অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰজনী এ. ভিছেই

ৰজনী এ. ভিছেই (Rajani A. Bhisey) (জন্ম:২০জানুৱাৰি ১৯৪১) এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে "পাৰিপাৰ্শ্বিক কাৰ্ছিনোজেনেছিছ", কৰ্কটৰ আণৱিক মহামাৰীবিদ্যা (molecular epidemiology of cancer), আৰু ব্যৱসায়িক বিপত্তিৰ ক্ষেত্ৰত কাম কৰিছে।

হালনাগাদ: ১ মাৰ্চ ২০২৫ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰজনী এ. ভিছেই (Rajani A. Bhisey) (জন্ম:২০জানুৱাৰি ১৯৪১) এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে "পাৰিপাৰ্শ্বিক কাৰ্ছিনোজেনেছিছ", কৰ্কটৰ আণৱিক মহামাৰীবিদ্যা (molecular epidemiology of cancer), আৰু ব্যৱসায়িক বিপত্তিৰ ক্ষেত্ৰত কাম কৰিছে। ১২

শিক্ষা

মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা তেখেতে বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেখেতে মুম্বাইস্থিত ভাৰতীয় কৰ্কট গৱেষণা কেন্দ্ৰৰ লগত গৱেষণা ছাত্ৰী হিচাপে জড়িত হৈ পৰে আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰে। ২ তেখেতে ইলেক্ট্ৰন মাইক্ৰস্ক'পৰ দ্বাৰা skin carcinogenesisত কাম কৰে। এইটো বিষয়ত সূচনা কৰা কামৰ জৰিয়তেই তেখেতে ১৯৭৪ চনত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১

কৰ্মজীৱন

পেনছিলভেনিয়া বিশ্ববিদ্যালয়ত ৰজনী এ. ভিছেইয়ে এগৰাকী গৱেষণা সহযোগী হিচাপে কাম কৰিছিল। পাছলৈ জেৰ'মি জে ফ্ৰিডৰ লগত লাংকানেও চিকিৎসা গৱেষণা প্ৰতিষ্ঠানত "drug resistant haploid frog cells"ৰ কোষপৃষ্ঠৰ অতি-গাঁঠনিক দিশত কাম কৰে। তেখেতে কৰ্কট গৱেষণা প্ৰতিষ্ঠানত জেনেটিক বিষবিজ্ঞানৰ এটা প্ৰয়োগশালাও স্থাপন কৰে। তেখেতে কৰ্কট জীৱবিজ্ঞান আৰু জেনেটিক বিষবিজ্ঞান সম্বন্ধীয় কেইটামান বিষয়ো স্নাতকোত্তৰ বিজ্ঞান শাখাৰ শিক্ষাৰ্থীৰ বাবে নতুনকৈ আৰম্ভ কৰে। তেখেত মনোগ্ৰাফ কাৰ্যসূচী সদন, কৰ্কট গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ লগতো জড়িত।১৩

বঁটা আৰু সন্মান

  • UICC(Union for International Cancer Control)ৰ যুৱ বিজ্ঞানী ফেল'শ্বিপ
  • জীৱনজোৰা সাধনাৰ বঁটা,ভাৰতীয় প্ৰাণীবিজ্ঞানী সন্থাৰ দ্বাৰা প্ৰদান ২০০৭ চনত।
  • মহাৰাষ্ট্ৰ বিজ্ঞান একাডেমী, আৰু ভাৰতীয় বিজ্ঞান একাডেমীৰ সভ্য।৪

৫

তথ্যসূত্ৰ

  1. ↑ IAS- Rajani A Bhisey
  2. ↑ INSA - Rajani A Bhisey
  3. ↑ 55-58.pdf
  4. ↑ Indian Fellow
  5. ↑ Meet 10 of the brightest women scientists in India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বিজ্ঞানীভাৰতীয় মহিলা বিজ্ঞানীভাৰতীয় পদাৰ্থ বিজ্ঞানীভাৰতীয় মহিলা পদাৰ্থ বিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰজনী এ. ভিছেই” প্ৰবন্ধৰ সংশোধন ৪৮৫০২৫ (১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।