক নেতা। তেওঁ ২০০৪ চনৰ পৰা একেৰাহে চাৰিটা কাৰ্যকাল সমাজবাদী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ হৈ আছে। মূল ধাৰাৰ চলচ্চিত্ৰৰ লগতে মধ্যমপন্থী চলচ্চিত্ৰত কৰা স্বাভাৱিক অভিনয়ৰ বাবে তেওঁক বিশেষভাবে জনা যায়।
-
শ্বেখ মুজিবুৰ ৰহমান
শ্বেখ মুজিবুৰ ৰহমান (শেখ মুজিবুব় ব়হমান, ১৭ মাৰ্চ ১৯২০ – ১৫ আগষ্ট ১৯৭৫), জনপ্ৰিয়ভাবে শ্বেখ মুজিব বা বংগবন্ধু বাংলাদেশৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু দক্ষিণ এছিয়াৰ অন্যতম প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিত্ব।
-
ৰাহুল গান্ধী
ৰাহুল ৰাজীৱ গান্ধী (Rahul Gandhi; জন্ম: ১৯ জুন, ১৯৭০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, ভাৰতীয় লোকসভাৰ সদস্য তথা লোকসভাৰ বিৰোধী দলৰ দলপতি। তেওঁ ২০২৪ চনৰ পৰা উত্তৰ প্ৰদেশৰ ৰাই বেৰেলী সমষ্টিৰ সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰি আহিছে।
-
আব্ৰাহাম লিংকন
আব্ৰাহাম লিঙ্কন (১৮০৯ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ১৮৬৫ চনৰ ১৫ এপ্ৰিললৈকে) হৈছে এগৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি।
-
মেনকা গান্ধী
মানেকা সঞ্জয় গান্ধী (Maneka Sanjay Gandhi) (মেনাকা বুলিও উচ্চাৰিত; বিবাহোত্তৰ উপাধি-আনন্দ) (জন্ম- ২৬ আগষ্ট ১৯৫৬) হৈছে এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, জন্তুৰ অধিকাৰকৰ্মী আৰু এগৰাকী পৰিৱেশবিদ৷ তেখেত লোক সভা আৰু ভাৰতীয় জনতা দলৰ এগৰাকী সদস্যা৷ ভাৰতৰ ৰাজনীতিবিদ সঞ্জয় গান্ধীৰ তেখেত পত্নী আছিল৷ মানেকা…
-
ভ্লেডিমিৰ লেনিন
ভ্লাডিমিৰ ইলিচ উলিয়ান'ভ (Vladimir Ilyich Ulyanov, Владимир Ильич Ульянов), জনপ্ৰিয়ভাৱে লেনিন (২২ এপ্ৰিল [পুৰণি ৰুছ কেলেণ্ডাৰ মতে ১০ এপ্ৰিল] ১৮৭০ - ২১ জানুৱাৰী ১৯২৪) এগৰাকী ৰুছ সাম্যবাদী বিপ্লৱী, ৰাজনীতিবিদ আৰু ৰাজনৈতিক তত্ত্ববিদ আছিল।
-
মাও জেদং
মাও জেদং (Mao Zedong) চীন দেশৰ এজন ৰাজনৈতিক নেতা আছিল। ১৮৯৩ চনৰ ২৬ ডিচেম্বৰ তাৰিখে চীন দেশৰ য়ুনান প্ৰদেশৰ (Hunan Province) ছাও ছান (Shaoshan) নামে ঠাইৰ এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰে। খেতিয়কৰ সন্তান মাওক দেউতাকে খেতিয়ক হোৱাটোকে বিচাৰিছিল।
-
হিলাৰি ক্লিণ্টন
হিলাৰি ক্লিণ্টন এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰীয় ৰাজনীতিক। তেওঁ ২০১৬ বৰ্ষৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী। এনে সন্মান লাভ কৰা তেওঁ প্ৰথম আমেৰিকী মহিলা। তেওঁ পূৰ্বতে আমেৰিকাৰ ফাৰ্ষ্ট লেডী আছিল।
-
পৰাগধৰ চলিহা
পৰাগধৰ চলিহা (Paragdhar Chaliha; ১৯২৩-১৯৯৯) এগৰাকী শিক্ষাবিদ, অভিনেতা আৰু সংগীতজ্ঞ আছিল। তেওঁ কবি, গীতিকাৰ, সংগীতজ্ঞ, নাট্যকাৰ, সাহিত্যিক, অভিনেতা, পৰিচালক, সমাজ সংগঠক, সাংবাদিক, ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক, প্ৰশাসক তথা ৰাজনীতিবিদ আছিল। অসমত তেওঁ সেউজ কোঁৱৰ নামেৰে জনাজাত আছিল।
-
খালেদা জিয়া
