ৰাণী চিত্ৰলেখা ভোঁচলে (Rani Chitralekha Bhonsle, ২৬ ফেব্ৰুৱাৰী ১৯৪১ – ১৬ আগষ্ট ২০১৫) এগৰাকী ৰাজনৈতিক, সমাজকৰ্মী আৰু মহাৰাষ্ট্ৰৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱা এগৰাকী সাংসদ আছিল.১২
আৰম্ভণিৰ জীৱন
১৯৪১ চনৰ ২৬ ফেব্ৰুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যৰ বৰোদাত ভোঁচলেৰ জন্ম কৰিছিল। ১৯৫৯ চনৰ ২৫ ডিচেম্বৰত তেজসিংৰাও ভোঁচলেৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা চিত্ৰলেখা ভোঁচলেৰ দুজন পুত্ৰ লক্ষ্মণসিং আৰু মানসিংৰ লগতে তিনিগৰাকী কন্যা ললিতৰাজে, মেনকাৰজে আৰু কেতকিৰাজে আছে।১
শিক্ষা আৰু আগ্ৰহ
ৰাণীয়ে গুজৰাট বৰোদাৰ অধীনস্থ এম.এছ বিশ্ববিদ্যালয়ৰ সাহাজীৰাও গাইকৱাড কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁৰ আগ্ৰহৰ ভিতৰত আছে চিত্ৰকলা আৰু অধ্যয়ন। তেওঁ জিলা ভলীবল সংস্থা, নাগপুৰৰো অধ্যক্ষও।১
কৰ্মজীৱন
১৯৯৮ চনত ৰাণী দ্বাদশ লোকসভালৈ নিৰ্বাচিত হয়। ১৯৯৮–৯৯ চনৰ ভিতৰত কয়লা মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ তেওঁ সদস্য আছিল।১
তথ্যসূত্ৰ
- ↑ Biographical Sketch Member of Parliament 12th Lok Sabha
- ↑ (2015-08-17). राणी चित्रलेखा भोसले यांचे निधन. Maharashtra Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাণী চিত্ৰলেখা ভোঁচলে” প্ৰবন্ধৰ সংশোধন ৪৭৬০৩৯ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।