ভাৰতীয় ৰাজনীতিবিদ
২০১ প্ৰবন্ধ
-
মোহনদাস কৰমচান্দ গান্ধী
মোহনদাস কৰমচান্দ গান্ধী (મોહનદાસ કરમચંદ ગાંધી; Mohandas Karamchand Gandhi; ২ অক্টোবৰ, ১৮৬৯ – ৩০ জানুৱাৰী, ১৯৪৮) ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথপ্ৰদৰ্শক নেতা আছিল। অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথ প্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে।
-
নৰেন্দ্ৰ মোদী
নৰেন্দ্ৰ দামোদৰদাস মোদী (Narendra Damodardas Modi, জন্ম: ১৭ ছেপ্তেম্বৰ, ১৯৫০) বা চমুকৈ নৰেন্দ্ৰ মোদী হৈছে ভাৰতবৰ্ষৰ ১৫তম আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ নেতা। ২০০১ৰ পৰা ২০১৪ চনলৈকে সুদীৰ্ঘ ১৩ বছৰ ধৰি তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত আছিল।
-
অটল বিহাৰী বাজপায়ী
অটল বিহাৰী বাজপেয়ী (अटल बिहारी वाजपायी; Atal Bihari Vajpayee; জন্ম ২৫ ডিচেম্বৰ ১৯২৪) স্বাধীন ভাৰতৰ ১০ম প্ৰধানমন্ত্ৰী। তেখেত মুঠ তিনিবাৰৰ বাবে, পোনপ্ৰথমবাৰ ১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ বাবে (১৬ মে' ১৯৯৬-১ জুন ১৯৯৬), তাৰপাছত ১৯৯৮ - ১৯৯৯ চনত ১৩ মাহৰ বাবে (১৯ মাৰ্চ ১৯৯৮, দ্বাদশ লোকসভা) আৰু চুড়ান্তভাৱে ১৯৯৯…
-
প্ৰণব মুখাৰ্জী
প্ৰণব কুমাৰ মুখাৰ্জী (Pranab Kumar Mukherjee; ১১ ডিচেম্বৰ ১৯৩৫ — ৩১ আগষ্ট, ২০২০) ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি। ছয় দশক জোৰা ৰাজনৈতিক জীৱনেৰে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীন ৰাজনেতা আছিল আৰু ভাৰতৰ কেইবাটাও মন্ত্ৰীদপ্তৰত কাৰ্য্যনিৰ্বাহ কৰিছিল।
-
ৰাম নাথ কোৱিন্দ
ৰাম নাথ কোৱিন্দ (Ram Nath Kovind; জন্ম: ১ অক্টোবৰ, ১৯৪৫) এজন ভাৰতীয় ৰাজনীতিবিদ, দলিত নেতা আৰু অধিবক্তা। তেওঁ ভাৰতৰ ১৪তম ৰাষ্ট্ৰপতি হিচাপে এনডিএ জোঁটৰ পৰা নিৰ্বাচিত হৈছিল।
-
মোৰাৰজী দেশাই
মোৰাৰজী দেশাই (Morarji Desai, জন্ম:১৮৯৬ - মৃত্যু:১৯৯৫) ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী আছিল। তেওঁ ১৯৭৭চনৰ ২৪ মাৰ্চৰ দিনা প্ৰতিষ্ঠা হোৱা নতুন চৰকাৰখনৰ প্ৰধানমন্ত্ৰী হিচাপে ৰাষ্ট্ৰপতি ভৱনৰ অশোক হলৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শপত গ্ৰহণ কৰে।
-
মতিলাল নেহৰু
মতিলাল নেহৰু (Motilal Nehru; ৬ মে' ১৮৬১ – ৬ ফেব্ৰুৱাৰী ১৯৩১) আছিল এলাহাবাদৰ এজন বিখ্যাত উকীল। তেখেত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিতৃ আছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰাৰম্ভিক কাৰ্যকৰ্তাসমূহৰ ভিতৰত এজন আছিল।
-
হেমা মালিনী
হেমা মালিনী (জন্ম ১৬ অক্টোবৰ ১৯৪৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিবিদ। ১৯৬২ চনত তামিল ছবি ইথু চাথিয়ামৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল। মুখ্য চৰিত্ৰত অভিনয় কৰা তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ আছিল চপনৌ কা চৌদাগৰ।
-
মমতা বন্দ্যোপাধ্যায়
মমতা বন্দ্যোপাধ্যায় (Mamata Banerjee) পশ্চিমবংগৰ অষ্টম মুখ্যমন্ত্ৰী আৰু সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলৰ প্ৰতিষ্ঠাপক সভানেত্ৰী। তেওঁ পশ্চিমবংগৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। ১৯৯৭ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ফালৰি কাটি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ স্থাপন কৰে।
-
অমিত শ্বাহ
