ৰংগু সৌৰিয়া (Rangu Souriya) মহিলা আৰু শিশুৰ বাবে কাম কৰা এগৰাকী ভাৰতীয় কৰ্মী তথা সমাজকৰ্মী। তেওঁ উত্তৰ-পূব ভাৰতৰ দাৰ্জিলিং আৰু নেপালৰ যৌন সৰবৰাহৰ বলি হোৱা লোকসকলক সহায়ৰ বাবে নিয়োজিত শিলিগুৰিস্থিত অলাভজনক সংস্থা কাঞ্চনজুংগা উদ্ধাৰ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক। ২০১১ চনত তেওঁক গডফ্ৰে ফিলিপছ ৰাষ্ট্ৰীয় সাহসিকতা বঁটা প্ৰদান কৰা হৈছিল।
কাম
২০০৪ চনত সৌৰিয়াই অনুৰাধা কইৰালা আৰু দল মাইতি নেপালৰ পৰা পথ প্ৰদৰ্শন বিচাৰি কাঠমাণ্ডুলৈ যায়। তেওঁলোকৰ সৈতে মত বিনিময় আৰু শিকাৰ পাছত তেওঁ দাৰ্জিলিঙলৈ উভতি আহে আৰু কাঞ্চনজঙ্ঘা উদ্ধাৰ কেন্দ্ৰ আৰম্ভ কৰে।১ তেতিয়াৰ পৰা তেওঁ আৰু এনজিঅ'ৰ আনসকলে পাটনা, দিল্লী, মুম্বাই আৰু কলকাতাৰ দৰে চহৰৰ পৰা ১১০০তকৈও অধিক ছোৱালী উদ্ধাৰ কৰিছে।২৩
স্বীকৃতি
২০১১ চনত গডফ্ৰে ফিলিপছ ৰাষ্ট্ৰীয় সাহসী বঁটা লাভ কৰা সৌৰিয়াই ২০০৯ চনত ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ মহিলা এচিভাৰ্ছ বঁটাৰে স্বীকৃতি লাভ কৰে। ইয়াৰ উপৰিও, তেওঁৰ সেৱাৰ বাবে ২০ টাতকৈও অধিক আঞ্চলিক সংগঠনে তেওঁক সন্মানিত কৰিছে।৩
২০১৬ চনৰ জানুৱাৰী মাহত তেওঁ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয় (ভাৰত)ৰ ১০০ গৰাকী মহিলা পদক্ষেপকাৰীৰ ভিতৰত তালিকাভুক্ত হৈছিল যিটোৰ যোগেদি সমগ্ৰ দেশতে নিজৰ সম্প্ৰদায়ৰ পৰিৱৰ্তন সাধন কৰা ১০০ গৰাকী মহিলাক স্বীকৃতি আৰু কৃতজ্ঞতা দিয়া হৈছিল৷৪৫
তথ্যসূত্ৰ
- ↑ An interview with founder member of 'Kanchanjunga Uddhar Kendra' – Ms. Rangu Souria. DarjeelingTimes.com
- ↑ Rescuing poor girls from traffickers' traps. The Indian Express
- ↑ Rangu Souriya - Saviour for Trafficked Girls. The New Indian Express
- ↑ '#100Women Initiative' launched by the Union Ministry of Women and Child Development in collaboration with Facebook to recognize 100 women achievers across India. Press Information Bureau, Government of India
- ↑ National Honour for GORKHA ICON – Rangu Souriya. DarjeelingTimes.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰংগু সৌৰিয়া” প্ৰবন্ধৰ সংশোধন ৪৮৭৪৩৮ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।