চিকিৎসাবিদ
১৯৩ প্ৰবন্ধ
-
কাৰ্ল লিনিয়াছ
কাৰ্ল লিনিয়াছ (২৩ মে' পুৰণা নিয়মত ১৩ মে, ১৭০৭ - ১০ জানুৱাৰী, ১৭৭৮) হৈছে ছুইডেনৰ এজন প্ৰখ্যাত উদ্ভিদবিজ্ঞানী, চিকিৎসক আৰু প্ৰাণীবিজ্ঞানী। তেওঁ আধুনিক দ্বৈৰাশিক নামকৰণৰ ভিত্তি স্থাপন কৰি থৈ গৈছিল। তেওঁক আধুনিক বৰ্গীকৰণৰ জনক বোলা হয়। ইয়াৰোপৰি তেওঁ আধুনিক বাস্তুবিজ্ঞানৰ জনকসকলৰ ভিতৰত অন্যতম।
-
সান্ত্বনা বৰদলৈ
সান্ত্বনা বৰদলৈ (Santwana Bardoloi) এগৰাকী ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। বৃত্তিত তেওঁ এগৰাকী শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক।
-
ধ্ৰুৱজ্যোতি বৰা
ড°ধ্ৰুৱজ্যোতি বৰা (Dhrubajyoti Borah) হৈছে অসমৰ এগৰাকী ঔপন্যাসিক, প্ৰবন্ধকাৰ, আলোচনী সম্পাদক আৰু পেছাগতভাৱে চিকিৎসক। তিনি দশকযোৰা সাহিত্যিক জীৱনত তেখেতৰ বহু উচ্চ-সমালোচিত লিখনি প্ৰকাশ পাইছে।
-
হিপ'ক্ৰেটিছ
হিপ'ক্ৰেটিছ (Hippocrates বা Hippocrates of Cos বা Hippokrates of Kos), (খ্ৰী.পূ. ৪৬০ - খ্ৰী.পূ. ৩৭০) প্ৰাচীন গ্ৰীক চিকিৎসক। এখেতক পাশ্চাত্য চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হয়। হিপ'ক্ৰেটিছেই চিকিৎসা-বিজ্ঞানক দৰ্শন আৰু ধৰ্ম শাস্ত্ৰৰ আয়ত্ত্বৰ বাহিৰলৈ আনি স্বকীয় বৈশিষ্ট্যৰ বিজ্ঞান বুলি চিহ্নিত কৰে।
-
বিধান চন্দ্ৰ ৰয়
বিধান চন্দ্ৰ ৰয় (Bidhan Chandra Roy; ১৮৮২ – ১৯৬২) পশ্চিমবংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী আছিল। এই পদত তেখেত ১৯৪৮ চনৰ পৰা ১৯৬২ চনত মৃত্যু পৰ্যন্ত আছিল। এই সময়ছোৱাত নৱগঠিত পশ্চিমবংগ ৰাজ্যৰ প্ৰভুত উন্নতি হোৱা বাবে তেখেতক পশ্চিমবংগৰ ৰূপকাৰ বুলি অভিহিত কৰা হয়।
-
কাদম্বিনী গাংগুলী
কাদম্বিনী গাংগুলী (১৮ জুলাই ১৮৬১ – ৩ অক্টোবৰ ১৯২৩) এগৰাকী ভাৰতীয় চিকিৎসক। তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী মহিলা। তেওঁ ১৮৮২ চনত চন্দ্ৰমুখী বসুৰ সৈতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষা উত্তীৰ্ণ হয়।
-
নীলিম কুমাৰ
নীলিম কুমাৰ অসমৰ এগৰাকী প্ৰসিদ্ধ কবি আৰু ঔপন্যাসিক। আধুনিক অসমীয়া কবিতাৰ জগতত তেওঁ অন্যতম জনপ্ৰিয় কবি। তেওঁৰ প্ৰকৃত নাম "হেমেন কুমাৰ শৰ্মা"। ১৯৬১ চনৰ ৯ মাৰ্চ তাৰিখে বৰপেটা জিলাৰ পাঠশালাত তেওঁৰ জন্ম হয়। পাঠশালাতেই তেওঁৰ শৈশৱকাল অতিবাহিত হয়। তেওঁ কৰ্মসূত্ৰে এজন চৰকাৰী চিকিৎসক।
-
ভূমিধৰ বৰ্মন