অমিত অনিলচন্দ্ৰ শ্বাহ (জন্ম ২২ অক্টোবৰ ১৯৬৪) ভাৰতৰ ৰাজনৈতিক নেতা আৰু ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰী। তেওঁ ২০১৪ চনৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছে। তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰত তেওঁ গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।
-
ছোনিয়া গান্ধী
ছোনিয়া গান্ধী (Sonia Gandhi,, জন্ম: এণ্ট'নিয়া এলবিনা মাইন' ) এগৰাকী ইটালীয় মূলৰ ভাৰতীয় ৰাজনীতিক। তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী তথা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ পত্নী।
-
জাকিৰ হুছেইন (ৰাজনীতিবিদ)
জাকিৰ হুছেইন (Zakir Hussain; ১৯৯৭-১৯৬৯) এজন শিক্ষাব্ৰতী পণ্ডিত, ৰাজনীতিবিদ, দাৰ্শনিক, গান্ধীবাদী পুৰুষ তথা ভাৰত গণৰাজ্যৰ তৃতীয় ৰাষ্ট্ৰপতি আছিল। ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰথম নাগৰিকৰ সন্মান পোৱা মুছলমান সম্প্ৰদায়ৰ ভিতৰত তেওঁ প্ৰথম আছিল।
-
চৌধুৰী চৰণ সিং
চৌধুৰী চৰণ সিং (Chaudhary Charan Singh, ২৩ ডিচেম্বৰ ১৯০২ – ২৯ মে' ১৯৮৭) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
দ্ৰৌপদী মূৰ্মু
দ্ৰৌপদী মূৰ্মু (Draupadi Murmu; জন্ম: ২০ জুন ১৯৫৮) বৰ্তমান ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি। ৰামনাথ কোবিন্দৰ পিছত তেওঁ ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ২০১৫ চনত তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল। ৰাজ্যপাল পদত নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী জনজাতীয় মহিলা।
-
অৰবিন্দ কেজৰিৱাল
অৰবিন্দ কেজৰিৱাল(হিন্দী:अरविंद केजरीवाल) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, সমাজ সংস্কাৰক তথা দিল্লীৰ সপ্তমগৰাকী মুখ্যমন্ত্ৰী। তেওঁ মুখ্যমন্ত্ৰী হিচাপে ২০১৩-২০১৪ আৰু ২০১৫-২০২৪ চন পৰ্য্যন্ত কাৰ্যনিৰ্বাহ কৰে।
-
জয়ললিতা
জয়ললিতা জয়ৰাম (তামিল ভাষা: ஜெ. ஜெயலலிதா, কানাড়া ভাষা: ಜೆ. ಜಯಲಲಿತಾ, মালায়ালাম ভাষা: ജെ. ജയലളിത, ২৪ ফেব্ৰুৱাৰী ১৯৪৮ - ৫ ডিচেম্বৰ ২০১৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিজ্ঞ। তেওঁ তামিলনাডুৰ প্ৰাপ্তন মুখ্যমন্ত্ৰী আছিল।
-
আবুল কালাম আজাদ
মৌলানা আবুল কালাম আজাদ (সম্পূৰ্ণ নাম: আবুল কালাম মুহিয়ুদ্দিন আহমেদ আজাদ;; Abul Kalam Muhiyuddin Ahmed Azad; ) চমুকৈ Maulana Abul Kalam Azad; জন্ম: ১৮৮৮ - মৃত্যু: ১৯৫৮) এজন ভাৰতীয় মুছলিম পণ্ডিত, ৰাজনীতিজ্ঞ আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰমুখ নেতা হিচাপে জনাজাত।
-
বৈজয়ন্তীমালা
বৈজয়ন্তীমালা ( Vyjayanthimala; জন্ম ১৩ আগষ্ট ১৯৩৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, ভাৰতনাট্যম শিল্পী, কৰ্ণাটকী কণ্ঠশিল্পী, কোৰিঅ’গ্ৰাফাৰ আৰু সাংসদ। ত বৈজয়ন্তীমাল তেওঁৰ সময়ৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী আছিল। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ ‘প্ৰথম মহিলা মহাতাৰকা’ গণ্য কৰা হয়।
-
লালা লাজপত ৰায়
লালা লাজপত ৰায় (Lala Lajpat Rai)(২৮ জানুৱাৰী ১৮৬৫-১৭ নৱেম্বৰ ১৯২৮) আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী৷ তেখেত আছিল আগৰৱাল জৈন আৰু তেখেতৰ গোত্ৰ আছিল ৰায় ৷ ভাৰতৰ স্বাধীনতা আন্দোলনত তেখেতে সক্ৰিয়ভাৱে বৰঙণি আগবঢ়াইছিল৷ তেখেত পঞ্জাৱ কেশৰী নামেৰেও পৰিচিত৷ লাল বাল পাল শীৰ্ষক ত্ৰিমূৰ্তিৰ তেখেতো এজন…
-
চন্দ্ৰ শেখৰ
চন্দ্ৰ শেখৰ সিং (১৭ এপ্ৰিল ১৯২৭ – ৮ জুলাই ২০০৭) এজন ভাৰতীয় ৰাজনীতবিদ আৰু দেশৰ অষ্টম প্ৰধান মন্ত্ৰী আছিল। কোনোধৰণৰ চৰকাৰী বিভাগ নচলোৱাকৈ দেশৰ প্ৰধান মন্ত্ৰী হোৱা তেওঁ ভাৰতৰ একমাত্ৰ ৰাজনীতিবিদ। তেওঁৰ দ্বাৰা শাসিত চৰকাৰখনক "পুতলা" অথবা "দুৰ্ভগীয়া" বুলি অভিহিত কৰা হৈছিল।
