আমেৰিকান অভিনয় শিল্পী
২৩৪ প্ৰবন্ধ
-
এলিজাবেথ অলছেন
এলিজাবেথ চে’জ অলছেন (Elizabeth Chase Olsen; জন্ম: ১৬ ফেব্ৰুৱাৰী, ১৯৮৯)) এগৰাকী আমেৰিকান অভিনেত্ৰী। কেলিফৰ্ণিয়াৰ শ্বাৰমান অকছত জন্মগ্ৰহণ কৰা অলছেনে চাৰি বছৰ বয়সতে অভিনয় কৰিবলৈ আৰম্ভ কৰে।
-
জেনা জেমছন
জেনা মেৰী মাছলি ( ইংৰাজী: Jenna Marie Massoli; জন্ম: ৯ এপ্ৰিল, ১৯৭৪; পেছাগতভাৱে জেনা জেমছন নামেৰে পৰিচিত), এগৰাকী আমেৰিকান ব্যৱসায়ী, লেখিকা, টেলিভিছন ব্যক্তিত্ব আৰু প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী।
-
টিকা ছাম্পটাৰ
ইউফেমিয়া লাটিক "টিকা" চাম্পটাৰ (জন্ম: ২০ জুন ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু প্ৰযোজক। চাম্পটাৰে নিজৰ কৰিয়াৰ আৰম্ভ কৰিছিল Best Friend's Date অনুষ্ঠানৰ পৰিচালক হিচাপে। ২০০৫-২০১০ সময়চোৱাত তেওঁ One Life to Live শৃংখলাত অভিনয় কৰিছিল।
-
এন্নে হাথাৱে
এন্নে জেকলিন হাথাৱে (জন্ম ১২ নৱেম্বৰ, ১৯৮২) এগৰাকী আমেৰিকান অভিনেত্ৰী। এন্নে হাথাৱেই লাভ কৰা বঁটা আৰু মনোনয়নৰ তালিকাত একাডেমী বঁটা, ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, গোল্ডেন গ্ল’ব বঁটা আৰু প্ৰাইমটাইম এমি বঁটা আদি অন্তৰ্ভুক্ত।
-
এলভিচ প্ৰেচলি
এলভিচ এৰন প্ৰেচলি (ইংৰাজী: Elvis Aaron Presley; ৮ জানুৱাৰী ১৯৩৫ – ১৬ আগষ্ট ১৯৭৭), যাক "ৰক এণ্ড ৰোলৰ ৰজা" বুলি কোৱা হয়। তেওঁক ২০ শতিকাৰ অন্যতম উল্লেখযোগ্য সাংস্কৃতিক ব্যক্তি হিচাপে গণ্য কৰা হয়।
-
মাৰ্ক ৰাফেল’
মাৰ্ক এলেন ৰাফেল’ (ইংৰাজী: Mark Alan Ruffalo; জন্ম: ২২ নৱেম্বৰ, ১৯৬৭) এজন আমেৰিকান অভিনেতা। ১৯৯০ চনৰ আৰম্ভণিতে তেওঁ অভিনয় জীৱন আৰম্ভ কৰে আৰু প্ৰথমে কেনেথ ল’নাৰ্গানৰ নাটক ডিছ ইজ আৱাৰ ইউথ (১৯৯৬) আৰু নাটকীয় ছবি ইউ কেন কাউণ্ট অন মিত (২০০০) অভিনয় কৰে।
-
অঞ্জলি ভীমানী
অঞ্জলি ভীমানী (ইংৰাজী: Anjali Bhimani) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু কণ্ঠ অভিনেত্ৰী। তেওঁ বিশেষকৈ অ’ভাৰৱাচ নামৰ ভিডিঅ' গেমটোত চিম্পেট্ৰা আৰু এপেক্স লেজেণ্ডচ নামৰ ভিডিঅ' গেমটোত ৰেম্পাৰ্টৰ চৰিত্ৰত কণ্ঠদান কৰাৰ বাবে জনাজাত।
-
অনিশা নাগৰাজন
অনিশা নাগৰাজন (ইংৰাজী: Anisha Nagarajan) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। এণ্ড্ৰু লয়ড ৱেবাৰৰ থিয়েটাৰ মিউজিকেল বম্বে ড্ৰিমছ্ত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। ইয়াৰ উপৰি ২০১০ চনৰ এনবিচি টেলিভিছন ধাৰাবাহিক আউটচ’ৰ্চড্ত মাধুৰী চৰিত্ৰত কৰা অভিনয়ৰ বাবেও তেওঁ জনাজাত।
-
অপৰ্ণা ব্ৰিয়েল