ডাঃ ভূমিধৰ বৰ্মন (Dr. Bhumidhar Barman; ১২ অক্টোবৰ, ১৯৩১ – ১৮ এপ্ৰিল, ২০২১) হৈছে অসমৰ এজন ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন উল্লেখযোগ্য ৰাজনীতিক আছিল। তেওঁ ১৯৯৬ চনৰ ২২ এপ্ৰিলৰ পৰা ১৯৯৬ চনৰ ১৪ মে’লৈ অসমৰ মুখ্যমন্ত্ৰী পদত আছিল।
-
এডৱাৰ্ড জেনাৰ
এডৱাৰ্ড এন্থনী জেনাৰ (Edward Anthony Jenner; ১৭ মে' ১৭৪৯ – ২৬ জানুৱাৰী ১৮২৩) বাৰ্কলে, গ্ল'চেষ্টাশ্বায়াৰৰ এজন ইংৰাজ চিকিৎসক আৰু বিজ্ঞানী আছিল। বৰআই ছিটাৰ উদ্ভাৱনৰ বাবে তেওঁ বিখ্যাত।
-
মুথুলক্ষ্মী ৰেড্ডী
মুথুলক্ষ্মী ৰেড্ডী (৩০ জুলাই ১৮৮৬ – ২২ জুলাই ১৯৬৮) এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, চিকিৎসক, ৰাজনীতিবিদ, মহিলাৰ অধিকাৰ কৰ্মী আৰু লেখিকা। তেওঁ ভাৰতৰ প্ৰথম মহিলা বিধায়ক। ১৯২৭ চনত তেওঁক মাদ্ৰাজ বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত কৰা হৈছিল।
-
আনন্দীবাঈ যোশী
আনন্দীবাঈ গোপালৰাও যোশী (आनंदीबाई गोपाळराव जोशी; ৩১ মাৰ্চ ১৮৬৫ – ২৬ ফেব্ৰুৱাৰী ১৯৮৭) প্ৰথম ভাৰতীয় মহিলা এল'পেথি চিকিৎসক। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱমেন মেডিকেল কলেজ অফ পেনচিলভেনীয়াৰ পৰা দুবছৰীয়া এল'পেথি চিকিৎসা শাস্ত্ৰৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।
-
দীননাথ শৰ্মা (আৱাহনৰ সম্পাদক)
দীননাথ শৰ্মা আছিল অসমীয়া সাহিত্য আলোচনী "আৱাহন"ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু এগৰাকী চিকিৎসক। চিকিৎসক হিচাপে ধন উপাৰ্জনৰ চেষ্টা কৰাৰ পৰিৱৰ্তে তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল আৰু সমাজৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰাৰ বাবে গাঁৱে-নগৰে ঘূৰি ফুৰিছিল।
-
সুশ্ৰুত
সুশ্ৰুত (Sushruta; Substrata) চিকিৎসা বিজ্ঞানৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰাচীন গ্ৰন্থ হিচাপে গণ্য কৰা সুশ্ৰুত সংহিতা(সুশ্ৰুতৰ সংকলন)ৰ তালিকাভুক্ত লেখক। ইয়াক আয়ুৰ্বেদৰ মূল গ্ৰন্থ বুলিও গণ্য কৰা হয়।
-
আলেকজেণ্ডাৰ ফ্লেমিং
ছাৰ আলেকজেণ্ডাৰ ফ্লেমিং (৬ আগষ্ট ১৮৮১ – ১১ মাৰ্চ ১৯৫৫) এজন স্কটিছ চিকিৎসক আৰু অনুজীৱ বিজ্ঞানী আছিল। তেওঁ ১৯২৮ চনত পৃথিৱীৰ প্ৰথমটো প্ৰতিজৈৱিক পদাৰ্থ বা এণ্টিবায়'টিকৰ আৱিষ্কাৰৰ বাবে বিখ্যাত। ইয়াক তেওঁ পেনিচিলিন নাম দিছিল আৰু পাছলৈ বেন্জাইল পেনিচিলিন (বা পেনিচিলিন জি) নাম দিয়া হয়।
-
চে গোৱেৰা