-
ৰাজনাথ সিং
ৰাজনাথ সিং (Rajnath Singh; জন্ম ১০ জুলাই ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ভাৰতৰ ৰক্ষামন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। ইয়াৰ আগতে তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাত কৃষিমন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল।
-
এইচ ডি দেৱেগৌড়া
এইচ ডি দেৱেগৌড়া (Haradanahalli Doddegowda Deve Gowda; জন্ম: ১৮ মে' ১৯৩৩) এজন ভাৰতীয় ৰাজনৈতিক নেতা। তেখেতে ভাৰতৰ একাদশ প্ৰধানমন্ত্ৰী (১ জুন ১৯৯৬ – ২১ এপ্ৰিল ১৯৯৭) আছিল। তেখেত ইয়াৰ আগতে ১৯৯৪ৰ পৰা ১৯৯৬লৈ কৰ্ণাটকৰ চতুৰ্দশ মুখ্যমন্ত্ৰী আছিল।
-
বিনোদ খান্না
বিনোদ খান্না (৬ অক্টোবৰ ১৯৪৬ – ২৭ এপ্ৰিল ২০১৭) এজন ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ। তেখেতে দুবাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ৰাজনৈতিক ক্ষেত্ৰত গুৰদাসপুৰ সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ (১৯৯৮-২০০৯ আৰু ২০১৪-২০১৭) নিৰ্বাচিত হৈছিল।
-
বিজয়লক্ষ্মী পণ্ডিত
বিজয়লক্ষ্মী পণ্ডিত (Vijaya Lakshmi Pandit; ১৮ আগষ্ট ১৯০০ – ১ ডিচেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভগ্নী আছিল। লগতে ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পেহী আৰু ৰাজীৱ গান্ধীৰ পেহী আইতা।
-
অৰুণ জেটলী
অৰুণ জেটলী (২৮ ডিচেম্বৰ ১৯৫২ – ২৪ আগষ্ট ২০১৯) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজ্ঞ আছিল। তেওঁ ২০১৪ চনৰ পৰা ২০১৯ চনলৈকে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰী আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ইন্দৰ কুমাৰ গুজৰাল
ইন্দৰ কুমাৰ গুজৰাল (৪ ডিচেম্বৰ ১৯১৯ – ৩০ নৱেম্বৰ ২০১২) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী। তেওঁ ১৯৯৭ চনৰ এপ্ৰিল মাহৰ পৰা ১৯৯৮ চনৰ মাৰ্চ মাহলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল। ইযাৰ আগতে তেওঁ ভাৰতৰ বিত্তমন্ত্ৰী আৰু বিদেশ মন্ত্ৰীৰ পদটো অধিষ্ঠিত আছিল।
-
গায়ত্ৰী দেৱী
মহাৰাণী গায়ত্ৰী দেৱী (Maharani Gayatri Devi; জন্ম কোঁচবিহাৰৰ ৰাজকুমাৰী গায়ত্ৰী দেৱী; ২৩ মে ১৯১৯-২৯ জুলাই ২০০৯) মহাৰজা সাৱাই মান সিং দ্বিতীয়ৰ সৈতে বিবাহসূত্ৰে ১৯৪০ৰ পৰা ১৯৪৯লৈ জয়পুৰৰ তৃতীয় মহাৰাণী আছিল।
-
ৰাহুল গান্ধী
ৰাহুল ৰাজীৱ গান্ধী (Rahul Gandhi; জন্ম: ১৯ জুন, ১৯৭০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, ভাৰতীয় লোকসভাৰ সদস্য তথা লোকসভাৰ বিৰোধী দলৰ দলপতি। তেওঁ ২০২৪ চনৰ পৰা উত্তৰ প্ৰদেশৰ ৰাই বেৰেলী সমষ্টিৰ সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰি আহিছে।
-
মেনকা গান্ধী
মানেকা সঞ্জয় গান্ধী (Maneka Sanjay Gandhi) (মেনাকা বুলিও উচ্চাৰিত; বিবাহোত্তৰ উপাধি-আনন্দ) (জন্ম- ২৬ আগষ্ট ১৯৫৬) হৈছে এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, জন্তুৰ অধিকাৰকৰ্মী আৰু এগৰাকী পৰিৱেশবিদ৷ তেখেত লোক সভা আৰু ভাৰতীয় জনতা দলৰ এগৰাকী সদস্যা৷ ভাৰতৰ ৰাজনীতিবিদ সঞ্জয় গান্ধীৰ তেখেত পত্নী আছিল৷ মানেকা…
-
লালকৃষ্ণ আদৱানী
লালকৃষ্ণ আদৱানী (Lal Krishna Advani; জন্ম: ৮ নৱেম্বৰ ১৯২৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০০২ চনৰ পৰা ২০০৪ চনলৈ ভাৰতৰ সপ্তম উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।