অপৰ্ণা ব্ৰিয়েল (ইংৰাজী: Aparna Brielle; জন্ম: অপৰ্ণা পাৰ্থসাৰথি, ৫ ফেব্ৰুৱাৰী, ১৯৯৪) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এনবিচি/পিককৰ কমেডী ধাৰাবাহিক এ.পি. বায়ো (২০১৯-২০২১)-ত সাৰিকা সৰকাৰ আৰু নেটফ্লিক্সৰ একশ্বন কমেডী ধাৰাবাহিক ফুবৰ (২০২৩-২০২৫)-ত টিনা মুখাৰ্জীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
অলিভিয়া ৰড্ৰিগো
অলিভিয়া ইছাবেল ৰড্ৰিগো (ইংৰাজী: Olivia Isabel Rodrigo; জন্ম: ২০ ফেব্ৰুৱাৰী, ২০০৩) এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ আৰু অভিনেত্ৰী। সৰুতে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল; বিজ্ঞাপন আৰু ডাইৰেক্ট-টু-ভিডিঅ’ ছবি এণ আমেৰিকান গাৰ্ল: গ্ৰেচ ষ্টাৰছ আপ চাক্সেছ (২০১৫)ত অভিনয় কৰিছিল।
-
অৰ্পণা নাঞ্চেৰলা
অৰ্পণা নাঞ্চেৰলা (ইংৰাজী: Aparna Nancherla) এগৰাকী আমেৰিকান ষ্টেণ্ড-আপ কমেডিয়ান আৰু অভিনেত্ৰী। তেওঁ বোজাক হৰ্চমেন আৰু কৰ্পোৰেটৰ দৰে ধাৰাবাহিকত অভিনয় কৰিছে। ইয়াৰ উপৰি তেওঁ লেট নাইট উইথ চেথ মেয়াৰ্ছ আৰু টোটেলী বায়াস্ড উইথ ডব্লিউ কামাউ বেলৰ বাবে লিখিছে।
-
অৱন্তিকা বন্দনাপু
অৱন্তিকা বন্দনাপু (ইংৰাজী: Avantika Vandanapu; জন্ম: ২৫ জানুৱাৰী, ২০০৫), যাক এককভাৱে অৱন্তিকা বুলিও জনা যায়, এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ ২০১৬ চনৰ তেলুগু ছবি ব্ৰহ্মোৎসৱমৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেলুগু চিনেমাৰ কেইবাটাও প্ৰকল্পত কাম কৰিছিল।
-
আইমি লু উড
আইমি লু উড (জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৯৪) এগৰাকী ইংৰাজী অভিনেত্ৰী আৰু লেখিকা। তেওঁ মঞ্চত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে, মেৰী ষ্টুয়াৰ্ট (২০১৬–২০১৭) আৰু পিপল, প্লেচেছ এণ্ড থিংছ (২০১৭)ৰ প্ৰযোজনাত অভিনয় কৰে।
-
আজিটা ঘানিজাদা
আজিটা ঘানিজাদা (ইংৰাজী: Azita Ghanizada; জন্ম: ১৯৭৯ চনৰ আশে-পাশে) এগৰাকী আমেৰিকান টেলিভিছন, চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী। তেওঁ মূলতঃ টেলিভিছন ধাৰাবাহিক আলফাচ আৰু ব্ৰডৱে মিউজিকেল দ্য কাইট ৰানাৰত কৰা অভিনয়ৰ বাবে জনাজাত। অভিনয়ৰ উপৰি ঘানিজাদা মেনা আৰ্টছ এডভকেচি কোৱালিচনৰ প্ৰতিষ্ঠাপক আৰু সভাপতি।
-
আনা ডে আৰ্মাছ
আনা চেলিয়া ডে আৰ্মাছ কাছো (Ana Celia de Armas Caso; জন্ম: ৩০ এপ্ৰিল ১৯৮৮) এগৰাকী কিউবান, আমেৰিকান আৰু স্পেনিছ অভিনেত্ৰী। কিউবাত ৰোমাণ্টিক ড্ৰামা উনা ৰোজা দে ফ্ৰান্সিয়া (২০০৬)ত মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ কেৰিয়াৰ আৰম্ভ কৰে।