খালেদা জিয়া (Khaleda Zia; জন্ম: খালেদা খানম পুতুল; ১৯৪৫ চন–৩০ ডিচেম্বৰ ২০২৫) এগৰাকী বাংলাদেশৰ ৰাজনৈতিক নেতা; যিয়ে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ আৰু পুনৰ ২০০১ চনৰ পৰা ২০০৬ চনলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰিত্বৰ দায়িত্বত আছিল।
-
পবিত্ৰ মাৰ্ঘেৰিটা
পবিত্ৰ মাৰ্ঘেৰিটা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তথা তেওঁ ৰাজ্যসভাৰ এগৰাকী সাংসদ (মাৰ্চ, 2022 ৰ পৰা)। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ভাৰতৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাত অসমক ৪ এপ্ৰিল, ২০২২ ৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পায়। তেওঁ ২০১৪ চনত ৰাজনীতিত যোগদান কৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সদস্য হয়।
-
আং চান চ্যু কি
আং চান চ্যু কি (Aung San Suu Kyi; জন্ম: ১৯ জুন ১৯৪৫) হৈছে এগৰাকী ম্যানমাৰৰ ৰাজনীতিজ্ঞ, কূটনীতিজ্ঞ, লেখক আৰু ১৯৯১ চনৰ শান্তিৰ ন'বেল বঁটা বিজয়ী মহিলা যিয়ে ২০১৬-২০২১ লৈকে ম্যানমাৰৰ ৰাজ্য পৰিষদৰ (প্ৰধান মন্ত্ৰীৰ সমতুল্য) আৰু বৈদেশীক নীতিৰ মন্ত্ৰিত্ব পদৰ দায়িত্বভাৰ লৈ আছিল।
-
জ' বাইডেন
জ' বাইডেন (সম্পূৰ্ণ নাম: জ'ছেফ ৰবিনেট বাইডেন জুনিয়ৰ; Joseph Robinette Biden Jr.; জন্ম: ২০ নৱেম্বৰ ১৯৪২) এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনীতিবিদ। তেওঁ ২০২১ চনৰ পৰা ২০২৪ চনলৈ ৪৬তম ৰাষ্ট্ৰপতি ভাৰপ্ৰাপ্ত আছিল।আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে পৰম্পৰা মতে নিৰ্বাচনীৰ পিছৰ বছৰৰ জানুৱাৰী মাহৰ ২০ তাৰিখতহে ৰাষ্ট্ৰপতি…
-
বেনাজিৰ ভুট্টো
বেনজীৰ ভুট্টো (بینظیر بھٹو; জন্ম: ২১ জুন ১৯৫৩ আৰু মৃত্যু: ২৭ ডিচেম্বৰ ২০০৭) আছিল এগৰাকী পাকিস্তানী ৰাজনীতিবিদ যিয়ে ১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈ আৰু পুণৰ ১৯৯৩ চনৰ পৰা ১৯৯৬ চনলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল।
-
ব্ৰজনাথ শৰ্মা
ব্ৰজনাথ শৰ্মা (Brajanath Sarma) (১৮৯৪ – ১৯৬০) আছিল অভিনেতা, নাট্যকাৰ আৰু অসমৰ ভ্ৰাম্যমান নাটকৰ জনক। অসমত সহ-অভিনয়ৰ বাটকটীয়া। ১৯৭৬ চনত বিশিষ্ট লেখক কনক চন্দ্ৰ শৰ্মাই 'সাংস্কৃতিক' শীৰ্ষক এখন স্মৃতিগ্ৰন্থত প্ৰথমে ব্ৰজনাথ শৰ্মাক অভিনয়াচাৰ্য উপাধিৰে উল্লেখ কৰিছিল।
-
ইমৰান খান
ইমৰান খান নিয়াজি পাকিস্তানৰ বৰ্তমান প্ৰধানমন্ত্ৰী, পাকিস্তান জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ আৰু অধিনায়ক। খেলুুুৱৈ জীৱনৰ শেষত তেওঁ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে। তেওঁ বিশ্ব ক্ৰিকেটৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰসকলৰ ভিতৰত অন্যতম। তেওঁৰ অধিনায়কত্বতে পাকিস্তানে ১৯৯২ চনৰ বিশ্বকাপ জয় কৰিছিল।
-
ফিডেল কাষ্ট্ৰ'