আৰ্নেষ্ট "চে" গোৱেৰা (Ernesto "Che" Guevara; ১৪ জুন ১৯২৮ – ৯ অক্টোবৰ ১৯৬৭) আছিল এজন আৰ্জেণ্টেনীয় মাৰ্ক্সবাদী, বিপ্লৱী, চিকিৎসক, গ্ৰন্থকাৰ, গেৰিলা নেতা, কূটনীতিজ্ঞ, আৰু সামৰিক তত্ত্ববিদ। কিউবাৰ বিপ্লৱৰ এক অগ্ৰগণ্য নেতা।
-
জন বেৰী হোৱাইট
ছাৰ জন বেৰী হোৱাইট (Sir John Berry White, জন্ম: ৫ জুন, ১৮৩৪, মৃত্যু: ১৯ নৱেম্বৰ, ১৮৯৬),অসমত চিকিৎসা বিজ্ঞানৰ প্ৰৱৰ্তক তথা অসমত শিল্পদ্যোগৰ অন্যতম ভেটি স্থাপন কৰোতা। তেওঁ বেংগল মেডিকেল চাৰ্ভিচৰ (Bengal Medical Services) অসামৰিক শল্য চিকিৎসক আছিল।
-
দেৱদত্ত পাটনায়ক
দেৱদত্ত পাটনায়ক (Devdutt Pattanaik; জন্ম: ১১ ডিচেম্বৰ, ১৯৭০) এজন ভাৰতীয় চিকিৎসক, বাণিজ্যিক পৰামৰ্শদাতা, কিংবদন্তিবিদ আৰু লেখক। তেওঁ প্ৰধানকৈ কিংবদন্তিমূলক আৰু ব্যৱস্থাপনাৰ বিষয়ে লিখে।
-
উইলিয়াম কেলিন জুনিয়ৰ
উইলিয়াম বিল জি. কেলিন জুনিয়ৰ (জন্ম: ২৩ নৱেম্বৰ ১৯৫৭) হাৰ্ভাড বিশ্ববিদ্যালয় আৰু ডানা ফাৰ্বাৰ কেঞ্চাৰ ইনষ্টিটিউটত মেডিচিন বিভাগৰ অধ্যাপক। তেওঁৰ পৰীক্ষাগাৰত টিউমাৰ ছাপ্ৰেছৰ প্ৰটিনৰ ওপৰত গৱেষণা কৰিছিল।
-
উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী
ৰায় বাহাদুৰ ছাৰ উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী (Sir Upendranath Brahmachari; ১৯ ডিচেম্বৰ ১৮৭৩ – ৬ ফেব্ৰুৱাৰী ১৯৪৬) আছিল এগৰাকী বিজ্ঞানী, অধ্যাপক আৰু ভাৰতৰ চিকিৎসা ক্ষেত্ৰৰ এগৰাকী স্মৰণীয় চিকিৎসক।
-
এছ. আই. পদ্মাৱতী
পদ্মাৱতী শিৱৰামকৃষ্ণ আয়াৰ (২০ জুন ১৯১৭২৯ আগষ্ট ২০২০) চমুকৈ এছ. আই. পদ্মাৱতী এগৰাকী ভাৰতীয় চিকিৎসক তথা হৃদয় বিশেষজ্ঞ। তেওঁ ভাৰতৰ ৰাজধানী নতুন দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় হৃদয় প্ৰতিষ্ঠানৰ বৰ্তমান সঞ্চালক প্ৰধান।
-
কাৰ্ল গুষ্টাভ য়ুং
কাৰ্ল গুষ্টাভ য়ুং (Carl Gustav Jung) আছিল এজন ছুইচ মনোচিকিৎসক আৰু মনোবিশ্লেষক। তেওঁ বিশ্লেষণাত্মক মনোবিজ্ঞানৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ কৰ্মৰাজীয়ে মনোচিকিৎসা, নৃতত্ব, সাহিত্য, দৰ্শন আৰু ধৰ্মীয় অধ্যয়নৰ ক্ষেত্ৰখনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল।
-
গ্ৰেগ লিয়নাৰ্ড চেমেনজা
গ্ৰেগ লিয়নাৰ্ড চেমেনজা (জন্ম: ১২ জুলাই ১৯৫৬) জনছ হপকিন্স স্কুল অফ মেডিচিনত শিশু চিকিৎসা, ৰেডিয়েছন অংক'লজি, জীৱবৈজ্ঞানীক ৰসায়ন, কৰ্কট ৰোগৰ অধ্যাপক। তেওঁ কোষ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ভাছকুলাৰ প্ৰগ্ৰেমৰ নিৰ্দেশক হিচাপে সেৱা আগবঢ়ায়ছিল।
-
পুনিতা আৰোৰা