-
আন্দ্ৰেয়া চেভেজ
আন্দ্ৰেয়া ক্ৰীষ্টেন চেভেজ (ইংৰাজী: Andrea Kristen Savage; জন্ম: ২০ ফেব্ৰুৱাৰী, ১৯৭৩) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু কমেডিয়ান, যিয়ে ‘‘আই এম ছৰী’’ (২০১৭–২০১৯) শ্ব’ৰ সৃষ্টি, লিখা আৰু অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত।
-
আন্না গান
আন্না কেথৰিন গান (জন্ম ১১ আগষ্ট, ১৯৬৮) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এ এম চি-ৰ অপৰাধ-নাট্য ধাৰাবাহিক ব্ৰেকিং বেড (২০০৮–২০১৩)-ত স্কাইলাৰ হোৱাইট চৰিত্ৰটো ৰূপায়ণ কৰাৰ বাবে বিশেষভাৱে জনাজাত। এই ভূমিকাৰ বাবে তেওঁ দুটা প্ৰাইমটাইম এমি বঁটা আৰু এটা স্ক্ৰিন এক্টৰ্ছ গিল্ড বঁটা লাভ কৰে।
-
আন্না ফাৰিছ
আন্না কে ফাৰিছ (ইংৰাজী: Anna Faris; জন্ম: ২৯ নৱেম্বৰ ১৯৭৬) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু ধেমেলীয়া অভিনেতা। তেওঁ বিশেষকৈ স্কেয়াৰী মুভি চলচ্চিত্ৰ শৃংখলাত (২০০০–বৰ্তমান) চিণ্ডি কেম্পবেলৰ মুখ্য চৰিত্ৰত কৰা অভিনয়ৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰে।
-
আমাণ্ডা ছেইফ্ৰিড
আমাণ্ডা মিচেল ছেইফ্ৰিড (জন্ম: ৩ ডিচেম্বৰ, ১৯৮৫) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁৰ লাভ কৰা স্বীকৃতিসমূহৰ ভিতৰত এটা প্ৰাইমটাইম এমি বঁটা আৰু এটা গ’ল্ডেন গ্ল’ব বঁটাৰ লগতে এটা একাডেমী বঁটাৰ (অস্কাৰ) মনোনয়নো অন্তৰ্ভুক্ত।
-
আলি লাৰ্টাৰ
এলিসন এলিজাবেথ লাৰ্টাৰ (জন্ম: ২৮ ফেব্ৰুৱাৰী, ১৯৭৬), এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। তেওঁ ১৯৯৬ চনত 'এস্কুয়াৰ' আলোচনীৰ এটা ধেমেলীয়া প্ৰতিবেদনত কাল্পনিক মডেল এলেগ্ৰা কলমেনৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ১৯৯০-ৰ দশকত কেইবাটাও টেলিভিছন অনুষ্ঠানত অতিথি চৰিত্ৰত অভিনয় কৰিছিল।
-
আলেক্ছা পালাডিনো
আলেক্ছা পালাডিনো (ইংৰাজী: Aleksa Palladino; জন্ম: ২১ ছেপ্টেম্বৰ, ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ মানী এণ্ড লো, দ্য এডভেঞ্চাৰছ অৱ চেবাষ্টিয়ান ক'ল, ফাইণ্ড মি গিল্টি, এইচবিঅ’ৰ অপৰাধমূলক ধাৰাবাহিক বোৰ্ডৱাক এম্পায়াৰত (২০১০-২০১১) এঞ্জেলা ডাৰমোডী, ৰং টাৰ্ণ ২: ডেড এণ্ডত (২০০৭) মাৰা, বিফৰ দ্য ডেভিল…
-
আৰতী মান
আৰতী মজুমদাৰ (জন্ম: ৩ মাৰ্চ, ১৯৭৮), পেছাদাৰীভাৱে আৰতী মান (ইংৰাজী: Aarti Mann; জন্ম: ৩ মাৰ্চ, ১৯৭৮) নামেৰে পৰিচিত এগৰাকী আমেৰিকান অভিনেত্ৰী। চিবিএছ কমেডী ধাৰাবাহিক দা বিগ বেং থিয়ৰীত প্ৰিয়া কুথ্ৰাপ্পালীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