ফিডেল আলেসাণ্ড্ৰ' কাষ্ট্ৰ' ৰুছ, যি ফিডেল কাষ্ট্ৰ (Fidel Castro; আগষ্ট ১৩, ১৯২৬ - নৱেম্বৰ ২৫, ২০১৬) নামেৰে জনপ্ৰিয়, আছিল এগৰাকী কিউবান ৰাজনীতিবিদ আৰু বিপ্লৱী। তেওঁ প্ৰধানমন্ত্ৰী হিচাপে ১৯৫৯ৰপৰা ১৯৭৬লৈ আৰু ৰাষ্ট্ৰপতি হিচাপে ১৯৭৬ৰপৰা ২০০৮লৈ কিউবা গণৰাজ্য শাসন কৰিছিল।
-
বেঞ্জামিন ফ্ৰেংকলিন
বেঞ্জামিন ফ্ৰেংকলিন (১৭০৬–১৭৯০) আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠাপকসকলৰ এজন। তেওঁ এজন লেখক, প্ৰকাশক, ৰাজনৈতিক দাৰ্শনিক, ৰাজনীতিবিদৰ লগতে বিজ্ঞানী আৰু উদ্ভাৱকো আছিল। এজন বিজ্ঞানী হিচাপে তেওঁক বিদ্যুৎ সম্পৰ্কীয় আৱিষ্কাৰ আৰু তত্ত্বৰ বাবে জনা যায়।
-
লালু প্ৰসাদ যাদৱ
লালু প্ৰসাদ যাদৱ (Lalu Prasad Yadav), এজন ভাৰতীয় ৰাজনীতিবিদ আৰু ৰাষ্ট্ৰীয় জনতা দল (RJD)ৰ সভাপতি। তেওঁ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী (১৯৯০-১৯৯৭), ভাৰতৰ প্ৰাক্তন ৰেল মন্ত্ৰী (২০০৪-২০০৯), তাৰোপৰি লোকসভাৰ প্ৰাক্তন সংসদ সদস্য (এম পি)ও আছিল।
-
শ্যামা প্ৰসাদ মুখাৰ্জী
শ্যামা প্ৰসাদ মুখাৰ্জী (৬ জুলাই ১৯০১ – ২৩ জুন ১৯৫৩) এজন ভাৰতীয় বেৰিষ্টাৰ, শিক্ষাবিদ, ৰাজনীতিবিদ, হিন্দুত্ববাদী কৰ্মী, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় চৰকাৰৰ মন্ত্ৰী আছিল৷ কংগ্ৰেছৰ বিৰোধিতা কৰাৰ পাছতো নেহৰুৱে তেওঁক নিযুক্তি দিছিল।
-
ৰূপা গাংগুলী
ৰূপা গাংগুলী (Roopa Ganguly; জন্ম: ২৫ নবেম্বৰ ১৯৬৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নেপথ্য কণ্ঠশিল্পী আৰু ৰাজনৈতিক নেতা। জনপ্ৰিয় ধাৰাবাহিক 'মহাভাৰত'ত (১৯৮৮) দ্ৰৌপদীৰ চৰিত্ৰ ৰূপায়ণ কৰা বাবে তেওঁ বিশেষভাবে জনাজাত।
-
কমলা হেৰিছ
কমলা দেৱী হেৰিছ (Kamala Devi Harris; জন্ম: ২০ অক্টোবৰ, ১৯৬৪) এগৰাকি আমেৰিকাৰ ৰাজনীতিবিদ আৰু অধিবক্তা। তেওঁ ২০১৭ চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত জুনিয়ৰ চিনেটৰ হিচাপে কাম কৰিছিল। তেওঁ ২০২০ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত উপ-ৰাষ্ট্ৰপতি পদত ডেমক্ৰেটিক দলৰ প্ৰাৰ্থী ৰূপে মনোনীত হৈছে।
-
মৌলানা আব্দুল হামিদ খান ভাসানী
মৌলনা আব্দুল হামিদ খান ভাষাণী (১২ ডিচেম্বৰ ১৮৮০-১৭ নৱেম্বৰ ১৯৭৬) সংক্ষিপ্ত মৌলনা ভাষাণী ব্ৰিটিছ ভাৰতৰ (বৰ্তমান বাংলাদেশ) এগৰাকী ইছলামিক পণ্ডিত আৰু ৰাজনৈতিক নেতা আছিল। তেওঁৰ ৰাজনৈতিক আমলত ব্ৰিটিছ উপনিৱেশিক ভাৰত, পাকিস্তান আৰু বাংলাদেশ সময়কাল বিস্তৃত আছিল।
-
ঋষি চুনাক
ঋষি চুনাক (Rishi Sunak; জন্মঃ ১২ মে' ১৯৮০) এগৰাকী ব্ৰিটিছ ৰাজনীতিবিদ। তেওঁ ২৫ অক্টোবৰ ২০২২ৰ পৰা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আৰু ২৪ অক্টোবৰ ২০২০২২ৰ পিছত সংৰক্ষণবাদী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।
-
এণ্টনিও গুটেৰেছ
এণ্টনিও মেনুৱেল ডে অলিভেইৰা গুটেৰেছ(;; জন্ম ৩০ এপ্ৰিল ১৯৪৯) এগৰাকী পৰ্তুগীজ কূটনীতিবিদ আৰু ৰাজনীতিজ্ঞ। তেওঁ বৰ্তমান ৰাষ্ট্ৰসংঘৰ নৱম সচিব প্ৰধান। ইয়াৰ আগতে তেওঁ ২০০৫ চনৰ পৰা ২০১৫ চনলৈ শৰণাৰ্থী সকলৰ বাবে ৰাষ্ট্ৰসংঘৰ দশম উচ্চায়ুক্ত আছিল। তেওঁ ১৯৯৫ চনৰ পৰা ২০০২ চনলৈ পৰ্টুগালৰ প্ৰধানমন্ত্ৰী আছিল।