চাৰ্জন ভাইচ এডমিৰেল পুনিতা আৰোৰা (পিভিএছএম, এছএম, ভিএছএম) ভাৰতীয় থলসেনা আৰু ভাৰতীয় নৌসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত ফ্লেগ অফিচাৰ। তেওঁ ভাৰতীয় থলসেনাৰ দ্বিতীয় সৰ্বোচ্চ পদবী লেফ্টটেনেণ্ট জেনেৰেল আৰু ভাৰতীয় নৌসেনাৰ দ্বিতীয় সৰ্বোচ্চ পদবী ভাইচ এডমিৰেল পদত অধিষ্ঠিত হোৱা প্ৰথম মহিলা।
-
বানু জাহাংগীৰ কয়াজী
বানু জাহাংগীৰ কয়াজী (Banoo Jehangir Coyaji, ৭ ছেপ্টেম্বৰ ১৯১৭ – ১৫ জুলাই ২০০৪) পৰিয়াল পৰিকল্পনা আৰু জনসংখ্যা নিয়ন্ত্ৰণত এগৰাকী ভাৰতীয় চিকিৎসক তথা সমাজকৰ্মী।
-
ভি. শান্তা
বিশ্বনাথন শান্তা (১১ মাৰ্চ ১৯২৭ - ১৯ জানুৱাৰী ২০২১) জনপ্ৰিয়ভাৱে ভি. শান্তা এগৰাকী ভাৰতীয় কৰ্কট ৰোগ বিশেষজ্ঞ আৰু চেন্নাইত অৱস্থিত অদ্যাৰ কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ অধ্যক্ষ আছিল। তেওঁ বিশেষকৈ ভাৰতৰ কৰ্কট ৰোগীসকলৰ সহজলভ্য আৰু কম খৰচী চিকিৎসা প্ৰদান কৰিবলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।
-
ভুৱনেশ্বৰ বৰুৱা
ডা° ভুবনেশ্বৰ বৰুৱা (১৮৯৩- ২৫ ছেপ্টেম্বৰ, ১৯৫৬) অসমৰ এগৰাকী চিকিৎসক আৰু ৰাজনীতিক৷
-
লি ৱেনলিয়াং
লি ৱেনলিয়াং (Li Wenliang; ১২ অক্টোবৰ ১৯৮৬ – ৭ ফেব্ৰুৱাৰী ২০২০) এগৰাকী চীনা চকুৰোগ বিশেষজ্ঞ আছিল। ৱুহান কেন্দ্ৰীয় চিকিৎসালয়ৰ চিকিৎসক লিয়ে ২০১৯ৰ ডিচেম্বৰত তেওঁৰ সহকৰ্মীসকলক চাৰ্চ (Severe acute respiratory syndrome) সদৃশ ৰোগ অথবা পিছলৈ COVID-19 নামেৰে চিহ্নিত হোৱা ৰোগবিধৰ সম্ভাব্য বিস্তাৰৰ বিষয়ে…
-
সুভাষ মুখোপাধ্যায়
সুভাষ মুখোপাধ্যায় (Subhash Mukherjee; ১৬ জানুৱাৰী ১৯৩১ – ১৯ জুন ১৯৮১) এজন ভাৰতীয় বিজ্ঞানী আৰু চিকিৎসক। তেওঁ ইন-ভিট্ৰ' ফাৰ্টিলাইজেচন পদ্ধতি ব্যৱহাৰ কৰি বিশ্বৰ দ্বিতীয় আৰু ভাৰতৰ প্ৰথম মানৱ সন্তান কানুপ্ৰিয়া আগৰৱালক (দুৰ্গা) জন্ম দিয়াইছিল।
-
সৌম্যা স্বামীনাথন
সৌম্যা স্বামীনাথন (Soumya Swaminathan, জন্ম: ২ মে' ১৯৫৯) এগৰাকী ভাৰতীয় শিশুৰোগ বিশেষজ্ঞ চিকিৎসক আৰু যক্ষ্মা ৰোগৰ বিজ্ঞানী। ২০১৭ চনৰ ৩ অক্টোবৰ তাৰিখে তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যসূচী সমূহৰ উপসঞ্চালক পদত নিযুক্তি লাভ কৰে।
-
হাৰ্ভি জে. অল্টাৰ
হাৰ্ভি জেমছ অল্টাৰ (Harvey James Alter; জন্ম: ১২ ছেপ্টেম্বৰ ১৯৩৫) এগৰাকী আমেৰিকান চিকিৎসা গৱেষক, ভাইৰাছবিদ আৰু চিকিৎসক। তেওঁক হেপাটাইটিছ চি ভাইৰাছৰ আৱিষ্কাৰৰ বাবে বিশেষভাবে জনা যায়।