আৰিয়ানা গ্ৰীণব্লাট
আৰিয়ানা গ্ৰীণব্লাট (ইংৰাজী: Ariana Greenblatt; জন্ম: ২৭ আগষ্ট, ২০০৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁৰ প্ৰথমটো মুখ্য চৰিত্ৰ আছিল ডিজনী চেনেলৰ কমেডী ধাৰাবাহিক ষ্টাক ইন দা মিডল (২০১৬–২০১৮)।
-
ইভেট নিকোল ব্ৰাউন
ইভেট নিকোল ব্ৰাউন (ইংৰাজী: Ivette Nicole Brown; জন্ম: ১২ আগষ্ট, ১৯৭১) এগৰাকী আমেৰিকান অভিনেত্ৰী, কণ্ঠশিল্পী আৰু টেলিভিছন ব্যক্তিত্ব। তেওঁ এনবিচি আৰু পিছলৈ য়াহু স্ক্ৰীণত প্ৰচাৰিত হোৱা চিটকম কমিউনিটিত শ্বাৰ্লি বেনেটৰ চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰে।
-
ইলেন হেণ্ড্ৰিস্ক
কেথেৰিন ইলেন হেণ্ড্ৰিস্ক (জন্ম: ২৮ ডিচেম্বৰ, ১৯৭০) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু নৃত্যশিল্পী। ১৯৯০ চনৰ কেইবাখনো টেলিভিছন চলচ্চিত্ৰত অভিনয় কৰি স্বীকৃতি লাভ কৰাৰ পাছত ১৯৯৮ চনৰ কমেডী ছবি দ্য পেৰেণ্ট ট্ৰেপৰ জৰিয়তে তেওঁ বিশেষ সফলতা অৰ্জন কৰে।
-
এঞ্জেল দেশাই
এঞ্জেল দেশাই (জন্ম: অস্পৰা দেশাই) এগৰাকী আমেৰিকান অভিনেত্ৰী।
-
এনাবেলা স্কিঅ'ৰা
এনাবেলা গ্ল'ৰিয়া ফিলোমেনা স্কিঅ'ৰা (জন্ম ২৯ মাৰ্চ, ১৯৬০) এগৰাকী আমেৰিকান অভিনেত্ৰী। ট্ৰু লাভ (১৯৮৯ চলচ্চিত্ৰ) (১৯৮৯) চলচ্চিত্ৰত অভিষেক ঘটাই তেওঁ প্ৰাধান্য লাভ কৰে আৰু ১৯৯০ চনজুৰি জাংগল ফিভাৰ (১৯৯১), দ্য হাৰ্ড ৱে' (১৯৯১ চনৰ ছবি) (১৯৯১), দ্য হেণ্ড ডেট ৰকছ দ্য ক্ৰেডল (১৯৯২ চনৰ ছবি) (১৯৯২), দ্য এডিকচন…
-
এনালাইন মেককৰ্ড
এনালাইন মেককৰ্ড (ইংৰাজী: AnnaLynne McCord; জন্ম: ১৬ জুলাই, ১৯৮৭) ২০০৮ চনৰপৰা ২০১৩ চনলৈ তেওঁ ৯০২১০ ধাৰাবাহিকত নাওমি ক্লাৰ্কৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০২৪ চনত তেওঁ ডেজ অফ আৱাৰ লাইভছৰ অভিনয় শিল্পীৰ দলত যোগদান কৰে আৰু ইয়াৰ বাবে তেওঁ ডে-টাইম এমি বঁটাৰ মনোনয়ন লাভ কৰে।
-
এনি পেৰিছ
এন মেৰী কাঞ্চেলমী (ইংৰাজী: Anne Marie Cancelmi; জন্ম: ৩১ জুলাই, ১৯৭৫), পেছাদাৰীভাৱে এনি পেৰিছ নামেৰে পৰিচিত এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ ড্ৰামা ধাৰাবাহিক ল এণ্ড অৰ্ডাৰত আলেকজান্দ্ৰা বৰ্জিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
এনী ৱাৰ্শ্বিং
এনী ৱাৰ্শ্বিং (২৮ মাৰ্চ, ১৯৭৭ – ২৯ জানুৱাৰী, ২০২৩) এগৰাকী আমেৰিকান অভিনেত্ৰী আছিল। তেওঁ টেলিভিছনৰ বিভিন্ন চৰিত্ৰৰ বাবে পৰিচিত আছিল, যেনে ২৪-ত ৰেনী ৱাকাৰ, বছ-ত জুলিয়া ব্ৰেচাৰ, টাইমলেছ-ত এমা হুইটম’ৰ, কেচেল-ত ড° কেলী নেইমেন, ৰাণৱেজ-ত লেছলী ডিন, দ্য ভেম্পায়াৰ ডায়েৰীজ-ত লিলি ছালভাট’ৰ আৰু দ্য ৰুকী-ত…