ৰশ্মি উৰ্ধ্বৰ্দেশ জন্ম ৰশ্মি ৰানাদে (: Rashmi Urdhwardeshe born Rashmi Ranade, জন্ম প্ৰায় ১৯৫৯);এগৰাকী ভাৰতীয় স্বয়ংচল অভিযন্তা। ভাৰতীয় অটোমোটিভ ৰিচাৰ্চ এছ’চিয়েশ্যনৰ সঞ্চালিকা। ২০২০ চনৰ মাৰ্চ মাহত তেওঁ নাৰী শক্তিৰ সন্মান লাভ কৰে।১
জীৱন
ৰশ্মি উৰ্ধ্বৰদেশে ১৯৫৯ চনত নাগপুৰত জন্মগ্ৰহণ কৰিছিল।১ ১৯৭৭ চনত, তেওঁ নাগপুৰৰ বিশ্বেশ্বৰাইয়া ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত (VNIT) বিদ্যুৎ প্ৰযুক্তিবিদ্যাৰ অধ্যয়ন কৰিবলৈ বাছনি কৰে আৰু তাৰ পাছত পুনেৰ ইঞ্জিনিয়াৰিং কলেজ (COEP)ৰ পৰা স্বয়ংচল প্ৰযুক্তিবিদ্যাৰ স্নাতকোত্তৰ সম্পন্ন কৰে। সেই সময়ত, ভাৰতত এগৰাকী মহিলাৰ বাবে এই ধৰণৰ অধ্যয়ন বাছনি কৰাটো অস্বাভাৱিক আৰু প্ৰত্যাহ্বানজনক আছিল, কাৰণ ইঞ্জিনিয়াৰিং মহাবিদ্যালয়সমূহত মহিলাৰ সংখ্যা কম আছিল (আৰু বেছি শৌচাগাৰ নাছিল) আৰু স্বয়ংচল প্ৰযুক্তিবিদ্যা সাধাৰণতে পুৰুষৰ আধিপত্য থকা ক্ষেত্ৰ আছিল।২
ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিঙৰ প্ৰশিক্ষণ লৈ পৰীক্ষামূলক মেচিনৰ হাইড্ৰলিক্স আৰু তাৰ পিছত নিৰ্গমন নিয়ন্ত্ৰণৰ বাবে নিয়ন্ত্ৰণ প্ৰস্তুত কৰাত সহায় কৰিছিল। নিৰ্গমন অধ্যয়ন কৰা প্ৰথমটো ভাৰতীয় পৰীক্ষাগাৰত নিৰ্গমন জোখাৰ পদ্ধতি প্ৰস্তুত কৰাত সহায় কৰিছিল। তেখেতৰ বিশেষজ্ঞতাৰ ক্ষেত্ৰসমূহ হ'ল অটোমোটিভ সুৰক্ষা, নিৰ্গমন আৰু পৰিৱেশৰ বায়ুৰ মান (AQM), ই-মবিলিটি, বহনক্ষম পৰিবহণ, বাহন নিয়ন্ত্ৰণ, সমন্বয় আদি।
ছোৱালী হিচাপে খেলৰ প্ৰতি আগ্ৰহী আছিল, ছিটাৰ বজাবলৈ শিকিছিল আৰু সময়ত তেওঁ নিজৰ ৰাজ্যৰ বাবে ব্ৰীজত চেম্পিয়ন হৈছিল।৩ ২০১৪ চনত ভাৰতীয় অটোমোটিভ ৰিচাৰ্চ এছ'চিয়েচনৰ পৰৱৰ্তী সঞ্চালিকা হিচাপে নিৰ্বাচিত হয়।২
২০১৯ চনত তেওঁৰ কৰ্মৰাজি বাবে ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ বঁটাৰে স্বীকৃতি লাভ কৰে আৰু ২০২০ চনৰ মাৰ্চ মাহত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অটোমোটিভ গৱেষণা আৰু উন্নয়নৰ ৩৫ বছৰীয়া কামক স্বীকৃতি দি নাৰী শক্তিপুৰস্কাৰ প্ৰদান কৰে। সেই সময়ত তেওঁৰ ঘৰ পুনেত আছিল গতিকে তেওঁ দিল্লীত ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত বঁটা লাভ কৰিবলৈ যাত্ৰা কৰিছিল। ১মহিলা সবলীকৰণৰ বাবে ব্যতিক্ৰমীভাৱে কাম কৰা মহিলাসকলক এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানৰ পিছত উৰ্ধ্বৰ্দেশে ভাৰতৰ অশিক্ষিত মহিলাসকলৰ বহুলাংশে অনাবৃত সম্ভাৱনাক লক্ষ্য কৰি এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা কৰে।৪ ৰশ্মি উৰ্ধ্বৰেশ্বে হৈছে এছ এ ই ইণ্ডিয়াৰ আগন্তুক সভাপতি।
ব্যক্তিগত জীৱন
তেওঁৰ স্বামী হেমন্ত উৰ্ধ্বৰেশো এজন অভিযন্তা। তেওঁৰ পত্নী ছমাহ জাৰ্মানীত থকাৰ সময়ত তেওঁলোকৰ চৈধ্য মহীয়া সন্তান সাৰং উৰ্ধৰেশ্বেৰ যত্ন লৈছিল।৩
তথ্যসূত্ৰ
- ↑ www.ETAuto.com. Educating girls will bring significant changes in society: Rashmi Urdhwardeshe, ARAI Director – ET Auto. ETAuto.com
- ↑ (2020-03-08). 36 years' efforts reached its zenith today: Nari Shakti award winner Rashmi Urdhwardeshe. The Indian Express
- ↑ Women of Mettle – Rashmi Urdhwareshe, Director, ARAI. motorindiaonline.in
- ↑ Educating Girls Will Bring Significant Changes In Society: Rashmi Urdhwardeshe. BW Education
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰশ্মি উৰ্ধ্বৰ্দেশ” প্ৰবন্ধৰ সংশোধন ৫০১৮০৫ (৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।